![]() |
মাছ মাৰি থকা সময়ৰ আঙুলতা ডেকা। |
কেতিয়াও নিজকে ভাগৰিবলৈ নিদিয়া উদ্যমী আৰু সাহসী জনপ্ৰিয় অভিনেত্ৰী তথা ৰাজনৈতিক নেত্রী আঙুলতা ডেকাই এতিয়াও বটদ্ৰৱা সমষ্টিৰ ৰাইজক সেৱা আগবঢ়াব'লৈ এৰি দিয়া নাই। চৰকাৰী তথা মন্ত্ৰীত্বৰ দায়িত্ব নাথাকিলেও অহৰহ দিনে ৰাতি সেৱা আগবঢ়াই আহিছে ইতিহাসিক বটদ্ৰৱা সমষ্টিৰ পুৰণি বিধায়িকা আঙুলতা ডেকাই ।
![]() |
জীয়ৰী সৈতে অন্তৰঙ্গ মূহুৰ্তত আঙুলতা ডেকা |
একেদৰে যোৱা কালি পোৱাৰ ভাগত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰবিত্র উপজা ভূমি নগাওঁ জিলাৰ অন্তৰ্গত বটদ্ৰৱা প্ৰকল্পত প্ৰথম বাৰৰ বাবে উপস্থিত হোৱা অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰাৰ লগত একেলগে পুৰণি বিধায়িকা আঙুলতা ডেকাই সেই স্থানত উপস্থিত হৈ বটদ্ৰৱা প্ৰকল্পৰ পৰ্য্যবেক্ষণত সহযোগ কৰি প্ৰকল্পটোৰ সামগ্ৰীক পৰিস্থি সাংস্কৃতিক মন্ত্ৰী বিমল বৰাক অৱগত কৰা দেখিবলৈ পোৱা গৈছিল।
ঠিক একেদৰে আজিও Batadraba ৰ পুৰণি জনপ্ৰিয় বিধায়িকা আঙুলতা ডেকাই বৰদোৱা বাসী ৰাইজৰ সামগ্ৰিক উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত Morigaon জিলাৰ বিভিন্ন পঞ্চায়তৰ ৩১ টাকৈ ৰাজহুৱা ধৰ্মীয় অনুষ্ঠানলৈ অসম চৰকাৰে আগবঢ়োৱা অভিলাষী আঁচনি Assam Darsan ৰ জড়িয়তে Angurlata Deka য়ে ধৰ্মীয় অনুষ্ঠান সমূহলৈ সাহাৰ্য্য আগবঢ়াই ।
লগতে অঞ্চল টোত উপস্থিত থকা ভকত বৈষ্ণৱ আৰু আই মাতৃ সকলক শ্ৰদ্ধা আৰু মৰম আগবঢ়াই।
আজি অসম চৰকাৰে আগবঢ়োৱা অভিলাষী আঁচনি Assam Darsan ৰ জড়িয়তে আঙুলতা ডেকাই Batadraba সমষ্টিৰ অন্তৰ্গত মৰিগাঁও জিলাৰ বিভিন্ন ঠাইত সাহাৰ্য্য আগবঢ়োৱা ধৰ্মীয় আৰু ৰাজহুৱা অনুষ্ঠান সমূহৰ নাম ৰাইজৰ জ্ঞাতাৰ্থে তলত উল্লেখ কৰা হ'ল।
- কুঁজিসত্ৰ মুকলি নামঘৰ, বৰছিলা৷
- বোৱালগুৰি বৰ নামঘৰ, বৰছিলা৷
- একশৰণ নামধৰ্ম জনজাতি সমাজ নামঘৰ, বৰছিলা৷
- কহুঁৱাআটী কৈৱৰ্ত গাওঁ নামঘৰ, বৰছিলা৷
- গোঁসাইখন্দা তিৱা সাৰ্বজনীন নামঘৰ, বৰছিলা৷
- তিৱা জনজাতি কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ কাষত কঁটহগুৰী নামঘৰ, বৰছিলা৷
- বৰছিলা বাকৰিচুক কৈৱৰ্ত বৰ নামঘৰ, বৰছিলা৷
- বৰমণিপুৰ লালুংগাওঁ নামঘৰ, পাঘালী৷
- পানবাৰী বুঢ়া নামঘৰ, পাঘালী৷
- পশ্চিম বৰিগাওঁ বুঢ়া নামঘৰ, পাঘালী৷
- কেওঁতাগুৰি বুঢ়া নামঘৰ, ভকতগাঁও৷
- পলাশবড়ী নামঘৰ, ভকতগাঁও৷
- বাকৰিগাওঁ শঙ্কৰী জনজাতি নামঘৰ, ভকতগাঁও৷
- নিজ কপাহেৰা বজাৰঘৰ নামঘৰ, ভকতগাঁও৷
- ঘুমতিগাঁও নামঘৰ, ভকতগাঁও৷
- ভকতগাঁও কোচখেল নামঘৰ, ভকতগাঁও৷
- মিকিৰগাওঁ বুঢ়া নামঘৰ, ভকতগাঁও৷
- গাওঁবুঢ়াগাওঁ জনজাতি নামঘৰ, ভকতগাঁও৷
- সোণাৰীগাওঁ সুত সম্প্ৰদায় নামঘৰ, ভকতগাঁও৷
- পশ্চিম বামুণবড়ী জনজাতি নামঘৰ, ভকতগাঁও৷
- বামুণবড়ী নামঘৰ, ভকতগাঁও৷
- পূৱ ভকতগাঁও নামঘৰ, ভকতগাঁও৷
- কৰদৈতল নামঘৰ, পাঘালী৷ ধন্যবাদ