বিশ্বযোৰী বিশেষ চৰ্চা AIR India ৰ ভাৰতীয় এগৰাকী মহিলা পাইলটৰ।

যুদ্ধ ক্ষেত্ৰৰ পৰা ২৪০ জন শিক্ষাৰ্থীক লৈ ভাৰতৰ বুকুত অৱতৰণ Air India ৰ এইগৰাকী সাহসী মহিলা পাইলট।

ইউক্ৰেইনৰ পৰিস্থিতি লাহে লাহে অৱনতিহোৱাৰ প্ৰতি লক্ষ্য ৰাখি, তাত আৱদ্ধ হৈ থকা ভাৰতীয় শিক্ষাৰ্থীসকলক স্থানান্তৰ কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাই থকা হৈছে। ভাৰত চৰকাৰে শিক্ষাৰ্থীসকলক ঘূৰাই অনাৰ বাবে অপাৰেচন গংগা আৰম্ভ কৰিছে। এতিয়ালৈকে, 1396 জন শিক্ষাৰ্থীক কঢ়িয়াই অনা ছয়খন বিমান ভাৰতলৈ উভতি আহিছে। সোমবাৰে, 240 জন শিক্ষাৰ্থীক লৈ এয়াৰ ইণ্ডিয়াৰ এখন ষষ্ঠ বিমান দিল্লীৰ ইন্দিৰা গান্ধী বিমানবন্দৰত উপস্থিত হয়, য'ত ঘৰলৈ উভতি অহাৰ সময়ত শিক্ষাৰ্থীসকলৰ মুখত আনন্দ লেখা পোৱা গৈছে পিছে উল্লেখযোগ্য কথাটো এই যে এনে  সময়ছোৱাতে এগৰাকী মহিলা Air India ৰ বিমান pilot চৰ্চাত আহি পৰিছে। এগৰাকী বিশেষ মহিলা পাইলটক লৈ গৰ্বিত হৈ পৰিছে এতিয়া দেশ বাসী। কিয়নো যুদ্ধ স্থলি ইউক্ৰেইনৰ পৰা ভাৰতীয় শিক্ষাৰ্থীক উদ্ধাৰ কৰা air india ৰ বিমানৰ চালক ৰূপে আছিল এগৰাকী মহিলা যি গৰাকী মহিলাৰ নাম shivani kalra. 

যুদ্ধ ভূমি ইউক্রেইনৰ পৰা  air india বিমান যোগে প্ৰায় ২৩৪ গৰাকী শিক্ষাৰ্থীক সুস্থ শৰীৰে নিজৰ ভাৰত ভূমিত অৱতৰণ কৰেহি। উল্লেখযোগ্য যে shivani kalra এগৰাকী সুন্দৰী মেডেলো। 

Air India pilot name Sivarani

shivani kalra ৰ সৈতে আমাৰ আছুতীয়া টেলিফোনিক বাৰ্তালাপত তেওঁ আমাক জনাইছে যে এই অভিযান আমাৰ বাবে অতি প্ৰত্যাহ্বানজনক। যেতিয়া আমাৰ বিমানখন হাংগেৰীত অৱতৰণ কৰিছিল তেতিয়া ভাৰতীয় শিক্ষাৰ্থী সকলে  দূৰৰ পৰাই বিমানখন চাই আছিল। ল'ৰা ছোৱালীবোৰ অত্যধিক ভাগৰুৱা আৰু হতাশাত আছিল। যদি মই পুনৰ সুযোগ পাওঁ, তেন্তে পুনৰ ইউক্ৰেইনত আবদ্ধ হৈ থকা শিক্ষাৰ্থী সকলক  পুনৰ উদ্ধাৰ কৰিম । বৰ্তমান  ব্যক্তিগত যি সমূহ বিমান সংস্থা আছে সকলোৱে আৱদ্ধ ছাত্ৰ-ছাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহিছে৷ উল্লেখনীয় আৰু ভয়ানক কথা যে বৰ্তমান ১৪,০০০ তকৈও অধিক ভাৰতীয় এতিয়াও ইউক্ৰেইন আৰু ইয়াৰ সীমান্তৰ চাৰিওফালে আৱদ্ধ হৈ আছে৷

 Shivani kalra ৰ ঘৰ gurugram Haryana ত।

Previous Post Next Post