অনলাইনত খাদ্য অৰ্ডাৰ কৰি খাদ্য নোপোৱাত খঙতে প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰীলৈ চিঠি

অনলাইনত খাদ্য অৰ্ডাৰ কৰি খাদ্য নোপোৱাত খঙতে প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰীলৈ এই ধৰণে যুৱকে  লিখিলে এখন চিঠি।

বহুতে হয়তো অনলাইন মাধ্যমেৰে খাদ্য অৰ্ডাৰ কৰি খাদ্য সময় মতে নোপোৱা বা একেবাৰে নোপোৱা তিক্ত অভিজ্ঞতা অৰ্জন কৰিছে। তেনে ঘটনা এটা এছন বঙালী অভিনেতা প্ৰসেনজিৎ চট্টোপাধ্যায় নামৰ লোকজন ক্ষেত্ৰত ঘটিলে । 


কলিকতাত বাস কৰা বঙালী অভিনেতা প্ৰসেনজিৎ চট্টোপাধ্যায়ে ৬ নবেম্বৰ তাৰিখে অনলাই মাধ্যমত খোৱা খাদ্য অৰ্ডাৰ দিছিল কিন্তু খাদ্য তেওঁৰ ওচৰত নোপোৱাকৈ তেওঁৰ ফোনত বাৰ্তা আহিল যে তেওঁৰ খাদ্য সফলতাৰে ডেলিভাৰি হৈছে।  এই ক্ষেত্ৰত বঙালী যুৱকজন উপায়ন্তৰ হৈ তেওঁ গৃহ ৰাজ্যৰ মুখ্যমন্ত্ৰী  মমতা বেনাৰ্জীক আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মুদীক সম্বোধন কৰি প্ৰসেনজিতে এখন চিঠিৰ মাধ্যমেৰে ফোড্ ডেলীভাৰী কোম্পানীটোৱে তেওঁৰ লগত কৰা তিক্ত অনুভৱ খিনি জনাবলৈ বিচাৰিলে। 

কলিকতাত বাস কৰা বঙালী অভিনেতা প্ৰসেনজিৎ চট্টোপাধ্যায়ে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীলৈ  লিখা বিষয়ে চিঠি খনত উল্লেখ কৰে যে 



"মই এই গুৰুত্বপূৰ্ণ ফোড্ ডেলিভাৰী বিষয়টোৰ প্ৰতি আপোনাসৱৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰোঁ, কিয়টো এই কাণ্ড ভাৰতৰ যিকোনো ব্যক্তিৰ ক্ষেত্ৰত হ'ব পাৰে। সেয়ে কোনো ব্যক্তিয়ে যদি ঘৰত আলহীৰ বাবে আহাৰ অৰ্ডাৰ কৰে আৰু ই যদি এই দৰে নাহে তেন্তে কি হ'ব? যদি কোনো ব্যক্তিয়ে ভোকত  ৰাতিৰ আহাৰৰ বাবে এই অনলাইন মাধ্যমেৰে  খাদ্য অৰ্ডাৰ কৰে তেন্তে সাধাৰণ মানুহৰ কি হ'ব? তেওঁলোকে খাদ্যৰ অপেক্ষা কৰি ভোকত থাকিব লাগিব নেকি? সেই গতিকে এই গুৰুত্ব পূৰ্ণ  বিষয়টো আপোনালোকে  আলোচনা কৰা দৰকাৰ।''


Previous Post Next Post