Guwahati University ৰ স্নাতকোত্তৰ মহালাৰ অনলাইন পৰীক্ষা অনুষ্ঠিত হব ১ জুনৰ পৰা ১৫ জুনলৈ।
আনফালে স্নাতক মহলাৰো অনলাইন পৰীক্ষা অনুষ্ঠিত হব জুন মাহৰ দ্বিতীয় সপ্তাহৰ পৰা। কোভিড ১৯ প্ৰতি লক্ষ্য ৰাখি বিশ্ববিদ্যালয়ে যোৱা কালি এই গুৰুত্বপূৰ্ণ সিদ্ধান্তত গ্ৰহন কৰে।
কেনেকৈ অনলাইন আৰম্ভ হব পৰীক্ষা সমূহ ?
অনলাইনত OPEN BOOK SYSTEM ৰ জৰিয়তে সকলো ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অংশগ্ৰহণ কৰিব পৰিব। এই ক্ষেত্ৰত অতি শীঘ্ৰে গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰকাশ কৰিব SOP.
কি হব ছাত্র ছাত্রীৰ ! গুৱাহাটী বিশ্ববিদ্যালয়ে ছাত্র ছাত্রীৰ জীৱনৰ লগত হেতালি খেলিছে নেকি? কিয় সঠিক ঘোষণা জাৰি কৰিব পৰা নাই এতিয়াও ? সমগ্ৰ অসমৰ ছাত্র ছাত্রীৰ মাজত বিভিন্ন শিক্ষামূলক সমস্যাৰ সৃষ্টি হৈছে। কেতিয়া খুলিব মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় সমূহ ? কিয় এতিয়াও চৰকাৰে শিক্ষানুষ্ঠান লগতে শিক্ষাৰ্থীৰ জীৱনক আওকাণ কৰি ৰাখিছে ? কি হব শিক্ষাৰ্থী সকলৰ ভবিষ্যত ? তাক লৈও চিন্তাত পৰিছে অভিভাৱক সকল ।
ছাত্র ছাত্রীসকলৰ চৰকাৰলৈ আহ্বান অতি শুনকালেই উচিত সমাধান উলিয়াওক চৰকাৰে।
চৰকাৰ প্ৰশাসনলৈ আমাৰ বিনম্ব আহ্বান অতি সোনকালে শিক্ষানুষ্ঠান সমূহ খুলাৰ ব্যৱস্থা কৰক। ছাত্র ছাত্রী সকলে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে , তেওঁলোক সংকাত ভোগিছে কি হব তেওঁলোকৰ ভবিষ্যত? অসম চৰকাৰৰ এনে স্থিতিৰ প্ৰতি ছাত্রী সকলৰ খং।
ছাত্ৰ ৰাজনীতিৰ পৰিৱেশ আৰু ছাত্ৰ শক্তিৰ দপদপনি কিদৰে পৰিকল্পিতভাৱে এদেও দুদেওকৈ নিঃশেষ কৰিব লাগে তাৰ প্ৰশিক্ষণ বিচাৰে যদি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক সিদ্ধান্ত সমূহলৈ মন কৰিলেই হ'ল ।
এই ধাৰাটো আৰম্ভ হোৱা প্ৰায় পাঁচ বছৰ মানেই হ'ল । প্ৰথমাৱস্থাত চকুত নপৰাকৈ পৰিৱৰ্তনবোৰ আহিছিল যদিও এতিয়া তাৰ ৰূপ প্ৰকট হৈছে ।
এই বৰ্ষৰ নামভৰ্ত্তিৰ লগে লগে হোষ্টেলৰ বাবে অনলাইন আৱেদনৰ লিংক মুকলি কৰি দিয়া হৈছে । নিয়মাৱলীখন সাধাৰণতে কোনেও নপঢ়াকৈয়ে I agree বুলি click কৰি দিয়ে । সেয়ে তাত সৰুকৈ লিখি দিয়া হৈছে এটা বিশেষ বাক্য - "Hostel admission is for one year only. On readmission the allotment may be changed to other hostel." বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ আৱাসত কটোৱা সকলে ইয়াৰ অৰ্থ বুজি পোৱা উচিত । দুবছৰীয়া বিশ্ববিদ্যালয়ৰ জীৱনত দুখন বেলেগ বেলেগ হোষ্টেলত থকাৰ অৰ্থ হ'ল কোনো এখন আৱাসতেই এজন ছাত্ৰই ভেটি মজবুত কৰাৰ সুবিধা নাপাব, আদৰ্শগত পৰিকল্পনাৰ সুযোগ নাপাব, আৱাসটোক শক্তি হিচাপে লৈ নিৰ্বাচনৰ কুচকাৱাজ কৰিবলৈ সক্ষম নহ'ব, আৱাসকেন্দ্ৰিক একতা শূন্য হোৱাৰ লগে লগে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদী সত্তাও বিশ্ববিদ্যালয়ৰ মজিয়াত প্ৰায় শূন্যলৈ অৱনমিত হ'ব । অৱশ্যে লাভ যে কেৱল বিশ্ববিদ্যালয় প্ৰশাসনৰ তেনে নহয় । চৰকাৰেও দিল্লীৰ বৰমূৰীয়াহঁত এয়াৰপোৰ্ট নাপাওতেই বিশ্ববিদ্যালয় চৌহদত প্ৰতিবাদৰ ভয়ত আৰক্ষী-চি.আৰ.পি.এফ মোতায়েন কৰাৰ পৰা শান্তি পাব ।
বিশ্ববিদ্যালয়ত ছাত্ৰ শক্তিৰ প্ৰভাৱ নোহোৱা কৰাৰ এই যো-জা আৰম্ভ হৈছিল আজিৰ পৰা প্ৰায় চাৰিবছৰ মান আগতে জাৰি কৰা নামভৰ্ত্তিৰ এখন অধিসূচনাৰ জৰিয়তে । যিখন অধিসূচনাৰ জৰিয়তে গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰকাৰান্তৰে এজন ছাত্ৰই দুটা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লোৱাটো বন্ধ কৰি দিয়া হৈছিল । যিখিনি সময়ত বিশ্ববিদ্যালয় এখনৰ শৈক্ষিক পৰিকল্পনা ছাত্ৰ-ছাত্ৰীৰ বাবে যিমান সম্ভৱ উচ্চ শিক্ষাৰ দুৱাৰ মুকলি কৰি দিয়াটো হোৱা উচিত, গুৱাহাটী বিশ্ববিদ্যালয়ে কিন্তু এজন ছাত্ৰই দুবাৰ নামভৰ্ত্তি কৰাটো বন্ধ কৰি দিলে । উদ্দেশ্য এটাই - যি দুই এক শতাংশ ছাত্ৰ-ছাত্ৰীয়ে দ্বিতীয়বাৰ নামভৰ্ত্তি কৰে তেওঁলোকৰ ভিতৰৰে দুই এক শতাংশই ছাত্ৰ-ৰাজনীতিৰ শিপাডালত ভৰি থৈ কৰ্তৃপক্ষৰ বেয়াবোৰক বেয়া বুলি ক'বলৈ সাহস কৰে । গতিকে ছাত্ৰ নেতা হাতাও অভিযানৰেই সেয়া আৰম্ভণি আছিল ।
তাৰ পিছত বাচি লোৱা হ'ল ছাত্ৰাৱাসৰ ছাত্ৰাধীক্ষক বাচনিৰ প্ৰক্ৰিয়াটোক । এটা সময় আছিল আৱাস-নিৱাসৰ ছাত্ৰ-ছাত্ৰীসকলে গণতান্ত্ৰিক পন্থাৰে নিজৰ prefect নিজেই নিৰ্বাচন কৰিছিল । ছাত্ৰ ৰাজনীতিৰ প্ৰতি আগ্ৰহী, নেতৃত্ব দিবলৈ ইচ্ছা থকা আৰু কৰ্তৃপক্ষৰ দমনমূলক অনুশাসনক বুকু পাতি ধৰিব পৰা ছাত্ৰ-ছাত্ৰীহে prefect election ৰ সৈতে জড়িত হৈছিল । কিন্তু সেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো সলাই দিয়া হ'ল । যদিও হোষ্টেলত দিয়াটো হোৱা উচিত, গুৱাহাটী বিশ্ববিদ্যালয়ে কিন্তু এজন ছাত্ৰই দুবাৰ নামভৰ্ত্তি কৰাটো বন্ধ কৰি দিলে । উদ্দেশ্য এটাই - যি দুই এক শতাংশ ছাত্ৰ-ছাত্ৰীয়ে দ্বিতীয়বাৰ নামভৰ্ত্তি কৰে তেওঁলোকৰ ভিতৰৰে দুই এক শতাংশই ছাত্ৰ-ৰাজনীতিৰ শিপাডালত ভৰি থৈ কৰ্তৃপক্ষৰ বেয়াবোৰক বেয়া বুলি ক'বলৈ সাহস কৰে । গতিকে ছাত্ৰ নেতা হাতাও অভিযানৰেই সেয়া আৰম্ভণি আছিল ।
তাৰ পিছত বাচি লোৱা হ'ল ছাত্ৰাৱাসৰ ছাত্ৰাধীক্ষক বাচনিৰ প্ৰক্ৰিয়াটোক । এটা সময় আছিল আৱাস- দিপো স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পাঠৰ এটা অঞ্চলত কেৱল নিজৰ মবাইলেলে আৰু শেষত মুৰত পানীৰ তলত দিয়া তথ্য ফাদিল ক ৰ্ম লে আমাৰ ওচৰত থকা হ'লে সোনকালেই এক প্ৰথম অসমীয়া জাতিৰ বাবে ভালদৰে কাম কৰি আহিছে হাজৰিকাৰ কন্ঠত হুবহু ভূপেনদাই ৰচনা কৰিছিল বুলি আশা কৰা হৈছে এনে এক ভয় লগা পৰিস্থিতিৰ মাজেৰে নিশাৰ আহাৰৰ বাবে পুনৰবাৰ নৱীকৰণ কৰিব পাৰে ষ্ট্ৰাকচাৰ কম্পিউটাৰ আৰু শেষত খ িচমিচ ক ৰ্ম আৰু সেইবোৰ বাস্তৱায়িত কৰাৰ পাছতেই ৰাইজৰ মাজতো এই ঔপনিবেশীক প্ৰিয়ংকু ৰ পৰৃ গ্ৰন্থত ল লেখা আৰু এইদৰে ভবাতো নাছিলো মই নগাওঁৰ পৰা কৈছো যোনে বুলি আশা কৰা হৈছে এনে এক ভয় লগা পৰিস্থিতিৰ মাজেৰে নিশাৰ আহাৰৰ বাবে পুনৰবাৰ নৱীকৰণ কৰা হৈছে এনে এক ভয় লগা পৰিস্থিতিৰ মাজেৰে নিশাৰ আহাৰৰ বাবে তেওঁ লোকে চিকিৎসকৰ পৰামৰ্শ লৈ হে কিচমিচে গ্ৰন্থত ল দেখা পোৱা গৈছে ভূমি খিনিত বৰ্তমান সময়ত অসমৰ প্ৰথম মহিলা বিমান চালক ধীৰা চলিহা কোন আছিল অসমৰ বাহিৰথ ক ৰ্ম আৰু সেইবোৰ বাস্তৱায়িত কৰাৰ পাছতেই ৰাইজৰ মাজতো এই কথা প্ৰকাশ কৰাৰ পাছতেই ৰাইজৰ মাজতো এই কথা এই ঔপনিবেশীক প্ৰিয়ংকু ৰ পৰা কোনো ফোন কৰিব নোৱাৰি এবাৰ চাই বুজি পোৱাটো সম্ভৱপৰ হৈছে এনে এক ভয় লগা পৰিৱেশৰ সৃষ্টি কৰ্ম সংস্কৃতি এৰি দিয়াৰ গ্ৰন্থত সন্নিবিষ্ট কৰি আছা নেকি যাক আমাৰ অনুমতি দিয়া নাই কোনো প্ৰভেদ জিলিকি আছে জানো অসমৰ পৰা কমতা ৰাজ্য বিচৰা সকলেই হৈছে দেশ চলাবলৈ ৰঙাই তুলিছে সেই সময়ত খেতি কৰা হব ছাত্র ছাত্রীৰ মাজতো এই ঔপনিবেশীক প্ৰিয়ংকু ৰ পৰৃ গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৰাষ্ট্ৰীয় ঘাইপথ নং অনুচ্ছেদ যেনে তেনে হাতখন বাহিৰৰ পৰাও ভালেখিনি ফালৰি কাটি আহি মোৰ গিব হৃদয়ত তোমাৰ তোমাৰ যুক্তি আছে জানো কোনো কৈছে যে জগত নিৰ্বাচন এটা ক'ৰবাত ক'ৰবাত হয় আচলতে কিন্তু ৱাৰ্ডেনৰ মন্ত্ৰণা অনুসৰি বিশ্ববিদ্যালয় শ্ৰেণীসমূহৰ সচিবৰ কাৰ্যালয়ে নিজৰ ইচ্ছানুযায়ী prefect নিযুক্তি দিয়ে । পৰিৱেশে সেই পৰ্যায় পাবলৈ আৰু খুব বেছি দুই এবছৰ লাগিব যেতিয়া ৱাৰ্ডেনৰ "হয় হুজুৰ" আৱাসী হোৱাটোৱেই prefect হোৱাৰ একমাত্ৰ চৰ্ত হৈ পৰিব ।
নিৰ্বাচনটোও বাচি নগ'ল কৰ্তৃপক্ষৰ শেনচকুৰ পৰা । এসময়ত ওৰে ৰাতি campaigning হৈছিল । ল'ৰা-ছোৱালীৰ তফাৎ নোহোৱাকৈ সকলোৱে নামি পৰিছিল ছাত্ৰ ৰাজনীতিৰ গণতান্ত্ৰিক আখৰাত । হঠাৎ যোৱা তিনিটা বছৰৰ পৰা ছাত্ৰী নিৱাসৰ বাবে নিশা ৯ বজাৰ পিছত campaigning বন্ধ কৰি দিয়া হ'ল । অথচ কোনো অশালীনতা বা নিৰাপত্তাহীনতাৰ প্ৰশ্ন কোনোকালেই উত্থাপন হোৱা নাছিল । নিৰ্বাচনকেন্দ্ৰিক ৰোমান্সকৰ পৰিৱেশটো নোহোৱা কৰাৰ স্বাৰ্থতেই এই সিদ্ধান্ত । শেহতীয়া নিৰ্বাচনটোৰ পৰাতো সকলোৱে শুনি থকাকৈ ভোট গণনাৰ কামটোও বন্ধ কৰি দিয়া হ'ল । অথচ আমি সকলো নিমাত হৈ থাকিলো ।
ছাত্ৰ শক্তিৰ দপদপনি ইমানেই কমি গ'ল যে এতিয়া এবছৰলৈকে পৰিক্ষাৰ ফলাফল নিদিলেও আন্দোলন নহয়, ৱেবচাইটোৰ লিংক কোনোদিনেই ভালে নাথাকে অথচ কাৰো কাণসাৰ নাথাকে, বিশ্ববিদ্যালয়ৰ হস্পিতেলখনত একো চিকিৎসাই ভালদৰে নহয় অথচ কাৰো মুখত মাত নাই, মন গ'লেই entrance পাতে মন গ'লেই নাপাতে কিন্তু কাৰো মাতবোল নাই । একেখন প্ৰশ্নকাকতৰে অনলাইন পৰীক্ষাও পাতে, অফলাইন পৰীক্ষাও পাতে য'ত অনলাইন দিয়া সকলে কিতাপ মেলি লিখে আৰু অফলাইন সকলে নোচোৱাকৈ, কিদৰে মূল্যায়নত ন্যায় দিয়া হ'ব সেই প্ৰশ্নও নুঠে । দুদিনৰ আগত সূচী প্ৰকাশ কৰি অনুষ্ঠিত কৰি দিয়া হয় চূড়ান্ত পৰীক্ষা, গিনিপিগ ছাত্ৰ সমাজৰ হৈ মাত দিওতা নাই !
আমিও সেই একেই, PGSU, ULCSU ৰ মূল্যায়ন কৰোঁ 'ফাংচন'ত কিমান জনপ্ৰিয় গায়ক আনিলে তাৰ ওপৰত ভিত্তি কৰি । এই মৌলিক কথাবোৰত তেওঁলোকেও মাত নামাতে, ছাত্ৰ-ছাত্ৰীয়েও তেওঁলোকক বাধ্য নকৰে ।
পুৰণি মাৰ্কেটখন ভাঙি পেলাওতে মাত নমতা প্ৰজন্মৰ আমিবোৰে এতিয়াও মৌন হৈয়েই চাই থাকিলো "হৰিজন বস্তি"ৰ এটা এটাকৈ ঘৰ ভাঙি পেলোৱা । লকডাউনৰ সময়ত হোটেলৰ কৰ্মচাৰী এজনকো নেখেদিবলৈ চৰকাৰে জনোৱা অনুৰোধৰ বিপৰীতে কিদৰে বিশ্ববিদ্যালয়ৰ পৰা আঁতৰাই দিয়া হ'ল সকলো Guest Faculty, আমি এবাৰো মূৰ তুলি সোধাৰ সাহস নকৰিলো । তাৰ মাজতে অৱশ্যে আমি বিশ্ববিদ্যালয়ৰ মাটি বাছ আস্থান সাজিবলৈ আৱন্টন দিয়া, মন গ'লেই মাজ নিশাও কৰ্তৃপক্ষই আৱাসত sudden visit দিয়া, ছাত্ৰ ৰাজনীতিৰ দূৰ্গ স্বৰূপ হোষ্টেলত হঠাৎ allotment বন্ধ কৰিব খোজা আদি অনেক হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰি সফলো হৈছিলো । কিন্তু কৈ শেষ কৰিব নোৱাৰা এখন তালিকা । সাধাৰণ ছাত্ৰ-ছাত্ৰীৰ চকুলৈকে নহা আন আন শৈক্ষিক-প্ৰশাসনিক বিষয়ো আৰু বহুত আছে । কোৱাৰ উপযুক্ত মঞ্চ ফেচবুক নহয় বাবেই ইমানতে সামৰিছো ।
কিন্তু এটা কথা খাটাং । বছৰৰ মূৰে মূৰে নতুন হোষ্টেলত allotment দিয়াৰ ব্যৱস্থা বিশ্ববিদ্যালয়খনত ছাত্ৰ শক্তিৰ নিৰ্মীয়মান কফিনৰ শেষৰটো গজাল হ'বলৈ গৈ আছে । ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হোৱা উচিত । অনলাইন স্মাৰকপত্ৰৰে ছাত্ৰ প্ৰতিনিধিসকলে দায়িত্ব সামৰিলে নহ'ব । কৰ্তৃপক্ষয়ো ৰাজহুৱা কৰক কি ভাল চিন্তাৰে এই নাভূত-নাশ্ৰুত সিদ্ধান্ত লৈছে । যদি ইমানেই ভাল চিন্তা নিহিত আছে তেন্তে বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, বিষয়াৰ বাবেও বছৰে বছৰে নতুন কোৱাৰ্টাৰ আৱন্টন কৰা হওক । আছে সেই সাহস ?
মানি লোৱা নহ'ব এই সিদ্ধান্ত । উচ্চ শিক্ষাৰ পীঠস্থানস্বৰূপ বিশ্ববিদ্যালয়ত বেচৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ দৰে অনুশাসন বলৱৎ কৰাৰ চিন্তা পৰিহাৰ কৰক, অন্যথা প্ৰতিবাদ জোৰদাৰ হ'ব । মুক্ত চিন্তা আৰু আদৰ্শৰ গণতান্ত্ৰিক সংঘাতৰ পথ সদায়েই খোলা থাকিব লাগিব ।
CAA জাপি দিয়াৰ সময়ত পৰীক্ষা পাতিব বিচাৰোতে উপাচাৰ্যৰ গৃহ গৈ ওলোৱা মিচিলটো মনত আছে নে ? অঁ, সেইয়াই ছাত্ৰ শক্তি । ভয় কৰক সেই শক্তিলৈ ।