আজি বিশ্ব জৈৱবৈচিত্ৰ দিৱসত নগাঁও এদল যুৱকৰ প্ৰশংসনীয় পদক্ষেপ।

আজি জৈৱ বৈচিত্ৰ দিৱসৰ দিনাই নগাঁও এদল যুৱকৰ প্ৰশংসনীয় পদক্ষেপ ।  

উওৰ পূৰ্বাঞ্চল: বিগত দিন ধৰি নগাঁও মিকিৰ বামুণীৰ তপত যোৰি পাহাৰৰ জৈৱবৈচিত্ৰলৈ ভাবুকি সৃষ্টিৰ প্ৰতি লক্ষ্য ৰাখি আজি পুৱাই নগাঁওৰ এদল যুৱকে মিকিৰ বামুণীত ভূমি সংৰক্ষণ আৰু বৃক্ষৰোপন কাৰ্যসূচী শুভাৰম্ভ কৰে।

googly assam
মিকিৰ বামুণীৰ ভূমিত বৃক্ষৰোপনৰ আলোকচিত্ৰ।


 উল্লেখযোগ্য যে কিছু দিন পূৰ্বে অঞ্চলটোত ২০ টাকৈ বন্য হস্তীৰ মৃত্যু বাতৰিয়ে সাধাৰণ ৰাইজ তথা ভিন্ন দল সংগঠনক ঠাইখনৰ জৈৱবৈচিত্ৰৰ প্ৰতি আৰু অধিক চিন্তনীয় কৰি তোলে .

প্ৰাগজ্যোতিষ বণিয়ৰ  কথা:

বিষয়:-তপতজুৰি পাহাৰৰ দাতিকাষৰীয়া ৰাইজৰ মাজত সজাগতা তথা জীৱন জীৱিকাৰ সম্পৰ্কত এখন গুৰুত্বপূৰ্ণ সভা।

আয়োজক:বন বিভাগ আৰু জীৱন জীৱিকা মিছন।


সময় ১১মান বাজিছিল। মোলৈ ফোন এটা আহিল। সভাখনৰ বিষয়ে জানেনে?

মই কলো-একো নাজানো এই বিষয়ত। ফোনৰ সিটোমূৰৰ পৰা ক'লে-সোনকালে আহক। ততাতৈয়াকৈ তালৈ গ'লো।কন্দলী মঙ্গলবৰীয়া বজাৰৰ সমীপত। বহুত ডাঙৰ ডাঙৰ মানুহচোন।ডাঙৰ ডাঙৰ গাড়ী।বিধায়ক গোস্বামী ডাঙৰীয়া, বন বিভাগৰ বন্যপ্ৰাণী বিশেষজ্ঞ ,এমট্ৰ'নৰ যাদৱ ডাঙৰীয়াৰ লগতে নগাঁও বন সংমণ্ডলৰ দাক্ষিণাত্যৰ পৰা অহা ডি এফ অ' চোন। সভাত তিৱা কাউঞ্চিলৰ মদন বৰদলৈ দাদাও আছিল।সভাগৃহত উপস্থিত আছিল কাষৰীয়া পঞ্চায়ত সমূহৰ সভাপতি, সম্পাদক, কাউঞ্চিলৰ ,ৱাৰ্ডৰ সদস্য সকল।কিন্তু দেখা নাপালো পাহাৰলৈ খৰি লুৰিবলৈ যোৱা সাধাৰণ হালোৱা হজুৱা লোকসকলক ।

আচৰ্যজনক ঘটনাটো কি জানেনে?

সেই সাধাৰণ শ্ৰেণীৰ খাতিখোৱা মানুহ খিনিয়েহে পাহাৰৰ অবাধ বনধ্বংস কাৰ্যত জড়িত বুলি বুজাব খুজিলে বিভাগে।সভাখনত।

কথাবোৰশুনি গ'লো- এবাৰতো যাদব ডাঙৰীয়াই কৈয়ে পেলালে বোলে প্ৰকৃতি ভালপোৱা মানুহবোৰে, দল-সংগঠনবোৰে মৃত্যুৰ কাৰণ জানিবলৈ বিচৰাতো বোলে স্থানীয় মানুহখিনিক দোষ জাপি দিবলৈহে কৰি আছে।

মনে মনে থাকিব নোৱাৰিলো আৰু।কাৰণ ধৈৰ্য্যৰ সীমা থাকে। মই সুধিলো---

১)প্ৰাকৃতিক ভাবে অতি সম্পদশালী বঢ়মপুৰ সমষ্টিৰ এই তপতজুৰি তথা সংলগ্ন পাহাৰত বন বিভাগৰ অনুমতি সাপেক্ষে চলি থকা আৰু সমান্তৰালভাবে অবৈধ ভাবে চলি থকা খনন কাৰ্য্য বন্ধ কেতিয়া কৰিব?

২)বহু বিতৰ্কিত এজিউৰ পাৱাৰ ক'ম্পানীক বৃহত্তৰ মিকিৰ বামুণীত বহিবলৈ হস্তীবসতিস্থল তথা হস্তীদণ্ডি নহয় বুলি কিয় প্ৰমাণ পত্ৰ দিয়া হ'ল?

৩)তাৰোপৰি ১৮তাকৈ হাতীৰ মৃত্যুৰ প্ৰকৃত কাৰণ আজিকোপতি বিভাগ তথা চৰকাৰী কৰ্তৃপক্ষই ৰাজহুৱা কিয় কৰা নাই বুলি প্ৰশ্নৰ অৱতাৰণা কৰো।

উত্তৰত যাদব ডাঙৰীয়া আৰু বিধায়ক গোস্বামী ডাঙৰীয়াই কিছু বক্তব্য ৰাখিলে।কিন্তু সেয়া সমাধান তথা পৰ্যাপ্ত নহয়।তেওঁলোকেও বুজি পালে কথাটো।সভাৰ অন্তত আমাক আশ্বাস দি  ক'লে কাইলৈ সম্ভৱত ১৮টা হাতীৰ প্ৰকৃত মৃত্যুৰ কাৰণ ৰাজহুৱা কৰা হব।এজিউৰ পাৱাৰ ক'ম্পানীৰ বিষয়ে আলোচনা কৰা হব।লগতে আমাক ক'লে-সমষ্টিৰ উন্নয়নো লাগিব বনিয়া।

মই কলো-লাগিব। ১০০% লাগিব। কিন্তু সেয়া হব লাগিব  বহনক্ষম উন্নয়ন।sustainable development ।পৰিবেশো থাকিব লাগিব। আমাৰ ভাই বন্ধু সকলোৱে জীৱিকাও পাব লাগিব।

তেওলোকে পাহাৰ কেইটা সেউজীয়া কৰাৰ স্বাৰ্থত প্ৰতিখন গাৱৰ পৰা ১০জনকৈ লৈ এখন সমিতি পতাৰ কথা কৈছে।

ভাল কথা। আমাকো সদস্যত ৰাখিব বোলে।

৫ জুনত গছপুলিও ৰুবহি বোলে।

চাওচোন বিভাগৰ এই মিছন কিমান সফল হয়?

জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ সদায় থাকিব ৰাইজৰ বাবে।

সহযোগ কৰাৰ কাৰণে  যুৱ -ছাত্ৰ পৰিষদৰ পুৰণি গুদাম আঞ্চলিক সমিতিৰ সভাপতি চন্দন ফুকন ,সাধাৰণ সম্পাদক দিব্যজিত হাজৰিকাৰ লগতে মিকিৰ বামুণীৰ ভূমিহীন কিন্তু ৰায়তীখতিয়ান থকা কৃষক  লক্ষী মাৰ্ডী আৰু চিকাৰী ৰংপিহতক ধন্যবাদ জনালো।


বি:দ্ৰ:   বন বিভাগে মাছ মাংসৰ ভাত ৰান্ধিছিল। বিধায়ক গোস্বামী ডাঙৰীয়াই খাই যাব কৈছিল।পিছে মন নগ'ল।বামুণী তিনিআলিত লালচাহকে খালোহি ।


Previous Post Next Post