শিক্ষাৰ নামত কেনা ! শিক্ষয়ত্রীৰ লগত পলাই গ'ল ছাত্র।
হাৰিয়ানা পানীপটত নামৰ ঠাইত বিৰল ঘটনা টিউচন বাইদেউ আৰু ১৭ বছৰীয়া ছাত্র সন্ধানহীন।
এইয়া প্ৰেম নে অন্য কিবা!
ছাত্র জনৰ পিতৃৰ ভাষ্য অনুসৰি তেওঁৰ সন্তানৰ বাবে এগৰাকী ঘৰুৱা টিউচনৰ শিক্ষয়ত্রীক শিক্ষা দানৰ দায়িত্ব দিছিল। আৰু সেই অনুপাতে প্ৰায় তিনিমাহ নিতৌ তেওঁৰ সন্তান টিউচনলৈ যাবলৈ আৰম্ভ কৰে কিন্তু আন দিনাৰ দৰে ২৯ মে'ৰ তাৰিখেও তেওঁ টিউচনলৈ গৈছিল কিন্তু মাজ নিশা হোৱাৰ পাছতো সন্তান ঘৰলৈ নাহা দেখি পৰিয়াল চিন্তত হ'ল।
উল্লেখযোগ্য যে শিক্ষয়ত্রী আৰু ছাত্ৰ জনৰ মবাইল ফোন বন্ধ হৈ আছিল।
পিছত ছাত্র জনৰ পৰিয়ালে শিক্ষয়ত্রী গৰাকী ঘৰত খবৰ কৰিবলৈ যোৱাত গম পাই যে শিক্ষয়ত্রী গৰাকীও ঘৰত নাই। ঘটনাটো লাহে লাহে সকলোতে বিয়পিল। সন্তানৰ পিতৃয়ে আৰক্ষী থানাত শিক্ষয়ত্রী গৰাকীয়ে তেওঁৰ সন্তানক অপহৰণ কৰিছে বুলি গোচৰ তৰে।
পিছে যি কি নহওঁক ওচৰ চুবুৰীয়াৰ গাত এতিয়া তত নাই কোনো কৈছে এইয়া প্ৰেমে বা ৰোমাঞ্চ আকৌ কোনোৰ মতে এইয়া অপহৰণ হে!
- নেচনেল ড্ৰেকছ উত্তৰপূৰ্বাঞ্চল ডট্ কম।