এইয়া মাথোঁ আৰম্ভণিহে ! বেদখলকাৰীৰ ওপৰত তীক্ষ্ণ চকু আঙুলতাৰ।


শান্তিজান পাৰে হৈ কীৰ্ত্তন ঘৰ পাবা গৈ,,,,,,। আৰু সেই শান্তিজানতেই আজি অচিনাক্ত অবৈধ সন্দেহজনক নাগৰিকে চলাইছে বেদখল। 

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ স্মৃতি জড়িত প্ৰতিটো সম্পদক সুৰক্ষা প্ৰদান কৰাটো প্ৰতিজন অসমীয়াৰ তথা বটদ্ৰৱা বাসীৰ জাতীয় দায়িত্ব৷ পূৰ্বৰ চৰকাৰ সমূহৰ দিনত বিভিন্ন আশা আকাংক্ষা লগতে বহু  ৰাজনৈতিক লোভত আজিও বটদ্ৰৱা থানৰ ওপৰি প্ৰায় আটাইবোৰ চৰকাৰী ভূমি সন্দেহযুক্ত ৱেদখলকাৰীৰ কৱলৰ পৰা সম্পূৰ্ণৰূপে মুক্ত নাই হোৱা ৷ বৰ্তমানৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ খনে বিশেষকৈ বটদ্ৰৱা থানৰ ৰক্ষা লগতে অসমৰ ধৰ্মীয় স্থান তথা চৰকাৰী ভূমি সমূহক বেদখলমুক্ত কৰাৰ বাবে উঠি পৰি কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰত্যক্ষ হৈছে৷ 

কিছুদিন পূৰ্বে বটদ্ৰৱা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন বিধায়কা আঙুলতা ডেকাই বটদ্ৰৱাৰ চৰকাৰী বেদখলীকৃত ভূমিত  ধিং ৰাজহ চক্ৰ বিষয়া ও বিভাগীয় চৰকাৰী বিষয়া সকলক লগত লৈ বটদ্ৰৱাৰ কেইবাটাও অঞ্চলত বেদখলকাৰীৰ কৱলত থকা চৰকাৰী ভূমিত উপস্থিত হৈ চৰজমিন পৰ্যবেক্ষণ চলোৱাৰ ওপৰিও সন্দেহজনক  বেদখলকাৰীৰ কৱলত থকা কেইবাশ বিঘা ভূমিত শতাধিক সন্দেহযুক্ত পৰিয়ালৰ দপদপনি দেখি সামাজিক মাধ্যমৰ জৰিয়তে আচৰ্য্য প্ৰকাশ কৰিছিল।

আৰু আজি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰবিত্র উপজা ভূমি বটদ্ৰৱা থানৰ নিকটৱৰ্ত্তী মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্ম শৈশৱৰ স্মৃতি জড়িত ঐতিহাসিক শান্তিজান বিলত বছৰ বছৰ ধৰি বেদখল কৰি থকা বেদখলকাৰীক  উচ্ছেদ চলাই ।

উল্লেখনীয় যে , এই বেদখলকাৰী সকলক চৰকাৰী ভূমি এৰি যাবলৈ কেইবাবাৰো চৰকাৰী নিৰ্দেশনা প্ৰেৰণ কৰা হৈছিল যদিও  কিন্তু সেই সকল সন্দেহজনক বেদখলকাৰীয়ে প্ৰতিবাৰেই চৰকাৰৰ সেই নিৰ্দেশনাক আওকাণ কৰি আৰু অধিক বেদখলৰ প্ৰতিযোগিতাত নামি পৰিল। 

উল্লেখযোগ্য যে চৰকাৰৰ প্ৰশানৰ এনে পদক্ষেপৰ প্ৰতি ৰাইজে সহাৰি জনোৱাৰ ওপৰিও বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়কা আঙুলতা ডেকাই যো চৰকাৰ প্ৰশাসনক কৃতজ্ঞতা জ্ঞাপন কৰিছে। তাৰ লগতে আঙুলতা ডেকাই নিজৰ ফেচবুক পৃষ্ঠাৰ কয় যে এইয়া মাথোঁ আৰম্ভণি হে"  সঁচাকৈয়ে সময় বাগৰাৰ লগতে কাৰ্যক্ষেত্ৰত বেদখলীকৃত ভূমিৰ পৰিমাণো বাঢ়ি গৈয়েই আছে৷ 

Previous Post Next Post