১৮ জুলাই ১৯১৮ চনত দক্ষিণ আফ্ৰিকাত জন্মলাভ কৰা এইগৰাকী নবেল বঁটা বিজয়ীৰ জীৱনৰ ইতিহাস অসমৰ অখিল গগৈৰ সৈতে কিছু সাদৃশ্য দেখা গৈছে ।
১৯২১ চনত প্ৰতিষ্ঠিত আফ্ৰিকা নেচনেল কংগ্ৰেছৰ সৈতে জড়িত হোৱা নেলচন মেণ্ডেলাই সেই সময়ৰ চৰকাৰৰ বিৰুদ্ধে নিজৰ দেশৰ নিজৰ স্বাধীনতা বিচাৰিলে আৰু এই আন্দোলনত সহস্ৰ জনগণ লগ হৈ এই আন্দোলন ৰাজপথলৈ আহিল আৰু এই আন্দোলন অধিক তীব্ৰতৰ হোৱাত নেলচন মেণ্ডেলাক কাৰাৰুদ্ধ কৰে আৰু এনেদৰে ১৯৬৩ চনৰ পৰা ১৯৯০ চনলৈকে প্ৰায় ২৭ বছৰ কাৰাবন্দী হৈ থকা জাতীয়তাবাদী মহান ব্যক্তিজনক ভাৰত ভ্ৰমণৰ সময়ত ভাৰত চৰকাৰে ১৯৯০ চনত ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন আগবঢ়াই ।
আৰু এইদৰে ১৯৯৪ চনত জাতীয়তাবাদী নেতা গৰাকীয়ে দক্ষিণ আফ্ৰিকাত ৰাষ্ট্ৰপতি আসন অলংকৃত কৰি কাৰ্য্য সম্পাদনা কৰে ।।
আৰু সেই জাতীয়তাবাদী মহান ব্যক্তিজনৰ যেন ইতিহাস অসমৰ পটভূমিত পুনৰ যেন জন্ম হৈছে, জাতীয়তাবাদী কন্ঠ অখিল গগৈ প্ৰায়ে ২ বছৰ কাল কাৰাৰুদ্ধ হৈয়ো তেওঁ প্ৰকাশ কৰি অহা সংগ্ৰামী জাতীয়তাবাদী সত্তাক ৰাইজে আদৰি লৈ সংগ্ৰামী জাতীয়তাবাদী সত্তাক পুনৰ এবাৰ অসমৰ ভূমিত প্ৰতিষ্ঠা কৰিবলৈ জনসাধাৰণে ৰক্ষক তথা এজন প্ৰকৃত জাতীয়তাবাদী জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰাত অসমৰ জাতীয় প্ৰেমৰ সত্তাটো যেন পুনৰ উজ্জীৱিত হৈছে ।
মানস ৰবিনে কৈছে:
ছচিয়েল মিডিয়াত লুৰীণজ্যোতি গগৈ আৰু দেৱব্ৰত শইকীয়াৰ সম্পৰ্কত লিখা মোৰ বাৰ্তা দুটাৰ যথেষ্ট চৰ্চা চলিছে বুলি অৱগত হৈছোঁ ; আশা কৰিছোঁ এই লেখা দুটাৰ জৰিয়তে মোৰ পক্ষ আৰু স্থিতি সম্পৰ্কে ৰাইজো নিশ্চয় অৱগত হৈছে । ইতিমধ্যেই বিপক্ষত অৱস্থান কৰা সকলৰ কমেণ্টৰ বৰষুণেৰে মোৰ লেখা দুটা চপচপীয়া হৈ পৰিছে । ইয়াৰ মাজতে কেইটামান কমেণ্ট বৰ সঘনাই আহিবলৈ ধৰিছে ---- ''ককাইদেউ, আপুনি অখিল দাৰ কাৰণে একলম নিলিখে কিয় ? '' এতিয়া ৰজা হ'লো যেতিয়া, ৰাইজৰ কথাতো শুনিবই লাগিব । সেয়ে দুদিনমান পলমকৈ লিখাৰ কথা আছিল যদিও আজিয়ে লিখি দিছোঁ।
ৰাজনীতিত অংক শাস্ত্ৰৰ গুৰুত্ব অপৰিসীম আৰু সেই অংক মতে দেখা যায় যে কা-বিৰোধী একেখিনি মানুহ শিৱসাগৰত দুভাগত বিভক্ত হ'বলৈ গৈ আছে । এভাগ যদি কংগ্ৰেছৰ পক্ষত , এভাগ আকৌ অখিল গগৈৰ পক্ষত । আনহাতে কা-সমৰ্থকসকলৰ ভোট এটা পক্ষত অক্ষত । ফলত নিশ্চিতভাৱে কা-সমৰ্থনকাৰী ভাগটোৰ সংখ্যা সৰহ হ'ব আৰু জয়ী হ'ব । এইটোৱে সৰল অংক। এই অংকটো বুজিবলৈ বৰ ডাঙৰ ৰাজনৈতিক বিশেষজ্ঞ বা অংক মাষ্টৰ হোৱাৰ প্ৰয়োজন নাই । ইয়াৰ পাছতো অখিল গগৈয়ে শিৱসাগৰৰ পৰা নিৰ্বাচন খেলিবলৈ মন মেলিছে আৰু নিজে মানুহজন জে'লত আছে । এতিয়া এটা লাখটকীয়া প্ৰশ্নৰ উত্তৰ লাগে :
অখিল গগৈ জিকিবনে ???
হয়, অখিল গগৈ হাৰিব । অংকৰ উত্তৰ মতে অখিল গগৈৰ পৰাজয় নিশ্চিত। উত্তৰটো শুনিবলৈ কেনেকুৱা লাগিছে বাৰু আপোনাৰ ?? বুকুখনৰ কোনোবা এটা চুক বিষাই যোৱা নাইনে ? হয় , এইবাবেই আমি অখিল গগৈক জিকাব লাগিব, সকলো অংক ভুল প্ৰমাণিত কৰি আমি তেখেতক জিকাব লাগিব । এইবাৰ শিৱসাগৰবাসীয়ে দায়িত্ব ল'ব লাগিব অখিল গগৈক নির্বাচিত কৰি মুকলি আকাশৰ তললৈ অনাৰ; শিৱসাগৰবাসীয়ে পণ ল'ব লাগিব কা-বিৰোধী ভোট বিভাজিত হ'বলৈ নিদিয়াৰ আৰু মোৰ বিশ্বাস, শিৱসাগৰ সমষ্টিৰ ভোটাৰে সদায়ে দি অহাৰ দৰে এইবাৰো নিশ্চয় নিজৰ বুদ্ধিমত্তাৰ পৰিচয় দিব ; কাৰণ ---
১) আমি শিৱসাগৰবাসীয়ে ইমান দিনে কিবা পাম বুলিয়েই ভোট দি আহিছিলোঁ কিন্তু পালোঁ কি ? নাপালোঁ এখন মেডিকেল কলেজ, নাপালোঁ এখন ইঞ্জিনিয়াৰিং কলেজ , নাপালোঁ এখন ইউনিভাৰ্ছিটি ,নাপালোঁ এটা এয়াৰ প'ৰ্ট, আনকি তাহানিৰ ৰাজধানী হোৱা সত্ত্বেও নাপালোঁ এটা ৰাজধানী এক্সপ্ৰেছৰ ষ্ট'পেজ । গতিকে এইবাৰ আমি কিবা পাবলৈ ভোট নিদিওঁ, আমি ভোট দিম এজন স্বাভিমানী অসমীয়াক অন্ধ কুঠৰীৰ পৰা মুক্তি দিবলৈ ।
২) অখিল গগৈৰ প্ৰতিপক্ষ হিচাপে অৱতীৰ্ণ শিৱসাগৰৰ আটাই কেইগৰাকী প্ৰাৰ্থীলৈ আন্তৰিকতা ৰাখিও প্ৰতিজন শিৱসাগৰীয়াই নিশ্চয় এটা কথা স্বীকাৰ কৰিব লাগিব যে এইবাৰ শিৱসাগৰক প্রতিনিধিত্ব কৰিবলগীয়া প্ৰাৰ্থীসকলৰ মাজত অখিল গগৈয়ে সৰ্বোত্তম ।
৩) বিপদে- আপদে অত বছৰে ৰাইজৰ হৈ লাগি থকা মানুহজনক অকণমান সহায় কৰিবলৈ পালে শিৱসাগবাসী নিশ্চয় আনন্দিত হ'ব আৰু নিজৰ ভোটটো কামত অহা যেন অনুভৱ কৰিব
৪) অখিল গগৈ নামৰ সংগ্ৰামী সত্তা এটাৰ অপমৃত্যুৰ কাৰণ হ'বলৈ বা এই বদনামৰ ভাগ ল'বলৈ কোননো স্বাভিমানী ৰংপুৰীয়া ৰাজী হ'ব !!
মই নিজে অখিল গগৈৰ মুক্তিৰ বাবে আদালতত যুঁজ দিবলৈ ২ লাখ টকা আগবঢ়োৱা মানুহ । এতিয়া তেখেতক জয়ী কৰাই আনিবলৈ নিজৰ আঙুলিতে এটা শক্তি পাইছোঁ ; গতিকে মোৰ আঙুলিটো ক'ত পৰিব আপোনালোকে নিজে অনুমান কৰি লওক, মই নকওঁ , কাৰণ মই কাক ভোট দিম সেইয়া যে কাকোৱেই ক'ব নাপায় ।