সাগৰ মাজত মাছৰ দৰে মহিলা দেখি হতভম্ব ৰাইজ। ইংলেণ্ডৰ য়ৰ্কশায়াৰৰ হ্ৰদৰ কেইটামান দৃশ্যয়ে গোটেই বিশ্বতে চৰ্চা লাভ কৰিছিল কিন্তু কিয়?
আমি প্ৰায়ে শৈশৱত জলপৰীৰ সাধুকথাৰ বা কাহিনী শুনি আহিছোঁ। সৰুতে, আমি সৰু থাকোতে এই সমূহ কাহিনী বা সাধুকথা সহজে বিশ্বাস কৰিব পাৰিছিলো আৰু আমি ভাবিছিলো যে সচাকৈয়ে এই পৃথিৱীত জলপৰী আছে। ইয়াৰ ওপৰিও বিভিন্ন ধৰণৰ টেলিভিচনত প্ৰকাশ হোৱা জলপৰীৰ চিনেমাও আমি চাইছিলা বা বৰ্তমানো চাওঁ।
Mermaid Assamese. |
কিন্তু কোনেও এই কথাত আজিলৈকে ঠিৰাং নহয় যে শৈশৱৰ পৰা বৰ্তমানলৈকে আমি শুনি অহা এই জলপৰীবোৰৰ কাহিনীত কিমান সত্যতা আছে? পৃথিৱীৰ চাৰিওফালে আগুৰা মহাসাগৰৰ তলত এখন অন্য পৃথক পৃথিৱী আছে য'ত বিভিন্ন প্ৰকাৰৰ সামুদ্ৰিক প্ৰাণী বাসবাস কৰে। আৰু তাৰ ভিতৰতে আমি বিশ্বাস কৰি আহিছো যে এই সাগৰ বা পানীৰ পৃষ্ঠত মায়াময় জলপৰীৰ বাসস্থান ।
এনে পৰিস্থিতিত, আধুনিক সামাজিক মাধ্যমৰ সময়ত আমি নিজকে বিশ্বৰ যিকোনো ঠাইৰ লগত সংযোগ হব পৰিছো। বিশ্বৰ যিকোনো খবৰ বা ছবি সামাজিক মাধ্যমৰ জৰিয়তে আমাৰ মাজত আহি পৰিছে। এনেতে জলপৰী বিষয়ৰ কেইখনমান চিত্ৰ সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। লগতে বিশ্বতে চৰ্চা লাভ কৰিছে।
সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই ছবি কেইখন হৈছে সাগৰৰ পাৰত বিচৰণ কৰি থকা অৱস্থাত কেমেৰা বন্দী হোৱা কেইখনমান মায়াময় জলপৰীৰ ছবি , সাগৰৰ পাৰত বিচৰণ কৰি থকা এই জলপৰীৰ ছবি কেইখনে বৰ্তমান সকলোকে আচৰিতে কৰি তুলিছে। সাগৰৰ পাৰত মায়াময় জলপৰী বিচৰণ কৰা ছবি কেমেৰাত বন্দী হোৱা এই দৃশ্য সমূহে সামাজিক মাধ্যম ব্যৱহাৰকাৰী সকলক আচম্বিত কৰি তুলিছে। অদ্ভুত জলপৰীৰ ছবি সমূহ দেখাত জনসাধাৰণৰাজত কৌতুহলৰ সৃষ্টি হৈছে। ফলত বিশ্বতে এই বিশেষ ঘটনাটোৱে সাংঘাটিক ধৰণে চৰ্চা লাভ কৰিছে। বহুলোকে বিশ্বাস তথা দাবী কৰিছে যে এইয়া সচাকৈয়ে এক জলপৰী। যি নেকি সাগত একেদৰেই বিচৰণ কৰি থকা দেখা যায়।
Mermaid Assamese |
কিন্তু আনহাতে একাংশয়ে দাবী কৰিব ধৰিলে যে এইয়া জলপৰী নহয় অন্য কিবা বেলেগ দৃশ্য হে। উল্লেখযোগ্য যে সামাজিক মাধ্যমত এই চৰ্চিত বিষয়টোয়ে অধিক বাক- বিপাদ সৃষ্টি কৰাত এই বিষয়টৱে জীৱ বিশেষত্ব সকলৰ মাজ পালে গৈ। উল্লেখযোগ্য কথাটো যে জীৱ বিশেষত্ব সকলৰ অনুসন্ধান মৰ্মে পোৱা গ'ল দৰাচলতে, এই অদ্ভুত আকৰ্ষণীয় ইংলেণ্ডৰ য়ৰ্কশায়াৰ চহৰৰ, হোৱা ঘটনাটো য'ত এগৰাকী জলপৰী ছোৱালীৰ ফটোৱে গোটেই বিশ্বতে চৰ্চা লাভ কৰিছিল। যি নেকি জনসাধাৰণে এই ঘটনাটো দেখাৰ পিছত, অনুমান কৰিছিল যে প্ৰকৃততে সেইয়া এগৰাকী জলপৰী। সেয়া আচলতে সত্য নাছিল।
প্ৰকৃততে ইংলেণ্ডৰ এগৰাকী মহিলা মডেলে জলপৰীৰ সাজ পৰিধান কৰি ফটোশ্বুট হে কৰিছিল, যাৰ বাবে তেওঁৰ সেই ফটো সমূহ ছ'চিয়েল মিডিয়াত দৰ্শকক দেখাবলৈ শ্বেয়াৰ কৰিছিল।
আৰু তেতিয়াৰে পৰা, মডেল মহিলাগৰাকীৰ ফটো সামাজিক মাধ্যমত জলপৰীৰ ছবি বুলি ভাইৰেল হ'বলৈ আৰম্ভ কৰিলে।
উল্লেখযোগ্য যে মেডেল মহিলাগৰাকীৰ নাম পেট্ৰিচ এঞ্জেল বুলি জানিব পৰা গৈছে। আৰু মহিলাগৰাকীয়ে সামাজিক মাধ্যমত নিজেও এইটো কথা উল্লেখ কৰে যে সেইয়া কোনো প্ৰকৃত জলপৰীৰ ছবি নহয় সেয়া এক জলপৰীৰ সাজ পৰিধান কৰি কৰা ফটোশ্বুট হে আছিল । লগতে চৰ্চিত মহিলা মডেল গৰাকী যে কয় যে জলপৰী হ'বলৈ তেওঁ খুব ভাল পায় যাৰ বাবে তেওঁ এই ৰূপ ধাৰণ কৰিছিল।
কেৱল তেওঁৰ শখ পূৰণ কৰিবলৈহে পেট্ৰিচ এঞ্জেলে জলপৰীৰ ৰূপ লৈছিল আৰু ফটো শ্বুট কৰিছিল। জলপৰীৰ ৰূপ ধাৰণ কৰা মহিলাগৰাকীয়ে কৈছিল যে তেওঁ প্ৰকৃতি খনক বহুত ভাল পায়। আৰু জলপৰীৰ কাহিনীও শুনি খুবেই ভাল পায়। মহিলাগৰাকীয়ে কয় যে সৰুৰে পৰা তেওঁৰ জলপৰী হোৱাৰ সপোন আছিল। যাৰ বাবে তেও এজোৰ বিশেষ জলপৰীৰ পোছাক নিৰ্মাণ কৰি লৈছিল আৰু এই পোচাক পৰিধান কৰি প্ৰতিদিনে ইংলেণ্ডৰ য়ৰ্কশায়াৰৰ হ্ৰদত পানী পৰীৰ দৰে ঘূৰি ফুৰিছিল।
মহিলা মডেল পেট্ৰিচ এঞ্জেলে কৈছে যে , মই মোৰ অনুৰাগী সকলক কওঁ যে মই এগৰাকী জলপৰী, আৰু সেইবাবে তেওঁলোক আচৰিত হয়। আৰু প্বেপ্ৰায় বেছিভাগ মানুহে উত্তেজিত আৰু কৌতুহলি হৈ পৰে আৰু মোৰ সৈতে অধিক কথা পাতিবলৈ বিচাৰে। আৰু মোৰ মডেল জীৱনৰ বিষয়ে অধিক জানিবলৈ বিচাৰে। দৰাচলতে মডেল মহিলাগৰাকীয়ে কোৱাৰ অনুসৰি তেওঁ ২০১৯ চনত এটা বিশেষ সামাজিক অনুষ্ঠানত অংশ ল'বলৈ গৈছিল য'ত তেওঁ জলপৰীৰ বিষয়ে শুনিবলৈ পাইছিল আৰু এই বিশেষ কাৰ্যসূচীৰ পিছতেই তেওঁৰ মনোযোগ জলপৰীসকলৰ ফালে অধিক আগবাঢ়িবলৈ আৰম্ভ কৰিছিল।
মহিলা মডেল পেট্ৰিচ এংগেলে যেতিয়া তেওঁ পোনপ্ৰথমবাৰৰ বাবে জলপৰীৰ বিশেষ পোচাক পৰিধান কৰি পানীত অৱতৰণ কৰিছিলে, তেতিয়া তেওঁ ভালদৰে সাঁতুৰিবলৈ পৰা নাছিল । কিন্তু লাহে লাহে তেওঁ সাতুৰিবলৈ চেষ্টা কৰিছিলে। আৰু বৰ্তমান তেওঁ নদী, সাগৰ আৰু হ্ৰদৰ পাৰত জলপৰীৰ দৰে সাঁতুৰি থাকে। ফৰাচী মহিলা মডেল গৰাকীক পেট্ৰিছ এঞ্জেলক মাৰ্মেইড ষ্টাৰলাইট চেৰাইকা বুলিও জনা যায়।