শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ অন্যতম হ'ল খেজুৰ ।

বিশেষজ্ঞ সকলৰ মতে যিসকলৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বা ইমিউনিটি পাৱাৰ বেছি থাকে তেওঁলোকক কৰ'ণা ভাইৰাছে তলাব নোৱাৰে।



খেজুৰ কেনেকৈ খাব---

# খেজুৰ ৰাতি পানীত তিয়াই থৈ ৰাতিপুৱা খালি পেটত খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় ।

# গাখীৰৰ লগত খেজুৰ ৫টা ১২ মিনিটমান উতলাই খালে আইৰণৰ অভাৱ সহজে দূৰ হয় ।

# ৰাতিপুৱা দৈনিক ডাঙৰে ৪/৫ টা আৰু শিশুসকলে ১/২ টাকৈ খেজুৰ চোবাই খাব পাৰে ।


তাৰোপৰি খেজুৰ খালে কি কি উপকাৰ হ'ব পাৰে

 জানো আহকচোন -


# খেজুৰে শৰীৰৰ গ্লোকজৰ অভাৱ দূৰ কৰে ।


 # খেজুৰত থকা মেঙ্গানিজ , মেগনেছিয়াম , চেলেনিয়াম আৰু কপাৰে হাড় মজবুত কৰে , অষ্টিঅপৰোচিছ ৰোগ প্ৰতিৰোধ কৰিব পাৰে ।

শুভ ৰাতিপুৱা বন্ধু সকল

        কাজুবাদামত যথেষ্ট পৰিমাণৰ ভিটামিন, খনিজ তথা অন্য পুষ্টিকৰ উপাদান থাকে যেনে ছদিয়াম, পটাছিয়াম, ফছফৰাছ, জিংক, ভিটামিন B6, ভিটামিন K আদি পোৱা যায়৷

১)    কাজুবাদামত থকা প্ৰটিন আৰু ভিটামিনৰ বাবে আমাৰ হজম শক্তি বা হজম প্ৰক্ৰিয়া যথেষ্ট শক্তিশালী কৰি ৰাখে আৰু আমাৰ ভোক নিয়ন্ত্ৰণ কৰি ৰাখে৷ হজম প্ৰক্ৰিয়া সুস্থিৰ হৈ থাকিলে কম ওজনৰ লোকক ওজন বঢ়োৱাত সহায় কৰে ।

     ২) হৃদৰোগ প্ৰতিৰোধ কৰে

আমাৰ শৰীৰত থকা হৃদযন্ত্রক পৰ্যাপ্ত মাত্ৰাত ৰক্ত নাপালে বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে গতিকে কাজু বাদামত থকা উচ্চ মেগনেছিয়াম উপাদানৰ বাবে তেজৰ অতিমাত্ৰা বাঢ়ি অহা কলেষ্টলৰ পৰিমাণ হ্ৰাস তথা নিয়ন্ত্ৰণ কৰে৷

       ৩) শৰীৰৰ ওজন কমোৱাত সহায় কৰে


শৰীৰত বাঢ়ি অহা চৰ্বিক নিয়ন্ত্ৰণ কৰিবলৈ কাজু বাদামে যথেষ্ট সহায় কৰে কিন্তু ওজন কমোৱাৰ ক্ষেত্ৰত ইয়াক কেতিয়া আৰু কিমান পৰিমাণৰ খাব লাগে তাক জনাটো খুবেই প্ৰয়োজন৷

    ৪)সৰু ল’ৰা-ছোৱালীৰ বাবে অতি উপযোগী খাদ্য


৬ ৰ পৰা ১৪ বছৰৰ বয়সৰ শিশুৰ ক্ষেত্ৰত তেওঁলোকৰ ভোক অতি অনিয়মীয়া হয় আৰু খাদ্যৰ পৰিমাণও কমি আহে গতিকে তেনে সময়ত শিশুক পুৱা গাখীৰ ৰ লগত কাজু বাদাম খাবলৈ দিলে ভোক বঢ়াই আৰু শক্তিশালী কৰি ৰাখে৷

   ৫)কাজু বাদামত থকা মেগনেছিয়ামৰ বাবে ই ডাইবেটিছ ৰোগীৰ ৰক্তচাপ আৰু কলেষ্টলক নিয়ন্ত্ৰণ কৰি ৰাখে৷

  ধন্যবাদ


# খেজুৰত থকা ভিটামিন B-6 এ মস্তিষ্কৰ কাৰ্য ক্ষমতা বৃদ্ধি কৰে ।


# খেজুৰে ব্লাড প্ৰেচাৰৰ সমস্যা নিয়ন্ত্ৰণ কৰে ।


# খেজুৰত থকা ভিটামিন B-1 , B-2 , B-3 , B-5 এ এন্টিঅক্সিডেন্ট তৈয়াৰ কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিব পাৰে ।

ৰাতিপুৱাৰ শুভেচ্ছা জনাইছোঁ সকলোকে ---


ৰক্তহীনতা দূৰ কৰাত বনৌষধিৰ ব্যৱহাৰ --


আমাৰ শৰীৰত লৌহ জাতীয় পদাৰ্থৰ অভাৱ হলে ৰক্তহীনতা ৰোগত উৎপত্তি হয় আৰু তেজত হিমগ্লবিনৰ

পৰিমাণ কমি যায় l

   ৰক্তহীনতাত ভোগা লোকৰ বেছিকৈ ভাগৰ লাগে, কাম কৰাৰ এলাহ ভাব বাঢ়ে লগতে শৰীৰ অতি দুৰ্বল হৈ পৰে

ভোক কমি যায়, বুকু ধপধপায়,কেতিয়াবা হাত ভৰি ফুলে, মুৰৰ ঘূৰণী হয়, চকুৰ পতা বগা ৰঙৰ হয় l

ইয়াৰ বাবে এলোপেথিক চিকিৎসা কৰিব পৰা যায় যদিও কিছুমান বনৌষধি বা ফলমূল নিয়মিত খালে সুফল পোৱা যায় l


১/ ৰক্তহীনতাত ভোগা মানুহে নিয়মীয়াকৈ যিকোনো পকা কল খালে উপকাৰ পোৱা যায় কিয়নো কলত যথেষ্ট পৰিমাণে আইৰণ পোৱা যায় লগতে হিমগ্লবিনৰ 

পৰিমাণো বৃদ্ধি পায় l.

২/  কিচমিচ ৰক্তহীনতাত দূৰ কৰাৰ উত্তম মহৌষধ স্বৰূপ lৰাতি চাৰি পাঁচটাকৈ কিচমিচ ধুই একাপ পানীত তিয়াই থৈ ৰাতিপুৱা খালী পেটত খালে উপকাৰ পোৱা যায় লগতে ৰক্তহীনতাত আঁতৰ হয় l

৩/ আপেল আৰু গাজৰৰ ৰস দুচামোচকৈ দুয়ো বিধৰে 

মিহলাই ৰাতিপুৱা খালী পেটত পোন্ধৰ দিন মান খালে 

ৰোগ নিৰাময় হয় l

৪/  গোল নেমুৰ ৰস এচামুচৰ লগত এচামুচ মৌ মিহলাই  নিয়মিত খালে  উপকাৰ পোৱা যায় l

৫/  বিটৰ ৰসত যথেষ্ট পৰিমাণে আইৰণ পোৱা যায় ইয়াক নিয়মিত ভাবে দুমাহমান খালে ৰক্তহীনতা দূৰ কৰাত সহায় কৰে l

৬/ ৰক্তহীনতাত ভোগা লোকৰ বাবে পিয়াজ অতি উপকাৰী নিয়মীয়াকৈ কেঁচা পিঁয়াজ খালে এই ৰোগ নিৰাময় হয় l

ইয়াৰ উপৰিও মেথি শাক, চয়াবিন, পালেং শাক,মৌ,কাঠ

 বাদাম,কলডিল,খেজুৰ,মধুৰিআম,গুৰ,কেৰেলা,চজিনা আদিৰ পৰাও  নিয়মীয়াকৈ খালে ৰক্তহীনতা ৰোগত ভোগা লোকে উপকাৰ পাব পাৰে l আমি খাই থকা বহুতো শাক পাচলি, ফলমূলৰ পৰাও যথেষ্ট পৰিমাণে আইৰণ পাব পাৰো l

সুপ্ৰভাত।

গ্ৰুপৰ সমুহ কাৰ্যকৰ্তা তথা সদস্য বৃন্দলৈ পুৱাৰ সম্ভাসন জনালো।

আজি আপোনালোকৰ সকলোৰে চিনাকি অপৰাজিতা ফুলৰ উপকাৰিতাৰ বিষয়ে দুআসাৰ মান আগ বঢ়ালো।


উপকাৰিতাসমূহ জানক

অপৰাজিতা চাহ সেৱন কৰিলে মানসিক চাপ, আনন্দহীনতাৰ পৰা উপশম পায়। অপৰাজিতা চাহ খালে এন্টিঅক্সিজেন্ট আৰু প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।

 

ৰাতিপুৱাৰ চাহকাপ অথবা সন্ধিয়াৰ চাহ কাপ সকলোৰে প্ৰিয়।

অপৰাজিতা ফুল প্ৰায় সকলো মানুহৰ ঘৰতে আছে।

অপৰাজিতা ফুল দুইবিধৰ আছে, এবিধ বগা আৰু আনবিধ নীলা বৰণীয়া।


বৰ্তমান সময়ত অপৰাজিতা ফুলৰ চাহৰ চাহিদা অধিক।

গ্ৰীণ টীৰ সমান্তৰালকৈ আজিকালি প্ৰত্যেকঘৰতে অপৰাজিতা ফুলৰ চাহ ব্যৱহাৰ কৰা হয়।


অপৰাজিতা ফুলৰ চাহৰ উপকাৰিতা।


অপৰাজিতা চাহ সেৱন কৰিলে স্মৃতিশক্তি বৃদ্ধি, বল ক্ষয় আৰু ব্ৰেইন ট’নিক হিচাপে বহুত উপকাৰী।

অপৰাজিতা চাহ সেৱন কৰিলে মানসিক চাপ, আনন্দহীনতাৰ পৰা উপশম পায়।

অপৰাজিতা চাহ খালে এন্টিঅক্সিজেন্ট আৰু প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।

অপৰাজিতা চাহ সেৱন কৰিলে দৃষ্টিশক্তি বৃদ্ধি, উচ্চ ৰক্তচাপৰ পৰা উপশম পায়।

অপৰাজিতা চাহ সেৱন কৰিলে অনিদ্ৰা, গাৰ বিষৰ পৰা উপশম পায়।

অপৰাজিতা চাহ সেৱন কৰিলে চৰ্দি, কাহ, এজমা, মাত ভঙাৰ পৰা উপশম পায়।

শীতকালত অপৰাজিতা চাহ সেৱন কৰিলে চৰ্দি, জ্বৰ, কাহৰ পৰা উপশম পায়।

সুন্দৰ কন্ঠৰ বাবে অপৰাজিতা চাহ নিতৌ দুবাৰকৈ সেৱন কৰিব লাগে।


অপৰাজিতা চাহ সেৱন কৰিলে চুলিৰ বৃদ্ধি হয়, চুলিৰ উজ্জ্বলতা আৰু চুলি পকা আদি সমস্যাৰ পৰা উপশম পায়।

অপৰাজিতা চাহ সেৱন কৰিলে ছালৰ উজ্জ্বলতা বৃদ্ধি হয় আৰু ক’লা দাগৰ পৰা উপশম পায়।

অপৰাজিতা চাহ সেৱন কৰিলে উচ্চ ৰক্তচাপ, হৃদৰোগ, মধুমেহৰ পৰা উপশম পায়।

অপৰাজিতা চাহ সেৱন কৰিলে শ্বেতপ্ৰদাৰ, ৰক্তপ্ৰদাৰৰ পৰা উপশম পায়।

কিডনি আমাৰ শৰীৰৰ অতি গুৰুত্ব পূৰ্ণ অংগ । কিডনিয়ে শৰীৰৰ অতিৰিক্ত পানী আৰু ক্ষতিকাৰক বৰ্জনীয় পদাৰ্থ প্ৰস্ৰাৱৰ মাধ্যমেৰে বাহিৰ কৰে ।

    কিডনি সমস্যাৰ প্ৰধান কাৰণ হৈছে  , শৰীৰত জমা হোৱা দূৰ্ষিত আৰ্বজনা । এণ্টি-অক্সিডেণ্টে এই দূৰ্ষিত আৰ্বজনা বাহিৰ কৰাত সহায় কৰে । 

   যিবোৰ খাদ্যত এণ্টি-অক্সিডেণ্ট , যেনে- ফ্লাভনয়েড আৰু লাইকোপেন  , বিটাকেৰোটিন , ভিটামিন-চি থাকে তেনেবোৰ খাদ্যই কিডনি ভালে ৰখাত সহায় কৰে ।

# জাম জাতীয় ফলত ভিটামিন-চি , মেগনেছিয়াম , ফাইবাৰ  আৰু ফলিক এচিড পোৱা যায়  । যেনে- জাম , ষ্ট্ৰবেৰী আদি কিডনিৰ বাবে অতি উপকাৰী । যি মূত্ৰাশয়ৰ কাম সূচাৰু ভাৱে কৰিবলৈ সহায় কৰে ।

# এণ্টি-অক্সিডেণ্টেৰে ভৰপুৰ নহৰুৰ ব্যৱহাৰে  কিডনি সমস্যাৰ সম্ভাৱনা কম কৰে । 

# কিডনিৰ সুৰক্ষাৰ বাবে অলিভ অইল অতি উপকাৰী । এই তেল এণ্টি-অক্সিডেণ্ট আৰু এণ্টি-ইনফ্লামেটৰি ফেটি এচিডৰ উৎকৃষ্ট উৎস । সেয়ে এই তেলে কিডনি ভালে ৰখাত সহায় কৰে ।

# কণীৰ বগা অংশ হৈছে বিশুদ্ধ প্ৰটিন , যি কিডনিৰ কাৰণে খুবেই প্ৰয়োজনীয় । কিডনিৰ সমস্যা থকা ৰোগীক চিকিৎসকে কণীৰ বগা অংশ খাবলৈ পৰামৰ্শ দিয়ে ।

# কেঁচা গাজৰত  উচ্চ মাত্ৰাত ভিটামিন-চি , পটাছিয়াম থাকে । সেয়ে কিডনি ৰোগী সকলে প্ৰচুৰ পৰিমানে গাজৰ খাব লাগে ।

# বন্ধা কবিয়ে প্ৰাকৃতিক ঔষধ হিচাপে কিডনিৰ কাৰ্যক্ষমতা  বঢ়ায় আৰু পুষ্টি যোগান ধৰে ।

# নিয়মিত আপেল খোৱাৰ অভ্যাস কৰিলে কিডনিৰ স্বাভাৱিক কাৰ্যক্ষমতা বজায় ৰখাত সহায় কৰে । 

# দুপৰ টেঙাৰ পাতৰ ৰসে কিডনি সুৰক্ষিত কৰাত সহায় কৰে ।

# কিচমিচে কিডনি পৰিষ্কাৰ তথা সংক্ৰমণ প্ৰতিৰোধ কৰাত সহায় কৰে ।

# ভিটামিন-চি যুক্ত ফলমূল-আঙুৰ , আমলখি , ডালিম , নেমুটেঙা , কমলা , মধুৰীআম , অমিতা , চেৰি , কল  আদি কিডনিৰ বাবে অতি উপকাৰী ।

# সতেজ শাক-পাচলিতো ভিটামিন-চি পোৱা যায় ।  বেঙেনা , কেপছিকাম , মূলা , তিঁয়হ আদি কিডনিৰ বাবে অতি উপযোগী পাচলি ।

    ধন্যবাদেৰে সকলোকে পুৱাৰ শুভ কামনা জনালোঁ তেজপুৰ।


Previous Post Next Post