মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ সংঘৰ।

জগত গুৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্ম মহোৎসৱত ৰাষ্ট্ৰীয় বন্ধৰ আহ্বান। 


Simanta Sankardev Sangha.

মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাত কৰি এই দাবী উত্থাপন কৰে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ সংঘই।  এই সাক্ষাতৰ সময়ত উপস্থিত থাকে শ্ৰীমন্ত শঙ্কৰদেৱৰ সংঘৰ কেন্দ্ৰীয় সমিটিৰ উপদেষ্টা ভৱেন্দ্ৰনাথ ডেকা , যুটীয়া সম্পাদক ড৹ দূৰ্লভ পাঠক, জোন মেধিকে আদি কৰি আৰু কেইবাজনো ৰে গঠিত এই সজাতি দলটোৱে নৱ নিৰ্বাচিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শুভেচ্ছা জ্ঞাপন কৰাৰ ওপৰিও অসমৰ জাতীয় তথা সাংস্কৃতিক বহু সমস্যাৰ সমাধানৰ আহ্বান লগতে দাবী জনাই এখন স্মাৰক প্ৰত্র আগবঢ়াই । 

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আগবঢ়োৱা উক্ত স্মাৰক প্ৰত্র খনত আন দাবী তথা সমস্যা সমুহ হৈছে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্ম উৎসৱত ৰাষ্ট্ৰীয় বন্ধৰ আহ্বান , অসমৰ বহু   পুৰণি জলন্ত সমস্যাৰ সমাধান, অসমৰ খিলঞ্জীয়াৰ জাতীয় জীৱনৰ সুৰক্ষিত ভবিষ্যত নিশ্চিতকৰণৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া আসোঁৱাহ মুক্ত ভাৱে সু নিশ্চিত কৰা। অসমৰ জাতীয় তথা সাংস্কৃতিক প্ৰাণ কেন্দ্ৰ মহাপুৰুষ জনাৰ সৃষ্টি নামঘৰ সমূহৰ উন্নয়নৰ বাবে অভিলাষী আঁচনি প্ৰস্তুত কৰা।  নগাওঁ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ বিশ্ববিদ্যালয়ৰ আন্ত:গাঁথনি উন্নয়নৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা, মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱেৰ জন্ম স্থান উন্নতিকৰণ। অধ্যয়ন আৰু গৱেষণাৰ বাবে চৰকাৰী পদক্ষেপ গ্ৰহণ। অসম ৰাজ্যৰ ধৰ্মীয় অনুষ্ঠান সমুহৰ বেদখল ভূমি পুনৰ উদ্ধাৰ লগতে উন্নয়ন কৰা।  অসমৰ ভৌগলিক তথা প্ৰাকৃতিক ভাৰসাম্য বৰ্তাই ৰখাবলৈ ২০ লাখ বৃক্ষ ৰোপনৰ আঁচনিৰ লগতে অসমৰ জাতীয় জীৱনৰ লগত জড়িত  আন বহু কেইটা গুৰুত্বপূৰ্ণ সমস্যা তথা দাবী উল্লেখ আছে ।


আনহাতে মহাপুৰুষশ্ৰীমন্ত শঙ্কৰদেৱৰ সংঘৰ কেন্দ্ৰীয় সদস্যই সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে সংঘ য়ে আগবঢ়োৱা উক্ত স্মাৰক প্ৰত্র খনত উল্লিখিত অসমৰ জাতীয় জীৱনৰ লগত জড়িত প্ৰত্যেকটো  দফা গুৰুত্ব সহকাৰে  ইতিবাচক সহাঁৰি জনাই যথাবিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে।

Previous Post Next Post