ৰাজদীপ ভূঞা , মৰিগাঁও: চন্দ্ৰ সূৰ্য তৰাৰ সৈতে প্ৰতিদিনে জীৱনৰ ছন্দ মিলাই সুখে শান্তিৰে বসবাস কৰি অহা পৃথিৱীবাসীৰ মন মগজুত এদিন হঠাৎ এটা শব্দই তোলপাৰ লগালে যিটো শব্দ হৈছে ক'ৰোনা বা ক'ভিদ-১৯।পৃথিৱীৰ কোনেও কেতিয়াও নেদেখা নুশুনা অচিন বেমাৰ এটাই সমগ্ৰ মানৱ জাতিৰ দৈনন্দিন জীৱন শৈলীলৈ এক আকস্মিক পৰিৱৰ্তন মাতি আনিলে।চীন দেশৰ য়ুহান প্ৰদেশত জন্মলাভ কৰি ইখনৰ পাছত সিখন দেশত বিয়পি পৰি অৱশেষত মহামাৰীৰ ৰূপ লোৱা এই অদ্ভুত বেমাৰ বিধৰ প্ৰতিকাৰ হিচাপে আমি সামাজিক দূৰত্ব, তলাবন্ধ বা লকডাউন আদিৰ দৰে আগতে কেতিয়াও নোপোৱা কিছুমান পৰিস্থিতিৰ সন্মুখীন হ'বলগা হ'ল যাৰ ফলস্বৰূপে শিক্ষা, ব্যৱসায়-বাণিজ্য পৰ্যটন,ক্ৰীড়া আদি সকলোবোৰ পিছপৰি ৰ'ল।সমগ্ৰ পৃথিৱীতে সময় যেন স্তব্ধ হৈ ৰ'ল।এই ক্ষেত্ৰত ভাৰতবৰ্ষও ব্যতিক্ৰম নহয়। আমাৰ দেশৰো আৰ্থ-সামাজিক দিশবোৰৰ লগতে শৈক্ষিক ক্ষেত্ৰখনকো এই কৰোনা মহামাৰীৰ কৰাল গ্ৰাসত পৰিল আৰু এতিয়াও আমি এই পৰিস্থিতিৰ পৰা ওলাই আহিব পৰা নাই।
সকলো শ্ৰেণীৰ মানুহৰ বাবেই কৰো'না মহামাৰী এটা দুঃস্বপ্নৰ দৰে হৈ পৰিল আৰু এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী সকল হৈছে অন্যতম।বিদ্যালয়, মহাবিদ্যালয় আদি বন্ধ হৈ পৰাৰ ফলত পাঠদান কেনেকৈ হ'ব,পাঠ্যক্ৰম কেনেকৈ শেষ হ'ব,ব্যৱহাৰিক শ্ৰেণীসমূহৰ কি হ'ব,পৰীক্ষাৰ কি হ'ব আৰু সকলোতকৈ বেছি ভৱিষ্যতৰ নিৰাপত্তাৰ চিন্তাই ছাত্ৰ-ছাত্ৰীসকলৰ মনৰ সুখ-শান্তি নোহোৱা কৰি তুলিলে।এই সমস্যাটো এটা অতিকৈ গম্ভীৰ সমস্যা কিয়নো ইয়াৰ সৈতে উঠি অহা নৱপ্ৰজন্ম আৰু আমাৰ সমাজখনৰ ভৱিষ্যতৰ কথা ওতঃপ্ৰোতঃ ভাৱে জড়িত হৈ আছে।চৌব্বিশ ঘণ্টাই ঘৰৰ ভিতৰত ঘৰতে সোমাই থকাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলো মানসিক ভাৱে ভাগি পৰা দেখা গ'ল।এনে নানান ধৰণৰ সমস্যাই মূৰ দাঙি থিয় হোৱাৰ মাজতে এক আশাৰ ৰেঙণি হিচাপে এদিন 'অনলাইন শিক্ষা'ৰ বিষয়ে আমি জানিবলৈ পালোঁ আৰু এই অনলাইন শিক্ষাৰ ব্যৱহাৰৰ ফলত আমি ক'লৈকো নোযোৱাকৈ ঘৰতে বহি থাকিয়েই পাঠদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ সক্ষম হ'লো।বিশ্বৰ অন্য দেশসমূহত অনলাইন শিক্ষাৰ ব্যৱহাৰ আছিল যদিও ইণ্টাৰনেটৰ সহজলভ্যতা, বিজুলীৰ ব্যৱস্থা,আমাৰ আৰ্থিক অৱস্থা আদিৰ দৰে বিভিন্ন ধৰণৰ সীমাৱদ্ধতাৰ ফলত আমাৰ দেশত অনলাইন শিক্ষা পদ্ধতিৰ খুব বেছি প্ৰচাৰ হোৱা নাছিল বা মানুহৰ মাজত এই পদ্ধতি বৰ বেছি জনপ্ৰিয় হৈ উঠা নাছিল কাৰণ কৰোণা মহামাৰীৰ আগতে অনলাইন শিক্ষা পদ্ধতিৰ প্ৰয়োজনীয়তা মানুহে অনুভৱ কৰা নাছিল।কিন্তু 'নাই মোমাইতকৈ কণা মোমায়েই ভাল' বুলি কথাতে কোৱাৰ ধৰণে বৰ্তমানৰ কৰোণাময় পৰিস্থিতিত অনলাইন শিক্ষা পদ্ধতিৰ বাহিৰে আমাৰ হাতত অন্য কোনো বিকল্প নাই।অনলাইনযোগে পাঠদান গ্ৰহন কৰি আমি ঘৰতে নিৰাপদে থাকিব পাৰো আৰু ইয়াৰ ফলত লকডাউনৰ কোনো নিয়মো উলংঘা নহয়।
'অনলাইন' শব্দটো শুনিলেই আমাৰ মনলৈ অহা প্ৰথম কথাটো হৈছে ইণ্টাৰনেট।অনলাইন পদ্ধতিৰে যিকোনো এটা কাৰ্য সম্পন্ন কৰিবলৈ হ'লে আমাৰ হাতত এটা ইলেক্ট্ৰনিক যন্ত্ৰ (কম্পিউটালৰ/লেপটপ/ম'বাইল ফোন) মজুত থাকিব লাগিব তথা ইণ্টাৰনেট আৰু বিজুলী যোগানৰ সু-ব্যৱস্থা থাকিব লাগিব।গতিকে অনলাইন যোগে শিক্ষা গ্ৰহন কৰিবলৈ ছাত্ৰ-ছাত্ৰী সকলৰ লগত এই তিনিওবিধ উপকৰণ উপলব্ধ হ'ব লাগিব।কিন্ত দৰিদ্ৰ শ্ৰেণীৰ এনে বহুলোক আছে যাৰ বাবে বেপাৰ-বাণিজ্য বিহীন এই ক'ৰোণাৰ বতৰত কেৱল দুবেলা-দুসাঁজ খাই জীয়াই থকাটোৱেই তেওঁলোকৰ বাবে আটাইতকৈ ডাঙৰ সমস্যা আৰু তেনে স্থলত নিজৰ ল'ৰা ছোৱালীক এটা ম'বাইল ফোন কিনি দিবলৈ তেওঁলোকৰ সামৰ্থ নাথাকে।দৰিদ্ৰতাৰ এই ৰূপটোৰ ফলত 'অনলাইন ক্লাছৰ বাবে ম'বাইলৰ অভাৱত ছাত্ৰৰ আত্মহত্যা' আদিৰ দৰে বাতৰিৰ শিৰোনামো আমাৰ দৃষ্টিগোচৰ হ'ল।আনফালে এনে ধৰণৰ মানুহো আছে যিয়ে একবিংশ শতিকাতো বিজুঁলী-বাতিৰ মুখ দেখিবলৈ সক্ষম হোৱা নাই।গতিকে এই শ্ৰেণীৰ মানুহখিনিক অনলাইন শিক্ষাব্যৱস্থাৰ সৈতে সামৰি লোৱাটো খুব কঠিন হৈ পৰে।
আনহাতে আমাৰ শিক্ষক শিক্ষয়িত্ৰী সকল বা ছাত্ৰ-ছাত্ৰী সকলৰ কোনোৱেই অনলাইন শিক্ষা ব্যৱস্থাটোৰ সৈতে অভ্যস্ত নাছিল যদিও আমি এই সীমাবদ্ধতাক লাহে লাহে অতিক্ৰম কৰিবলৈ শিকিছোঁ।তথাপিও এই পদ্ধতি এতিয়াও বহুতৰে বাবে সুচল হৈ উঠা নাই।আৰু অনলাইন পৰীক্ষাৰ ক্ষেত্ৰটো ছাত্ৰ-ছাত্ৰীৰ দক্ষতাৰ বিষয়ে প্ৰশ্ন আহি পৰে। তাৰোপৰি বিদ্যালয়ৰ শ্ৰেণীকোঠাত বহি পঢ়াৰ নিচিনা আনন্দ আৰু অভিজ্ঞতা অনলাইন শিক্ষা পদ্ধতিয়ে আমাক মুঠেই দিব নোৱাৰে বা পাঠসমূহ ছাত্ৰ-ছাত্ৰীসকলৰ বোধগম্য হৈ নুঠে।
ছাত্ৰ-ছাত্ৰী সকলৰ বাবে পুথিগত শিক্ষাৰ লগতে তেওঁলোকৰ পাঠ্যক্ৰমৰ এটি অতি গুৰুত্বপূৰ্ণ অংশ হৈছে ব্যৱহাৰিক শিক্ষা যাক আমি সাধাৰণতে 'প্ৰেক্টিকেল' বুলি কওঁ। শিক্ষা প্ৰতিস্থান সমূহে অনলাইনযোগে শ্ৰেণী সমূহ অনুস্থিত কৰিছে যদিও ব্যৱহাৰিক শ্ৰেণীসমূহ অনুস্থিত কৰা হোৱা নাই যিহেতু নিৰ্দিষ্ট প্ৰয়োগশালা,গৱেষণাগাৰ আদিতহে এই শ্ৰেণীসমূহৰ পাঠদান সম্ভৱ।ই এক বৃহৎ ক্ষতি আৰু এই ক্ষতিয়ে ভৱিষ্যতে ছাত্ৰ-ছাত্ৰীসকলৰ কৰ্মজীৱনৰ পাৰদৰ্শিতাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব।গতিকে ব্যৱহাৰিক শিক্ষাৰ বাবে শ্ৰেণীকোঠাৰ পাঠদানৰ বাহিৰে আমাৰ অন্য উপায় নাই।
তাৰ লগতে ক্ৰীড়া-শিক্ষাৰ ক্ষেত্ৰতো আমি অনলাইন পদ্ধতিৰ সহায় ল'ব নোৱাৰো।গতিকে এই ক্ষেত্ৰটো আমি যথেষ্ট পিছ পৰি আছোঁ।গতিকে কৰোণাসৃষ্ট এই পৰিস্থিতি শাম কাটিলেই আমাৰ শিক্ষাৰ পাঠ্যক্ৰমৰ ৰৈ যোৱা অংশ খিনি যাতে আগুৱাই নিব পৰা যায় তাৰ বাবে শিক্ষা প্ৰতিস্থান আৰু ছাত্ৰ-ছাত্ৰী সকল সাজু থকা উচিত।