প্ৰাক্তন মিছ ইউক্ৰেইনে ৰাছিয়াৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলি ধৰিলে।

Ukraine Russia

ইউক্ৰেন দেশৰ এগৰাকী সুন্দৰী প্ৰাক্তন মিছ ইউক্ৰেইন, আনাস্তাছিয়া লেন্নাই নিজৰ দেশক ৰাছিয়াৰ সৈন্যৰঞ আক্ৰমণৰ বিৰুদ্ধে যুঁজ দিবলৈ অস্ত্ৰ গ্ৰহণ কৰিছে আৰু ইউক্ৰেইনৰ সামৰিক বাহিনীত যোগদান কৰিছে বুলি নিউয়ৰ্ক পোষ্টে এই খবৰ প্ৰকাশ কৰিছে।

আনাস্তাছিয়া লেন্নাই ২০১৫ চনত অনুষ্ঠিত হোৱা  মিছ গ্ৰেণ্ড ইণ্টাৰনেচনেল সৌন্দৰ্য প্ৰতিযোগিতাত ইউক্ৰেইনক প্ৰতিনিধিত্ব কৰিছিল। ইউক্ৰেনৰ প্ৰাক্তন বিউটি কুইনগৰাকীয়ে চলিত ৰাছিয়া আৰু ইউক্ৰেইন সংঘৰ্ষৰ মাজতই ইনষ্টাগ্ৰামত সেনাৰ সামৰিক পোছাক পিন্ধি আধুনিক ৰাইফলৰ সৈতে নিজৰ এখন ফটো শ্বেয়াৰ কৰিছিল।

খবৰ অনুসৰি তেওঁ শনিবাৰে এটা ইনষ্টাগ্ৰাম কাহিনীও শ্বেয়াৰ কৰিছিল, য'ত লিখা আছিল, "আক্ৰমণকৰাৰ উদ্দেশ্যৰে ইউক্ৰেইনৰ সীমা অতিক্ৰম কৰা সকলোকে হত্যা কৰা হ'ব!"

আন্তৰাষ্ট্ৰীয় বাতৰি অনুসৰি, সুন্দৰী লেন্নাই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ সমৰ্থনত এটা বাৰ্তা পোষ্ট কৰিছিল আৰু তেওঁক এজন "প্ৰকৃত আৰু শক্তিশালী নেতা" বুলি অভিহিত কৰিছিল।

প্ৰাক্তন মিছ ইউক্ৰেইন লেন্নাই তেওঁৰ এটা শিৰোনামত, তাই লোকসকলক ৰাছিয়াৰ আক্ৰমণকাৰীসকলৰ বিৰুদ্ধে আক্রমনাত্মক  হৈ একেলগে থিয় হ'বলৈ আহ্বান জনাইছে।

Previous Post Next Post