আপুনি কেতিয়াবা জলপৰীৰ বিষয়ে শুনিছে নেকি?
হয়টো আপুনি নিশ্চয় আপোনাৰ শৈশৱত জলপৰীৰ নানাধৰণৰ সাধু বা লোককথা শুনিছে বা কাৰ্টুনটো দেখিছে। সাধাৰণতে আমাৰ সমাজ জীৱনত প্ৰচলিত এই সমূহ লোককথা বা সাধুকথায়ে , মানুহৰ মনোযোগ আকৰ্ষণ কৰে। বা এই লোককথা বা সাধুকথা সমূহৰ বিষয়ে অধিক জানিবৰ বাবে ইচ্ছা জন্মে। পিছে আপুনি হয়টো ভাবিব পাৰে যে আমি ইয়াৰ বিষয়ে কিয় আলোচনা কৰিবলৈ লৈছোঁ ?
আমি ইয়াৰ বিষয়ে কথা পাতিছো এইবাবেই যে এই পৃথিৱীত বাস্তৱতে এক জলপৰী দৰে আকৃতিৰ এটা জীৱৰ জন্ময়ে ভাৰতত অতিকৈ চৰ্চা লাভ কৰিছে যাৰ বিষয়ে আনকি চিকিৎসকসকলেও একো ক'ব পৰা নাই ।
এইটো এটা আচৰিত ঘটনা আৰু ইয়াক আপুনি ভুৱা বাতৰি বুলি আওকান কৰি একেবাৰে ভুল নকৰিব।
দৰাচলতে এইটো এটা ভাৰতৰ পশ্চিম বংগৰ ঘটনা ।
এনে ধৰণৰ অলৌকিক এই বিৰল ঘটনাটো কলিকতাৰ এখন চিকিৎসালয়ত সংগঠিত হৈছে । কেইদিনমান আগতে, কলিকতা চহৰৰ এখন চৰকাৰী চিকিৎসালয় চিত্তৰঞ্জন সেৱা সদনত এই কেঁচুৱাটো জন্ম হৈছিল। যি নেকি এটা কেঁচুৱা 'জলপৰী' হিচাপে জন্ম হৈছিল। চিকিৎসকসকলেও এই শিশুটোক দেখি আচৰিত হৈছে আৰু একো কব পৰাৰ অৱস্থাত নাছিল ।
চিকিৎসকে জনোৱাৰ অনুসৰি শিশুটোৰ লিংগ জনিব পৰা নাছিল।
শিশুটোৰ কঁকালৰ ওপৰৰ অংশ সাধাৰণ মানুহৰ দৰে আছিল, কিন্তু কঁকালৰ তলৰ অংশটো মাছৰ দৰে যেন লাগিছিল। শিশুটোৰ দুয়োখনে ভৰি এটাৰ আনটোৰ লগত সংযোজিত হৈ জলপৰীৰ ৰূপ পাইছিল । ওপৰত দিয়া ফটোখনত সকলো প্ৰকাশ পাইছে। এই শিশুটোৰ দুয়োখন ভৰি সংযোজিত হৈ আছিল যাৰ বাবে চিকিৎসকসকলে শিশুটোৰ লিংগ জানিব পৰা নাছিল।
চিকিৎসকসকলে কৈছে যে শিশুটোৰ 'মাৰ্মেইড চিণ্ড্ৰোম' আছিল। 'মাৰ্মেইড চিণ্ড্ৰোম' হৈছে এক বিৰল ৰোগৰ নাম যি নেকি শিশুটো শৰী 'জলপৰী'ৰ দৰে হৈ পৰিছিল। উল্লেখযোগ্য যে যিগৰাকী মহিলাৰ পৰা এই সন্তানৰ জন্ম হৈছিল তেওঁৰ স্বাভাৱিক প্ৰসৱ হৈছিল। আমি জনা তথ্য অনুসৰি, শিশুটোৰ পিতৃ-মাতৃ অতি দৰিদ্ৰ শ্ৰেণীৰ আছিল যাৰ বাবে তেওঁলোকে গৰ্ভধাৰণ সম্পৰ্কীয় কোনো ধৰণৰ পৰীক্ষা কৰিব পৰা নাছিল। শিশুটোৰ স্বাস্থ্য জানিব পৰা নগ'ল।
এক মিলিয়ন শিশুৰ ক্ষেত্ৰত এনে ঘটনা হয় বুলি জানিব পৰা গৈছে।