এটাৰ পিছত আন এটা জোকাৰণি।
৭ দিনত ৩০ টাতকৈও অধিক ভূমিকম্পৰ জোকাৰণি। এক ভয় লগা পৰিস্থিতিৰ মাজেৰে নিশা উজাগৰী পাৰ কৰিছে অসমৰ জনসাধাৰণৰে। ২৪ তাৰিখে পুৱা অহা ৬.৭ প্রাবল্য বৰ ভূমিকম্পৰ পাছতে এইদৰে এটাৰ পিছত আন এটা ভূমিকম্প জোকাৰণিয়ে এক ভয়াবহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে নেকি তাক লৈ ভূ বিজ্ঞানী সকলৰ মাজত সন্দেহ সৃষ্টি হৈছে। বিশেষকৈ মধ্য অসমৰ শোণিতপুৰ জিলা , নগাঁও জিলা, মৰিগাঁও জিলা, এই ভূমিকম্প সমূহৰ অভিকেন্দ্ৰ হিচাপে পৰিগণিত হোৱাত এই জিলা সমূহৰ লোকসকলে ভয় সংকটেৰে দিন অতিবাহিত কৰিব লগীয়া হৈছে ।
এনেধৰণৰ এটাৰ পিছত আন এটা সঘনাই আহা ভূমিকম্প বিশ্বত খুবেই কম দেখা যায় আৰু সেয়ে এক উচ্চ প্ৰাৱল্য ভূমিকম্পৰ আহাৰ সম্ভৱনা সৃষ্টি হয়। সেয়ে আতংকিত নহব যিমানে পাৰে সুৰক্ষিত স্থানত থাকক।
১৯৫০ চনৰ অসমৰ ভূমিকম্পৰ বিষয়ে ববিতা শইকীয়াই কৈছে:
১৯৫০ আৰু ২৮ এপ্ৰিলৰ ভূমিকম্প ৷ মোৰ ছোৱালীয়ে ২৮ এপ্ৰিলৰ ৰাতি ১:১৭ ত পূনৰ ভূমিকম্প আহোতে অলপ বেছিকৈ ভয় খাইছিল৷ মই তাইৰ সাহস হলো ৷ মোৰ সৰু কালৰে বান্ধবীজনীয়েও বৰ ভয় খাই ফোন কৰিছিল "কি কৰিম বেছিকৈ আহিলে ? " যিহেতু তাই ওচৰতে থাকে তাইক কলো "যদি এনেকৈ আহি থাকে আমাৰ তালৈ গুচি আহিবি ৷ " আমাৰ ঘৰুৱা কামত সহায় কৰা ভনীজনীৰ ভয় দেখি তাইক সেইদিনা ঘৰলৈ যাবলৈ নিদি আমাৰ ঘৰতে ৰাখিলো ৷ মাজ ৰাতি "পুনৰ" বুলি দিয়া মোৰ এফ বিৰ পোষ্টটো পঢ়ি আতঁৰত থকা ভনী, ভাগিনীয়ে ভয়তে সুধিছে "কি হব ?"
মোৰ দেউতা ৯৫ বছৰীয়া ৷ ১৯৫০ চনৰ ১৫ আগষ্টৰ বৰ ভূঁইকঁপৰ কথা দেউতাৰ মুখৰে প্ৰায়ে শুনো ৷দেউতা তেতিয়া অসম মেডিকেল কলেজত ৷ তেওঁ অসম মেডিকেল কলেজৰ প্ৰথম বেট্চৰ ছাত্ৰ ৷ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৱে দেশবাসীলৈ স্ৱাধীনতা দিবসত জনোৱা শুভেচ্ছাবাণী ৰেডিঅত শুনিবলৈ দেউতা , ধীৰেণ বৰদলৈ(গোপীনাথ বৰদলৈৰ ৰ পুত্ৰ ) আদি বন্ধুবৰ্গ উদগ্ৰীব হৈ আছিল ৷ "ভাই ঔৰ বেহনো " বুলি মাথো আৰম্ভ কৰিছিলহে এনেতে বৰ ডাঙৰ জোকাৰণি এটা আহিল ৷তেতিয়া সন্ধিয়া ৭:৩৯ দেউতাহঁতে ইমান ডাঙৰ জোকাৰণি দেখি কোঠাৰ পৰা দৌৰি বাহিৰত ৰৈছিল ৷হোষ্টেলৰ সকলো লৰায়ে ওলাই আহিছিল ৷ হঠাৎ জোকাৰণি বাঢ়িবলৈ ধৰিলে এটা সময়ত লৰাবোৰ থিয় হৈ থাকিব নোৱাৰি মাটিত বহি দিছিল ৷ বহি দিয়াৰ পাচতো থিৰৰে থাকিব নোৱাৰি দেউতাহঁতে জেওৰাত ধৰি আছিল ৷ সেই সময়ত ডিব্ৰুগড় মেডিকেল কলেজৰ হোষ্টেলৰ চাৰিটা এল আকৃতিৰ বিল্ডিং আছিল ৷এখন ডাঙৰ পথাৰৰ চাৰিকোণে অসম আৰ্হিৰ চাৰিটা বিল্ডিং ৷ এফালে দুটা, আনফালে দুটা ,মাজত বৃহৎ ঘাহঁনি ৷ দেউতাহঁত জেওৰাত ধৰি বহি দিওঁতে হঠাতে দেখিলে আনটো ফালৰ বিল্ডিংৰ লাইটবোৰ নোহোৱা হৈ গল ৷আটায়ে সমস্বৰে "গ’ল,গ’ল,গ’ল“ বুলি চিঞৰি শেষ নহওঁতেই পুনৰ আনফালৰ বিল্ডিং দুটা লাইটৰ সৈতে দেখা পালে ৷ দেউতাহঁতে অনুভব কৰিছিল তেওঁলোক যেন পাৰ্কত সৰু লৰা ছোৱালীয়ে ঢেঁকী খেল খেলাৰ দৰে এবাৰ ওপৰলৈ , এবাৰ তললৈ গৈছে ৷ এফালে দুটা বিল্ডিং আনফালে দুটা ৷ এবাৰ ওপৰলৈ গৈছে এবাৰ তললৈ ( বিশ্বাস মোৰ নহয় কিন্ত দেউতাই এই গল্প আমাক এশবাৰৰো ওপৰ শুনাইছে আৰু যিমানবাৰেই শুনাই সিমানবাৰেই সম্পূৰ্ণ একে বৰ্ণনা ) ৷লৰা বিলাকৰ আতংকিত হৈ চিঞৰছিল ৷লাহে লাহে প্ৰাবল্য অলপ কমিল কিন্ত মৃদু জোকাৰণি তেতিয়াও আছিল ৷ তাৰ পাচত ৰ’ল ৷ কিন্ত কিছু সময়ৰ পিছে পিছে আজি অহাৰ দৰে মৃদু জোকাৰণি আহি আছিল ৷ লৰাবোৰ ভিতৰলৈ যায় হে আকৌ আটাইবোৰ একেলগে ল’ৰ মাৰি ওলাই আহিব লাগে ৷ ভূমিকম্পৰ ভয়ত কিমান ওলোৱা সোমোৱা কৰিব ? পাচদিনা ৰাতি দেউতাহঁতে বিচনাবোৰ বাহিৰলৈ উলিয়াই আনিলে ৷ আটাইবোৰ বহল ফিল্ডখনতে শুলে ৷ এইদৰেই দেউতাহঁত সাত ৰাতি বাহিৰত শুইছিল ৷ইপিনে ডিব্ৰুগড়ৰ চিনেমা হলত এখন দেৱাল খহি পৰি কিছুলোক আঘাত প্ৰাপ্ত হৈছিল ৷ ভূমিকম্পৰ মাজতে মেডিকেল কলেজৰ লৰাবোৰে আঘাতপ্ৰাপ্ত লোক সকলক ড্ৰেচিং কৰিছিল গৈ ৷
মাৰ মুখৰেও শুনিছিলো কিছু কথা ৷ সেই সময়ত মাহঁত আছিল মাৰ্ঘেৰিটাত ৷ ককা কোল ইণ্ডিয়াৰ চাকৰিয়াল আছিল ৷ মাৰ মুখৰে শুনিছিলো মাথো এটাই কথা "ভূমিকম্প আহোতে আমি পাহাৰৰ ফালে অৰ্থাৎ অৰুণাচলৰ ফালে বিৰাট ডাঙৰ শব্দ শুনিছিলো ৷ যেন বৰ ডাঙৰ বোমা ফুটিছিল ৷ কি হৈছিল একো ধৰিব পাৰা নাছিলো ৷ঘনাই ঘনাই প্ৰকাণ্ড জোকাৰণি আহিছিল ৷ভয়ত অৱস্থা নোহোৱা হৈছিল ৷ পাচদিনা কোৱাৰ্টাৰৰ পাচফালেই থকা দিহিংৰ চাফা পানী ঘোলা হৈ যোৱা দেখিছিলো ৷ মাছবোৰ মৰিছিল ৷ নদীৰ পানীত দুৰ্গন্ধ ৷ বহু দিন দিহিংৰ পানী ঘোলা হৈ আছিল ৷কিছুদিনৰ পাচত দেউতাই অফিচৰ পৰা আহি বৰ দুখ লগা কাহিনী এটা শুনাইছিল আমাক ৷ ভূমিকম্পৰ পাচত নেফাৰ আবৰ পাহাৰৰ বহু গাৱৰ গাওঁবাসী আনন্দত আত্মহাৰা হৈছিল ৷ আনন্দৰ কাৰণ মাছ ৷ নদীত মাছেই মাছ ৷ দিনে ৰাতিয়ে মানুহবোৰে বহুত মাছ ধৰি ভোজ ভাত খাই একেলগে বৰ আনন্দ কৰিছিল ৷ ৰাতি শুই থাকোতে বিৰাট ডাঙৰ পানীৰ ঢৌয়ে আহি প্ৰায় ৫০খন মান গাওঁ মানুহে দুনুহে উটুৱাই লৈ গল ৷" আচলতে পাহাৰত বিৰাট খহনীয়া হৈছিল ৷ খহনীয়া হৈ সোৱণশিৰী নদী কোনো ঠাইত আবদ্ধ হৈ বিল যেন হৈ পৰিছিল ৷ ফলত মাছেই মাছ ৷ কিন্ত সোৱণশিৰীৰ কোবাল সোঁতে ভূমিকম্পৰ পাচত হঠাৎ এৰাতি সকলো উটুৱাই নিছিল ৷
এইবোৰ কথা দেউতাৰ মুখত আজিও শুনো ৷ আজিৰ ভূমিকম্পই দেউতাক লৰাবই নোৱাৰে অলপো ভয় নকৰে৷ আমাৰ ভয় দেখিলে কয় "ই ! তোমালোকে ৫০ৰ ভূমিকম্প পোৱা হলে কি কৰিলা হয় ? "
৫০ ৰ ভূমিকম্পৰ ৰিখটাৰ ৮.৬ আৰু সাতদিন আফটাৰ চক ৷ এইবাৰ ৬.৭ ৰিখটাৰ , দুদিনটো আফটাৰ চক আহিবয়ে ৷ভয়ৰ কোনো কাৰণ নাই ৷ পিচে চিন্তাৰ কথা হল যি মুক্ত সোৱণশিৰীয়ে ১৯৫০ ত ৫০/৬০ খন গাওঁৰ মানুহ সম্পত্তি খেতি বাতি ঘৰ দুৱাৰ সকলো ধুই উটুৱাই নিঃশেষ কৰিছিল সেই সোৱণশিৰীৰ আজি হাত ভৰি শিকলিৰে বান্ধি থোৱা হৈছে ৷ অসম , অৰুণাচলৰ দৰে ভূমিকম্প অধ্যূষিত অঞ্চলত সোৱণশিৰীৰ হাত ভৰি বান্ধি থোৱা শিকলিবোৰ যদি কোনবা এটা ভূমিকম্পতবা ২৮ এপ্ৰিলৰ ভূমিকম্পতেই কৰবাত সৰু ফাট মেলি কেনেবাকৈ খোল খাই যায় পৰিণাম কি হব ভাবিব পাৰে নে ?
৭ দিনত ৩০ টাতকৈও অধিক ভূমিকম্পৰ জোকাৰণি। এক ভয় লগা পৰিস্থিতিৰ মাজেৰে নিশা উজাগৰী পাৰ কৰিছে অসমৰ জনসাধাৰণৰে। ২৪ তাৰিখে পুৱা অহা ৬.৭ প্রাবল্য বৰ ভূমিকম্পৰ পাছতে এইদৰে এটাৰ পিছত আন এটা ভূমিকম্প জোকাৰণিয়ে এক ভয়াবহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে নেকি তাক লৈ ভূ বিজ্ঞানী সকলৰ মাজত সন্দেহ সৃষ্টি হৈছে। বিশেষকৈ মধ্য অসমৰ শোণিতপুৰ জিলা , নগাঁও জিলা, মৰিগাঁও জিলা, এই ভূমিকম্প সমূহৰ অভিকেন্দ্ৰ হিচাপে পৰিগণিত হোৱাত এই জিলা সমূহৰ লোকসকলে ভয় সংকটেৰে দিন অতিবাহিত কৰিব লগীয়া হৈছে ।