বনঔষধ আৰু ঘৰুৱা চিকিৎসা, আয়ুৰ্বেদিক চিকিৎসা।

প্ৰথম শিতান  


▪︎ পৃষ্ঠা নং :  ১,  ২,   ৩,   ৪,

 নিদ্রাহীনতাৰ পৰা মুক্তি: মাছ, মাংস, কণীৰ বাহিৰে সহজে হজম হোৱা নিৰামিষ আহাৰ খাব। লগতে মনৰ দৃঢ়তা আনিব।

➢ ডায়াবেটিচ বা মধুমেহৰ পৰা মুক্তি

চাকিত পিহি গুড়ি কৰা বুট আৰু গম মিশ্ৰিত আটা বা চয়াবিন বা গম মিশ্ৰিত আটাৰ ৰুটি, ঘৰতে তৈয়াৰ কৰা দৈ (মিঠা দৈ নহয়) টেঙাজাতীয় ফল, প্ৰচুৰ, শাক-পাচলি, নাৰিকল, বেঙেনা, তিতা কেৰেলা, লাউ, পটল, তিয়ঁহ গছত পকা বিলাহী, ক'লাগামু, কলফুল, পচলা খোৱা ভাল। ভাত পৰিমাণ মতে খাব লাগে (কেৱল মাত্র উক্ত ৰোগ বিবেচনা কৰি নহয়, স্বাভাবিক ভাত খোৱা সকলোৰে পক্ষে পৰিমাণ মতে অর্থাৎ খোৱাৰ পাছত পেট কিছু খালী থাকিব। পানী কঢ়া ভাত এই ৰোগীৰ পক্ষে উপকাৰী, লেটুচ পাত, মানিমুনিৰ পাত, ধনীয়া পাত, মেথি শাক এই ৰোগৰ ভাল পথ্য। মেথিৰ গুড়ি খোৱা ভাল। কাজুবাদাম, চিনাবাদাম মাজে মাজে খালে উপকাৰ পোৱা যায়। সৰু জীয়া মাছ, যেনে পুঠি, মোৱা ইত্যাদি মাছ খাব পাৰে।

 শকত হোৱা বা শৰীৰৰ মেদ বৃদ্ধিৰ পৰা মুক্তি

ৰাতিপুৱা অঙ্কুৰিত বুটমাহ, ফলৰ ৰস, পাতিনেমু, কমলা টেঙা, বেল, ডালিয়া, তিয়ঁহ, পালেং শাক, বন্ধা কবি, দাইল, খোৱা উপকাৰী। সপ্তাহত তিনি দিনৰ বেছি মাছ খাব নালাগে আৰু প্ৰতি বাৰতে ১০০ গ্রামতকৈ বেচি খোৱা উচিত নহয়। দিনে এবাৰেই ভাত আৰু এবাৰেই আটাৰ ৰুটি খাব লাগে। ৰুটি ভূচি থকা আটাৰ অৰ্থাৎ নাচালা আটাৰ হ'ব লাগে। খাওঁতে পেট খালী কৰি পৰিমাণ মতে খাব লাগে।

 স্পণ্ডিলাইটিচৰ পৰা মুক্তি

সহজে হজম হোৱা অথচ পুষ্টিকৰ খাদ্য খাব। খাদ্য বস্তু গৰমে গৰমে খাব। ৰসাল কোনো বস্তু নাখার।

স্তনৰ টিউমাৰৰ পৰা মুক্তি

বিলাহীত থকা লাইকোপিনে ৰোগ নিৰাময়ত সহায় কৰে। চয়াবিনো বিশেষভাৱে উপকাৰী।

ভয়ৰ পৰা মুক্তি

সাত্ত্বিক (নিৰামিষ) আহাৰ কৰিব লাগে। উত্তেজনা হয় এনে কোনো ছবি বা ঘটনাৰ পৰা নিজকে দুৰত ৰাখিব লাগে।

অৰ্শৰ পৰা মুক্তি

পাচলিৰ ভিতৰত ওল এবিধ উপকাৰী তৰকাৰী। ইয়াৰ বাহিৰেও মানকচু, গছত পকা অমিতা অথবা কেঁচা অমিতা, পটল, ডিমৰু, চালকোমোৰা, মূলা, লাউ, তিতা কেৰেলা, হেলেচি শাক, পৰিমাণ মতে অতিৰিক্ত সিদ্ধ ভাত বেছি কালে ভূচিসহ আটাৰ ভাল। অতিৰিক্ত জ্বলা মচলা বিহীন খাদ্য এই ৰোগৰ বিশেষ পথ্য। মাছ, মাংস বিশেষভাৱে বর্জনীয়। দৈনিক নিয়মকৈ দুপৰীয়া ঘৰতে বনোৱা দৈব ঘোল খালে উপকাৰ পোৱা যায়।

পুৰুষত্বহীনতাৰ পৰা মুক্তি

দুটা মনোহৰ কলেৰে সৈতে দুখন ঘৰত বনোৱা আটাৰ ৰুটি খাব। অলপ বেলা হ’লে সামান্য টিফিন কৰিব। আহাৰৰ সময়ত ভাত, মাছ, ৰঙালাউ, মানিমুণি শাক, পটল, মচুৰ দাইল খাব। ফলৰ ভিতৰত আপেল, আঙুৰ, বেদনা আদি খাব।

প্ৰষ্টেট বৃদ্ধিৰ পৰা মুক্তি

এই ৰোগত বেছি পৰিমাণৰ পানী খাব লাগে। অতি কমেও দৈনিক পাঁচ লিটাৰ পানী খাব লাগে। ইয়াৰ বাহিৰেও কেঁচা পিয়াঁজ, পকা কল, গছত পকা অমিতা (কাবাইদেৰে পকোৱা নহয়), টিয়ঁহ, ৰুটি আৰু প্ৰচুৰ পৰিমাণে ফল খাব লাগে।

স্বপ্নদোষৰ পৰা মুক্তি

খাদ্যাভ্যাস নিৰ্বাচনৰ ক্ষেত্ৰত সঠিক পদক্ষেপ ল'ব লাগে। যেনে- খাটী গাখীৰ, সপ্তাহত তিনদিনৰ বেছি কণী খাব নালাগে। একেদিনে গাখীৰ আৰু কণী একে লগে খোৱা উচিত নহয়। কণী হ’ল উচ্চ প্রোটিনযুক্ত খাদ্য।

উগাৰৰ পৰা মুক্তি

সহজে হজম হোৱা পুষ্টিকৰ খাদ্য খাব। গৰম মচলা যুক্ত, পিয়াঁজ, নহৰু মিশ্রিত বদ্ধা খাদ্য আৰু শস্যবটা নাখাব।

পাকস্থলীৰ ঘাৰ পৰা মুক্তি

বিশুদ্ধ খাটি গাখীৰ, শাক, আলু, তিয়ঁহ, বগাজামু, মিঠা নেমুৰে বনোৱা চৰবত খাব। এসপ্তাহ পাছত বেছিসিজা ভাতৰ সৈতে গাখীৰ, ডাবৰ পানী, পকা মনোহৰ ক’ল বা মালভোগ কল খাব। দুসপ্তাহ পাছত অর্থাৎ তৃতীয় সপ্তাহৰ পৰা অৱস্থা বুজি লাউ, অমিতা, আলু, বেঙেনা সিদ্ধ খাবলৈ দিব পাৰি।

মাইগ্রেনৰ পৰা মুক্তি

প্রাথমিক স্তৰত ২/, গ্রাম আদা চোবাই খাব লাগে। ৩-৪ ঘণ্টা পিছত সেই একেই মাত্ৰাত আদা খালে মাইগ্রেনৰ বিষ কমিবলৈ ধৰে। মাইগ্রেনৰ ৰোগীবোৰে মাছ, মাংস, কণী, ছানা, ঘিউ জাতীয় খাদ্য বস্তুতকৈ বীট, গাজৰ, পালেং শাক, হেলেচি শাক, জিকা, পটল, পুৰা কল, অমিতা, তিতা কেবেলা খালে বেছি উপকাৰ পাব ।

মাহেকীয়াৰ গণ্ডগোলৰ পৰা মুক্তি

কাঁচকল (পুৰা কল), ডিমৰ, পটল, কলফুল, পচলা, পুৰণি চালকোমোৰা, বেঙেনা, ভেণ্ডি, বন্ধাকবি, তিতা কেৰেলা হেলেচি (হেলঞ্চি) শাক বিশেষ উপকাৰী। ফলৰ ভিতৰত কমলা টেঙা, আপেল, পকা মনোহৰ কল, আঙ্কুৰিত সেউজীয়া মণ্ডমাহ খোৱা ভাল। ভাত, রুটি, গাখীৰ, মাছ (১০০ গ্রাম) খাব। ভাত বা রুটি খালে পেট খালী ৰাখি খাব।

 মানসিক দুৰ্বলতাৰ পৰা মুক্তি

খাঁটী গাখীৰ, জীয়া মাছ, দেশী কণী, পকা মনোহৰ কল, ৰঙালাউ, বন্ধাকবি, পটল ইত্যাদি পুষ্টিকৰ খাদ্য খোৱা ভাল। ফলৰ ভিতৰত আমা, জামু, মধুৰী আম আদি ফল খোৱা ভাল।

অম্লতাৰ পৰা মুক্তি

কেঁচা অমিতা, পটল, জিকা, পানীলাউ, বেঙেনা, পচলা, খুতুৰা শাক, আপেল, পকা কল, খৰমুজ, মিঠা কমলা টেঙা, নাৰিকল, মুৰি, নাৰিকলৰ গাখীৰ, তিয়ঁহৰ ৰস, জলফাইৰ তেল খাব। বেছি সিদ্ধ ভাত পৰিমাণমতে খাব। ভাত পেট ভৰাই নাখাব।

বায়ুৰ পৰা মুক্তি

গছত পকা বেল অথবা তাৰ আবহনে কেঁচা বেল, গছত পকা অমিতা অথবা তাৰ অবিহনে কেঁচা অমিতা, পটল, জিকা, তিতা কেৰেলা, বঙালাউ, তিয়ঁহ, চালকোমোৰা, মধুৰীআম, খিঁচমিচ, মিঠা কমলাটেঙা, মুগৰ দালি, বেছিকৈ সিদ্ধ ভাত এই ৰোগৰ বাবে উপকাৰী। কেতিয়াও পেট ভৰ্তি কৰি নাখাব।

ব্ৰণৰ পৰা মুক্তি

সহজে হজম হোৱা অথচ পুষ্টিকৰ খাদ্য খাব। হেলেচি (হেলেঞ্চি) শাক, পালেংশাক, তিতা কেৰেলা, পটল, জিকা, কাঁচকল, বন্ধাকবি, গাখীৰ; পকা কল, আপেল খাব। মাংস, কণী বা টেঙা জাতীয় কোনো বস্তু নাখাব।

দাঁতৰ গুৰিৰে তেজ ওলোৱাৰ পৰা মুক্তি

এই ৰোগৰ মহৌষধ হ'ল মধুৰীআমৰ পাতৰ ৰস গৰম পানীত মিহলাই সেই পানীৰে দিনে চাবি/পাঁচবাৰ দাঁত মজা। পুষ্টিকৰ অথচ সহজে হজম হোৱা সতেজ খাদ্য খাব। প্রতিবাৰ খোৱাৰ পাছতে দাঁত মাজিব।

এলাৰ্জিটিক ৰাইনাটিচৰ (পানীলগা কাহ) পৰা মুক্তি

কাচকল, বিলাহী, বন্ধাকবি, গাজর, বীট, পালেং শাক, হেলেচি (হেলেঞ্চি) শাক, তিতা কেবেলা খাব। পাৰিলে মাছ, মাংস, কণী নাখাব। কল, গাখীৰ, মিছামাচ, বৰালী মাছ, বেঙেনা নাথাব। কাৰণ এইবোৰ খালে এলার্জী হয়।

পানীলগাৰ পৰা মুক্তি

দেশী কণীৰ ওমলেট, কেঁচা, পিয়াজ, দেশী মুৰ্গীৰ মাংস, আটাৰ ৰুটি এই ৰোগৰ বাবে উপকাৰী। কমলা টেঙা খাব। আদা থেতালি দিয়া লাল (লিকাৰ) চাহ খাব। তুলসী পাতৰ ৰস মৌৰ সৈতে খালে ভাল ফল পোৱা যায়। কোনো ঠাণ্ডা বস্তু নাখাব। সতেজ খাদ্য খাব।

চৰ্মৰোগৰ পৰা মুক্তি

ৰাতিপুৱা এক গিলাচ বাহি পানী খাব। তাৰ পাছত এটুকুৰা কেঁচা হালধী, দুই চাৰিটা তুলসীৰ পাত খাব। নিৰামিষ আহাৰ খাব। তুলসী পাত আৰু নিমপাত গৰম পানীত সিদ্ধ কৰি সেই পানীৰে গা ধুব।

মুখশ্রী বৃদ্ধি

বেচনৰ লগত এক চামুচ মৌ মিহলাই গালত সানিব, অলপ পিছত সেয়া ধুই পেলাব। কেঁচা হালধী নেমুৰে সৈতে ৰুটি সেয়া মুখত সানি এঘণ্টামান পাছত ধুই পেলালে মুখশ্রী বৃদ্ধি হয়। মচুৰ দাইল বটি মুখত সানি এঘণ্টামান পাছত ধুই পেলালেও মুখশ্রী বৃদ্ধি পায়।

বিভিন্ন ধৰণৰ ৰোগ আৰু তাৰ চিকিৎসা

 সাধাৰণ জ্বৰ 

ৰোগৰ কাৰণ— হঠাৎ ঠাণ্ডা লগা, শৰীৰৰ কোনো ঠাইত আঘাত পোৱা, অসময়ত স্নান কৰা, ৰাতি উজাগৰে থকা, অতিৰিক্ত পৰিশ্ৰম কৰা, বতৰৰ পৰিবৰ্তন ইত্যাদি কাৰণত জ্বৰ হ'ব পাৰে। ৰোগৰ লক্ষণ— ঠাণ্ডা ঠাণ্ড ভাব, মুৰৰ বিশ কঁপনি, গাৰ বিষ, গা জ্বলা, কোষ্ঠকাঠিন্য, অৰুচি আদি এই ৰোগৰ লক্ষণ।

ৰোগৰ চিকিৎসা – ১০ গ্রাম শেৱালি পাত, ১০ গ্রাম তুলসী পাতৰ ৰস উলিয়াই এক ঠামুচ মৌ আৰু সামান্য মকৰধ্বজ মিহলি কৰি দিনে তিনিবাৰকৈ পাঁচদিন খালে ৰোগ ভাল হয়।

মেলেৰিয়া জ্বৰ

ৰোগৰ কাৰণ — সেমেকা অপৰিষ্কাৰ ঘৰত বাস, বৰষুণত তিতা, অপৰিষ্কাৰ পানীৰে গাধোৱা আৰু এনোফিলিচ মহে কামুৰিলে এই ৰোগ হয়।

ৰোগৰ লক্ষণ— হঠাতে কঁপনি উঠি প্রচণ্ড জ্বৰ হয়। সেই সময়ত দুই তিনিখন লেপ ল'লেও কঁপনি বন্ধ নহয়। শৰীৰ আৰু মূৰ বিষায়, খুব পিয়াহ লাগে, কাহ হয়। যেনেদৰে প্ৰচণ্ড কঁপনি জ্বৰ হয়, সেইদৰে এঘধণ্টামান পিছত খুব ঘামধৰি জ্বৰ এৰে। পিছদিনা আকৌ ঠিক সেই সময়তে জ্বৰ উঠে অথবা এদিন এৰি তাৰ পিছদিনা আকৌ সেইদৰে জ্বৰ উঠে।

ৰোগৰ চিকিৎসা— বাহকৰ পাত, তুলসীপাত, চিৰ্তা, গুলঞ্চ, কণ্টকীৰ পাত ২৫ গ্ৰামকৈ লৈ ১ লিটাৰ পানীত সিদ্ধ কৰি সেই পানী ১০০ গ্রাম হ’লৈ জুইৰ পৰা নমাই থৈ ছেকি লৈ ঠাণ্ডা কৰি ৰাখিব। প্রতিদিনে ৰাতিপুৱা আৰু সন্ধ্যা তাৰে আধা কাপকৈ লৈ তাৰ সৈতে মৌ মিহলাই ১৫ দিন খালে মেলেৰিয়া জ্বৰ ভাল হ'ব। পথ্যাপথ্য— সহজে হজম হোৱা বস্তু খাব। ভাত নাখাব কটি তৰকাৰী দালি খাব পাৰে। টেঙা নাখাব।

হামজ্বৰ

ৰোগৰ কাৰণ — ঋতু পৰিবৰ্তনৰ সময়ত তাপৰ বৈষম্যৰ কাৰণে এই ৰোগ হয়। এই ৰোগ সাধাৰণতে শিশুৰ হয়, তথাপি ডাঙৰৰো এই ৰোগ হোৱা দেখা যায়।

সদ্যজাত শিশুৰ পৰা ৫/৬ বছৰৰ শিশুলৈকে প্ৰায় সকলো শিশুৱেই এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়। 

ৰোগৰ লক্ষণ—–—– প্ৰথমতে পানীলগা কাহ হয়, হাঁচি আহে, মূৰৰ বিষ, জ্বৰ, গোটেই শৰীৰত বেদনা হয়। তাৰ পাছত ঘামচিৰ দৰে খুব ঘনকৈ ৰঙা ৰঙা চকা বান্ধি উঠে অথবা সৰু সৰু দোবোৰা উঠে। তেতিয়া শৰীৰ বিষায়, পাতল পায়খানা হয়, মুখত অৰুচি হয়, বমি বমি ভাব হয়। 

ৰোগৰ চিকিৎসা – ১। যেতিয়াই ৰোগৰ লক্ষণ প্রকাশ হ'ব, তেতিয়াৰ পৰাই এঘণ্টাৰ মূৰে মূৰে এচামুচকৈ মেথি ভিজোৱা পানী খুৱাব। ২। এক লিটাৰ পানীত ১৪ গ্রাম জোৱান, ১০ গ্রাম বাবুই (One kind of bird), ১০ গ্রাম কুড়, ১০ গ্রাম মেথি মিহলাই সিদ্ধ কৰি ২৫০ গ্রাম পানী থাকোতে নমাই থ'ব।

তাৰপিছতসেই পানী ছেকি লৈ এটা পাত্ৰত থৈ দিব আৰু ৰাতিপুৱা, দুপৰীয়া আৰু ৰাতি সেই পানী দুচামুচকৈ খুৱালে হামজ্বৰ ভাল হ'ব। পথ্যাপথ্য— তেল আৰু ঘিউ খোৱা নিষেধ। লঘু আৰু পুষ্টিকৰ আহাৰ খোৱ ভাল। মিছিৰি পানী, গাখীৰ, চাও খাব পাৰে।

পানীলগা জ্বৰ 

ৰোগৰ কাৰণ— বেছি ঠাণ্ডা লাগিলে, পানীত ভিজিলে, বতাহ লাগিলে আৰু ঘাম বন্ধ হ'লে এই ৰোগ হয়। ৰোগৰ লক্ষণ— নাকেৰে পানী বয়, হাঁচি আহে, গা বিষায় আৰু জ্বৰ জ্বৰ ভাব হয়।

 চিকিৎসা – ২৫ গ্রাম শেৱালিৰ পাত, ২৫ গ্রাম তুলসীৰ পাত, ২৫ গ্রাম বাহকৰ পাতৰ ৰসৰ সৈতে ৪ চামুচ মৌ মিহলাই ৰাতিপুৱা আৰু সন্ধ্যা খালে ৰোগ নিৰাময় হয়। এইদৰে ৬ দিন খাব লাগিব।

পথ্যাপথ্য— আদা, পিয়াঁজ, নহৰু কাটি লৈ তেলত ভাজি কালজিৰা ফোৰণ দি গৰম ভাতৰ লগত খোৱা এই ৰোগৰ একমাত্ৰ পথ্য।

টাইফয়েড 

ৰোগৰ কাৰণ— লিভাৰৰ দোষ, কোষ্ঠবদ্ধতা, ৰাতি উজাগৰে থকা, খোৱা লোৱাত অনিয়ম, বৰষুণত তিতা, লেতেৰা পানীত অসময়ত গাধোৱা ইত্যাদি কাৰণে এই ৰোগ হয়।

ৰোগৰ লক্ষণ— টাইফয়েড হ'লে জ্বৰ একেবাৰে নেৰে, ১০০° পৰা ১০৫° পর্যন্ত হয়। এইদৰে ৩-৪ দিন থাকে। ঠাণ্ডা ঠাণ্ডা লাগি থাকে। পেট ফুলে, পেটত চাপ দিলে বিষায়, মূৰত অসহ্য যন্ত্রণা হয়, জ্বৰৰ চাপত প্রলাপ বকে, কোষ্ঠকাঠিন্য হয়, ৰোগী হঠাতে হঠাতে চমকি উঠে, প্ৰস্ৰাৱৰ পৰিমাণ কম হয় আৰু লাল হয়। কাৰো কাৰো ৰক্তস্ৰাৱ হয়, ৰোগী হঠাতে কঁপি উঠে, কাৰো কাৰো মুখেৰে কথা নোলায়।

ৰোগৰ চিকিৎসা – কেইবাবাৰো মূৰত পানী ঢালিব, কপালত জলপতি দিব। কালমেঘ, শেৱালি, নিম, বিটলোণ প্রত্যেকৰে ৫ গ্ৰামকৈ লৈ তাৰ ৰস উলিয়াই তাৰ সৈতে সামান্য মকৰধ্বজ মিহলাই ১০ দিন ৰাতিপুৱা আৰু সন্ধ্যা এক চামুচকৈ খালে ৰোগ নিৰাময় হয়।

পথ্যাপথ্য—- আটাৰ ৰুটি, ফল আৰু গাখীৰ খাব। টেঙা জাতীয় কোনো ফল বা বস্তু নাখাব।

বসন্ত 

ৰোগৰ কাৰণ— ঋতু পৰিবৰ্তনৰ কাৰণে তাপৰ সমতা নথকাৰ বাবে এই ৰোগ হয়। সাধাৰণতে শীতৰ শেষ আৰু বসন্তৰ আগমনৰ সময়ত এই ৰোগৰ প্ৰদুৰ্ভাৱ হোৱা দেখা যায়। সেয়ে এই ৰোগৰ নাম বসন্ত।

ৰোগৰ লক্ষণ— প্ৰথমতে গোটেই শৰীৰতে বিষ হয়। তাৰপাছত কঁপনি উঠি জ্বৰ আহে। ২-৩ দিন জ্বৰৰ পাছত গোটেই গাতে বসন্তৰ গুটি ওলায়। ৩-৪ দিনৰ ভিতৰত সেই গুটিত পানী জমা হয়। তাৰ পাছত পকি পুজ হয়। তেতিয়া জ্বৰ বাঢ়ি ১০৫°-১০৬° পর্যন্ত হয়। ৭-৮ দিনৰ ভিতৰত গুটিবোৰ শুকাবলৈ আৰম্ভ কৰে। সেই সময়ত খুব বিষ হয়। ৰোগৰ চিকিৎসা — যেতিয়াই গুটি দেখা দিব, তিয়াৰ পৰাই এঘণ্টাৰ অন্তৰে অন্তৰে

এচামুচকৈ মেথি ভিজোৱা পানী খুৱাব আৰু গুটিবোৰত চন্দন বটি প্রলেপ দিব। পথ্যাপথ্য— মিছৰিৰ পানী, কুঁহিয়াৰৰ ৰস খাব। তেল, ঘিউ আদি খোৱা নিষেধ।

পানীলগা কাহ 

ৰোগৰ কাৰণ— ঠাণ্ডা লগা, পানীত ভিজা, বতাহ লাগি গাতে ঘাম শুকাই যোৱা, হঠাতে ঠাণ্ডাৰ পৰা গৰমলৈ যোৱা আৰু গৰমৰ পৰা ঠাণ্ডালৈ অহা আৰু বতৰ পৰিবৰ্তনৰ কাৰণে পানীলগা কাহ হয়।

ৰোগৰ লক্ষণ— প্রথমে নাকেৰে পানী ওলায়, হাঁচি আহে, ডিঙি খুচ খুচ কৰে, গা-হাত-ভৰি বিষায়, বুকুৰ বিষ হয়, কাহ বাঢ়ে আৰু শৰীৰৰ উত্তাপ বাঢ়ে।

ৰোগৰ চিকিৎসা- ১। ২৫ গ্রাম তুলসীৰ পাত ২৫ গ্রাম বাহকৰ পাত আধালিটাৰ পানীত সিজাই ১২৫ গ্রামমান পানী থাকোতে জুইৰ পৰা নমাই থৈ তাৰ সৈতে ৬ চামুচ মৌ মিহলি কৰি দিনে দুবাৰকৈ ৭ দিন খালে পানীলগা কাহ দূৰ হ'ব। ২। ৫ গ্রাম তুলসী পাত, ৫ গ্রাম বাহকৰ পাত, ৫ গ্রাম আদা, ৫ গ্রাম পিপলি, ৫ গ্রাম বচ, কেইটামান তেজপাত ৪ কাপ পানীত সিদ্ধ কৰি ১ কাপ পানী থাকোতে নমাই থৈ সেই পানী গৰমে গৰমে ৰাতিপুৱা আৰু সন্ধ্যা ২ বাৰ ৭ দিন খালে পানী লগা কাহ ভাল হয়। ৩। শিশুৰ হুপিং কাহত ১৫ গ্রাম বাহকৰ পাতৰ ৰস, ১৫ গ্রাম তুলসী পাতৰ ৰস, ১২৫ গ্রাম গাজৰৰ ৰস, ১০০ গ্রাম মিছৰি মিহলি কৰি জুইত পগাই ঠাণ্ডা হলে এটা বটলত ভৰাই ৰাখিব। সেই মিশ্ৰণৰ লগত সামান্য জালুকৰ গুৰি মিহলাই এবাৰকৈ ২০ দিন খালে হুপিং কাহ ভাল হয়।

পথ্যাপথ্য— সহজে হজম হোৱা আৰু পুষ্টিকৰ খাদ্য খাব লাগে। ভাত নোখোৱাই ভাল। টেঙা নাখাব।

ইনফ্লুয়েঞ্জা 

ৰোগৰ কাৰণ— অতিমাত্ৰা বৰষুণত ভিজা বা ৰ’দত ঘুৰা, বতৰ পৰিবৰ্তনৰ কাৰণে এই ৰোগ হয়।

ৰোগৰ লক্ষণ— চকু মুখেৰে পানী ওলোৱা, মূৰৰ বিষ, গাৰ বিষ, অৰুচি, বমি বমি ভাব, কাহ ইত্যাদি এই ৰোগৰ লক্ষণ।

চিকিৎসা – ১০ গ্রাম পাণৰ ৰস, ১০ গ্রাম আদাৰ ৰসৰ সৈতে ২ চামুচ মৌ আৰু এটি মহালক্ষ্মীবিলাস বটিকা মিহলাই প্রতিদিন ৰাতিপুৱা আৰু সন্ধ্যা ৫ দিন খালে ৰোগ আৰোগ্য হয়।

পথ্যাপথ্য— লঘু আৰু সহজে হজম হোৱা আহাৰ খাব। ভাতৰ পৰিবৰ্তে কটি খোৱাই ভাল।

কালাজ্বৰ 

ৰোগৰ কাৰণ— অলপ অলপ জ্বৰৰ ঠিকমতে চিকিৎসা নোহোৱা বা জ্বৰ উঠিবলৈ আৰম্ভ কৰোতেই তাক দমাই নিদিয়াৰ ফলত কালাজ্বৰ হয়। ক'ব পাৰি অনিয়মিত জ্বৰৰ ফলতেই এই ৰোগ হয়।

ৰোগৰ লক্ষণ— মাজে মাজে অলপ অলপ জ্বৰ উঠে, প্লীহা বাঢ়ে, ৰক্তহীনতা দেখা দিয়ে। ৰোগৰ চিকিৎসা — গুৱামুৰি, মেথি, যোৱান, ওঠ, জালুক, পদিনা পাত, শেৱালি পাত, কালমেঘৰ পাত, তুলসী পাত আৰু নিম্নপাত, প্রত্যেক বিধৰে ১৫ গ্ৰামকৈ লৈ ১ লিটাৰ পানীত ভালদৰে সিদ্ধ কৰি সেই পানী ২৫০ গ্রাম থাকোতে নমাই থ'ব। প্রতিদিন ৰাতিপুৱা আৰু সন্ধ্যা তাৰে এটামুচকৈ এমাহ খালে ৰোগ ভাল হ'ব।

পথ্যাপথ্য— লঘু আৰু পুষ্টিকৰ আহাৰ খাব। টেঙা জাতীয় বস্তু নাখাব।

অজীর্ণ 

ৰোগৰ কাৰণ — খোৱা বস্তু ভালদৰে হজম নহ'লে এই ৰোগ হয়। ৰোগৰ লক্ষণ— পেট ফুলা, বমি, অৰুচি, ভোক নলগা, পেটটো গধুৰ লগা, পেটৰ বিষ, উগাৰ অহা, জিভাত জাৰি পৰা, মুখত দুৰ্গন্ধ ইত্যাদি এই ৰোগৰ লক্ষণ।

ৰোগৰ চিকিৎসা — শিলিখা, ভোমোৰা, আমলখি ৫০ গ্রামকৈ যোৱান, পিপলি, আদাৰ ওঠ ১০ গ্ৰামকৈ, বিটলোণ ৫ গ্রাম ৰদত শুকাই গুড়ি কৰি এটা বটলত ৰাখি প্রতিদিন দুবেলা, খোৱাৰ পিছত এই মিশ্ৰণৰ গুড়ি এক চামুচকৈ খাই এক গিলাচ পানী খালে ১০ দিনতে হজম শক্তি বাঢ়িব।

পথ্যাপথ্য— লঘু অথচ পুষ্টিকৰ আহাৰ খাব। তেল, মচলা আৰু জ্বলা দিয়া কোনো গুৰুপাক আহাৰ গ্ৰহণ নকৰিব।

অম্ল 

ৰোগৰ কাৰণ — অজীর্ণ, কোষ্ঠকাঠিন্য, পেটত বায়ু জমা হোৱাৰ কাৰণে এই ৰোগ হয়।

ৰোগৰ লক্ষণ— আহাৰ খোৱাৰ পিছতেই ডিঙি, বুকু জ্বালা কৰে। খোৱা খাদ্য ওপৰৰ ফালে আহিব খোজে। কাৰো কাৰো বমি হয়। ৰোগৰ চিকিৎসা— ১। ৰাতি শিলৰ বা আইনাৰ পাত্ৰত শিলিখা, ভোমোৰা, আমলখি তিয়াই ৰাখি ৰাতিপুৱা খালী পেটত সেই পানী ছেকি খালে অম্ল নাশ হয়।

২। আধালিটাৰ পানীত ২৫ গ্রাম গুৱামুৰি দি তপতাওক। সেই পানী ১০০ গ্রাম হ’লৈ নমাই ঠাণ্ডা কৰি লৈ আধা ৰাতিপুৱা খাব। বাকী আধা ৰাতি শোৱাৰ আগতে খাব। তাৰ লগত ওপৰত উল্লেখ কৰা ত্ৰিফলাৰ ৰস এচামুচ খাব। তেতিয়া অম্ল নাশ হ'ব। পথ্যাপথ্য— গৰম ভাতৰ সৈতে অমিতা সিদ্ধ খাব। তেল, ঘিউ আৰু মচলাযুক্ত খাদ্য নাখাব। ভাতৰ পাতত পানী নাখাব।

কোষ্ঠকাঠিন্য 

ৰোগৰ কাৰণ— অতিমাত্ৰা চাহ আৰু কফি খোৱা, জ্বলা-মচলা দিয়া বস্তু খোৱা, পৰিশ্ৰম নকৰা, ৰাতি উজাগৰে থকা, অনিদ্ৰাজনিত কাৰণত এই ৰোগ হয়।। ৰোগৰ লক্ষণ— সকলো সময়তে মূৰ বিষায়, পেটৰ ভিতৰত ভাট্‌ ভুট্‌ কৰি থাকে, অম্ল হয়, পায়খানা পায়খানা ভাব হৈ থাকে।

ৰোগৰ চিকিৎসা — শিলিখা, ভোমোৰা, আমলখি, আদাৰ ওঠ, পিপলি যোৱান, যৰক্ষাৰ, সোনাপাত আৰু বিটলোণ ৫০ গ্রাম কৈ লৈ ৰ'দত শুকাই গুড়ি কৰি এটা পাত্ৰত ৰাখিব। প্রতিদিন দুবেলা ভাত খোৱাৰ পাছত তাৰে এটামুচ খাই পানী খাব। যদি কোষ্ঠকাঠিন্য বেছি হয়, তেতিয়াহ'লে ৰাতি এই মিশ্ৰণৰ গুড়ি ২ চামুচ গৰম পানীত মিহলাই খাব। পথ্যাপথ্য— বেছিকৈ শাক খাব। ঘিউ, তেলত ভজা বস্তু নাখাব। পুষ্টিকৰ আৰু সহজতে হজম হোৱা খাদ্য খাব।

বমি 

ৰোগৰ কাৰণ— সময়মতে নোখোৱা, বেছি পৰিমাণে খোৱা, অজীর্ণতা, নাকত দুর্গন্ধ সোমাৱা, অতিপাত জ্বৰ, কৃমি প্রভৃতি কাৰণত এই ৰোগ হয়। ৰোগৰ লক্ষণ— কোনো খোৱা বস্তু খালেই বমি হয়, আৰু একো নাখালেও বমি হয়।

ৰোগৰ চিকিৎসা – ২৫ গ্রাম শিলিখাৰ সৈতে ১৫ গ্রাম গুলঞ্চ, ১৫ গ্রাম পিপলি, ১০ গ্রাম জালুক গুড়ি কৰি এটি বটলত ৰাখি বমি বমি ভাব হলেই ১ চামনুচকৈ দুবাৰ খাব। ২-৩ দিনতে উপকাৰ পোৱা যাব।

পথ্যাপথ্য– টেঙা, জ্বলা, গুরুপাকী খাদ্য নাখাব। নিয়মিতভাৱে পৰিমিত আহাৰ খাব।

উদাময় 

ৰোগৰ কাৰণ — অনিয়মিত আহাৰ গ্ৰহণ, গুৰুপাক খাদ্য ভোজন, বাহী বস্তু খোৱা, ৰোগৰ কাৰণ অতিপাত গৰম আৰু ঠাণ্ডা লাগিলে এই ৰোগ হয়। 

ৰোগৰ লক্ষণ— বাৰে বাৰে পাতল শৌচ হয়। ৰোগৰ চিকিঠসা– লোণ আৰু চেনি মিশ্রিত পানী ১ চামুচকৈ ১ ঘণ্টাৰ মূৰে মূৰে খাব। ২ চামুচ পাথরকুচি পাতৰ ৰসত সামান্য সোণ মিহলাই খালে শৌচ বন্ধ হ’ব। পাতল শৌচ বন্ধ নোহোৱালৈ এই ঔষধ খাই থাকিব লাগিব।

পথ্যাপথা— শৌচ হৈ থাকিলে বাৰ্লিৰ বাহিৰে একো নাখাব। ৰোগৰ অলপ উপসম হ’লে ভাত বা চিৰা চা পানী খাব। * পাকস্থলীৰ ঘা (আলচাৰ) 

ৰোগৰ কাৰণ — বহুদিন ধৰি পেটত গেছ জমাহৈ থকাৰ কাৰণে আৰু ডিওডেনামত ঘা হোৱাৰ বাবে এই ৰোগ হয়।

ৰোগৰ লক্ষণ– অৰুচি, বমি বমি ভাব, খাদ্য খালেই পেট জ্বালা কৰে আৰু পেটত বিষ হয়।

ৰোগৰ চিকিৎসা – মানিমুনিৰ পাত, কালমেঘৰ পাত, হেলেঞ্চির পাত, নিমপাত, দুবৰি আৰু আমৰ পাত প্ৰত্যেকৰে ২ চামুচ কৈ বস উলিয়াই এটি কাপত ৰাখিব। তাৰ পাছত এডাল পৰিষ্কাৰ লোহা গৰম কৰি তাত ডুবাই দি সেই ৰস ২ চামুচ কৈ প্ৰতিদিন ৰাতিপুৱা খালী পেটত খালে ভাল ফল পোৱা যাব। ৰোগ ভাল নেহোৱালৈকে এই ৰস খাব লাগিব।

তেজ গ্রহণী

ৰোগৰ কাৰণ — বহুদিন ধৰি গ্ৰহণীত ভুগি থাকিলে পিছত গৈ তেজ গ্রহণী হয়। ৰোগৰ লক্ষণ – শৌচৰ লগত তেজ মিশ্রিত বিজল পৰে, পেটত অসহ্য বিষ হয়। আৰু বাৰে বাৰে পায়খানা লাগে।

ৰোগৰ চিকিৎসা – ২৫ গ্রাম গেন্ধাই ফুলৰ ৰসৰ সৈতে ৫০ গ্রাম দূবৰিৰ বস মিহলাই তাৰে এচামুচকৈ ৩ ঘণ্টাৰ অন্তৰে অন্তৰে ৪ দিন খালে ৰোগ নিৰাময় হয়। পথ্যাপথ্য— মানিমুনিৰ পাত বঁটা, পুৰাকল আৰু তামিতা সিদ্ধ খাব। খোৱা পানী গৰম কৰি থাব।

অম্লপিত্ত 

ৰোগৰ কাৰণ — আহাৰ্য্য বস্তু ঠিকমতে হজম নহ'লে আৰু পিত্ত গৰম হ'লে এই ৰোগ হয়। ৰোগৰ লক্ষণ— মুখত অৰুচি, টেঙা আৰু তিতা উগাৰ, বুকুজ্বালা কৰে। ৰোগৰ চিকিৎসা – ৰাতি গৰম পানীত কেইটুকুৰামান শিলিখা, ভোমোৰা আৰু আমলখি তিয়াই ৰাখিব। ৰাতিপুৱা খালী পেটে সেই পানী ছেকি খাব। ভাতৰ লগত আমলখি সিন্ধ খালেও উপকাৰ পোৱা যায়। যিমান দিনলৈকে ৰোগ ভাল নহয় সিমান দিন খাব লাগিব।

কৃমি

ৰোগৰ কাৰণ — বাহী গন্ধযুক্ত মাছ, মাংস আৰু তৰিতৰকাৰী খোৱা, কটি যুক্ত অপৰিষ্কাৰ কেঁচা ফল খোৱা, মাটিত পৰা বস্তু খোৱা আদি কাৰণত এই ৰোগ হয়। শৌচ খোলোচা নহ'লেও এই ৰোগ হয়।

ৰোগৰ লক্ষণ— পেট বিষায়, পেট ফুলে, মলদ্বাৰ আৰু নাক খজুৱায়, মুখত অনবৰতে থু আহে, ৰাতি টোপনিত দাঁত কামোৰে, মুখত দুর্গন্ধ হয়।

ৰোগৰ চিকিৎসা – এক চামুচকৈ কালমেঘ, চিৰতা, নিমপাত, পলাশ বীজ চূর্ণ একেলগে মিহলাই তাৰ সৈতে এক চামুচ মৌ প্রতিদিন ৰাতিপুৱা খালী পেটে খালে ৩ দিনতে কৃমি নাশ হয়।

পথ্যাপথ্য— লঘু অথচ পুষ্টিকৰ আৰু টাটকা বস্তু খাব। কল, গুড়, চেনি, চাহ, কফি নাখাব।

গ্রহণী 

ৰোগৰ কাৰণ— এমিবা বেচিলাচ নামৰ এক প্ৰকাৰ জীৱাণুৰ আক্ৰমণৰ পৰা এই ৰোগ হয়।

ৰোগৰ লক্ষণ— অনবৰত পেট কামোৰে, শৌচৰ লগত বিজল পৰে। বগা চৰ্বিৰ নিচিনা শৌচ হয়।

ৰোগৰ চিকিৎসা— মানিমুনিৰ পাত, পাথৰকুচিৰ পাত, দুবৰি আৰু আদা প্ৰত্যেকৰে ৩ গ্ৰামকৈ ৰস উলিয়াই মিহলি কৰি প্ৰতিদিন ৰাতিপুৱা, দুপৰীয়া আৰু সন্ধ্যা এক চামুচকৈ সেই ৰস খালে ৭ দিনতে গ্ৰহণী নিৰাময় হ'ব।

পথ্যাপথ্য— ভাতৰ লগত মানিমুনি বঁটা খাব। পুৰাকল (কাঁচকল), অমিতা, মানিমুনি পাতৰ জোল খাব।

তাৰুচি 

ৰোগৰ কাৰণ— জ্বৰ, অতিসাৰ, কৃমি, বাৰে বাৰে পেটৰ অসুখ ইত্যাদি কাৰণে এই ৰোগ হয়।

ৰোগৰ লক্ষণ— কোনো খোৱা বস্তু খাবলৈকে ইচ্ছা নাযায়। কোনো খোৱা বস্তুই সোৱাদ নালাগে।

ৰোগৰ চিকিৎসা – ২৫ গ্রাম আমলখিৰ সৈতে ২৫ গ্রাম কিচমিচ মিহলাই বটি আচাৰৰ নিচিনাকৈ ৩ দিন খালে মুখত ৰুচি আহে। নিয়মিত চেঙেটী টেঙা শাকৰ আঞ্জা খালেও অরুচি দূৰ হয়। পথ্যাপথ্য— গুরুপাকী আহাৰৰ বাহিৰে সকলো খোৱা বস্তুৱেই খাব পাৰিব।

পেটৰ বিষ 

ৰোগৰ কাৰণ — খাদ্য নিয়মিত হজম নহ'লে, কৃমি হ'লে, পেটত বিজল জমা হলে এই ৰোগ হয়। ৰোগৰ লক্ষণ— পেট ফুলে, পেটত চিন্‌ চিন্‌ বিষ হয়, পাতল বা মিশ্রিত শৌচ হয়।

ৰোগৰ চিকিৎসা – ১০ গ্রামকৈ শিলিখা, ভোমোৰা, আমলখি, শুঠ, জোৱান, সৈন্ধর লোণ মিহলাই গুড়ি কৰি এটা বটলত ৰাখি প্রতিদিন দুপৰীয়া আৰু ৰাতি আহাৰ খোৱাৰ পিছত ১ চামুচকৈ এই চূর্ণ খাই এক গিলাচ পানী খাব, ৩ দিনতে পেটৰ বিষ ভাল হ'ব।

ওকণি 

ৰোগৰ কাৰণ— মূৰ্ত তেল নিদিয়া বা বেছি মাত্ৰাত দিয়া, দৈনিক গা নোধোৱা, চুলিত চাবোন বা চেম্পু নিদিয়া আদি কাৰণত ওকণি হয়।

ৰোগৰ লক্ষণ— মূৰত যি গুড়ি পোক হয় তাকে কয় ওকণি। ইহঁতে চুলিৰ গুৰিত থাকি তেজ শোষণ কৰে। ওকণিয়ে কামুৰিলে মূৰ খজুৱায় আৰু অস্বস্তি বোধ হয়। ৰোগৰ চিকিৎসা— সৰু সৰু পিঁয়াজ থেতেলাই বা পাণ থেতেলাই লৈ মূৰত সানিব। ৰাতি শোৱাৰ আগতে এই দৰে সানি পিছদিনা চেম্পু কৰিব। এই দৰে তিনি দিন কাৰলে সকলো ওকাণ মাৰ যাব।

উফি 

ৰোগৰ কাৰণ — চুলি বেছি ৰাখি তাৰ যত্ন নল'লে এই ৰোগ হয়।। ৰোগৰ লক্ষণ- সকলো সময়তে মূৰ খজুৱায়। চুলিৰ গুৰিৰ পৰা ছাইৰ নিচিনা পদার্থ ওলায়। ৰোগৰ চিকিৎসা – ২৫ গ্রাম সৰিয়হৰ তেলৰ সৈতে ৫ গ্রাম কুড় ভষ্ম মিহলাই উফি হোৱা ঠাইত লগালে ২ দিনতে উফি নোহোৱা হয়।

টকৌৱে খোৱা বা টাক পোকা 

ৰোগৰ কাৰণ — একপ্ৰকাৰ ফাংগাচ ইনফেকশ্বনৰ পৰা এই ৰোগ হয়।

ৰোগৰ লক্ষণ— মূৰ ভৰ্তি ঘন চুলিৰ ভিতৰত হঠাতে অলপ ঠাইত চুলি উঠি যায়। ইয়াকে কোৱা হয় টকৌৱে খোৱা বা টাক পোকা।

ৰোগৰ চিকিৎসা — যি ঠাইত চুলি উঠি যায় সেই ঠাইত খহতা বস্তুৰে ভালদৰে ঘঁহি দিয়ক। এইবাৰ ৫ গ্ৰামকৈ হস্তিদণ্ড ভষ্ম আৰু ৰসাঞ্চনৰ সৈতে ৩০ গ্রাম তিলৰ তেল মিহলাই সেই ঠাইত ঘঁহি দিব। যিমান দিনলৈ তাত চুলি নগজে সিমান দিন গাধোৱাৰ পিছত আৰু ৰাতি শোৱাৰ আগতে সেই তেল ঘঁহিব।

 জণ্ডিচ 

ৰোগৰ কাৰণ— অতিৰিক্ত ৰ’দত ঘুৰা, অনিয়মিত আহাৰ গ্ৰহণ, অপৰিষ্কাৰ পানী খোৱা, যকৃতৰ দোষ, কৃমি আৰু মদ্যপানৰ কাৰণে এই ৰোগ হয়। ৰোগৰ লক্ষণ— এই ৰোগ হ’লে চকু, শৰীৰ আৰু প্ৰস্ৰাৱ হালধীয়া হয়। ভোক নালাগে, জ্বৰ উঠে, শৰীৰ দুৰ্বল হয়, পেট বিষায়।

ৰোগৰ চিকিৎসা— কুলেখৰা, কলমৌ, নিম, গুলঞ্চ, হেলঞ্চি আৰু কেঁচা হালধীৰ ৰস এচামুচকৈ প্রতিদিন ৰাতিপুৱা খালী পেটে খালে ১০ দিনতে ৰোগ নিৰাময় হয়।

পথ্যাপথ্য— কুঁহিৱাৰৰ ৰস, ৰবাব টেঙা, মিছৰিৰ - পানী খোৱা ভাল। তিতা কেৰেলা, পুৰাকল, অমিতা সিদ্ধৰে ৰোগ নিৰাময় নোহোৱালৈকে ভাত খাব।

খুজতীয়া আৰু পকতীয়া 

ৰোগৰ কাৰণ— তেজ দূষিত হ'লে আৰু লেতেৰাহৈ থকাৰ কাৰণে এই ৰোগ হয়।

ৰোগৰ লক্ষণ— প্ৰথমতে দেহত ঘামচিৰ দৰে সৰু সৰু ফোঁহা উঠে। সেইবোৰ খুব খজুয়ায়। তাৰ পিছত তাৰ পৰা ৰস ওলায়, ইয়াকে কোৱা হয় খুজতীয়া। কিছুদিন পিছত এই খুজতীয়াই গৈ ডাঙৰ ডাঙৰ ফোঁহাত পৰিণত হয় আৰু পকি উঠে। তাৰপৰা পূজ ওলায়। ইয়াকে কোৱা হয় পকতীয়া।

ৰোগৰ চিকিৎসা— এই ৰোগৰ সৰ্বোৎকৃষ্ট ঔষধ

হ’ল ২৫ গ্রাম নিমপাত, ২৫ গ্রাম নিমৰ ছাল, ২৫ গ্রাম নিমৰ শিপা, ২৫০ গ্রাম এরা গাখীৰেৰে সৈতে বটি লৈ ২৫০ গ্রাম নাৰিকল তেলেৰে জুইত গৰম কৰিব। সেই তেল যেতিয়া শুহি ১০০ গ্রাম হ’ব জুইৰ পৰা নমাই থৈ ছেকি লৈ সেই মিশ্রণ ঘা হোৱা ঠাইত বা খুজতীয়াত লগালে ৭ দিনতে ৰোগ ভাল হ'ব। পথ্যাপথ্য— টেঙাজাতীয় বস্তু, তেল আৰু ঘিউত ভজা বস্তু নাখাব।



Previous Post Next Post