চৰকাৰী চাকৰিয়ালে পিন্ধিব লাগিব আধুনিক ঘড়ী।

 

সম্পাদকীয় : চৰকাৰী কৰ্মচাৰী সকলৰ ওপৰত চৰকাৰী দৃষ্টি ৰাখিবৰ বাবে চৰকাৰে এক অদ্ভুত  প্ৰদক্ষেপ হাতত লোৱাৰ পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে হাৰিয়ানা চৰকাৰে লোৱা এই অদ্ভুত প্ৰদক্ষেপৰ  বাবে দেশ বাসীৰ মাজত কৌতুহল পৰিবেশৰ সৃষ্টি হৈছে।  হাৰিয়ানাৰ মুখ্য মন্ত্ৰী মনোহৰ লাল খট্টৰে সংবাদ মেল যোগে কয় যে হাৰিয়ানা চৰকাৰৰৰ প্ৰতিজন চাকৰিয়ালক প্ৰদান কৰা হব একোটাহঁত বিশেষ আধুনিক ঘড়ী।  ইয়াৰ দ্বাৰা প্ৰতিজন চৰকাৰী কছাৰীৰৰ গতিবিধি মেপৰ সহায়ত লক্ষ্য  কৰা হব। কোনোবাই যদি চৰকাৰী কামত খেলি মেলি বা দূৰ্নীতি কৰে তেন্তে তাৰ সকলো তথ্য কম্পিউটাৰ নেটৱৰ্কিংৰ মাধ্যমেৰে চৰকাৰৰ ওচৰ পাবহি । বিশেষ ইয়াৰ ফলত কোনো কৰ্মচাৰীয়ে কৰ্তব্যৰত অৱস্থাত কোনো ধৰণৰ দুৰ্নীতি বা গাফিলতি কৰিব নোৱাৰিব। আৰু ইয়াৰ বাবেই প্ৰদান কৰা হ’ব স্মাৰ্ট ঘড়ী। ইয়াৰ ওপৰিও হাৰিয়ানাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে চৰকাৰী কৰ্তব্যৰ সময়ত কৰ্মচাৰীসকলে এই ঘড়ী পৰিধান কৰাটো অতিকৈ বাধ্যতামূলক । যদি কোনো কৰ্মচাৰীয়ে এই নিয়ম উলঙ্ঘা কৰে তেন্তে চৰকাৰী চাকৰি এৰিব লগীয়া হব পাৰে বুলিও উল্লেখ কৰিছে।  উল্লেখ্য যে মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে  শনিবাৰে এই বিশেষ ঘোষণাটো কৰাৰ পাছতে সমগ্ৰ হাৰিয়ানা ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰো পৰিলক্ষিত হৈছে। ইয়াৰ উপৰিও হাৰিয়ানাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে  জনোৱা অনুসৰি, সকলোবিলাক  চৰকাৰী  কাৰ্যালয়তে অতি কম সময়ৰ ভিতৰতে বায়মেট্ৰিক  পদ্ধতিৰে এই বিশেষ  কাম সম্পন্ন কৰা হ’ব । বৰ্তমান জানিব পৰা মতে হাৰিয়ানা চৰকাৰে এই ক্ষেত্ৰত প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰিছে ।

Previous Post Next Post