অসমৰ জনপ্ৰিয় শিল্পী গায়ক জুবিন গাৰ্গৰ এটা ভিডিও য়ে সামাজিক মাধ্যমত এক বিশেষ বিতৰ্কৰ সৃষ্টি কৰাৰ পৰিলক্ষিত হৈছে। ভিডিও টোত দেখা পোৱা গৈছে যে অসমৰ জনপ্ৰিয় শিল্পী তথা গায়ক জুবিন গাৰ্গে অসমীয়া জাতিৰ স্বাভীমানৰ প্ৰতিক আদৰৰ গামোচাখন ৰাজহুৱা ভাবে অলপমান কৰিছে। বিতৰ্ক হৈছে যে জুবিন গাৰ্গে অসমীয়া জাতিৰ স্বাভীমানৰ গামোচা খন এনেকৈয়ে দলিয়াই পেলাই দিব নালাগিছিল! কিন্তু ৰ'ব প্ৰকৃততে অসমৰ জনপ্ৰিয় শিল্পী তথা গায়ক জুবিন গাৰ্গে এনে কৰিছিল নে বাৰু? দৰাচলতে শিল্পী তথা গায়ক জুবিন গাৰ্গে গামোচাখন দলিয়াই পেলাই দিয়াৰ অৰ্থ বেলেগ আছিল। জুবিন গাৰ্গে গামোচাখন দলিয়াই পেলাই দিয়াৰ লগতে তেওঁ কৈছিল যে এইয়া প্ৰকৃত অসমীয়া স্বাভীমানৰ গামোচা নহয়। অৰ্থাৎ তেওঁ কব বিচাৰিছে যে এইয়া অসমীয়া শিপিনিয়ে বনোৱা গামোচা নহয় । এইয়া আমদানি কৰা গামোচাহে যি নেকি দক্ষিণ ভাৰতত প্ৰস্তুত কৰা হয়। আৰু এই গামোচা অসমে ক্ৰয় কৰাৰ ফলত অসমীয়া থলুৱা গামোচা লখতে অসমীয়া শিপিনিয়ে উচিত মূল্য নেপায়।