পূজাৰ বাতৰি পৰিৱেশন কৰিবলৈ গৈ সামাজিকভাৱে এঘৰীয়া হ’ল সাংবাদিক


মৰিগাঁও, ২০ অক্টোবৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱতো শক্তিৰ অধিষ্ঠাত্রী দুর্গতিনাশিনী শ্রীশ্রী দুর্গা দেৱীৰ পূজা-অৰ্চনা কৰি থকা সময়ত মৰিগাঁৱৰ এজন সাংবাদিকে পূজাস্থলীত বাতৰি পৰিৱেশন কৰাৰ বাবেই সাংবাদিকজনক সামাজিকভাৱে এঘৰীয়া কৰিছে একশৰণ ভাগৱতী সমাজ অসমে। একশৰণ ভাগৱতী সমাজৰ এনে নিকৃষ্ট কাণ্ডক লৈ সমগ্ৰ মৰিগাঁও জিলাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিভিন্ন মহলে এনে নিকৃষ্ট মানসিকতাক একেমুখে ধিক্কাৰ দিছে। প্রাপ্ত তথ্য মতে, মৰিগাঁও জিলাৰ জালুগুটিৰ ১০১ বছৰীয়া প্ৰাচীন দুর্গা পূজা উদযাপন সমিতিৰ মণ্ডপস্থলীত মহানৱমীৰ দিনা অঞ্চলটোৰ স্থানীয় সাংবাদিক তথা দৈনিক দুখনকৈ বাতৰি কাকতৰ জালুগুটিস্থ সংবাদদাতা হাজৰিকা উপাধিৰ সাংবাদিকজনে জালুগুটিৰ ঐতিহ্যমণ্ডিত পূজাখনৰ বাতৰি নিজৰ কাকত দুখনৰ লগতে ২৪ লাইভ নামৰ প'ৰ্টেলটোত সম্প্ৰচাৰৰ বাবে পূজা মণ্ডপত উপস্থিত হৈ বাতৰি পৰিৱেশন কৰিছিল। একশৰণ । ভাগৱতী সমাজৰ এগৰাকী ভক্ত তথা সদস্য হৈ দেৱী দুৰ্গাৰ পূজা-অৰ্চনাৰ বাতৰি পৰিৱেশন কৰাৰ বাবেই তেওঁ একশৰণ ভাগৱতী সমাজ অসমৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশৰ ভিত্তিত পূব জালুগুটিৰ শাখাই কালি সাংবাদিক হাজৰিকাৰ লগতে তেওঁৰ পৰিয়ালটোক সামাজিকভাবে এঘৰীয়া কৰাৰ নিৰ্দেশ প্রদান কৰে। একশৰণ ভাগৱতী সমাজৰ এনে অবিবেচক কাণ্ডৰ পাছতেই হতভম্ব হৈ মানসিকভাঁৱে ভাগি পৰা সাংবাদিকজনে উক্ত দিনাই সন্ধিয়া ভাগত সামাজিক মাধ্যমযোগে ক্ষোভ উজাৰি সমগ্ৰ ঘটনাৰ বিৱৰণ দাঙি ধৰে। দুর্গা পূজাৰ বাতৰি পৰিৱেশন কৰি একশৰণ ভাগৱতী সমাজৰ নিকৃষ্টতাৰ বলি হোৱা সাংবাদিকজনৰ এই সমাজচ্যুত হ'ব লগা এনে অমানৱীয় ঘটনাৰ খবৰ তৎমুহুৰ্ততে বিয়পি পৰাৰ পাছতেই অঞ্চলটোৰ লগতে সমগ্ৰ মৰিগাঁও জিলাত তীব্র জোকাৰণি সৃষ্টি হোৱাৰ লগতে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। আধুনিক সভ্য শিক্ষিত সমাজত এনে ধৰণৰ নীচ মানসিকতাক সৰ্বস্তৰৰ লোকে একেমুখে ধিক্কাৰ দিয়াৰ লগতে এই কার্যক পৰিহাৰ কৰিবলৈ সকলো পক্ষৰ প্ৰতি দাবী উত্থাপন কৰিছে। এই সন্দৰ্ভত আজি একশৰণ ভাগৱতী সমাজ অসমৰ পূব জালুগুটি আঞ্চলিক শাখাখনৰ সভাপতি ৰমানন্দ হাজৰিকাক তাৎক্ষণিক প্রতিক্রিয়া বিচাৰি যোগাযোগ কৰাত সভাপতিজনে সাংবাদিকজনক সামাজিকভাৱে এঘৰীয়া কৰা হৈছে বুলি উল্লেখ কৰে। লগতে একশৰণ ভাগৱতী সমাজে এক ঈশ্বৰবাদ বিশ্বাস কৰে বাবেই এনে সিদ্ধান্ত ল'ব লগা হৈছে বুলি পুনৰ উল্লেখ কৰি স্থানীয় সাংবাদিকজনে একশৰণ ভাগৱতী সমাজৰ ভক্ত হৈ এনে গর্হিত কাৰ্য কৰা বাবেই কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ অনুসৰি সাংবাদিক আৰু তেওঁৰ পৰিয়ালটোৰ বিৰুদ্ধে এনে সিদ্ধান্ত ল'ব লগা হ'ল বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। ইপিনে, অসমৰ এগৰাকী প্রসিদ্ধ পণ্ডিত তথা শ্ৰীমন্ত শংকৰদেৱ বঁটাপ্রাপ্ত আচাৰ্য ইলাৰাম দাসে স্থাপন কৰা একশৰণ ভাগৱতী সমাজ অসমৰ দৰে এটা জাতীয় অনুষ্ঠানে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ লগত জড়িত সাংবাদিকক শাৰদীয় দুর্গা পূজাৰ বাতৰি প্ৰচাৰ কৰা বাবেই সামাজিকভাৱে এঘৰীয়া হোৱা এনে কার্যত জিলাখনৰ বিভিন্ন স্তৰত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে একশৰণ ভাগৱতী সমাজ অসমৰ এনে কাণ্ডত সকলোৱে উদ্বেগ প্রকাশ কৰে। জিলাখনৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে অসম সত্ৰ মহাসভাই এই কার্যত উদ্বেগ প্রকাশ কৰাৰ লগতে মহাসভাৰ প্ৰধান সম্পাদক কুসুম মহন্তই এই কার্য লজ্জাজনক বুলি মন্তব্য কৰি ভাগৱৰ্তী সমাজ অসমে এই কার্য অতি সোনকালে পৰিহাৰ কৰা উচিত বুলি কয়। প্রধান সম্পাদক মহন্তই কয় যে ‘গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ লগত জড়িত এজন সাংবাদিকক বাতৰি পৰিৱেশন কৰাত কোনো পক্ষই বাধা দিব নোৱাৰে। বাতৰি পৰিৱেশন কৰাটো সাংবাদিকগৰাকীৰ এক দায়িত্ব। এই ঘটনাৰ দ্বাৰা সাংবাদিকজনৰ লগতে গণতন্ত্রৰ ওপৰতো কুঠাৰাঘাত কৰা হৈছে। সাংবাদিকজনক আচলতে মনোকষ্ট দিয়া বুলি উল্লেখ কৰি ই সভ্য সমাজৰ অতি নিন্দনীয়, লজ্জাজনক ঘটনা বুলি মন্তব্য কৰে।

Previous Post Next Post