লেখক : নিৰুপমা তাঁতী ।
মধ্যযুগত ভক্তি আন্দোলনে যি জাগৰণ তুলিছিল, সেই জাগৰণ তুলিছিল সেই জাগৰণৰ প্ৰচাৰৰ অৰ্থে ভাৰতৰ বিভিন্ন ঠাইত ভক্তিমূলক গীত কিছুমান ৰচনা কৰা হৈছিল। নিৰ্গুণ ধৰ্মৰ প্ৰবক্তা কবীৰৰ ধৰ্মীয় গোড়ামিৰ প্ৰতিবাদত ৰচনা কৰা সুৰদাসৰ গীতে উত্তৰ ভাৰতৰ, বিদ্যাপতিৰ গীতে মিথিলা ৰাজ্যত, মীৰাবাই কৃষ্ণ অনুৰাগৰ কৰণ গীতে ৰাজস্থান, গুজৰাট আৰু বৃন্দাবন অঞ্চলত, তুকাৰামৰ গীতে মহাৰাষ্ট্ৰত আৰু সপ্তমৰ পৰা দশম শতিকাৰ ভিতৰত আলোৱাৰ ভকতসকলৰ গীতে দক্ষিণ ভাৰতত কৃষ্ণ ভক্তি প্ৰচাৰ চলায়। পঞ্চদশ শতিকাৰ শেষৰ ফালে অসমতো ইয়াৰ প্ৰচাৰৰ কিছু প্ৰভাৱ পৰে। ইয়াৰ ফলতে মহাপুৰুষ শঙ্কৰদেৱে নিজে আৰু তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱৰ সহায়ত এক শ্ৰেণীৰ গীত ৰচনা কৰি উলিয়ায়। মহাপুৰুষ দুজনাৰ এই গীতসমূহক পিছলৈ ‘বৰগীত’ নামেৰে নামাঙ্কিত কৰা হয়। এই প্ৰসংগত মহেশ্বৰ নেওগদেৱে তেওঁৰ সম্পাদিত 'স্বৰৰ্খোত বৰগীত ত এইদৰে কৈছে— ‘অসমীয়া ভাষাত কেতিয়াবা এক শ্ৰেণীৰ ব্যক্তি বা বস্তুৰে বিশেষ এক তৰপক বুজাবৰ কাৰণে ‘বৰ’ বিশেষণটো তেনে ব্যক্তি বা বস্তুৰ নামৰ আগত ব্যৱহাৰ কৰা হয়; যেনে কাহ, বৰকাহ, কাপোৰ, বৰকাপোৰ, জাপি, বৰজাপি, ফুকন, বৰফুকন, বৰুৱা, বৰবৰুৱা, কাকতি, বৰকাকতি। ইয়াত ‘বৰ' বিশেষণৰ প্ৰয়োগে ‘সৰু’ বা ক্ষুদ্ৰ’ এটা শ্ৰেণীৰ পৰিকল্পনাৰ সৃষ্টি নকৰে; সেইদৰে বৈষ্ণৱসকলৰ গীতৰ মাজৰ এটা ভাগত বিশেষ এখনি স্থান দি শংকৰ-মাধৱৰ একপক্ষী ‘বৰগীত' বোলা হৈছে।'
১৬শ শতিকাৰ মধ্যভাগৰ পৰা কমতা ৰাজ্যত, আনহাতে ১৭শ শতিকাত দৰং জিলা আৰু ইয়াৰ আশে পাশে থকা স্থানবোৰত মনসা দেৱীৰ কাহিনী আৰু গীতৰ প্ৰচলন আছিল। সেই সময়ত দৰং জিলাত ওজাপালিৰ জৰিয়তেও মনসাকথাৰ প্ৰচলন আছিল। অংকীয়া নাটৰ গীতবোৰৰ দৰে এই মনসা কথা অৰ্থাৎ ওজাপালিৰ আদি অনুষ্ঠানৰ পৰা পৃথক আৰু শ্ৰেষ্ঠ দেখুৱালৈকে ‘বৰগীত’ শব্দৰ প্ৰয়োগ কৰা হৈছিল বুলি আমি ধাৰণা কৰিব পাৰোঁ। এই প্ৰসংগতে বাপচন্দ্ৰ মহন্তই তেওঁৰ সম্পাদিত ‘বৰগীত'ত কৈছে— ‘বৰগীত’ শব্দত ‘বৰ' বিশেষণটো সংযোগ কৰাৰ প্ৰধান কাৰণ দুটা। প্ৰথমটো হ'ল— ধৰ্মীয় পৰম্পৰা বা সাধন মাৰ্গত এই গীতসমূহৰ বিশিষ্ট স্থান। এক বিশিষ্ট বিধান অনুসৰি এই গীতসমূহ গোৱাৰ পৰম্পৰা মহাপুৰুষীয়া সম্প্রদায়ত চলি আহিছে। গতিকে এই পৰম্পৰাৰ বাহিৰৰ লোকে অন্য সংগীত শাস্ত্ৰৰ পদ্ধতিৰে এই গীতসমূহৰ সম্পৰ্কত সঠিক সিদ্ধান্ত দিয়াটো সহজ নহয়। দ্বিতীয়তে ক'ব লাগিব যে এই গীতসমূহ স্থানীয় লোক পৰম্পৰাৰ বিধানেৰে পৰিচালিত নহয় অর্থাৎ দেশী-গীত নহয়। গতিকে মাৰ্গ সংগীতৰ ৰূপতহে ‘বৰগীত'ৰ স্বৰূপ নিৰ্ণয় কৰিব লাগিব।”
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ শিষ্য মাধৱদেৱৰদ্বাৰা ৰচিত বৰগীতসমূহে প্রাচীন অসমৰ সংগীত পৰম্পৰাক সৌষ্ঠৱ দান কৰাৰ লগতে অসমীয়া সংস্কৃতিৰ বৰঘৰ চহকী কৰি আহিছে। অসমত এক শৰণ ভক্তিধৰ্ম বা নামধৰ্ম প্ৰচাৰ কৰিবলৈ মহাপুৰুষ শংকৰদেৱে উচ্চ আধ্যাত্মিক ভাৱেৰে পৰিপূৰ্ণ, ৰাগ-তালযুক্ত সাংসাৰিক প্রেম কাহিনীৰ পৰা সম্পূর্ণ মুক্ত আধ্যাত্মিক ভাৱৰ উপাসনা প্ৰসংগৰ গীত ৰচনা কৰি উলিয়াইছিল। এই গীতবোৰকে ‘বৰগীত’ বুলি কোৱা হয়। বৰগীত প্ৰসংগত ড° বাণীকান্ত কাকতিয়ে ‘পুৰণি অসমীয়া সাহিত্যত এইদৰে কৈছে— “বৰগীতৰ ওখ নৈতিক আৰু আধ্যাত্মিক ভাৱৰ ওপৰত প্ৰতিষ্ঠিত। সেইকাৰণেই সেইবোৰক ‘বৰগীত' বোলা হয়। ইংৰাকী কবি হেৰিকেও (Herrick) কেতবোৰ আধ্যাত্মিক ভাৱৰ কবিতা ৰচনা কৰি সেইবোৰক নাম দিছিল 'Noble Numbers'. আমাৰ সাহিত্যতো বৰগীতবোৰ Noble Numbers.” বিষয়বস্তুৰ মহজ্বলৈ চাই ড° সত্যেন্দ্ৰনাথ শৰ্মাই ‘বৰগীত’ সম্পৰ্কত এনেদৰে কৈছে— “বিষয়বস্তুৰ মহত্ত্ব, ৰচনাভংগীৰ সৌষ্ঠৱ আৰু শাস্ত্ৰীয় সুৰৰ গাম্ভীৰ্য আৰু কল্পনাৰ সংযমে মহাপুৰুষৰদ্বাৰা ৰচিত এই গীতসমূহক সমসাময়িক আন শাস্ত্ৰীয় সুৰযুক্ত গীতৰ পৰা পৃথক কৰিছে আৰু এইকাৰণেই ইয়াক সাধাৰণ গীতৰ বিপৰীতে ‘বৰগীত' বোলা হ'ল।” আনহাতে ড° মহেশ্বৰ নেওগে ‘অসমীয়া সাহিত্যৰ ৰূপৰেখা’ত বৰগীত সম্পৰ্কে কৈছে— “বৰগীতৰ এটা সংজ্ঞা দিয়া যদিও টান হৈ পৰে তথাপি এটা কথা প্রতীয়মান হয় যে, সংগীত শাস্ত্রীয় কিছুমান ধৰা বন্ধা নিয়ম মানি চলিলেই বৰগীত নহয়; বৰগীতৰ আৰু কেইটামান বিশেষত্ব আছে। বৰগীত সাংসাৰিক জগতৰ প্ৰেম কাহিনীৰ পৰা মুক্ত, আধ্যাত্মিক বাৱৰ উপাসনা প্ৰসংগৰ গীত। তদুপৰি ই মহাপুৰুষৰ বিৰচিত হ'ব লাগিব। এনেপ্ৰকাৰে বিবেচনা কৰিলে বৰগীতক এটা শ্ৰেণীৰ নুবুলি এক পুত্তিত বা থূপ বোলাহে সমীচিন হ’ব।”
খৃষ্টীয় ১৫ শতিকাৰ শেষৰ ফালে তীৰ্থ ভ্রমণলৈ যাওঁতে বদৰিকাশ্ৰমত তেওঁৰ প্ৰথম বৰগীত ‘মন মেৰি ৰাম চৰেণেহি লাগু’ ৰচনা কৰিছিল। ইয়াৰ পিছৰে পৰাই তেওঁ বিভিন্ন উপলক্ষ্যত বাৰকুৰি গীত ৰচনা কৰিছে। এবাৰ বৰপেটাৰ কমলা গায়নে তেওঁৰ বৰগীতসমূহ আওৰাবলৈ নিছিল। কিন্তু দুর্ভাগ্যবশতঃ সেইখিনি পুৰি নষ্ট হ’ল। তাতে শংকৰদেৱে মনত দুখ পাই তেওঁৰ শিষ্য মাধৱদেৱক ক’লে— “বৰাৰ পো, অনেক শ্ৰমকৈ গীতখানি কৈলো, পুইলে। গীত কিছু কৰাঁ। আমি নকৰোঁ আৰু।” গুৰুৰ বাক্য শিৰোধাৰ্য্য কৰি মাধৱদেৱে নকুৰি এঘাৰটি বৰগীত ৰচনা কৰি উলিয়ালে।
বৰগীতৰ ভাষা প্ৰসংগত মহেশ্বৰ নেওগে 'অসমীয়া সাহিত্যৰ ৰূপৰেখা'ত এইদৰে উল্লেখ কৰিছে— ‘শংকৰদেৱৰ প্ৰায়খিনি আৰু মাধৱদেৱৰ বেছিভাগ বৰগীতৰে ভাষা ব্রজবুলি। গুৰুজনাৰ প্ৰায় মধ্যাহ্ন জীৱনৰ সময়ত অসম, বংগ আৰু উৰিষ্যাত বিশেষকৈ ব্ৰজ প্রিয় শ্রীকৃষ্ণক কেন্দ্ৰ কৰি কিছুমান বেবেইলী, আলিগড়, আগ্রা, মথুৰা, ডোলপুৰ, কেৰাউলী আদি ঠাইৰ আশে-পাশে প্রচলিত পশ্চিমা-হিন্দীৰ অপভ্রংশ ব্রজভাষাৰ লগত এই কৃত্রিম উপভাষাৰ সম্পৰ্ক নাই। এই সাহিত্যিক ভাষাক ব্ৰজ বুলি ব্যৱহাৰ কৰা হৈছে। সেই ভাষাক কোনো ঠাইৰ চলিত ভাষা বুলি ধৰি লোৱা টান। অৱশ্যে মৈথিল কবি বিদ্যাপতিৰ বাহিৰেও অসম, উৰিষ্যা আৰু বংগৰ কবিসকলে পৰস্পৰ কিছু সমিল-মিল থকা এটা ভাষা সৃষ্টি কৰি বৈষ্ণৱসকলৰ মাজত প্ৰীতি বঢ়াবলৈ যত্ন কৰা যেন লাগে। মৈথিল ভাষাই ব্রজবুলিব ভেঁটি। তাৰ ওপৰতে অসমীয়া বৈয়াকৰণিক আৰু অভিধানিক ৰূপৰ লগতে পশ্চিমা হিন্দীৰ ভগা-চিগা টুকুৰা গোটাই আমাৰ ‘অসমীয়া ব্রজবুলি’ৰ ঘৰটো সজা হৈছে।” মহাপুৰুষ শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতি আগ্ৰহী কৰিবলৈ আৰু বিষয়বস্তুক গাম্ভীর্য ৰূপ প্ৰদান কৰিবলৈ ব্ৰজাৱলী ভাষাটো ব্যৱহাৰ কৰিছিল। ব্ৰজাৱলী ভাষাৰ লগত মৈথিলীৰ যথেষ্ট মিল আছে।
শংকৰদেৱৰ বৰগীতৰ বিষয়বস্তুৰ বিষয়ে ড° বাণীকান্ত কাকতিয়ে কৈছে— “শংকৰদেৱৰ ৰচিত যিবোৰ গীত এতিয়াও আছে সেই আটাইবোৰ প্ৰাৰ্থনাসূচক। মানৱ জীৱন দুষ্প্রাপ্য অথচ ক্ষণভঙ্গুৰ আৰু মায়াময়। হৰিভক্তি, মোহাচ্ছন্ন জীৱন সমুদ্রত ধ্রুবতৰা, এয়ে নানা ভাৰ আৰু ভাষাত শংকৰদেৱৰ গীতবোৰৰ সোধাৰণ তাৎপর্য।”
শংকৰদেৱৰ বৰগীতসমূহত ভক্তিমূলক আৰু আধ্যাত্মিক ভাৱেৰে পৰিপূৰ্ণ যদিও বাৎসল্য ভাৱ প্ৰকাশ হোৱাও পৰিলক্ষিত হৈছে। বৈষ্ণৱ ধৰ্মৰ মূলধাৰ শ্ৰীকৃষ্ণৰ পৰম পুৰুষত্ব, হৰি কীৰ্তনৰ ফল, বহু অৱতাৰী ৰূপ আৰু জীৱন মুক্তিৰ উপায় আদি হিন্দু দৰ্শনৰ পারমার্থিক তত্ত্ববোৰেই শংকৰী বৰগীতৰ মূলকথা। শ্ৰীকৃষ্ণৰ পৰম-পুৰুষত্ব, লীলা-
ৰূপ-লাৱণ্য, শক্তি মাহাত্ম্য মূল বিষয়বস্তু হিচাপে লৈ শংকৰদেৱৰ বৰগীতক চাৰিটা ভাগত ভাগ কৰা হৈছে— লীলা বিষয়ক গীত, বিৰহ বিষয়ক গীত, বিৰক্তি বিষয়ক গীত আৰু পৰমাৰ্থ বিষয়ক গীত। পৰম পুৰুষ ভগৱান অৱতাৰী লীলাৰ বৰ্ণনাই লীলা বিষয়ক গীতৰ মূল বিষয়বস্তু। বিৰহ বিষয়ক গীতবোৰক কৃষ্ণৰ অবিহনে গকুলবাসীৰ লগতে গোপীনীৰ বেদনা প্ৰকাশ হৈছে। বিৰক্তি বিষয়ক গীতত সংসাৰৰ প্ৰতি বৈৰাগ্য ভাৱ প্ৰতিফলিত হৈ উঠা দেখা যায়। আনহাতে পৰমাৰ্থ বিষয়ক গীতসমূহত ভগৱানৰ মাহাত্ম্য প্ৰকাশ হৈছে।
শংকৰদেৱৰ বৰগীতৰ লীলা বিষয়ক গীতসমূহক আকৌ চাৰিটা ভাগত ভাগ কৰিব পাৰি— চলন, চাৰণ, খেলন আৰু নৃত্য। কৃষ্ণই লগৰীয়াৰ সৈতে গৰু চৰাবলৈ যোৱাৰ সুন্দৰ বৰ্ণনাৰে লিখা গীতবোৰ মূলতে চলন বিষয়ক গীত, আনহাতে বৃন্দাৱনত গৰু চৰাই থাকোতে গোৱা গীতবোৰ চাৰণ বিষয়ক গীত আৰু গৰু চৰাই থাকোতে খল-ধেমালি কৰি নৃত্য-গীত কৰা সময়ত গোৱা গীতবোৰ খেলন আৰু নৃত্য বিষয়ক গীত বুলি কোৱা হয়।
শংকৰদেৱৰ বৰগীতৰ বিষয়বস্তু সন্দৰ্ভত ড° সত্যেন্দ্রনাথ শৰ্মাদেৱে তেওঁৰ গ্ৰন্থ ‘অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত’ত কৈছে—“জীৱন ক্ষণস্থায়ী, কিন্তু দুর্লভ। এই দুর্লব আৰু ক্ষণস্থায়ী জীৱন সার্থক কৰিবৰ উপায় একমাত্ৰ হৰিৰ্ভক্তি। চঞ্চল মনৰ অধিন ইন্দ্ৰিয়বর্গই সংসাৰ সমূদ্ৰত জীৱনক লটিঘটি কৰি মাৰে। হৰিক আশ্রয় কৰি জীৱই সংসাৰ সাগৰ পাৰ হ’বলৈ সক্ষম হয়। এইবোৰেই শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য। শংকৰদেৱৰ বৰগীতত খেদোক্তি, অনুশোচনা আৰু ভগৱানৰ চৰণত আত্মসমৰ্পণৰ ভাৱ বিশেষকৈ দেখা যায়।"
ৰসৰ ফালৰ পৰা চাবলৈ হ'লে শংকৰদেৱৰ বৰগীতত দাস্য, বাৎসল্য, সখ্য আৰু ভক্তিৰসৰ সমাবেশ ঘটা দেখা যায়। ইয়াৰ উপৰিও বৰগীতত ছন্দ আৰু অলংকাৰৰ প্রয়োগে অধিক আকর্ষণীয় কৰি তুলিছে। উপমা, ৰূপক, অনুপ্রাস আৰু ছন্দৰ মাধুৰীয়ে বৰগীতৰ সাহিত্যিক সৌন্দৰ্য্য বৃদ্ধি কৰি তুলিছে। শংকৰদেৱে তেওঁৰ ৩৪টি বৰগীতত কেইবাটাও ৰাগ ব্যৱহাৰ কৰিছে। সেইকেইটা হ'ল—ধনশ্রী, বসন্ত, শ্ৰী, কেদাৰ, গৌড়ী, নটমল্লাৰ, মাহুৰ, আশোৱাৰী, তুৰবসন্ত, কল্যাণ, ভূপালি, অহিৰ।
বৰগীতৰ সাংগীতিক ধাৰাৰ বিষয়ে পণ্ডিতসকলে বিভিন্ন ধৰণে অভিমত আগবঢ়াইছে। মহেশ্বৰ নেওগদেৱে বৰগীতক অসমৰ ক্লাছিকেল বা ধ্রুপদী সংগীত বুলি অভিহিত কৰিছে। সংগীত শাস্ত্ৰৰ হলত উত্তৰ ভাৰতৰ ক্লাছিকেল বা উচ্চাংগ সুৰ সম্পদ ধ্রুপদৰ যি বিশিষ্ট স্থান, অসমীয়া সংগীততো বৰগীতৰ ঠাই তেনেকুৱাই। কোনো কোনো পণ্ডিতে আকৌ প্ৰৱন্ধ শ্রেণীগত সংগীত আৰু কোনোৱে সিংহলৰ সংগীতৰ লগতো ইয়াৰ সামঞ্জস্য আছে বুলি কৈছে। মহেশ্বৰ নেওগে কৈছে—“বৰগীত সাংসাৰিক জগতৰ প্ৰেম-কাহিনীৰ পৰা সম্পূর্ণ মুক্ত আধ্যাত্মিক ভাৱৰ উপাসনা প্রসংগীত গীত।”