বন্ধ হব Jio sim ! ভাৰতৰ সকলোতে চৰ্চা এতিয়া মুকেশ আম্বানিৰ কথা ।

Jio ambani

  • বন্ধ হব পাৰে জিঅ Jio Sim ! মুকেশ আম্বানি লণ্ডন গমন। 


সম্পাদকীয় সংবাদ: বৰ্তমান সময় ভাৰতৰ প্ৰায়বোৰ স্মাৰ্ট ফোন ব্যৱহাৰকাৰী হাতে হাতে  ভাৰতৰ সৰ্ববৃহত্ মবাইল ফোন নেটৱৰ্কিং চাৰ্ভিচ ৰিলায়েঞ্চ জি'অ ৰ চিম্ কৰ্ড সেৱা গ্ৰহণ কৰি আহিছে। আধুনিকতাৰ কম্পিউটাৰ জগতখনত জিঅ চিম কৰ্ড সেৱাই  যথেষ্ট অনবদ্য অৱদান আগবঢ়াই  আহিছে।

এক কথাত ভাৰতত জি'অ ইন্টাৰনেট সেৱা উপলদ্ধ হোৱাৰ আগৰ সময় খিনিত গ্ৰাহকে ইন্টাৰনেট সেৱাৰ বাবে অত্যধিক ধন পৰিশোধ কৰিব লাগিয়া হৈছিল যদিও গ্ৰাহকে লাভ কৰিব লগীয়া হৈছিল অতি নিম্নগামী ইন্টাৰনেট সেৱা।  যেতিয়াৰে পৰা ভাৰতত জি'অ আহে তেতিয়াৰে পৰা ভাৰতৰ  ইন্টাৰনেট জগত খনত নতুন মাত্রা প্ৰদান কৰে । 

কম ধনত অত্যধিক ইন্টাৰনেটত সেৱা উপলদ্ধ হোৱাত প্ৰায় সংখ্যক গ্ৰাহকে জি'অ সেৱাক আদৰি লয়। অনলাইন শিক্ষাৰ পৰা চৰকাৰী কাম কাজ, সামাজিক মাধ্যম আদিৰ ক্ষেত্ৰখনত জি'অ ইন্টাৰনেট সেৱা বৰ্তমানলৈ ব্যৱহাৰ হৈ আহিছে। কিন্ত এই খিনিতে আহিছে এটা বেয়া খবৰ । যিটো খবৰ এতিয়া সকলোতে চৰ্চিত হৈছে। সেয়া হৈছে জি'অ ইন্টাৰনেট সেৱা ভাৰতত বন্ধ হব নেকি ? 


উল্লেখযোগ্য যে কিছু দিন পূৰ্বে ভাৰতৰ সৰ্ববৃহত্ ধনী ব্যক্তি জি'অ ৰ স্বত্বাধিকাৰী মুকেশ আম্বানিয়ে ভাৰত এৰি লণ্ডনত ঘৰ সংসাৰ কৰাৰ খবৰে সাধাৰণ ৰাইজৰ মনলৈ প্ৰশ্ন আহিছে যে যদি মালিকেই ভাৰত এৰি যায় তেন্তে জি'অ সেৱাও হয়টো ভাৰতত বন্ধ হৈ পৰিব। উল্লেখযোগ্য যে সামাজিক মাধ্যম লগতে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ অনুসৰি জি'অ কৰ্তিপক্ষয়ে এই ক্ষেত্ৰত কোনো মন্তব্য গ্ৰহকলৈ আগবঢ়োৱা নাই।
Previous Post Next Post