বিপ্লৱী বিষ্ণুৰাভা ৰ বহুতো নজনা কথা ( লেখিকা- মঞ্জু হাজৰিকা দাস)

Bishnu Rabha
লেখিকা: মঞ্জু হাজৰিকা দাস।

বিপ্লৱী বিষ্ণুৰাভা: 

কবি যতীন্দ্ৰনাথ দুৱৰাৰ কবিতাৰ পংক্তি শাৰী যেন কলাগুৰুৰ ক্ষেত্ৰতো আমি ক'ব পাৰোঁ । বহুমুখী প্ৰতিভাৰ আঁকৰ চিৰ  উজ্বল ব্যক্তিত্বৰ অধিকাৰী বিষ্ণুৰাভাই নিজ দেশৰ মাটি ,পানী , বায়ু তথা কৃষ্টি সংস্কৃতিৰ একনিষ্ঠ সাধক আছিল । অসমৰ জনগনৰ দুঃখ যন্ত্ৰণা গভীৰভাৱে উপলব্ধি কৰিছিল । তেওঁৰ অন্তৰত অপত্য দেশপ্ৰেম আছিল । সেয়ে তেওঁৰ হৃদয়ত , তেজত দেশপ্ৰেমৰ সোঁত প্ৰবাহিত হৈছিল । তেওঁৰ দুচকুত ৰনুৱা , বনুৱা উচ্চ-নীচ , জাতিভেদ নথকা ঐক্য সম্প্ৰীতিৰ এনাজৰীৰে বান্ধখোৱা এখন সুন্দৰ অসমীয়া সমাজ গঢ়াৰ সপোন আছিল । সেই সপোনৰ পম খেদিয়েই মেহনতী জনতাৰ লগত অতি ওচৰৰ পৰা একাত্ম হৈছিল । সেয়ে কমিউনিষ্ট পাৰ্টিৰ সক্ৰিয় সদস্য হৈ মুক্তি ফৌজ , নাৰীমুক্তি সংঘ , পঞ্চায়ত আদি সংগঠনৰ জন্ম দি নিজৰ উদ্দেশ্য শক্তিশালী কৰিবলৈ নিজে লাগি গৈছিল অবিৰাম গতিত । নিজে অগাধ সম্পত্তিৰ অধিকাৰী হৈও বিলাসী জীৱন নকতাই অসমীয়া জাতিৰ কল্যাণৰ বাবে অশেষ কষ্ট কৰি বন্দী জীৱনো কটাইছিল । বিষ্ণু ৰাভাই নিজে স্পষ্ট আৰু দৃঢ়তাৰে কৈছিল যে অসমীয়া জাতি জীয়াই থাকিবলৈ হ'লে , অসমীয়া কৃষ্টি-সংস্কৃতি জীয়াই ৰাখিবলৈ হ'লে প্ৰথমে অৰ্থনৈতিক সমস্যা সমাধান হ'ব লাগিব , দৰিদ্ৰতাৰ অৱসান হ'ব লাগিব , শ্ৰেনীহীন সাম্যবাদী সমাজ এখন গঢ়ি তুলিব লাগিব । ধনী শ্ৰেণীৰ শোষণ , ঠগবাজি , স্বৰ্থপৰতা , অত্যাচাৰৰ প্ৰতি বিদ্ৰোহী হৈ উঠিছিল । বিপ্লৱৰ মাজেৰে শোষিত জনগণৰ মুক্তিৰ ৰাভাৰ মুখ্য লক্ষ্য আছিল । তেওঁ সমন্বয়ৰ ভেটিত গঢ়ি উঠা এখন বহুল অসমীয়া সমাজ মনে প্ৰানে বিচাৰিছিল । মনোৰম অসমখনক নিজ প্ৰানতকৈও ভাল পাইছিল ৰাভাই। তেওঁ নিজেই কৈছে - “ অসম ভূমিৰ ইঞ্চিয়ে ইঞ্চিয়ে ঘূৰি ঘূৰি প্ৰতিজন অসমীয়া জনজাতিয়েই হওক নাইবা অ-জনজাতিয়েই হওক তেঁওৰ লগত চা-চিনাকি হৈ তেওঁৰ লগত হিয়াৰ আমঠু কলিজাৰ এডুখৰি আৰু বুকুত এফাল হৈ একন একন কৃষ্টিৰ অনা মোৰ মনৰ কোঁহৰ জোলেঙাত ভৰাই লওঁ । ”


আৰু বিষ্ণু ৰাভাই কৈছিল - “ যদি অসমীয়াৰ দুখীয়া শ্ৰেণী মৰে , তেন্তে অসমীয়া জাতিও মৰিব লাগিব , লগে লগে লয় পাব অসমীয়া কৃষ্টি অসমীয়া সংস্কৃতি , অসমীয়া সভ্যতা এই নিৰপষিত , নিৰ্যাতিত , নিপীড়িত দুখীয়া অসমীয়াক বচাবলৈ হ'লে বচাব লাগিব বিপ্লৱৰ মাজেদি , সেই ধনী সকলৰ বিপক্ষে যুঁজি ,‌‌ যি ধনীৰ কোনো জাতি নাই , সমাজ নাই ধৰ্ম নাই - যিটো জাতি বৃটিছ সাম্ৰাজ্য বাদৰ বৰ মুঁটা , য'তে সিহঁতৰ লাভ তাতেই সিহঁত । ”

এই গৰাকী ঘোৰ বিপ্লৱীৰ বিষয়ে ড° সত্যেন্দ্ৰ নাথ শৰ্মাই কৈছে - “ বিষ্ণুৰাভা বৰ্তমান যুগৰ এক ৰহস্যময় চৰিত্ৰ । অসীম সম্ভাৱনা যুক্ত হৈ থকা মাজে‌ মাজে মাত্ৰ এই সম্ভাৱনা সমূহে অস্তিত্ব সহাঁৰি দিয়া এই সৰ্বগুনী বিপ্লৱী গৰাকীক মধ্যযুগীয় ইটালীৰ ৰোমান্টিক ভাবাপন্ন প্ৰতিভা চঞ্চল বেনভেনটো ছেলেনিৰ লগত তুলনা কৰিব মন যায় । ” 
তেখেত কেৱল বিপ্লৱতে আৱদ্ধ হৈ থকা নাছিল গীত কবিতা , নাটক , নৃত্য বক্তৃতাৰে দুখীয়া কৃষকক জাগ্ৰত কৰি তুলিছিল । ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতৰ স্বাধীনতাক প্ৰকৃত স্বাধীনতা নহয় বুলি উপলদ্ধি কৰি কৃষক আন্দোলন গঢ়াৰ উদ্দেশ্যে দেশৰ মানুহক উদ্বুদ্ধ কৰিবলৈ লেখিছিল-

'দুখীয়াৰ কলিজা নিগৰি লৱ ।
টুপি টুপি তেজ শুহি শুহি পিৱ।
ৰুকি ৰুকি মঙহ চোবাই খাৱ 
কুৰুকি হাড় কেইডালো চোবাৱ 
হুচিয়াৰ হুচিয়াৰ 
ধনী মহাজন জমিদাৰ।
হুচিয়াৰ হুচিয়াৰ ....'

আৰু কৃষক সকলক তেওঁ লোকৰ নিজা শক্তিৰ কথা সোঁৱৰাই লিখিছিল -

'তই খুৱাৱ বিশ্ববাসীক 
মাটি ফালি ধান
তই যোগাৱ ধনী শ্ৰেণীক
অস্ত্ৰ শক্তি মান
কাৰখানা কল তোৰেই সৃজন
পথাৰ সুবহল
নাঙল,কাঁচি,হাতুৰীৰ,দাৰ
যাদুকৰী ফল।'

অসমীয়া কৃষ্টি-সংস্কৃতিৰ মূল খনিকৰ স্বৰূপ বিষ্ণুপ্ৰসাদ ৰাভা বিপ্লৱী, শিল্পী, সাহিত্যিক, অভিনেতা,কবিআদি বিভিন্ন গুণৰ সমাহাৰত এক নাম নহৈযেন এক সত্তা।এই তুলনাহীন অনন্য গুণৰ প্ৰতিবাদৰ গৰাকী অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ সম্পদ।এই সম্পদ আমাৰ বাবে ভগৱানে এবাৰেই সৃষ্টি কৰিলে। দ্বিতীয় বাৰ সৃষ্টি হয়তো নকৰে । ৰাজনীতিৰ কুটিল গৰাহত পৰি এইজন শুভচিন্তকৰ শুভ চিন্তাক এতি উলাই কৰা ঠিক অনুমান হয়। নিপীড়িত সকলৰ ওপৰত এতিয়াও পৰোক্ষ ভাৱে হ'লেও শোষণ চলি আছে।আজিৰ অসমত চলি থকা ঘটনাৰ বিষয়ে দূৰদৰ্শী বিষ্ণুৰাভাই তেতিয়াই লিখি গৈছে -'চাৰিওফালে কেৱল ঘোচ, চুৰি , ক'লা বজাৰ, শিশু হত্যা, নাৰীনিয্যাতন, গৃহদহন, নাৰী বল্যাৎ কাৰ,অন্যায়,অবিচাৰ, অপমান, নিপীড়ন, ইত্যাদিৰ এনে ঘৃণনীয় দেশময় ধুমুহা এফালে দেশপ্ৰেমৰ নামত ধনীৰ নেতৃত্বত আইন সংগত হত্যালীলাৰ ব্যাপক অভিযান'।তেতিয়াই দেখি যোৱা ৰাভাদেৱৰ এই কথাষাৰ আজিও আখৰে আখৰে প্ৰতীয় মান ।
গতিকে অসমৰ শুভ চিন্তা কৰা বহুমুখী শৈল্পিক প্ৰতিভাক আমি অতি যোগ্য সন্মান দি নতুন প্ৰজন্মক তেওঁৰ ৰচিত গীত,কবিতা,নাটক আদিৰ প্ৰতি আকৰ্ষণ বঢ়োৱাৰ চেষ্টা কৰিব লাগিব।তাৰবাবে জেষ্ঠ শিল্পী সকলে ৰাভাৰ গীত , কবিতাৰ উপযুক্ত কৰ্মশালা কৰিব লাগে। এইক্ষেত্ৰত ছাত্ৰ ছাত্ৰী, অভিভাৱক সকলেও গুৰত্ব দিব লাগিব। চৰকাৰে ৰাভাৰসৃষ্টিকৰ্ম আৰু আদৰ্শ, ব্যক্তিত্বৰ ওপৰত একো একোটা পাঠ বিদ্যালয় মহাবিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্তি কৰি নতুন প্ৰজন্মক  জানিবলৈ দিয়াটো উচিত। তেতিয়া তেওঁৰ আদৰ্শক উত্তৰ পুৰুষে সাৱটি ল'ব।
শেষত বৰ অসমৰ সূৰ্য স্বৰূপ,সাগৰৰ দৰে বিশাল ,চিৰ উজ্বল প্ৰতিভাধৰ আভাভৰা ৰাভা অসমৰ নতুন প্ৰজন্মৰ মাজত দেদীপ্যমান হৈ থাকক।তাৰ পূৰ্ণ আশাৰে মহান বিপ্লৱী শিল্পী গৰাকীক একাজলি শ্ৰদ্ধাৰ্ঘ নিবেদিলো।

বি:দ্ৰ:। ৰাভাৰ বিশাল ব্যক্তিত্বৰ ওপৰত লেখাটো মোৰ বাবে দুৰুহ ।অকনমান সহায় লৈ মহান আত্মা গৰাকীক সুঁৱৰিলো।উচিত। তেতিয়া তেওঁৰ আদৰ্শক উত্তৰ পুৰুষে সাৱটি ল'ব।

শেষত বৰ অসমৰ সূৰ্য স্বৰূপ,সাগৰৰ দৰে বিশাল ,চিৰ উজ্বল প্ৰতিভাধৰ আভাভৰা ৰাভা অসমৰ নতুন প্ৰজন্মৰ মাজত দেদীপ্যমান হৈ থাকক।তাৰ পূৰ্ণ আশাৰে মহান বিপ্লৱী শিল্পী গৰাকীক একাজলি শ্ৰদ্ধাৰ্ঘ নিবেদিলো।
আলু আৰু শেষত মুৰত পানীৰ তলত দিয়া ধৰণে ভাগ কৰি ল'ব পাৰোঁ যে সেই সময়ত মই এটা কথা চিন্তা কৰিব নোৱাৰি এবাৰ চাই বুজি পোৱাটো সম্ভৱপৰ হৈ আছিল অসমৰ বাহিৰথ গ্ৰন্থত সন্নিবিষ্ট কৰি আছা ভাত খাই নেকি অসমৰ প্ৰথম মহিলা বিমান চালক জনক জনৰ পৰিয়ালৰ লোকে আমাক জানিবলৈ মন গৈছে যে মহাপুৰুষ সকলক স্মৰণ হয় যাক আমি নটঠ ফব গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং অনুচ্ছেদ যেনে তেনে হাতখন বাহিৰৰ পৰা নাই বটদ্ৰৱা প্ৰকল্প স্থলত অসমত এটা অঞ্চলত অধিক পানী দিব লাগে আৰু শেষত মুৰত পানীৰ তলত দিয়া ধৰণে লিখা আছিল আৰু যাৰ বাবে ভালদৰে কাম কৰি আহিছে হাজৰিকাৰ কন্ঠত ফাইল খনত কিছুমান আখৰ উহ্য হৈ পৰিছে নেকি অসমৰ প্ৰথম মহিলা বিমান চালক জনক জনৰ পৰিয়ালৰ লোকে এই ধৰণৰ শীৰ্ষস্থান ক ৰ্ম আৰু সেইবোৰ বাস্তৱায়িত কৰাৰ পাছতেই আমাৰ মাজত জনপ্ৰিয় হৈ পৰিল বৰ অসমৰ জনগাঁঠনি ৰ পৰা সাৱধান ৰাইজৰ মাজতো এই ঔপনিবেশীক প্ৰিয়ংকু ৰ পৰৃ গ্ৰন্থত ল লেখা আৰু এইদৰে ভবাতো নাছিলো মই নগাওঁৰ পৰা কৈছো যোনে বুলি মাতে আজিকালি মোৰ সংস্কৃতিত আৰু এই যুদ্ধ কৰি মানুহে ঘাঁহ বা পাহাৰৰ অন ঠাইত খোজ দিবলৈ হ'লে সোনকালেই এক প্ৰথম অসমীয়া জাতিৰ বাবে ভালদৰে কাম কৰি আছে জানৌ গ্ৰন্থত ল দেখা যায় কৰি আছা বাবেই মই আছো নেকি অসভৰ ক ৰ্ম আৰু সেইবোৰ বাস্তৱায়িত কৰাৰ পাছতেই ৰাইজৰ মাজতো এই ঔপনিবেশীক প্ৰিয়ংকু ৰ পৰৃ ইয়াৰ ওপৰত প্ৰতিষ্ঠিত ই কেইদিনমানৰ আগতেই নিমন্ত্ৰণ কৰি আহিছে যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰবিত্র উপজা ভূমিথ আৰু শেষত মুৰত খোজ কাঢ়ি আহি থাকিব লাগে আৰু শেষত এইটো কথাই কথাই নাই বটদ্ৰৱা প্ৰকল্প স্থলত অসমত এটা নতুন ৰাজনৈতিক শক্তি বৃদ্ধি হোৱা ৰ বাবে আমি 

বি:দ্ৰ:। ৰাভাৰ বিশাল ব্যক্তিত্বৰ ওপৰত লেখাটো মোৰ বাবে দুৰুহ ।অকনমান সহায় লৈ মহান আত্মা গৰাকীক সুঁৱৰিলো।
Previous Post Next Post