ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিল নগাঁও জিলাৰ বঢ়মপুৰৰ সন্তান দেৱজিৎ গায়ন ।


ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিল নগাঁও জিলাৰ বঢ়মপুৰৰ সন্তান দেৱজিৎ গায়ন । উল্লেখযোগ্য যে খাচী চলচিত্ৰ “লিউদুহ“ চবিখনিত শব্দ গ্ৰহণ ৰ বাবে “Best Audiography “ সন্মান লাভ কৰিছে ইতিমধ্যে এই বিশেষ ছবিখনৰ সুন্দৰ শব্দ গ্ৰহণৰ বাবে দেৱজিৎ গায়নে ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিছে  ৰজতকমল বঁটা । নতুন দিল্লীত অনুষ্ঠিত হোৱা  চলচিত্ৰ মহোৎসৱৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নগাওঁ জিলাৰ বঢ়মপুৰৰ দেৱজিৎ গায়নলৈ  দেশৰ উপ-ৰাষ্ট্ৰপতি ভেংকয়া নাইডুয়ে এই ৰজতকমল বঁটা প্ৰদান কৰে । উল্লেখযোগ্য যে  ৷ দেবজিত গায়নলৈ আগবঢ়োৱা ৰজতকমল সন্মানে নগাওঁ জিলাৰ বঢ়মপুৰৰ বাসীৰ লগতে সমগ্ৰ অসম বাসীক আনন্দিত কৰিছে ৷

এই খিনিতে উল্লেখ কৰিবলগীয়া কথা যে নগাঁও দেৱজিৎ গায়নে গুৱাহাটীত অৱস্থিত জ্যোতি চিত্ৰবনৰ পৰা শব্দ গ্ৰহণৰ আনুষ্ঠানিক শিক্ষা লাভ কৰি পিছলৈ চলচিত্ৰ জগতখনৰ লগত জড়িত হৈ পৰে। নগাঁও জিলাৰ বঢ়মপুৰৰ এখন সৰু ঠাই ঘোগৰ গাৱঁত জন্ম গ্ৰহণ কৰা দেবজিৎ গায়নৰ পিতৃ মাতৃৰ নাম দধি ৰাম গায়ন আৰু জুনু গায়ন ৷


Previous Post Next Post