অসমৰ আৰু অধিক নিৰ্দিষ্টভাৱে অসমীয়াৰ অস্তিত্ব নিহিত আছে মাটি আৰু ভাষাত। এই দুটাৰ ওপৰত অধিকাৰ হেৰোৱা যেন পালেই, বিশেষকৈ অসমীয়া ভাষাই আনৰ ওচৰত হেয় হোৱা যেন অনুভৱ হ’লেই অসমীয়া গৰজি উঠে।
ঊনৈশ শতিকাত, অসম বৃটিছৰ অধীনলৈ যোৱাৰ পিছতো অসমত গঢ়ি উঠে ভাষিক জাতীয়তাবাদ। ৰাজ্যৰ আদালত আৰু বিদ্যালয়ৰ কামৰ মাধ্যম অসমীয়া কৰাৰ দাবীৰে এই জাতীয়তাবাদৰ উন্মেষ আৰু বিকাশ। অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা আৰু পিছলৈ অসম সাহিত্য সভাৰ জন্মও ঊনৈশ শতিকাৰ ভাষিক, জাতীয়তাবাদৰ পটভূমিতে হোৱা। বেপ্টিষ্ট মিছনাৰীসকল আৰু আনন্দৰাম ঢেকিয়াল ফুকনে গুৰি ধৰা ভাষাভিত্তিক জাতীয়তাবাদ কুৰি শতিকাৰ দ্বিতীয় ভাগত বৃক্ষ হৈ উঠে। বৃহৎ বৃক্ষৰ স্বভাৱ হ'ল, ই ডাল-পাতত পক্ষীক আশ্রয় দিয়ে, কাচিৎ কেতিয়াবা দেহত ধাৰণ কৰে অন্য কোনো উদ্ভিদ, কিন্তু ই নিজৰ ‘অধিকৃত অঞ্চল'ত কাকো বাঢ়িবলৈ নিদিয়ে। অসমীয়া ভাষা বৃক্ষৰো স্বভাৱ এনেকুৱাই হৈ উঠিল : সকলোকে আশ্রয় দিয়াৰ মনোভাব এটা গঢ়ি তুলিলেও কাৰো বিকাশত গুৰুত্ব দিবলৈ নিশিকিলে। তেতিয়াৰ সুবৃহৎ অসমখনৰ বাস্তৱ অৱস্থাটো গমি-পিটি নোচোৱাকৈ ১৯৫৯-৬০ চনত ৰাজ্য ভাষা অসমীয়া কৰিবলৈ পৰৱৰ্তী সময়ত কেৱল অসমীয়া ভাষাৰহে শিক্ষাৰ মাধ্যম কৰিবলৈ ১৯৭২ চনত আন্দোলন গঢ়ি তোলাৰ মাজেদি ভাষিক জাতীয়তাবাদে এই চৰিত্ৰকে প্ৰকাশ কৰিছিল। আধুনিক কালত সাংস্কৃতিক সকলোবোৰ দাবী-দাবা বা প্ৰয়োজনকে ৰাজনৈতিক দৃষ্টিভংগীৰেহে চোৱা হয় বাবে ‘অসমীয়া’ৰ সাংস্কৃতিক দাবী দুটায়ো ৰাজনৈতিক মাত্ৰা লাভ কৰিলে। গতিকেই ভাষিক সংঘাত এটাৰ সৃষ্টি হ'ল। এনে সংঘাতময় পৰিস্থিতিৰ তৎকালীন অসমৰ ৰাজনৈতিক নেতৃত্বই যথোপযুক্তভাৱে মোকাবিলা কৰিব নোৱাৰিলে। ৰাজনৈতিক দূৰদৰ্শিতাৰ অভাৱে ৰাজ্যখনৰ পৰিস্থিতি অধিক জটিল কৰি তুলিলে। ভাৰতত স্বাধীনতাৰ পিছত আনুষ্ঠানিক আৰু সাংবিধানিকভাৱেই সমাজবাদী ধ্যান-ধাৰণাৰ প্ৰৱৰ্তন কৰা হৈছিল। ক্ষুদ্র জাতিসত্তাৰ বিকাশৰ অধিকাৰৰ বিষয়টো সমাজবাদী ধ্যান-ধাৰণাৰে অন্তৰ্গত অপৰিহাৰ্য বিষয়। অসম অঞ্চলতো ক্ষুদ্র জাতিসত্তাবোৰৰ বিকাশমুখী প্ৰৱণতা এটা আছিলেই, এই ক্ষুদ্র জাতিসত্তাবোৰক ‘অসম' নামৰ ৰাজনৈতিক মানচিত্ৰখনৰ ভিতৰুৱা কৰিছিল বৃটিছেহে। এতেকে স্বাভাৱিকেই এয়া আছিল এটি ঔপনিৱেশিক প্রক্রিয়া। স্বাধীনতাপ্রাপ্ত ক্ষুদ্র জাতিসত্তাবোৰে বিকাশৰ স্বাভাৱিক প্ৰৱণতাৰেই এই ঔপনিৱেশিক বন্ধন ছিন্ন কৰিব বিচৰাটো আছিল বিজ্ঞানসন্মত প্রক্রিয়া। অসমীয়া ভাষী মধ্যবিত্তই নিজৰ অধিকাৰ ক্ষেত্ৰ বহল ৰখাৰ স্বাৰ্থত বৃটিছৰ ঔপনিৱেশিক দৃষ্টিভংগীকে বাহাল ৰাখিব বিচৰা বাবেই সংঘাত অধিক তীব্র হৈ উঠিছিল, ফলত অসমীয়া ভাষা বিৰোধী বিচ্ছিন্নতা-প্ৰৱণতাৰ সৃষ্টি হৈছিল। অসমত পূৰ্বৰ জিলা একোখন ৰাজ্য হোৱাৰ আঁৰত এনে প্ৰৱণতায়েই ক্ৰিয়া কৰিছিল।
জনজাতিসকল এনেদৰে এটা এটাকৈ আঁতৰি যোৱা দেখি অসমীয়া ভাষীসকল বেছিকৈ ভাষা-সচেতন হৈ পৰিল৷ গতিকেই শান্তিপূর্ণভাৱে আনবোৰ জনজাতি আঁতৰি যোৱাৰ ঘটনাক মানি লোৱাৰ দৰে বড়ো জনগোষ্ঠীৰ বিচ্ছিন্নতা প্ৰৱণতাৰ যুক্তি মানিবলৈ অসমীয়া ভাষীয়ে অস্বীকাৰ কৰিলে। ইতিহাসে প্রমাণ কৰিছে যে অসমীয়া ভাষা-সংস্কৃতি গঢ়ি তোলাত বড়ো কছাৰী গোষ্ঠীৰেই সৰ্বাধিক অৰিহণা আছে। এই গোষ্ঠীটোৱে বিদেশী ৰোমান লিপি বিচৰাত অসমীয়া ভাষীসকল উগ্ৰ হৈ উঠিছিল— আপোন ভাতৃয়ে সুকীয়া ঘৰ কৰিব বিচৰাত সৃষ্টি হোৱা উগ্র মানসিকতাৰেই। সেই সময়ত অসমীয়া ভাষীসকলে পাহৰি গৈছিল যে অসমীয়া ভাষা সংস্কৃতিৰ মাতৃস্বৰূপ বড়ো কছাৰীসকলে আন এটা ভাষা-সংস্কৃতি জন্ম দিব আৰু পালন কৰিব পাৰে। অৰ্থাৎ বড়োসকলৰ দাবীৰ ৰাজনৈতিক দিশটো অসমীয়া ভাষীসকলে দেখা নাছিল। এই অন্ধতায়ে বড়ো ভাষী-অসমীয়া ভাষীৰ চাৰি দশক জোৰা (১৯৬৭-২০০৩) সংঘাতৰ কাৰণ। পৰিস্থিতিটো এতিয়া বহুত সহজ হৈছে। বি টি এ ডি গঠনে সহজ কৰি তুলিছে। অসমীয়া ভাষীসকলে বড়ো ভাষাৰ বাবে ৰোমান লিপিৰ ন্যায্যতা মানি লোৱাই নহয়, বড়ো ভাষীসকলৰ ৰাজনৈতিক স্বায়ত্ত শাসনৰ অধিকাৰো মানি লৈছে। বৰ্তমানৰ ৰূপত ৰাজনৈতিক স্বায়ত্ত শাসনত যে বড়োসকল সদায়েই সন্তুষ্ট নাথাকে, তেওঁলোকে যে দুদিন দেৰিকৈ হ'লেও সুকীয়া ৰাজ্য এখন আদায় কৰি ল’বই, এই কথাও অসমীয়া ভাষীয়ে বুজি পোৱা হৈছে। অর্থাৎ ক'ব পাৰি, অসমীয়া ভাষীৰ উগ্ৰতা লাহে লাহে হ্রাস পাইছে।
ভাষাৰ প্ৰশ্নত দুশটা বছৰ ধৰি সংবেদনশীলতা প্ৰদৰ্শন কৰি অহা অসমীয়া ভাষীৰ মাজত শেহতীয়াকৈ শিপা মেলিছে এটা নেতিবাচক প্ৰৱণতাই। তথাকথিত অসম আন্দোলনৰ ব্যৰ্থতাই এই নেতিবাচক প্ৰৱণতাটোৰ জন্ম দিয়া বুলি ক'লেও ভুল কোৱা নহ'ব। অনতিদূৰ ভৱিষ্যতত অসমীয়াৰ অস্তিত্বৰ প্ৰতিয়েই ভাবুকি আনিব পৰা এই ভয়ঙ্কৰ প্ৰৱণতাটো হ’ল ইংৰাজী ভাষা-প্রীতি।
অসমীয়া ভাষী মধ্যবিত্তই আজিৰ তাৰিখত সবাতোকৈ ভাল পোৱা ভাষাটো হ’ল ইংৰাজী ভাষা। ‘অসম আন্দোলন'ৰ সমাপ্তিৰ পিছত যোৱা কুৰিটা বছৰত ইংৰাজী ভাষা অসমীয়া ভাষা মধ্যবিত্তৰ দ্বিতীয় মাতৃভাষাত পৰিণত হৈছে। এই শ্ৰেণীটোৰ বেছিখিনিয়েই মাধ্যম আন্দোলন আৰু অসম আন্দোলনৰ কট্টৰ সমৰ্থক আছিল, অসমীয়াৰ অস্তিত্বৰ বিলুপ্তিৰ শংকাত এই শ্ৰেণীটোৱেই সৰ্বাধিক ভুগিছিল। আন্দোলনটো কৰি অঁটোৱাৰ পিছত এই দিশত একো কৰিব লগা নাই বুলি শ্ৰেণীটোৱে ধৰি ল'লে। ইংৰাজী ভাষাক দ্বিতীয় মাতৃভাষাৰ মৰ্যাদা দি অস্তিত্বৰ সংকটত ভোগা পূৰ্বোত্তৰতে পৰিদৃষ্ট দৃষ্টান্তক এই শ্ৰেণীটোৱে গুৰুত্ব নিদিলে। অসমীয়া ভাষী মধ্যবিত্ত শ্ৰেণীটোৰ সভ্যসকলে নিজৰ সন্তানক ইংৰাজী মাধ্যমত পঢ়ুওৱাৰ যোগেদিয়েই এই কাম কৰিছে। অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ শীর্ষ সহযোগী সংস্থা অসম সাহিত্য সভা, সদৌ অসম কৰ্মচাৰী পৰিষদ তথা অসম কলেজ শিক্ষক সংস্থাৰ সভ্যসকলৰ কিমান শতাংশৰ সন্তানে শিক্ষাৰ মাধ্যম হিচাপে অসমীয়াকে ৰাখিছে? য’ত ইংৰাজী মাধ্যমৰ বিদ্যালয় কোনো কাৰণত গঢ়ি উঠা নাই, তাত বসবাস কৰা এই তিনিটা সংস্থাৰ সভ্যসকলৰ সন্তানৰ বাহিৰে আন ঠাইত বসবাস কৰাসকলৰ সন্তানৰ শিক্ষাৰ মাধ্যমৰ বিষয়ে সমীক্ষা এটা চলালে এই শ্ৰেণীটোৰ মানসিকতাৰ তথ্যভিত্তিক উমান এটা পোৱা যায়। অসমীয়া গ্রন্থ প্রকাশন ব্যৱস্থা বা অসমীয়া সংবাদ পত্ৰৰ সৈতে বিভিন্নধৰণে জড়িতসকলৰ মাজত সমীক্ষা চলালেও দেখা যাব, অসমীয়া ভাষাক শিক্ষাৰ মাধ্যম কৰিবলৈ এওঁলোক নাৰাজ। এওঁলোকে ইতিমধ্যেই ইংৰাজী ভাষাক দ্বিতীয় মাতৃভাষাৰ মৰ্যাদা দিছে। এতিয়া অসমীয়া ভাষা কেৱল লোকপিয়লৰ তথ্যতহে অসমীয়া ভাষীৰ মাতৃভাষা। গণতন্ত্ৰত চলা সংখ্যাৰ খেলত সেয়েই অসমীয়া অসমৰ আনুষ্ঠানিক ৰাজ্যভাষা। ব্যৱহাৰিক ক্ষেত্ৰত অসমীয়া ভাষা কোনো কালেই ৰাজ্যভাষা হোৱা নাছিল, অদূৰ ভৱিষ্যততো তেনে হোৱাৰ কোনো সম্ভাৱনা নাই।
অসমীয়াই মাটি হেৰুৱাইছে নিজৰ হেলাত, ভাষা হেৰুৱাবলৈ লৈছে নিজৰে চিন্তাৰ ক্ষমতাৰ সংকীর্ণতাত। জাতি হেৰুৱাবলৈ তেন্তে কিমান পৰ?
লেখক: পুলিন কলিতা।