নামঘৰ আৰু অসমীয়া সমাজ। পুলিন কলিতা

 অসমত হিন্দু ধর্মাবলম্বীসকলৰ মাজত একশৰণপন্থী বৈষ্ণৱৰ উপৰি আছে যথেষ্ট সংখ্যক শাক্ত আৰু শৈৱ। শংকৰদেৱৰ মতানুসৰণ নকৰা, অর্থাৎ অন্য পন্থৰো বৈষ্ণৱ অসমত আছে। অসমত অৱশ্যে শৈৱসকল সুস্পষ্ট নহয়। শংকৰদেৱৰ সময়তো অসমৰ ভালেসংখ্যক ইছলামধর্মী লোক আছিল। পিছে দেখা যায় ইছলামধর্মী আৰু শাক্তসকলৰ সাংস্কৃতিক আচৰণৰ আধাৰ ভূমি শংকৰদেৱসৃষ্ট বৈষ্ণৱ আচৰণহে। শংকৰাচাৰ্যৰ পথেৰেই অদ্বৈতবাদী দৰ্শনৰ আধাৰত শংকৰদেৱে তেখেতৰ ধর্মমতটো গঢ় দিছিল; পিছে শংকৰাচাৰ্যৰ কঠোৰতা শংকৰদেৱৰ নাছিল। কাৰণ শংকৰদেৱৰ সময়ৰ অসমৰ সামাজিক আৰু সাংস্কৃতিক প্রয়োজন আছিল বেলেগ—উত্তৰ বা দক্ষিণ ভাৰতৰ সৈতে নিমিলা। এনে পার্থক্যই শংকৰদেৱৰ ধৰ্মমতটোকো পৃথকতা প্ৰদান কৰিছিল। নামঘৰ বিষয়ক আলোচনাত মনলৈ আনিবলগীয়া প্ৰথমটো কথা হ'ল—ই এটা ধর্মপন্থৰ উপাসনাস্থলী। চৰিত পুথিয়ে আমাক কয় যে শংকৰ ভূঞা'ই শিৰোমণি বিষয় লোৱাৰ কিছুকালৰ পাছতেই ‘হৰিকথা’ চৰ্চা কৰিবলৈ এটা ‘হৰিগৃহ' সজাই লৈছিল— ‘গ্ৰামৰ দূৰ’, ‘গণকজানৰ পাৰে’, ‘কুসুম্বৰৰ সহিতলী’ত হৰিকথা চৰ্চা অর্থাৎ হৰি উপাসনা—সেয়ে হৰিগৃহৰ প্ৰথম চৰ্ত বা প্রথম বৈশিষ্ট্য। তেতিয়াৰ ‘হৰিগৃহ’ৰ আজিৰ জনপ্রিয় পৰিচয় ‘নামঘৰ’; যদিও হৰিমন্দিৰ বা কীৰ্তনঘৰ শব্দবিশেষো এই স্থানক বুজাবলৈ ব্যৱহাৰ কৰা হয়। নামঘৰৰ বিষয়ে ক’বলৈ গৈ আমি সাধাৰণতে অত্যুৎসাহী হৈ পৰোঁ, ফলত ইয়াৰ এই চৰ্তটো বা এই বৈশিষ্ট্যটো হয় উলাই কৰোঁ, নহ’লেবা পাহৰি থাকোঁ। আমাৰ বিবেচনাত এই চৰ্ত বা বৈশিষ্ট্যটো মনত ৰাখিহে নামঘৰৰ অন্যান্য দিশবোৰৰ চৰ্চা কৰা যুগুত।


ষোড়শ শতাব্দীৰ আৰম্ভণিতে শংকৰ ‘ভূঞা’ৰ (অর্থাৎ পৰৱৰ্তী কালৰ শংকৰদেৱৰ উদ্যোগত নামঘৰ (তেতিয়াৰ ‘হৰিগৃহ) প্রতিষ্ঠা হৈছিল। স্বাভাৱিক কাৰণতে এটা ‘প্রতিষ্ঠান’ হৈ উঠিবলৈ ইয়াক প্রায় আধা শতিকামানৰ প্ৰয়োজন হৈছিল। শংকৰদেৱে বৰদোৱা/আলিপুখুৰীকেন্দ্ৰিক ‘ভূঞাৰাজ্য’ এৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ নোহোৱা হ'লে তেখেতৰ ধর্মমত আৰু ইয়াৰ উপাসনাকেন্দ্র ‘নামঘৰ'ৰ ৰূপ কি হ'লহেঁতেন, সেয়া অনুমানো কৰা নাযায়। পিছে পৰিস্থিতিৰ পাকত পৰি তেখেতে বৰদোৱা এৰিবলগীয়া হ'ল–সাজি লোৱা ঘৰ-দুৱাৰৰ উপৰি পৰি ৰ'ল নামঘৰো। কেবল বৰদোৱাই নহয়, থিতাপি লগাৰ মানসেৰেই গঢ়ি লোৱা মাজালীৰ ধুৱাহাটাও এদিন তেখেতে এৰি থৈ


যাবলগীয়া হ'ল। অৱশেষত তেখেতে থিতাপি ল’লে বৰপেটা/পাটবাউসীত। দৰাচলতে পাটবাউসীৰ পৰাই নামঘৰে ইয়াৰ জয়যাত্রা আৰম্ভ কৰিছিল। নামঘৰৰ বিকাশ লাভ কৰি উদ্ভৱ হৈছিল সত্ৰৰ; অৱশ্যে এনে হ'বৰ বাবে বৈষ্ণৱ ধর্মমতে মহাপুৰুষ মাধৱদেৱলৈ বাট চাবলগীয়া হৈছিল, যদিও মাধৱদেৱে 'সত্র' পতাৰ আগতেই মহাপুৰুষ দামোদৰদেৱে  'সত্র' পাতি ধর্মমত বিস্তাৰৰ কামত নিজকে নিয়োজিত কৰিছিল। ধৰ্মীয় ভূমিকাটো পাৰ হৈ গ'লে (মন কৰিব, আমি ‘পাৰ হৈ গ'লে' বুলি কৈছো, ‘পাহৰি গ'লে’ বুলি কোৱা নাই) নামঘৰৰ যিটো বা যিবোৰ ভূমিকা পোৱা যায়, সেইটো


বা সেইবোৰেই ইয়াক আন সকলো ধর্মীয় উপাসনাথলীৰ পৰা পৃথক কৰি, অনন্য কৰি তুলিছে। সেইটো হ'ল ইয়াৰ সাংস্কৃতিক ভূমিকা। ইয়াত সাংস্কৃতিক পৰিশব্দৰে কেৱল পৰিৱেশ্য কলাক বুজোৱা হোৱা নাই, ইয়াৰ দ্বাৰা মানৱ-বিকাশৰ সামগ্রিক পৰিক্ষেত্ৰখনৰ কথা ক'ব খোজা হৈছে। মার্ক স্মিথে প্ৰদান কৰা সংজ্ঞাটো আমি সংস্কৃতিৰ বাবে গ্ৰহণ কৰিবলৈ ভাল পাওঁ। স্মিথে কৈছিল—“The whole of sociology and anthropology, a great deal of politics, geography, social policy. social scientific methodology, some of economics as well as a sizeable part of history" হ'ল সংস্কৃতি।


দেখা যায় ধৰ্মাৱলম্বীসকলৰ মাজত অসমত হিন্দু একশৰণপন্থী বৈষ্ণৱৰ উপৰি আছে যথেষ্ট সংখ্যক শাক্ত আৰু শৈৱ। শংকৰদেৱৰ মতানুসৰণ নকৰা, অর্থাৎ অন্য পন্থৰো বৈষ্ণৱ অসমত আছে। 'অসমত অৱশ্যে শৈৱসকল সুস্পষ্ট নহয়। শংকৰদেৱৰ সময়তো অসমৰ ভালেসংখ্যক ইছলামধর্মী লোক আছিল। পিছে দেখা যায় ইছলামধর্মী আৰু শাক্তসকলৰ সাংস্কৃতিক আচৰণৰ আধাৰ ভূমি শংকৰদেৱসৃষ্ট বৈষ্ণৱ আচৰণহে। শংকৰাচাৰ্যৰ পথেৰেই অদ্বৈতবাদী দৰ্শনৰ আধাৰত শংকৰদেৱে তেখেতৰ ধর্মমতটো গঢ় দিছিল; পিছে শংকৰাচাৰ্যৰ কঠোৰতা শংকৰদেৱৰ নাছিল। কাৰণ শংকৰদেৱৰ সময়ৰ অসমৰ সামাজিক আৰু সাংস্কৃতিক প্রয়োজন আছিল বেলেগ—উত্তৰ বা দক্ষিণ ভাৰতৰ সৈতে নিমিলা। এনে পার্থক্যই শংকৰদেৱৰ ধর্মমতটোকো পৃথকতা প্ৰদান কৰিছিল। শংকৰদেৱৰ ধৰ্মসংস্কাৰ কাৰ্য যদিও সৰ্বভাৰতীয় নৱবৈষ্ণৱ আন্দোলনৰে অংশ আছিল, তেখেতে কিছু পৃথক চর্ত বা বৈশিষ্ট্য নিজৰ ধৰ্মমতটোত সংযোগ কৰিছিল। সেই পৃথকতাকে লৈ এখন বিশেষ সমাজ গঠন হৈছিল। সেই সমাজখনকে আধুনিক কালত ‘অসমীয়া সমাজ' বোলা হৈছে। ‘অসমীয়া সমাজ’ থকা ভূখণ্ডৰে নাম 'অসম'।

অসম’ এটা অর্বাচীন ধাৰণা

আলোচনাটোত বাৰম্বাৰ আহি থকা দুটি শব্দ বা অভিধা অথবা সংজ্ঞা সন্দৰ্ভত আগতীয়াকৈ কৈ লোৱাটো যুগুত হ'ব।

সুপ্রাচীন কালত কামৰূপ নামে অভিহিত এই ভূখণ্ডৰ 'অসম' নামটো মহাসময়ৰ হিচাপত তেনেই নতুন বা অর্বাচীন। ইতিহাসৰ বুকুত এইটো ভূখণ্ড বুজাবলৈ ব্যৱহাৰ কৰা 'অসম' অভিধাটোক জনপ্রিয় কৰিলে ব্ৰিটিছসকলেহে। মানৰ আক্ৰমণ প্ৰতিৰোধৰ অজুহাতত 'আহোম ৰাজ্য' সোমোৱা ব্রিটিছসকলেহে তৎকালীন 'গোৱালপাৰা জিলা' অঞ্চলক বাদ দি বাকী অংশক বুজাবলৈ অসম (ইংৰাজীত ASAM আৰু ASSAM) অভিধাটো ব্যৱহাৰ কৰিছিল। মহাপুৰুষ শংকৰদেৱৰ ৰচনাত 'অসম' শব্দটো পোৱা যায়, পিছে এই শব্দটোৱে তেতিয়াৰ ৰাজ্যখনক নহয়, ৰাজ্যখনৰ অৰ্ধাংশমান শাসন কৰি থকা আহোমকহে বুজাইছিল। 'আহোম’ শব্দটোৰ সংস্কৃত ৰূপ হিচাপে মহাপুৰুষে ‘অসম শব্দটো প্ৰয়োগ কৰিছিল যেন লাগে।

ব্রিটিছসকলে ‘অসম” (ASAM, ASSAM) শব্দটো ক'ৰ পৰা লৈছিল? সম্ভবতঃ ফাৰ্চী ভাষাৰ পৰা। ১৬৫০ চন মানত ৰচিত চিহাবুদ্দিন তালিচৰ সুবিখ্যাত গ্রন্থ তাৰিখ-ই-আছামত (মতান্তৰে ফাটিয়া-ই ইব্রিয়া) তেতিয়াৰ আহোম ৰাজ্যক বুজাবলৈ যিটো শব্দ ব্যৱহাৰ কৰা হৈছিল তাৰ ইংৰাজী ৰূপান্তৰ হয় ASHAMI এই ASHAM উচ্চাৰণ ‘আছাম'। ব্ৰিটিছসকলে ধ্বনিগত দিশটোক প্রাধান্য দি ভূখণ্ডটোৰ নাম থ'লে আছাম; প্রথমে ASAM, পাছলৈ ASSAM আধুনিক যুগত 'আছাম’ব বাসিন্দাসকলক বুজাবলৈ ব্ৰিটিছসকলে সৃষ্টি কৰিলে Assamese শব্দটো, এই আছামৰ বাসিন্দাসকলৰ বেছি আৰু প্রভাবশালী অংশই কোৱা ভাষাটোৰ নামো ইয়াৰ ব্যাকৰণ লিখিবৰ সময়ত ব্ৰিটিছে থ'লে Assamese ‘অসমীয়া'—জাতিটোও, ভাষাটোও।

শংকৰদেৱৰ দিনত 'অসম'ত অসম নাছিল; 'কামৰূপ'ৰ গৌৰৱগাথাও পোত খাই গৈছিল সময়ৰ অন্ধকাৰত। অৱশেষ আছিল এটা ধাৰণা : সেইবাবে বৰপেটা সত্ৰক 'তিনি ৰাজ্যৰ বন্দনী থান' বোলোঁতে আহোম আৰু কোচ ৰাজ্যৰ মাজত 'কামৰূপ' নামটোও সোমাই আছিল। তেতিয়াৰ এই 'কামৰূপ আছিল যথাক্রমে আহোম আৰু কোচৰাজ্যৰ সীমাৰ বাহিৰত কিন্তু মধ্যস্থানত থকা, স্থানীয় ভূঞাসকলৰ পৰিচালনাৰ এখন আজিকালিৰ ভাষাত 'স্বায়ত্ত শাসন' প্রাপ্ত অঞ্চল। পূরে কলং আৰু পশ্চিমে মানাহ-বেকী-চাউলখোৱা নদীতন্ত্ৰৰ মাজৰ সুবৃহৎ অঞ্চলটোক ব্রিটিছে আহি নাম দিছিল কামৰূপ জিলা (districts of Kamroop)। এই অঞ্চলটোৱে ব্ৰিটিছ অহাৰ আগে আগে 'কোচ হাজো' নাম লৈছিল।

শংকৰদেৱে এখন বিশাল ‘অসম' পাইছিল। সেইখন ‘ভাষিক অসম'। কাৰণ নামটো নাথাকিলেও শংকৰদেৱৰ বহু পূৰ্বৰ পৰাই এই ভূখণ্ডত ‘অসমীয়া ভাষাটো আছিল। সেই ভাষাটো 'কামৰূপ ৰাজ্য'ৰ, কামৰূপীয়া মানুহৰ মাতৃ, কথা আৰু ব্যৱহাৰিক ভাষা আছিল। আমি আজি কল্পনাও কৰিব নোৱৰাকৈ বিশাল আছিল সেই ‘কামৰূপ ৰাজ্য'।

ভাষিক সমৰূপতা আহিল মহাপুৰুষ শংকৰদেৱে (আৰু তেখেতৰ ঘাই শিষ্য মাধৱদেৱে) বিপুল পৰিমাণৰ সাহিত্য সৃষ্টি কৰি থৈ গৈছে। মাত্র দুখন সংস্কৃত গ্রন্থ বাদ দি দুয়োজনাৰে সকলো গ্রন্থ অসমীয়া ভাষাৰ। মহাপুৰুষ দুজনাই লিখিবলৈ লোৱাৰ আগতেই এই ভূখণ্ডত 'অসমীয়া ভাষা' আছিল; সেই ভাষাত মাধৱ কন্দলিয়ে ৰামায়ণ আৰু তাৰো আগতে, শংকৰদেৱৰ উপৰিপুৰুষ চণ্ডীবৰৰ কমতা আগমনৰ সময়ৰ কবি হৰিবৰ বিপ্ৰ আৰু হেম সৰস্বতীয়ে কমতেশ্বৰ দুর্লভ নাৰায়ণৰ ৰাজসভাত থাকি কাব্য ৰচনা কৰিছিল। কিন্তু শংকৰদেৱৰ পূর্ব অসমীয়া কবিসকল আছিল ‘সভাকবি’, ৰাজ পৃষ্ঠপোষকতাত, ৰাজগৃহত, ৰাজ পৰিচৰ্যাত থাকি ৰাজসন্তুষ্টির উদ্দেশ্যে তেখেতসকলে কাব্য ৰচনা কৰিছিল। প্রাচীন কালৰ পৰা মধ্যযুগলৈকে, বৌদ্ধ সাহিত্য বাদ দি, এইটোৱেই আছিল ভাৰতবৰ্ষৰ (আৰু সেইবাবে কামৰূপ/কমতাৰো) সাহিত্য চৰ্চাৰ প্রচলিত ৰীতি। শংকৰদেৱে সাহিত্য রচনা কৰিছিল ধৰ্ম প্ৰচাৰৰ তাগিদাত তেখেতৰ পৃষ্ঠপোষক আছিল ভকতসকল অর্থাৎ বহল জনসমাজখন, কোনো ৰজা নহয়।


শংকৰদেৱে নিজৰ জীৱনকালত অন্ততঃ চাৰিটা নামঘৰ ভালকৈ সজাই লৈছিল বুলি চৰিত পৃথিবোৰৰ উল্লেখৰ পৰা আমি জানিব পাৰোঁ। সেই চাৰিটা হ'ল ক্ৰমে বৰদোৱা, গাংমৌধান, ধুৱাহাটা আৰু পাটবাউসী। শেষ বয়সত কাকতকূটা আৰু মধুপুৰতো দুটা নামঘৰ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত স্থাপন হৈছিল। নামঘৰকেইটা আছিল তেখেতৰ ৰচনাৰাজিৰ পাঠ আৰু চৰ্চাৰ কেন্দ্র। তেখেতৰ প্রয়াণৰ পাছত, মহাপুৰুষ মাধৱদেৱৰ পৃষ্ঠপোষকতাত ধর্মাচার্য নিয়োগৰ ব্যৱস্থা আৰম্ভ হয়। মাধবদেব, শংকৰদেৱৰ নাতি পুৰুষোত্তম ঠাকুৰ, নাতি-বোৱাৰী আই কনকলতা, মাধৱদেৱৰ ভাগিনীয়েক ৰামচৰণ ঠাকুৰ—এই প্ৰতিগৰাকীয়েই ১২জনকৈ ধর্মাচার্য নিয়োগ কৰি শংকৰদেৱৰ ধৰ্মমতটোৰ প্ৰচাৰ কাৰ্য তীব্ৰ আৰু ব্যাপক কৰি তুলিছিল। এনেদৰেই কোচ-কামৰূপ-আহোম ৰাজ্যত ৪৮টা নামঘৰ (বা ৪৮খন আদি সত্ৰ) স্থাপন হৈছিল। ইয়াৰ লগত আছিল পাটবাউসী, বৰপেটা, সুন্দৰীদিয়া আৰু গণককুছিৰ নামঘৰ (বা আদি সত্ৰকেইখন)। নাৰায়ণ দাস ঠাকুৰ আতা নিযুক্ত ধর্মাচার্য নাছিল; কিন্তু তেখেত আছিল শংকৰদেৱৰ ধৰ্মমতটোৰ প্ৰকৃত প্ৰচাৰক আৰু গণসংগঠক। তেখেতে জনিয়াকে আদি কৰি কেইবাটাও নামঘৰ (আদি সত্র) স্থাপন কৰিছিল। এনেদৰে শংকৰদেৱৰ মৃত্যুৰ আধা শতিকামানৰ ভিতৰতে নামঘৰ ব্যৱস্থাটো এটা সংহত ব্যৱস্থাত পৰিণত হৈছিল। কোচ আৰু কামৰূপত প্ৰথমে আৰু প্ৰথমৰ জড়তা আৰু ৰাজকীয় বাধানিষেধ আঁতৰাৰ পাছত আহোম ৰাজ্যত নামঘৰ প্রতিষ্ঠাই আন্দোলনৰ ৰূপ লয়। এই নামঘৰে একশৰণ নামধৰ্মৰ প্ৰচাৰতো কৰিলেই; লগতে এইবোৰত হোৱা চৰ্চাৰ জৰিয়তে শংকৰদেৱৰ (আৰু মাধৱদেৱৰো) ৰচনাৰ প্ৰচাৰ হ'বলৈ ধৰিলে।

আগতেই কৈ আহিছোঁ যে শংকৰদেৱৰ আগতেও এই ভূখণ্ডত অসমীয়া ভাষা অসমীয়া সাহিত্য আছিল; মাথোঁ সেইবোৰৰ চৰ্চা আৰু পাঠ সার্বজনীন নাছিল, সর্বসাধাৰণে এইবোৰ ঢুকি পোৱা অৱস্থাত নাছিল। নামঘৰত হোৱা শাস্ত্ৰ চৰ্চাৰ জৰিয়তে অসমীয়া সাহিত্যৰে চৰ্চা হ'বলৈ ধৰিলে। তিনিওখন ৰাজ্যত এইদৰেই শংকৰদেৱৰ ৰচনাই এটা ভাষিক সমৰূপতা আনিলে আৰু অসমীয়া নামৰ ভাষিক জাতি এটাৰ জন্ম প্ৰক্ৰিয়াটো আৰম্ভ হ'ল।

অসমীয়া কথ্যভাষাৰ আঞ্চলিক ভিন্নতা আজিও আছে। এয়া ভাষা একোটাৰ বৈশিষ্ট্যও। সেই ভিন্নতা ক্রমাৎ হ্রাস পাই আহিছে। যোৱা আধা শতিকাৰ এনে ভিন্নতাৰ মাত্রালৈ চালেই অনুমান কৰিব পৰা যাব ষোড়শ বা সপ্তদশ শতিকাত এই ভাষাটোৰ কিমান আঞ্চলিক ভিন্নতা আছিল। নামঘৰত শংকৰদেৱ আৰু মাধৱদেৱৰ সাহিত্যৰ পাঠ আৰু চৰ্চাই এই ভিন্নতাৰ ওপৰত সামন্তীয় সমৰূপতা আনি দিছিল। অসমীয়া জাতিটোৰ বীজটোৰো অংকুৰোদগম এনেকৈয়ে হৈছিল। শংকৰদেৱ এই অর্থতে অসমীয়া জাতিৰ জনক।

শংকৰদেৱৰে শিষ আছিল মহাপুৰুষ দামোদৰদেৱো। তেখেতে নিজে কিবা সাহিত্য ৰচনাৰ প্ৰমাণ পোৱা নাযায়। পাছলৈ নৱবৈষ্ণৱ ধৰ্মৰ এটা সুকীয়া পন্থাৰ গুৰি হৈ পৰা দামোদৰদেৱৰ শিষ্য ভট্টদেৱেহে কেইখনমান গ্ৰন্থ ৰচনা কৰিছিল। পিছে ভট্টদেৱৰ সাহিত্য বিশেষ প্রভাবী হৈ নপৰিল। তথাপি ভাষিক সমৰূপতা প্রদানত ভট্টদেৱৰ সাহিত্যৰ অৰিহণাকো উপেক্ষা কৰা নাযায়। সাহিত্য ৰচনাৰ শক্তিশালী ধাৰাবাহিকতা পিছে শংকৰ-মাধৱদেৱ পছতহে থকা, দুয়োৰে শিষ্য-এশিষ্য-ত স্য-শিষ্যসকলেও ধাৰাবাহিকভাৱে সাহিত্য ৰচনা কৰি থকাত 'অসমীয়া ভাষাই বিশাল পৰিমাণৰ সাহিত্য লাভ কৰিলে। অসমীয়া জাতি অধিক সমৃদ্ধ হ'ল।

সাংস্কৃতিক সমৰূপতা;


কোচ/কমতা, কামৰূপ আৰু আহোম ৰাজাৰ বাসিন্দাৰ নৃগোষ্ঠীয় ভিন্নতা আছিল। সুকীয়া পৰিক্ষেত্ৰত পৰম্পৰ বিচ্ছিন্ন হৈ থকাত এই ভিন্ন নৃগোষ্ঠীবোৰৰ মাজত সাংস্কৃতিক ভিন্নতাও আছিল। এয়াও জাতি একোটাৰ বৈশিষ্ট্যই। কিন্তু শংকৰদেৱৰ সাংস্কৃতিক অভিযানে এই তিনিওখন ৰাজ্যৰে বাসিন্দাৰ মাজত এটা সাংস্কৃতিক সমৰূপতা আনিলে। এই সমৰূপতাই হ'ল 'অসমীয়া জাতি'ৰ আধাৰভূমি।

মহাপুৰুষগৰাকীয়ে তেখেতৰ ধর্মমত প্ৰচাৰৰ বাবে কিছুমান সাংস্কৃতিক উপাদান ব্যৱহাৰ কৰিছিল। প্ৰসংগ গায়ন, বৰগীত, ভাওনা আৰু নৃত্য আছিল সেই উপাদান। নামঘৰবোৰৰ মজিয়াবোৰ আছিল এই উপাদানবোৰৰ চৰ্চাৰ থলী। একেই ধৰণে প্ৰসংগ কৰাৰ, একেই ধৰণে বৰগীত গোৱা, একেই ধৰণে ভাও পতাৰ জৰিয়তে ষোড়শ সপ্তদশ শতিকাৰ 'অসমীয়া'ৰ মন একেটা সাংস্কৃতিক সূত্রত বান্ধ খাবলৈ আৰম্ভ কৰিছিল। এই বান্ধোনেই অসমীয়া জাতীয় সংস্কৃতিৰ আধাৰ ভূমি। অসমত অকল নৱবৈষ্ণৱ ধর্মপস্থানুগামীয়েই নাই; ইয়াত শাক্ত-শৈৱ সকলো আছে। বৈষ্ণর ধর্মপন্থাৰেই কেইবাটাও মতাৱলম্বী ইয়াত আছে। আনহাতে চতুর্দশ শতাব্দীৰ পৰাই আহিবলৈ ধৰা ইছলামধৰ্মীসকলৰ সংখ্যাও সপ্তদশ শতিকাৰ শেষলৈ বুজন হৈ উঠিছিল। তেওঁলোকৰো এখন পৃথক সমাজ গঠন হৈ উঠিছিল। তাৰ পাছতো অসমীয়া জাতিৰ সাংস্কৃতিক আধাৰ বিচাৰিলে তাৰ মূল শংকৰদেৱৰ নামঘৰ/সত্ৰতে পোৱা যায়। এই কথা লক্ষ্য কৰিয়েই সপ্তদশ শতিকাৰ যোদ্ধা লেখক চিহাবুদ্দিন তালিচে কৈছিল “এই দেশৰ মুছলমানসকল নামতহে মুছলমান। বাগদাদৰ পৰা শ্বাহ মিৰান 'এই দেশলৈ আহিছিল ইয়াৰ মুছলমানসকলক ইছলামৰ শুদ্ধ পথত দীক্ষিত কৰিবলৈকে। পিছে তেখেত নিজেই ইয়াৰ বৈষ্ণৱ সংস্কৃতিৰ দ্বাৰা | প্ৰভাৱিত হ'ল আৰু থলুৱা সুৰত জিকিৰবোৰ ৰচনা কৰিলে।


এই প্ৰভাৱ সৰ্বগ্রাসী আৰু সুদুৰপ্ৰসাৰী হৈয়ো স্বেচ্ছা গ্রহণমূলক। ইয়াৰ কাৰণ, অন্যান্য ধর্মপন্থত হোৱাৰ দৰে শংকৰদেৱৰ | ধর্মপন্থত 'দীক্ষা' দিয়াৰ ৰীতি নাই, ইয়াত শৰণ হৈ চলে। শৰণ দাতা আৰু গ্রহীতাৰ মাজত, শৰাইত থাকে চাৰি শাস্ত্ৰৰ এখন। প্ৰকৃততে শৰণ গ্রহীতাই এই চাৰিশাস্ত্ৰতহে শৰণ লয় – শৰণদাতাজন ইয়াত মার্গদর্শক মাথোঁ। এই চাৰিশাস্ত্ৰ হ’ল নৱবৈষ্ণৱ ধৰ্মৰ বন্দনীয় ‘কৃষ্ণ’ৰ প্ৰতীক। এক কৃষ্ণৰ শৰণাগত হিচাপে সকলো শৰণীয়াই ভাতৃ-সম্বন্ধত বান্ধ যায়; সেয়ে সমাজৰ সকলোৱেই ভাই ভাই। এই ভাই ভাইবোধ অসমীয়া জাতিৰ সামাজিক আধাৰ। এনেদৰেই সাংস্কৃতিক আৰু সামাজিকভাবেও শংকৰদেৱ অসমীয়া জাতিৰ

অসমীয়া সমাজ

মহাপুরুষ শংকৰদেৱে অসমীয়া সমাজ গঠন কৰা নাছিল। তেখেতে এটা ধর্মপন্থ প্ৰচাৰ কৰিছিল আৰু এই ধর্মপছটোৰ চর্চাকেন্দ্র বা উপাসনাস্থলী হিচাপে নামঘৰৰ পৰিকল্পনা কৰিছিল। নাট-গীত ভাওনা সৃষ্টি কৰিছিল। এই প্রাথমিক কথাখিনি মনত ৰাখিহে আমি মহাপুৰুষজনাৰ কামৰ মূল্যায়ন কৰিব লাগে। আৰু এই পথতে আমি মহাপুৰুষগৰাকীৰ বিশাল সামাজিক সাংস্কৃতিক আৰু ভাষিক ভূমিকাটো লগ পাওঁ। মহাপুৰুষগৰাকীতকৈ তেখেতৰ সৃষ্টি বেছি মহৎ (ৰবীন্দ্রনাথে অন্য প্ৰসংগত কোৱা “তোমাৰ কীৰ্তিৰ চেয়ে তুমি যে মহৎ'ৰ বিপৰীত!) এই মহত্ব তেখেতে অসমীয়া সমাজক, অসমীয়া জাতিক প্ৰদান কৰিছিল। সাম্য-মৈত্রীৰ আধাৰত তেখেতে গঢ়ি তোলা ধর্মপন্থাটোৰ বাবেই অসমীয়া জাতি-অসমীয়া সমাজ সাম্য মনোভাবাপন্ন। ষোড়শ শতিকাৰ শেষত জন্ম হ’বলৈ ধৰা এই সাম্য মনোভাবাপন্ন সমাজখন তথা জাতিটো ঊনবিংশ শতিকালৈ ডাল-পাত মেলি জাতিষ্কাৰ হৈ উঠিছিল। মানৰ আক্ৰমণ আৰু সেই সুৰুঙাৰে ব্ৰিটিছৰ আগমন নহ'লে, আৰু আধুনিকতাই অনা ব্যাপক প্রব্রজন হজম কৰিবলগীয়া নহ’লৈ, এটা স্বাভাৱিক গতিত অসমীয়া জাতি আৰু সমাজ গঢ়ি উঠিলেহেঁতেন বুলি ক'ব পাৰি। সেই কামটো সম্পূর্ণ নহ'ল বাবেই অসমীয়া জাতি-সমাজত কিছুমান বিসংগতি সৃষ্টি হ’ল। এই বিসংগতি দিনকদিনে বাঢ়িহে আহিছে কাৰণ অসমীয়া জাতি-সমাজ ৰাজনৈতিক আৰু ধর্মীয়ভাবে উত্তৰ ভাৰতীয় ধর্মান্ধতাৰ দ্বাৰা প্ৰভাৱিত হ’বলৈ ধৰিছে। ‘অসমীয়া মানুহ' ধাৰ্মিক আৰু ধর্মনিষ্ঠ আছিল, ধর্মান্ধ নাছিল। ধর্মান্ধতাই অসমীয়া জাতি-সমাজ বচাব নোৱাৰে। উপসংহাৰ

যথেষ্ট পৰিমাণৰ প্ৰত্যক্ষ আৰু পৰোক্ষ জনজাতীয় উপাদানৰ অস্তিত্ব স্বীকাৰ কৰিও ক'বলগীয়া হয় যে 'অসমীয়া’ হ’ল নামঘৰৰ মজিয়াত উদ্ভৱ হোৱা জাতি। ভাৰতবৰ্ষৰ এচুকত পৰি থকা যিটো ভূখণ্ডৰ নামেৰে ‘অসমীয়া’ বুলি জাতি এটাৰ পৰিচয় দিয়া হয়, সেই জাতিটোৰ সমাজখন, অর্থাৎ 'অসমীয়া সমাজখন শংকৰদেৱৰ সৃষ্টিকর্মৰেই আৰম্ভ হোৱা। সেইবাবেই তেখেত অসমীয়া জাতিৰ জনক।


Previous Post Next Post