ৰাইজৰ দলৰ মদ, টকাৰ বিতৰণৰ অভিযোগ। থাওৰা সমষ্টিত আটক এজন।

ৰাইজৰ দলৰ মদ, টকাৰ বিতৰণৰ অভিযোগ।

অসমীয়া জাতি, ভাষা ৰক্ষাৰ বাবে হোৱা "কা" আন্দোলনৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা কেইবাটাও ন ৰাজনৈতিক দলে ইতিমধ্যেই অসমৰ ৰাজনৈতিক ক্ষেত্ৰত বিশেষ চৰ্চা লাভ কৰাৰ পৰিলক্ষিত হৈছে। ন কৈ গঠিত হোৱা এইসমূহ ৰাজনৈতিক দলে ইতিমধ্যেই চৰকাৰ গঠন কৰাৰ উদ্দেশ্যৰে অতিকৈ কম সময়ৰ ভিতৰে ৰাইজৰ মাজতো জনপ্ৰিয়তা অৰ্জন কৰিছে। এক কথাত ক'বলৈ গ'লে জাতীয়তাবাদী বহু সংখ্যক ৰাইজে এই সমূহ আঞ্চলিক দলৰ কাষ চাপি এখন শক্তিশালী আৰু অসমৰ ভাষা সংস্কৃতি, ভূমিৰ হকে কাম কৰি যোৱা চৰকাৰ বিছাৰিছে।  কিন্তু ৰ'ব! এতিয়া আৰু সততাৰ ৰাজনীতি নাই! এতিয়া মদ ধনৰ হে ৰাজনীতি। সেয়া আঞ্চলিক দলেই হওঁক বা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলেই হওঁক। বহু ক্ষেত্ৰত সংবাদ মাধ্যমত চৰ্চা লাভ কৰা " ভোটাৰ মাজত ধন, মদৰ যোগান " কথাটো যেন এইবাৰ ন কৈ গজা বহু চৰ্চিত ৰাজৰ দলৰ ক্ষেত্ৰত শুনিবলৈ পোৱা গ'ল । ই আচৰিত হব লগিয়া কথাই । কিয়নো অন্য ৰাজনৈতিক দলে এনে কু-কাণ্ডজ্ঞান কৰিছে যদিও অসমৰ ভাষা , ভূমি ৰ ৰক্ষাৰ ক্ষেত্ৰত গঢ় লৈ উঠা  এটা জাতীয়তাবাদী ৰাজনৈতিক দলৰ পৰা জপনসাধাৰণে এনে আশা হয়টো সপোনটো কৰা নাছিল ।

উল্লেখযোগ্য যে শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিত ভোটাৰ মাজত ধন বিতৰণৰ কু কাণ্ডত সাঙুৰ খাইছে বহু চৰ্চিত ৰাজনৈতিক দল "ৰাইজৰ দলে"। আৰক্ষীৰ তদন্তত ৰাইজৰ দলৰ ৰাজনীতি প্ৰচাৰ অভিযান অন্ত পৰাৰ পাছত ৰাইজৰ মাজত ধন আৰু মদ বিতৰণৰ অভিযোগ সৃষ্টি হৈছে। সন্তোষ মৰাণ নাজৰ এজন লোক সাঙুৰ খাইছে এই অভিযোগত। তদন্তত এখন ষ্ক'ৰপ্ৰিঅ বাহনৰ পৰা উদ্ধাৰ হৈছে মদ আৰু ২০০০ টকীয়া ধনৰ টোপোলা। জানিব পৰা মতে এইখন ষ্ক'ৰপ্ৰিঅ বাহনতে ভোটাৰ ৰ বাবে এই ধন আৰু সুৰা খিনি লৈ আনা হৈছিল। উল্লেখযোগ্য যে ইতিমধ্যে নেমুগুৰি থানাই বাহন খন জব্দ কৰাৰ লগতে সন্তোষ মৰাণক জেৰা অব্যাহত ৰাখিছে। 

Previous Post Next Post