অসমীয়াৰ সংজ্ঞা আৰু অসম চুক্তিৰ ছয় নম্বৰ দফা ।

আমাৰ সকলোৰে একোটাকৈ নাম আছে । যাৰ একোটা নিদিষ্ট অৰ্থ থাকে।  কিন্তু আমি প্ৰায়ে আমাৰ নামৰ অৰ্থটো জানোনে বাৰু? তেন্তে আহকচোন জানো আমাৰ নাম সমূহৰ অৰ্থ। 


📌 📌












📌 📌














📌📌













📌 📌

যি সকল ব্যক্তিয়ে তেওঁলোকৰ নামৰ অৰ্থটো এই পৃষ্ঠাখন  জানিবলৈ পাৰিলে তেওঁলোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ । লগতে যি সকল ব্যক্তিয়ে তেওঁলোকৰ নামৰ অৰ্থটো এই পৃষ্ঠাখনত বিচাৰি পোৱা নাই তেন্তে আপোনালোকে আমাক কমেন্ট কৰি নাম সমূহ জনালে আমি ২য় শিতানত সেই নাম সমূহৰ অৰ্থ প্ৰকাশ কৰিম ধন্যৱাদে।

 _____________________________________


    অসমীয়াৰ সংজ্ঞা আৰু অসম চুক্তিৰ ছয় নম্বৰ দফা ।


অসমত কিমান অনুপ্রৱেশকাৰী আছে, সেই হিচাপটো লোকপিয়লে দিব নোৱাৰে; কাৰণ পিয়ল কর্মীয়ে এজন ব্যক্তিক যি স্থানত পিয়ল কৰে, সেই স্থানকে তেওঁৰ আৰু বংশসূত্ৰে তেওঁৰ পৰিয়ালৰ স্থায়ী বসতিস্থান হিচাপে পিয়ল-কাৰ্যত ধৰে। অসমত অনুপ্ৰৱেশকাৰীৰ সংখ্যা নিৰূপণৰ বাবেই সেয়ে এটা পৃথক ব্যৱস্থাৰ প্ৰয়োজন হৈছিল; সেই ব্যৱস্থাটোৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। ইমিগ্রেণ্টছ (এক্সপালছন ফ্রম আছাম, ১৯৫০) আইনেও পূব পাকিস্তানীৰ অনুপ্ৰৱেশ ৰোধ কৰিব আৰু শৰণাৰ্থী আৰু অনুপ্ৰৱেশকাৰীৰ পার্থক্য চিনিব নোৱৰাৰ ধুঁৱলী-কুঁৱলী পৰিস্থিতিত ১৯৫১ চনত অসমৰ প্ৰথমখন নাগৰিকপঞ্জী যুগুত কৰা হৈছিল। তেতিয়াৰ মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিৰ ব্যক্তিগত উদ্যোগত অনুপ্ৰৱেশ সমস্যাৰপৰা ভৱিষ্যৎ অসমক সুৰক্ষিত কৰিবলৈ এই নথিখনৰ ব্যৱস্থা কৰা হৈছিল, যদিও ই সাংবিধানিক ব্যৱস্থা আছিল নে নাই, সেয়া এতিয়াও পোহৰলৈ অহা নাই। পিয়ল কর্মীসকলক উদ্দেশ্যি দিয়া এটা ভাষণত ১৯৫১ চনৰ ৮ ফেব্ৰুৱাৰিত মুখ্যমন্ত্ৰী মেধিয়ে নাগৰিকপঞ্জী যুগুত কৰাৰ কথা প্রথম ঘোষণা কৰিছিল। প্ৰথমখন নাগৰিকপঞ্জী যুগুতাবলৈ লোকপিয়লৰ তথ্যকে ব্যৱহাৰ কৰা হৈছিল আৰু সংশ্লিষ্ট প্ৰপত্ৰখনত ১৩টা দফা আছিল। আশা কৰা মতে ১৯৬১, ১৯৭১, ১৯৮১ আদিৰ লোকপিয়ল বছৰবোৰত ইয়াৰ উন্নীতকৰণ নহ'ল, সেইবাবেই প্রায় সাতটা দশকৰ পাছত ই এটা ‘হার্কিউলিয়ান টাস্ক' হৈ পৰিল। অনুপ্ৰৱেশকাৰীৰ সংখ্যা নিৰূপণৰ কামটো প্ৰশাসনীয় হ'লেও এইবোৰৰ বিতাড়ন এটা ৰাজনৈতিক বিষয়। এয়া স্পর্শকাতৰ ৰাজনীতি, যাৰ এটা মানবীয় দিশো আছে। এইবাবেই কোনো ৰাজনৈতিক দলেই বিষয়টো হাতত লোৱাৰ সাহস কৰা নাছিল। উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ প্ৰয়োজন সেইবাবেই হৈছিল।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ব্যৱহাৰিক নথি হৈ হৈ উঠাৰ পাছৰ কঠিন কামটো হ’ব অনুপ্ৰৱেশকাৰীসকলক বিচাৰি উলিওৱা। চৰকাৰৰ বাবে এইটো হ'ব অতি স্পর্শকাতৰ আৰু মানৱীয় সমস্যা। ইয়াতকৈও বৃহৎ মানবীয় সমস্যাটো হ’ব, চিনাক্ত অনুপ্ৰৱেশকাৰীক বিতাড়নৰ প্ৰক্ৰিয়াটো। অসম আন্দোলনৰ আত্মা আছিল অসমত ৫০ লাখ অনুপ্ৰৱেশকাৰী আছে' বিশ্বাসটো। এতিয়া আপত্তি নিষ্পত্তিৰ পাছত নাগৰিকপঞ্জীয়ে যদি ইয়াৰ এক দশমাংশ সংখ্যাৰ লোককো অনুপ্ৰৱেশকাৰী বুলি চিনাক্ত কৰে, সেই ১০ লাখ লোকক বিচাৰি উলিয়াই বিতাড়ন কৰাটোৱেই এটা জটিল ৰাজনৈতিক আৰু মানৱীয় সমস্যা হৈ উঠিব। ইতিহাসত ইমান বৃহৎসংখ্যক লোকক কোনো দেশেই অনুপ্ৰৱেশকাৰী বুলি চিনাক্ত কৰাৰ উদাহৰণ নাই, বিতাড়নৰতো নায়েই। এই কামে ভাৰতৰ সৈতে সংশ্লিষ্ট দেশৰ বৈদেশিক সম্পর্কতো নিশ্চিতভাৱেই প্ৰভাৱ বিস্তাৰ কৰিব। উচ্চতম ন্যায়ালয়ে হয়তো বিতাড়নৰ সূত্ৰ সম্পৰ্কত কিবা পৰামৰ্শ দিব, বিতাড়নৰ কামটো কিন্তু কৰিব লাগিব ভাৰত চৰকাৰে। ভাৰত চৰকাৰক এই কামৰ বাবে সন্মত কৰিবলৈ অসম চৰকাৰ সক্ষম আৰু সাজুনে? মনত পেলোৱা ভাল, স্বাধীনতাৰ দোকমোকালিত অধিক (পাকিস্তানী) শৰণাৰ্থী গ্ৰহণ কৰিবলৈ আৰু নতুন শৰণাৰ্থীক মাটি দিবলৈ তেতিয়াৰ অসমৰ ৰাজহ আৰু বিত্তমন্ত্ৰী (আৰু পাছত মুখ্যমন্ত্ৰী) বিষ্ণুৰাম মেধিয়ে অঙ্গীকাৰ কৰা বাবেই প্ৰধানমন্ত্রী জৱাহৰলাল নেহৰুৱে অসমৰ মুখ্যমন্ত্রী গোপীনাথ বৰদলৈক ধমকি দিছিল—অসমে পাবলগীয়া বিত্তীয় অনুদান প্রাপ্তিত এই সিদ্ধান্তই প্ৰভাৱ পেলাব বুলি! চৰকাৰীভাৱে নহ'লেও হিন্দুক ‘শৰণাৰ্থী' আৰু মুছলমানক ‘অনুপ্ৰৱেশকাৰী' বুলি ধৰি লোৱাৰ তলসুঁতীয়া কাৰবাৰ এটা তেতিয়াও আছিল। পিছে সেই একেটা লোকপিয়লত অসমীয়াক মাতৃভাষা বুলি স্বীকৃতি দি বৃহৎ সংখ্যক প্ৰব্ৰজনকাৰী মুছলমানে অসমৰপৰা বিতাড়িত হোৱাৰপৰা নিজক ৰক্ষা কৰিছিল। এতিয়া আইনগতভাবে ধর্মক নাগৰিকত্বৰ ভিত্তি কৰিব খোজা ৰাজনৈতিক পৰিৱেশত ইমান বৃহৎ সংখ্যক লোকক ধর্ম নির্বিশেষে বিতাড়নৰ সাহস অসম চৰকাৰে দেখুৱাবনে? অসম চৰকাৰৰ প্ৰসংগটো বাৰে বাৰে

অনা হৈছে, কাৰণ অসমৰপৰা অনুপ্ৰৱেশকাৰী বিতাড়নৰ দৰকাৰ অসমৰহে। আমাৰ বিবেচনাত সংখ্যা নিৰ্ধাৰণ আৰু চিনাক্তকৰণ সম্ভৱ হ'লেও অসমৰপৰা অনুপ্ৰৱেশকাৰীৰ বহিষ্কাৰ অভ্যন্তৰীণ আৰু আন্তঃৰাষ্ট্ৰীয় কাৰণতে সম্ভৱপৰ নহয়। সেইবাবেই অসম চুক্তিৰ ৬ নম্বৰ দফাৰ ৰূপায়ণ অসমৰ বাবে বৰ দৰকাৰী আৰু ফলদায়ক।

৬ নম্বৰ দফা

অসম চুক্তিৰ ৬ নম্বৰ দফাটো হ’ল এনেকুৱা— Constitutional, legislative and administrative safeguards, as may be appropriate, will be provided to protect cultural, social and linguistic identity and heritage of the Assamese people. ছবছৰীয়া আন্দোলনৰ ‘প্ৰেৰণা' আছিল ‘অসমীয়া'ৰ অস্তিত্বৰ বিপন্নতা।

আন্দোলনৰ নেতৃত্ব আৰু তাত্ত্বিকসকলে ‘অসমীয়া' মানুহক পতিয়ন নিয়াইছিল যে অবাধ অনুপ্ৰৱেশে ‘অসমীয়া মানুহৰ অস্তিত্ব বিপন্ন কৰিছে। অনুপ্ৰৱেশকাৰীক বিতাড়নৰ বিষয়টো চুক্তিখনৰ ৫নম্বৰ দফাত সন্নিৱিষ্ট কৰা হৈছিল। অর্থাৎ চুক্তি স্বাক্ষৰকাৰী পক্ষবোৰে অনুপ্ৰৱেশকাৰীৰ বিতাড়নকে প্ৰাথমিকতা দিছিল; তাৰ পাছতহে আহিছিল বিপন্ন ‘অসমীয়া' মানুহৰ বাবে সুৰক্ষাৰ ব্যৱস্থা কৰাটো। প্রাথমিকতা নাপালেও সময়ে পিছে ৬ নম্বৰ দফাটোৰে গুৰুত্ব বৃদ্ধি কৰিলে। অসমৰপৰা অনুপ্ৰৱেশকাৰী বিতাড়নৰ কামটো দিন যোৱাৰ লগে লগে অসম্ভৱ বুলি প্ৰমাণিত হৈ অহাৰ লগে লগে চুক্তিখনৰ ৬ নম্বৰ দফাৰ গুৰুত্বও বাঢ়ি আহিছে। চুক্তি স্বাক্ষৰৰ ৩৪ বছৰৰ পাছত কেন্দ্ৰীয় চৰকাৰে এই দফাটোৰ কাৰ্যকৰীকৰণৰ ৰূপৰেখা নিৰ্ধাৰণ কৰি দিছে। এই কথাটোও দফাটোৰ গুৰুত্ব বৃদ্ধি কৰিছে।

এই লেখাত 'অসমীয়া’ শব্দটো সচেতনভাৱেই উর্ধ্বকমাৰ ভিতৰত ৰখা হৈছে। ৬ নম্বৰ দফাই দিব পৰা ব্যৱস্থাৱলী ‘অসমীয়া মানুহৰ বাবে। অসম আন্দোলনৰ সময়লৈকে, আনকি অসম চুক্তি স্বাক্ষৰৰ সময়লৈকে অসমীয়া কোন বুলি প্রশ্ন উঠা নাছিল; অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণৰ প্রয়োজনো সেইবাবেই হোৱা নাছিল। কাৰণ ‘অসমীয়া মানুহৰ বাবে সুকীয়াকৈ কিবা ব্যৱস্থা কৰাৰ কথা আহি পৰা নাছিল। অসম চুক্তিয়েহে 'অসমীয়া মানুহ'ৰ বাবে কিবা ব্যৱস্থা কৰাৰ কথাটো আনুষ্ঠানিক কৰিলে। আনহাতে, অসম চুক্তি স্বাক্ষৰৰ পাছতে বড়োলেও ৰাজ্য দাবী আন্দোলন আৰম্ভ হ'ল আৰু বড়োসকলে নিজকে অসমীয়া নহয় বুলি ঘোষণা কৰিলে। ইয়াৰ পাছত আন দুই-এটা জনজাতিয়েও নিজকে অসমীয়া নহয় বুলি ঘোষণা কৰিলে। অৱশ্যে বড়ো বা আন জনজাতিৰ এশ শতাংশ লোকে নিজকে কেতিয়াও অসমীয়া নহয় বুলি দাবী কৰা নাই—সেইবাবেই জনজাতি এটাৰ নাম কৈ তেনে লোকক অনাঅসমীয়া বুলি একে আষাৰে কৈ দিবও পৰা নাযায়। কেন্দ্ৰত ইউ পি এ চৰকাৰ থাকোতে অসম চৰকাৰক অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণৰ দায়িত্বও দিছিল আৰু এই দায়িত্ব পালন কৰিবলৈ গৈ তৰুণ গগৈৰ চৰকাৰ এটা আহুকলীয়া পৰিস্থিতিত পৰিছিল। বিষয়টো তেতিয়া আনুষ্ঠানিকভাৱে আধৰুৱা হৈ ৰৈছিল। কিন্তু বৌদ্ধিক পর্যায়ত কিছু আলোচনা-বিলোচনা হৈছিল। অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণৰ বিষয়টো অকল ৰাজনৈতিক বা অকল বৌদ্ধিক নহয়; বৰং ই ৰাজনৈতিক-বৌদ্ধিক (political-intellectual) কাম। কামটো যথেষ্ট জটিল, স্পর্শকাতৰো। এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী যুগুত কৰাৰ দৰেই।

অসমীয়া মানুহৰ (Assamese People) সংজ্ঞা এটা নিৰ্ধাৰণৰ বাবে নিঃকিন প্রচেষ্টা আমি চলাইছিলোঁ আমাৰ গ্ৰন্থ ‘অসমীয়া সংজ্ঞা অসমীয়াৰ অস্তিত্ব'ত (প্রয়াস ২০০৬, পৰিবর্ধিত সংস্কৰণ, জ্যোতি প্রকাশন ২০১৪)। এই কাম কৰিবলৈ যাওঁতে আমি ‘ভাৰতীয়ৰ সংজ্ঞা’ৰ ছাঁত থিয় দিছিলোঁ। হার্ভার্ড বিশ্ববিদ্যালয়ৰ তেতিয়াৰ অধ্যাপক আশুতোষ ৱৰ্শ্বনীয়ে ‘ভাৰতীয় কোন বোলা ধাৰণাটোৰ এটা তাত্ত্বিক সূত্ৰ আগবঢ়াইছিল ২০০২ চনত প্ৰকাশ হোৱা তেওঁৰ গ্ৰন্থ Ethnic Conflict and Civil Lifeত। তেওঁৰ মতে ভাৰতীয়ৰ সংজ্ঞা বা আত্মপৰিচয় (National Identity of an Indian) নিৰ্ধাৰণ হয় ভৌগোলিক পৰিসীমা, সংস্কৃতি আৰু ধৰ্মৰ জৰিয়তে। তেওঁৰ মতে সংজ্ঞাটোৰ এই তিনিটা উপাদান পৰস্পৰ প্রতিদ্বন্দ্বী (competing itself)। রক্ষনীৰ মন্তব্য, এই তিনিটা উপাদানৰ যিটোৰ আধিপত্য যেতিয়াই বেছি হৈছে, সেই হিচাপতে ভাৰতীয়ৰ আত্মপৰিচয়ো পৃথক হৈছে।

ভাৰতীয়ৰ অৰ্থাৎ ভাৰতৰ ভৌগোলিক পৰিসীমা সুদীর্ঘকাল ধৰি প্ৰায় একে আছে। এই পৰিসীমা ‘পৱিত্ৰ' (Sacred geography) : enclosed between Indus river. Himalayas and seas...for 2500 years since the time of Mahabharata i। অর্থাৎ যোৱা আঢ়ৈ হাজাৰ বছৰ ধৰি 'ভাৰত'ৰ ভৌগোলিক সীমা একেই আছে: পশ্চিমে সিন্ধু নদী, দক্ষিণে মহাসাগৰ আৰু উত্তৰে হিমালয় পর্বত। ঘটনাক্রমে ভাৰতৰ পূব সীমা কেতিয়াও নিৰ্ধাৰণ কৰা নহ'ল। এইখন ভাৰত বহু বৰ্ণ আৰু ‘সৰ্ব ধৰ্ম সমভাব’— সেয়ে এই ভূখণ্ডৰ সংস্কৃতিক নিজৰ বোলা ধৰ্ম-বৰ্ণৰ পৰিচয় নির্বিশেষে সকলোৱেই ভাৰতীয়। এই মনোধাৰণাৰ বাবেই বিচিত্র ভূগোল বিচিত্র জলবায়ুৰ দেশ এখনৰ কোটি কোটি বাসিন্দা ‘এক ভাৰতীয়'—এনে ঘটনা বিশ্বত আন ক’তো ঘটা নাই।

ভাৰতীয়ৰ আত্মপৰিচয়ৰ এই তাত্ত্বিক ছাঁতে থিয় হৈ আমি ক'বলৈ যত্ন কৰিছিলোঁ, যে অসমীয়াৰ সংজ্ঞা বা আত্মপৰিচয় (Assamese Identity) নিৰ্ধাৰণ কৰে তিনিটা উপাদানে—ভৌগোলিক পৰিসীমা (territory), সংস্কৃতি (culture) আৰু ভাষাই (language)। অসমীয়াত্ব নিৰ্ধাৰণত ধৰ্মই কোনো ভূমিকা পালন কৰা নাই। সংস্কৃতি আৰু ভাষাক স্থিৰ ৰাখি অসমৰ ভৌগোলিক পৰিসীমাৰ সাল-সলনি হৈ আছে সময়ে সময়ে—প্ৰকৃততে 'অসম'ৰ সুনিৰ্দিষ্ট মানচিত্র এখন এতিয়াও তৈয়াৰ হৈ উঠা নাই। সেইবাবেই অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণত ভৌগোলিক পৰিসীমাতকৈ (territory) ৰাজনৈতিক মানচিত্ৰৰহে (political boundary) প্ৰভাৱ অধিক বুলি এতিয়া ক'ব খোজোঁ। সকলো দিশৰ বিশ্লেষণৰ পাছত আমি ক'ব পৰা হৈছোঁ যে 'অসমীয়া মানুহ' সেইসকলেই, যিসকল—অসমৰ ৰাজনৈতিক পৰিসীমাত বসবাস কৰে, অসমৰ ধৰ্মনিৰপেক্ষ সংস্কৃতি গ্ৰহণ কৰে আৰু অসমীয়াক প্রথম, দ্বিতীয় আৰু তৃতীয়ৰ যিকোনো এটা ভাষা বুলি আনুষ্ঠানিকভাৱে স্বীকাৰ কৰে। এনে প্রতিজন ব্যক্তি (ক) জনজাতি বা জনজাতিমূলৰ হ’ব লাগিব, (খ) যদি (ক) চৰ্ত পূৰণ নকৰে, তেন্তে অসমত অন্ততঃ ধাৰাবাহিকভাৱে আৰু পুৰুষাণুক্রমে অন্ততঃ চাৰি পুৰুষ ধৰি বসবাস কৰা হ'ব লাগিব, অৱশ্যে এই সীমা ১৯৭১ চনৰ ২৪ মাৰ্চৰ আধাৰত হ'ব। (Those are Assamese people, or Assamese, who lives within the political boundary of Assam, nurtures secular Assamese culture and accepts Assamese language officially as 1st, 2nd and 3rd language as his own. They must be tribal or of tribal-origin and should live in Assam for atleast four generations continuously without leaving the place; based on 24 March, 1971) ভাষাৰ প্রথম, দ্বিতীয় আৰু তৃতীয় স্থান চিনাক্তকৰণৰ ক্ষেত্ৰত আমি গুৰুত্ব দিছো লোকপিয়লত দিয়া মাতৃভাষাৰ সংজ্ঞাক।

নাগৰিকপঞ্জীৰ পাছত

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন ব্যৱহাৰিক নথিৰূপে যুগুত হৈ ওলালে যোৱা আধা শতিকা জুৰি অসমীয়াই কৰি থকা প্ৰশ্নটোৰ উত্তৰ ওলাব। প্রশ্নটো হ'ল। অসমত থকা অনুপ্ৰৱেশকাৰীৰ সংখ্যা কিমান? সংখ্যাটো বৃহৎ অথবা ক্ষুদ্র যিয়েই নহওক, উত্তৰ এটা ওলাব। বাস্তৱ স্থিতিটো হ'ল অনুপ্ৰৱেশকাৰী বুলি চিহ্নিত হ’বলৈ ওলোৱাসকলৰ নিৰান্নবৈ শতাংশই হ’ব বাংলাদেশী মূলৰ। ১৯৭১ চনক সীমা কৰি লোৱা বাবে এইবাৰ বংগমূল' কথাষাৰ খাপ নাখাব। পিছে নাগৰিকপঞ্জী হৈ উঠিলেই বা অনুপ্ৰৱেশকাৰী চিহ্নিত হ'লেই অসমীয়া ভাষা-সংস্কৃতি সুৰক্ষিত হ'ব বুলি ভবাটো বাতুলতা হ’ব। চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণৰ ৰূপৰেখা নিৰ্ধাৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া সমিতিখনে কিছু পৰামৰ্শ চৰকাৰক আগবঢ়াব। তাৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা ল'ব, যি ব্যৱস্থাৱলী হ'ব – চুক্তিয়ে কোৱা মতে সাংবিধানিক, বিধায়িনী আৰু প্ৰশাসনীয় (Constitutional, legislative and administrative)। সংবিধানত অসমৰ বাবে বিশেষভাৱে প্রযোজ্য হোৱাকৈ এটা দফা সংযোগ কৰা, বিধানসভা আৰু লোকসভাৰ কেইখনমান আসন 'অসমীয়া মানুহ'ৰ বাবে সংৰক্ষণ কৰা, চাকৰি-বাকৰিৰ কিছু পদো ‘অসমীয়া মানুহৰ বাবে সংৰক্ষণ কৰা, মাটি ক্রয়-বিক্ৰয়ত কিছু বাধা নিষেধ ৰখা, অসমীয়া ভাষা-কৃষ্টি অধ্যয়নৰ বাবে সুকীয়া পুঁজিৰ যোগান ধৰা—এই ধৰণৰ কেইটামান ব্যৱস্থাহে কেন্দ্ৰীয় চৰকাৰে কৰিব। এই ধৰণৰ ব্যৱস্থাই বাৰু অসমীয়া ভাষাৰ, অসমীয়া সংস্কৃতিৰ বিকাশ সাধন কৰিব পাৰিবনে? ‘অসমীয়া মানুহৰ মনত উদ্যমশীলতা সৃষ্টি কৰিব পাৰিবনে যাতে উদ্যোগ আৰু বাণিজ্যৰ বিকাশ হয়? ভাগি পৰা ৰাজহুৱা শিক্ষা ব্যৱস্থা উদ্ধাৰ কৰিব পৰাকৈ অসমীয়া মানুহক সৃজনশীল কৰি তুলিব পাৰিবনে? ‘অসমীয়া মানুহক অসমীয়া কিতাপ-কাকত পঢ়িবলৈ উদগনি যোগাব পাৰিবনে? সর্বোপৰি অসমৰ সমাজ জীৱনৰ বাবে আচহুৱা যিবোৰ ক্ষতিকৰ সামাজিক ৰীতি-নীতি ঘাইকৈ উত্তৰ ভাৰতৰপৰা অনুপ্রবেশ কৰিবলৈ ধৰিছে, সেইবোৰৰ অনুশীলনৰপৰা অসমীয়া মানুহ'ক মুক্ত কৰিব পাৰিবনে?

অসমৰ সমাজ জীৱনত ধর্মান্ধতা কেতিয়াও নাছিল। জনজাতি অজনজাতি বুলি, নিম্ন জাত-উচ্চ জাত বুলি, হিন্দু-মুছলমান বুলি সামান্য ব্যৱধান আছিল, কিন্তু পাষাণ-প্ৰাচীৰ নাছিল কোনোকালে। জনজাতি মাত্রেই ঘৃণাৰ পাত্ৰ বা মুছলমান হ'লেই শত্ৰু বুলি ভবাৰ মানসিকতা অসমৰ সমাজ জীৱনত নাছিল। উত্তৰ ভাৰতৰ লগত যোৱা তিনি-চাৰিটা দশকত বৃদ্ধি পোৱা সামাজিক-ৰাজনৈতিক সম্পর্কইহে অসমৰ সমাজ জীৱনলৈ এই বিষ ধাৰণাৰ আমদানি ঘটাইছে। এনে কিছুমান সামাজিক ৰীতি-নীতি যোৱা সময়ছোৱাত উত্তৰ ভাৰতৰপৰা অসমৰ সমাজ জীৱনত সোমাল, যিবোৰে অসমীয়া সমাজৰ মূল গাঁথনিটোকে ভাঙি পেলাবলৈ ওলাইছে। 'অসমীয়া মানুহক'ক ৬ নম্বৰ দফাৰ ৰূপায়ণ লাগেই। ‘সাংবিধানিক, বিধায়িনী আৰু প্ৰশাসনীয় ৰক্ষাকবচ' লাগেই, নাগৰিকপঞ্জী লাগেই; কিন্তু সকলোতকৈ আগেয়ে লাগে এনে এখন সামাজিক পঞ্জী—যত হাজাৰ বছৰীয়া ধৰ্মনিৰপেক্ষ অসমীয়া সমাজ ব্যৱস্থাৰ ৰীতি-নীতিবোৰ সন্নিৱিষ্ট হ’ব, যিবোৰ পালন-ৰূপায়ণৰ জৰিয়তে অসমীয়া সমাজৰ গণতান্ত্ৰিক ৰূপটো সংৰক্ষিত হ’ব, যি ঘোষণা কৰিব— সর্বধর্ম সমভাব অসমীয়া সমাজৰ বাস্তৱ আধাৰ হৈ আছিল। আঢ়ৈ হাজাৰ বছৰ ধৰি।


Previous Post Next Post