কোনদিশে ধাৱমান অসমীয়া জাতিৰ ভৱিষ্যত!

 অসম আৰু অসমীয়া।

প্ৰয়াসী সূত্ৰধাৰ

প্ৰয়াসী সূত্ৰধাৰ। আজিৰ প্ৰেক্ষাপটত সকলোতকৈ ডাঙৰ প্ৰশ্নটোৱেই হৈছে কোনদিশে ধাৱমান অসমীয়া জাতিৰ ভৱিষ্যত! বুঢ়ালুইতৰ বহল পাৰত গঢ় লৈ উঠা অসমীয়া জাতি সাম্প্ৰতিক প্ৰেক্ষাপটত কিমান সুৰক্ষিত? ইয়াৰ বাবে কেৱল চৰকাৰক দোষ দিলেই নহ'ব, সমানে আমিও দোষী। বেনাৰত ক'লা চাই সানিলে ভাষাৰ অস্তিত্ব নাইকীয়া হৈ নাযায়, যদিহে ভাষাৰ প্ৰতি সন্মান আমাৰ হৃদয়ত থাকে। সেইদিনা বৰাকত হৈ যোৱা ঘটনাটোৰ বাবে বহুতেই বহু ধৰণৰ মন্তব্য আগবঢ়াইছে। সামাজিক মাধ্যমত ও একাংশ লোকে ঘটনাটোৰ বিৰুদ্ধে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে। কিন্তু ভাষাত ক'লা ৰংটো আমি নিজেই সানিছো। কিমানজনে আজি অসমীয়া বাতৰি কাকত, আলোচনী কিনি পঢ়ে? ওলাব কিন্তু সংখ্যা তেনেই কম। জাতিটোৰ দুৰৱস্থা আজি কাৰ বাবে ? আজি অসমতেই দেখোন অসমীয়া ভাষা ক'বলৈ নজনাটো এক গৌৰৱৰ বিষয় হৈ পৰিল। কিয়? আমি জাতি গ'ল , ভাষা গ'ল , সংস্কৃতি গ'ল বুলি আন্দোলন কৰোঁ। কিন্তু আমি নিজেই জানো দায়ী নহয় আজিৰ এই পৰিস্থিতিৰ বাবে? বাপতিসাহোন বিহুটিটো আধুনিকতাৰ ৰহণ সানিছে একাংশ লোকে। পিঠা পিঠা পণা ও আজিকালি বজাৰতেই উপলব্ধ। থলুৱা খাদ্য নাখায়, খাবলৈ বেয়া পায় , বাৰ্গাৰ , পিজ্জা হে খায়। স্বকীয়তা বিসৰ্জন দি আমি আধুনিক হ'বলৈ গৈছোঁ , আৰু ভাষা গ'ল , জাতি গ'ল বুলি প্ৰতিবাদো কৰিছোঁ। শিক্ষাৰ ক্ষেত্ৰত মাধ্যম কেতিয়াও অন্তৰায় হ'ব নোৱাৰে যদিও আজি কিমানজন ব্যক্তিয়ে নিজ সন্তানক অসমীয়া মাধ্যমত পঢ়ায়? তাৰ সংখ্যাও তেনেই কম। সকলো ভাষাই শিকিব লাগে , সেইবুলি নিজক পাহৰি?কিয়? অসমীয়া বুলি নিজক পৰিচয় দি অসমীয়া নজনাটো জানো লাজৰ বিষয় নহয়? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আজি অসমতেই এই বিলৈ। তেওঁৰ বিষয়ে আজি কিমানজনে ভালকৈ জানে? জন্ম তিথি , মৃত্যু তিথিত আমি গুৰুজনাক সুৱৰো কিন্তু তেওঁৰ যি অমৰ সৃষ্টি আমি কিমানজন অসমীয়াই জীয়াই ৰাখিছোঁ? পাৰিছো নে আমি তেওঁৰ অমৰ সৃষ্টি গোটেই বিশ্ব দৰৱাৰত প্ৰতিষ্ঠিত কৰিব? জ্যোতি সংগীত, ৰাভা সংগীত আজিৰ বহু অসমীয়াই নুশুনে। ভূপেন দা , ৰাণা দা , খগেন মহন্ত তেওঁলোকৰ যি অনৱদ্য সৃষ্টি আজি কিমানজনে সেই কালজয়ী গীতবোৰ শুনে? শুনে , নুশুনা নহয় কিন্তু সংখ্যা তেনেই কম। কিহৰ বাবে? কাৰ বাবে হেৰাই যাব সেই কালজয়ী সৃষ্টি? দেহ মন জুৰ কৰি যোৱা সেই গীতসমূহৰ সলনি হুলস্থুলীয়া গীতবোৰৰ পয়োভৰ আজিকালি বেছি। আমি এইয়া আধুনিক হৈছোঁ নে, ধ্বংস মাতিছো? অসমীয়া গ্ৰন্থ কিমানজনে পঢ়ে? পঢ়ে , নপঢ়া নহয় , সেয়েই চাগৈ জীয়াই আছে সাহিত্য। কিন্তু কিমান জনে?কিয় গঢ়ি উঠা নাই গ্ৰন্থ আন্দোলন? কমলাকান্ত ভট্টাচাৰ্য্যদেৱে "জাতীয় গৌৰৱ" কবিতাটিৰ মধ্যমেৰে ঠিক কথাকেই কৈ গৈছে "ঠিক অসমীয়া মানুহ নহয়, অসম শ্মশান নোহে কোনে কয়?"আমি সচেতন হ'ব লাগিব। জাতি, মাটি, ভেটি, সংস্কৃতি ৰক্ষাৰ্থে কত আন্দোলন হ'ল , কত জনে যে হেৰুৱালে জীৱন। তৎস্বত্তেও আজি পৰ্যন্ত অসমীয়া জাতি , সংস্কৃতি , ভাষা সুৰক্ষিত নহয়। কিয়নো আমি নিজেই নিজক বিসৰ্জন দিছোঁ। জাতিৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিজন শ্বহীদৰ অভিশাপ আমাৰ গাত লাগিব যদিহে আমি ৰক্ষা কৰিব নোৱাৰোঁ আমাৰ কৃষ্টি, সংস্কৃতি, জাতি, মাটি, ভাষা। হয়, আমি গোটেই বিশ্বৰে বিশ্ববাসী হ'ম, কিন্তু তাৰ আগত আমি অসমীয়া, অসমীয়া আমাৰ প্ৰথম পৰিচয় "This is the time to get global but before being global everyone needs to be regional"। যদি অসমীয়া সচেতন নহয়, এনেকৈয়ে থাকে তেনেহ'লে ভূপেন দাই গাই যোৱা "আজিৰ অসমীয়াই নিজক নিচিনিলে অসমতে ভগনীয়া হ'ব" তাৰ বাস্তৱ প্ৰয়োগ হ'বলৈ বৰ বেছি পৰ নালাগিব।

প্ৰয়াসী সূত্ৰধাৰ ( বৰপেটা )
ফোন: ৭***৩৮**৭৪

Previous Post Next Post