![]() |
Assamese alphabet discover |
‘অসমীয়া লিপিঃ এক ঐতিহাসিক অনুসন্ধান'
৩০০-৩৪০ চনৰ নগাজৰি খনিকৰ গাঁও লিপিত অসমীয়া লিপিৰ জন্ম হৈছিল আৰু তাৰ ৬৫০ বছৰৰ পাছত (৯৮০-১০৩৬) চনত বাংলা লিপিয়ে জন্ম লাভ কৰিছিল। ডিব্ৰুগড় সাহিত্য সভা, কোকৰাঝাৰ মহিলা মহাবিদ্যালয় আভ্যন্তৰীণ মান নির্ণায়ক কোষ আৰু ডিব্ৰুগড় হনুমানবক্স সূৰ্যমল কানৈ মহাবিদ্যালয়ৰ কবিতা অধ্যয়ন চক্ৰৰ উদ্যোগত অনুষ্ঠিত 'অসমীয়া লিপি ই এক ঐতিহাসিক অনুসন্ধান' বিষয়ৰ বক্তৃতানুষ্ঠানত বিশিষ্ট লিপি গৱেষক ভাস্কৰ বৰদলৈয়ে আজি এইদৰে কয়। অনুষ্ঠানটিত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি বৰদলৈয়ে অসমীয়া লিপিৰ ২৩১ টা পুৰাতাত্ত্বিক সাক্ষ্যৰ ভিত্তিত অসমীয়া লিপিৰ উদ্ভৱ আৰু ক্ৰমবিকাশৰ মৌলিক চিন্তাসমৃদ্ধ বক্তৃতা প্রদান কৰে। উল্লেখ্য যে সামান্য সাদৃশ্য থকাৰ বাবে অসমীয়া লিপিক বাংলা লিপিৰ পৰা গ্ৰহণ কৰা বুলি থকা প্ৰচলিত ধাৰণাক অসমীয়া লিপিৰ প্ৰতিটো বৰ্ণৰ বিকাশৰ পুৰাতাত্ত্বিক সাক্ষ্যৰ ভিত্তিত বৰদলৈয়ে নস্যাৎ কৰে। বৰদলৈয়ে কয়— জর্জ বুহলাৰ, গৌৰীশংকৰ হীৰচন্দ ওজা, ৰাখাল দাস বন্দোপাধ্যায়, অসিত কুমাৰ বন্দোপাধ্যায়, আহমদ হাছান দানি, বিচার্ড চলমন ইত্যাদি লিপিৰ পণ্ডিতসকলে অসমীয়া লিপিৰ ২৩১ টা পুৰাতাত্ত্বিক সাক্ষ্যৰ এটাৰো অধ্যয়ন কৰা নাই। আলোচনাত বৰদলৈয়ে অসমীয়া আৰু বাংলা লিপিৰ ক্ৰমবিকাশৰ তালিকাৰ ভিত্তিত প্ৰতিটো বৰ্ণৰ তুলনামূলক আলোচনাৰে অসমীয়া লিপিৰ প্ৰতিটো বৰ্ণ বাংলা লিপিৰ প্ৰতিটো বৰ্ণতকৈ আগত বিকশিত হোৱাৰ পুৰাতাত্ত্বিক সাক্ষ্য তুলি ধৰি চতুর্থ শতিকাত জন্মা অসমীয়া লিপিৰ পাছত পঞ্চম শতিকাৰ উমাচল লিপিত দেবনাগৰী লিপিৰ জন্ম হৈছিল বুলিও পুৰাতাত্ত্বিক সাক্ষ্য দাঙি ধৰে। কানৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড° মনমী বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত অতি সাৱলীল, ৰসাল কথাৰে সঞ্চালনা
কৰে ক্ৰমে কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি ড° শশীকান্ত শইকীয়া, কামৰূপ মহাবিদ্যালয়ৰ (চামতা) অধ্যাপিকা, নলবাৰী লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা ড° কবিতা চৌধুৰী আৰু কোকৰাঝাৰ মহিলা মহাবিদ্যালয়ৰ অধ্যাপক নীল কুমাৰ ব্ৰহ্মই। ডিব্ৰুগড় সাহিত্য সভাৰ সাংস্কৃতিক সম্পাদিকা টুনুমণি বৰুৱাৰ “চিৰ চেনেহী মোৰ ভাষা জননী' গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি অসম সাহিত্য সভাৰ প্রধান সম্পাদক যাদৱ চন্দ্র শর্মাই বক্তৃতানুষ্ঠানটি আয়োজন কৰাৰ বাবে উদোক্তা সমিতিক ধন্যবাদ জ্ঞাপন কৰে। ডিব্ৰুগড় সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সম্পাদক ৰাতুল বুঢ়াগোহাঁয়ে উদ্দেশ্য ব্যাখ্যা কৰা বক্তৃতানুষ্ঠানটিৰ উদ্বোধক বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা লেখক ড° ৰাতুল ডেকাই কয় যে অসমীয়া লিপিৰ যি পুৰাতাত্ত্বিক সমল আছে, সেই সমলসমূহ অধ্যয়ন তথা সংৰক্ষণৰ অতি প্রয়োজন। দক্ষিণ আফ্রিকাৰ প্ৰিটৰীয়া নিৱাসী, বিশিষ্ট বিজ্ঞানী, স্নেহবন্ধনৰ সহকাৰী সম্পাদক ড° মুকুট গোহাঁয়ে কয় বক্তৃতানুষ্ঠানটিয়ে অসমৰ লগতে বিশ্বব বিভিন্ন প্রান্তত থকা প্ৰৱাসী অসমীয়াসকলক যথেষ্ট পৰিমাণে উপকৃত কৰিব। তেওঁ কয় – বিশ্বৰ বিভিন্ন প্রান্তৰ গৱেষকসকলে গৱেষণা পত্র প্রস্তুত কৰোতে ইংৰাজী ভাষাৰ লগতে এখন পত্ৰ নিজৰ মাতৃভাষাত যুগুত কৰাত গুৰুত্ব আৰোপ কৰে আৰু তাৰ বাবে চৰকাৰে পুঁজিৰ ব্যৱস্থা কৰে। অসম চৰকাৰেও এনে ব্যবস্থা গ্রহণ কৰিলে অসমীয়া ভাষা সমৃদ্ধ হ'ব। ডিব্ৰুগড় সাহিত্য সভাৰ উপ সভাপতি বিভাষ দুৱৰাই পৰিচয় দাঙি ধৰা বক্তৃতানুষ্ঠানটিত জেনেভা নিৱাসী, বিশিষ্ট চিকিৎসক, ডাঃ ডেইজী লেখাকৱে কোভিড মহামাৰীৰ এই ভয়াবহ সময়ত তথ্য প্রযুক্তিৰ মাধ্যমেৰে এনে এটা গুৰুত্বপূর্ণ বিষয়ত বক্তৃতানুষ্ঠান আয়োজন কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।
অসমীয়া লিপিঃ এক ঐতিহাসিক অনুসন্ধান'