■ বিশ্ৰাম পৰিশ্ৰমৰ মায়াবী সেবিকা, যাৰ কোলাত আশ্রয় ল'লেই মানুহে উদ্যম ঘুৰাই পায়। পূৰ্বৰ সমস্ত ক্লান্তি আঁতৰ হয়। -ৰেমিংটন
■ প্রগতিশীল সমাজ গঠন কৰিবলৈ আজি বিপ্লবৰ একান্ত আবশ্যক। বিপ্লব্যতিত পৰিৱৰ্ত্তন সম্ভৱ নহয়। বিপ্লব কেতিয়াও ব্যর্থ নহয়। - ডেভিড স্মিথ
■ বিনয়ে ক্রোধক প্রশমিত করে, ভদ্রতা গুণে শাস্তিক পৰিমিত কৰে। -ষ্টেচ
■ বিনয়ী লোকে কেতিয়াও নিজৰ কথা নকয়। – লা-ব্ৰইয়াৰ
■ বিপদৰ পৰা পলাই যোৱাটোৱেই বিপদৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় নহয়। বিপদৰ লগতে মোকাবেলা কৰিব পাৰিলেহে বিপদৰ পৰা উদ্ধাৰ পাব পাৰি ৷ -জুলিয়ান ফুচিক
■ বিপদক উপেক্ষা কৰিলে সি আৰু বাঢ়িহে যায়। - এডমণ্ড বার্ক
■ যেতিয়া মানুহ বিপথগামী হয়, তেতিয়া তেওঁলোকে ক'ব নোৱাৰে কোন ঠাইত ৰৈ যাব লাগিব। - তৃতীয় জর্জ
■ বিনয়ী হ’বলৈ শিকাৰ বাবে কোনো স্কুল নাই। ই মানুহৰ মাজৰে এক অনন্য ঠাইত ৰৈ যাব লাগিব। –ফ্রাঙ্কলিন
■ মানুহক সভ্য কৰি তোলাৰ একমাত্র মাধ্যম হৈছে বিদ্যালয় -টলষ্টয়
■ বিদ্যা হ’ল ভোগৰ বস্তু। বিদ্যাই আনি দিয়ে যশ, কল্যান, বিদ্যাই হ’ল গুৰুৰ গুৰু - প্রাচীন কবি
■ অল্প বিদ্যা ভয়ঙ্কৰী, পাৰিলে জ্ঞান অমৃত ডিঙিলৈকে পান কৰা, নহ'লে একেবাৰে নকৰিবা। — আলেকজাণ্ডাৰ পোপ
■ যদি সঠিক কর্মসূচী আৰু গভীৰ বিশ্বাস থাকে তেতিয়া শত বাধা সত্বেও জয় সুনিশ্চিত। —ফিদেল কাস্ত্রো
■ আমি ইচ্ছা কৰিলে প্ৰতি বছৰে মেজৰ আৰু অফিচাৰ কৰি গঢ়িব পাৰো, কিন্তু বুদ্ধিজীৱী গঢ়ি তুলিব নোৱাৰো। -ৰবাৰ্ট বার্টন
■ প্ৰকৃতিৰ সংগ্ৰামৰ প্ৰকট ৰূপ হৈছে দুর্ভিক্ষ, মৃত্যু ইত্যাদি। এইবিলাকক জয় কৰি বাচি থকাৰ মাজেৰেই প্ৰাণীৰ উন্নয়ণ ঘটিছে তেওঁলোক উচ্চ পৰ্য্যায় পাইছেগৈ। - চাৰ্লস ডাৰাউইন
■ বিবেক হ’ল এটা পবিত্ৰ মন্দিৰ, তাত ঈশ্বৰ বিচাৰক হিচাপে অকলেই প্ৰৱেশ কৰিব পাৰে। -লেমেনাইস
■ বিবেক হৈছে আত্মাৰ স্বৰ, ৰিপুবিলাক হ'ল দেহৰ ভাষা। —ৰুছো।
■ বিবেকেই মানুহৰ মাজত বিধাতাৰ উপস্থিতি। – সুইডেনবার্গ
■ এটা বস্তু হ’ল সকলোতকৈ নিঃসংগ জীৱনৰ ওখ জখলাত বগাবলৈ তাৰ নিজৰ স্বকীয়তা বজাই ৰাকিহে বগায় আৰু সেইটোৱেই হৈছে বিবেক। -ইউৰিপিডিচ্
■ বিবেক সম্পূৰ্ণৰূপে সুশিক্ষিত আৰু ইয়াৰ কথালৈ যি কৰ্ণপাত নকৰে তৎক্ষণাত সি তেওঁৰ লগত কথা কোৱা বন্ধ কৰি দিয়ে। - স্যামুবেল বাটলাৰ
■ বিশ্রাম শব্দটো ভবমূৰত জীৱনৰ নহয়, বিশ্রাম নিয়মৰ অধিন এটা শব্দ। -কার্লস্যান্ডবার্গ
■ যেতিয়া তুমি কিবা কথাত কাৰোবাক বিশ্বাস কৰিবলৈ চোৱা তেতিয়া তোমাৰ সেই অৱস্থাটোকেই বিশ্বাস কৰাৰ প্ৰয়োজনীয় যাবতীয় সকলো ক্ষেত্ৰতে বিশ্বাস ৰাখিব লাগিব। -উগো বেট্টি
■ বিশ্বাসে যুক্তি নামানে, যুক্তিৰ কাষেদিও নাযায়। বিশ্বাসক যুক্তি দেখুৱাই অপমাণিত কৰিব নোৱাৰি। কাৰণ সকলো বিশ্বাসৰ ভিত্তি হয় ভাল পোৱা, ভয় নহ’লৈ অন্ধতা। -বার্টল্ড ৰাচেল
■ বিশ্বাসঘাটককো বিশ্বাস কৰিব লাগিব। তোমার বিশ্বাসেই তেওঁক বিশ্বাসৰ মর্যদা দিবলৈ শিকাৰ। -সেমুৱেল ডানিয়েল
■ মৃত্যুৰ আগ মূহুৰ্ত্তলৈকে বিশ্বাসক অময়দা নকৰিবা। -থিওডোৰ ৰুজভেল্ট
■ বিশ্বাস আৰু আকাঙ্খ্যাই ভয় আঁতৰোৱাত সহায় কৰে। -উইলিয়াম আলেকডাণ্ডাৰ
■ বিশ্বাস মোৰ ওচৰলৈ সত্য, হৈ আহে, যি মোৰ শক্তিক যথাযোগ্য ব্যৱহাৰ কৰে আৰু মোৰ আদৰ্শক কামত লগায়। — আদ্ৰে জিদ্
■ য'ত বিশ্বাস আছে, তাত কৌশল খটুওৱা উচিত নহয়। - হুইটিয়াৰ
■ নক্ষত্ৰ যদি স্বৰ্গৰ কবিতা হয়, তেতিয়াহ'লে ছোৱালীবিলাক পৃথিৱীৰ কবিতা। — হাৰপ্ৰাড
■ সুন্দৰী ছোৱালী পোৱা যায় কিন্তু সথিক ছোৱালী পোৱা কঠিন। — ভিক্তৰ হুগো
■ পৃথিৱীত বা সাগৰত হিংস্র প্রাণী আছে, সকলোতকৈ ভয়ঙ্কৰ প্ৰাণী হ'ল নাৰী। — মেনাল্ডাৰ
■ যি মহিলাই বয়স প্ৰকাশ কৰে, তেওঁৰ আৰু একোৱেই অপ্রকাশিত নাথাকে।
■ অস্কাৰ ওয়াইল্ড যাৰ কণ্ঠস্বৰ কোমল, ভদ্ৰ সৰু আৰু সুমিষ্ট তেঁৱেই মহিলা। — মিডেলটন
■ নাৰীসকলৰ যুক্তিশাস্ত্র গ্রন্থখন অশ্রুসিক্ত আৰু ন্যায়বিচাৰ বিষয়টো আবেগগ্রস্ত। - থ্যাকাৰে
■ নাৰীক বৰ্ণনা কৰিবলৈ গ'লে ৰামধেনুৰ বহুৰং কলমত ভৰাব লাগিব আৰু পখিলাৰ পাখিৰ ধূলিত কাগজ শুকুৱাব লাগিব। – দিদাৰো
■ নাৰী নহ'লে আমি জীৱনৰ প্ৰাৰম্ভত অসহায়, মাজভাগত নিৰ্বানন্দ শেষভাগত সান্ত্বনাহীন। -দং-জোই
■ মহিলা শিল্পকলাত আকৃষ্ট নহয়, আকৃষ্ট হয় শিল্প কলাৰ লগত জড়িত ব্যক্তিসকলৰ বুলনীত। -চেখভ
■ নাৰীৰ পূৰ্ণ মৰ্যদা হৈছে স্বামীৰ, স্ত্ৰী আৰু সন্তানৰ মাতৃৰ মৰ্যদা। — টেলকট ৰচঞ্চ
■ নিয়তিয়ে আমাক যি দান কৰিছে তাৰ মাজত সকলোতকৈ আচৰিত দান হ'ল স্ত্রী। -পোপ
■ নাৰী যেনেকৈ সৌন্দৰ্য্যৰ প্ৰতীক, তেনেকৈ নির্বুদ্ধিতাৰো প্রতীক। -কণৰাড
■ নাৰীজাতি সাধাৰণতে ইমান বেয়া যে, ভাল আৰু বেয়া নাৰীৰ মাজত পার্থক্য উলিয়াব নোৱাৰি। — টলষ্টয়
■ স্ত্ৰীজাতিক ছাঁৰ লগত তুলনা কৰিব পাৰি, তেওঁক যদি অনুসৰণ কৰা তেতিয়া তেওঁ তোমাৰ কাষৰ পৰা পলাই যাব আৰু যদি তুমি তেওঁৰ পৰা পলাব খোজা তেওঁ তোমাক অনুসৰণ কৰিব। – চেমস্ ফোর্ড
■ পুৰুষসকলে ছোৱালীৰ সম্বন্ধে ইচ্ছামতে কথা কয়, নাৰীসকলে পুৰুষসকলৰ ইচ্ছামতে কাম কৰে। – সেণ্ট দেৰোম
■ উত্তম স্ত্ৰী আৰু উত্তম স্বাস্থ্য পুৰুষৰ শ্ৰেষ্ঠ সম্পদ। -জনৰে
■ যি স্বামী স্ত্ৰীৰ ড্রেসিং ৰূমত প্ৰৱেশ কৰে, হয় তেওঁ দার্শনিক নহয় মূর্খ। -বালজাক
■ পুৰুষে কাম কৰে, চিন্তা কৰে আৰু নাৰীয়ে সকলোবোৰ অনুভৱ কৰে। -ক্রিষ্টিনা ৰসেটি
■ কোনো পুৰুষৰ সহায় নোহোৱাকৈ কোনো নাৰী বিপথে নাযায়। - আব্রাহাম লিঙ্কন
■ নাৰীয়ে ভাগ্যৰ ওচৰত আত্মসমর্পণ কৰে আৰু পুৰুষে ভাগ্য গঢ়ি তোলে। -ক্রিষ্টিনা ৰসেটি
■ প্ৰত্যেক ভূল আৰু ভ্ৰান্তিৰ পিছত নতুন আশাৰ সম্ভাৱনা উপস্থিত হয়, সেই ক্ষেত্ৰত এটাই মাত্র অপৰিৱৰ্ত্তনীয় নিৰ্দ্দিষ্টতা আছে – সেইটো হৈছে কোনোটোৱেই নিৰ্দ্দিষ্ট আৰু পৰিৱৰ্ত্তনীয় নহয়। — জন এফ কেনেডি
■ সকলো পশুতকৈ মানুহেই সকলোতকৈ বেয়া, আনৰ আৰু নিজৰ বাবেও যি নিষ্ঠুৰতম শত্রু। -সম্রাট কনষ্ট্যান্টাইন
■ তুমি যিমানে নিষ্ঠুৰ হ’বা মানুহৰ মাজত সিমানেই ৰহস্যময় হৈ উঠিবা। -ই, বি, ব্রাউনিং
■ মানুহৰ ওচৰৰ পৰা নিৰ্মলতা তেতিয়াই পলায়, যেতিয়া মানুহে ইয়াক অপ্রয়োজনীয় বুলি ভাবে। হেৰাক্লিষ্টার্স
■ সকলো সময়তে আনন্দেৰে থকাই শ্রেয় ভাগ্যই কেতিয়া দুর্ভাগ্য কঢ়িয়াই আনিব সেই আশঙ্কাত মন মাৰি থকামানে জীৱনক নষ্ট কৰা। - ৰাসেল লওয়েল
■ যিমানেই যি কৰিবলৈ আমি সাজু হৈ নাথাকো কিয় আমি বহুত কৰিব পাৰো কিন্তু সকলোবোৰ নহয়। কাৰণ আমি সকলোৱেই নিয়তি বা ভাগ্যৰ দ্বাৰা আক্রান্ত। -স্যামুয়েল বাটলাৰ
■ জীৱন সংগ্রাম জোৱাৰৰ দৰে কিন্তু লক্ষ্যহীন খৰস্রোতা হৈ বৈ যায় নিয়তিৰ নিৰ্দ্দিষ্ট পথত। - উইলিয়াম কালেন বায়ট
■ নিয়তিয়ে আমাক শেষকৰিব নোৱাৰে, বৰংচ শক্তিশালীহে কৰে। -নাটশে
■ সকলোতকৈ পুৰণা আৰু প্ৰসিদ্ধ পাপ হৈছে মৃত্যুৰ বাবে অপেক্ষা কৰি চেষ্টা নকৰা। - সমাৰসেট মম
■ মৃত্যু এনেকুৱা এটা সত্য যাক চিতাৰ অগ্নিয়েও পুৰিব নোৱাৰে। — এমাৰসণ
■ যি ব্যক্তিয়ে নিজকে নিঃসংগ বুলি ভাবে তাতকৈ আৰু দুর্ভাগ্য আৰু কাৰো নাই। - এনজেলো প্যাটৰি
■ কিবা এটা কাম কৰাৰ পিছত ভাল বুলি ভাবিলেই সেইটো হয় নৈতিকতা আৰু সেই কাম কৰাৰ পিছত যি বেয়া হোৱা বুলি ভাবে সেইটো হ'ল অনৈতিকতা। - আর্নেষ্ট হেমিংওৱে
■ বাঁহী বজালে কোনেও নৃত্য নকৰে। তাৰ সুৰৰ মাজত নাচৰ উন্মাদনা থাকিলে হে নৃত্য কৰে। -ব্রিণ্ট হার্ট
■ চিনিপোৱা পথ একা-বেঁকা হ'লেও ভাল, চিনি নোপোৱা পথ পোন হ'লেও ভাল নহয়। -চক্রেটিচ্
■ যি পদ্ধতি তোমাৰ ক্ষেত্ৰত সহজসাধ্য বুলি ভাবা, তুমি সেই পদ্ধতিকেই অনুসৰণ কৰা। — এডি বিশাৰ – পাণ্ডিত্য প্ৰেমৰ প্ৰতিপালক। পণ্ডিত ব্যক্তিয়ে নিজকে প্ৰেম কৰে। - জুলিয়াস চার্লস
■ পথ দেখুৱাই দিয়া গুৰুজনাৰ কৰ্ত্তব্য, কিন্তু সেই পথত মই যাম নে নাযাম সেইটোৰ সিদ্ধান্ত মইহে ল'ম। — জন হেনৰি অ্যাডামস্
■ সহজ কামটো কৰা জটিলৰ দৰে, জটিল কামটো কৰা সহজৰ দৰে। প্ৰথমটোৰ ক্ষেত্ৰত যেন আস্থা হেৰাই নাযায় আৰু দ্বিতীয়টোৱে যেন তোমাক আতঙ্কিত কৰিব নোৱাৰে।
— বালতাসাৰ গ্ৰসিয়া
■ মানুহক যি আপোন কৰি ল'ব নোৱাৰে জীৱন সম্পর্কে তেওঁৰ ধাৰণা অপৰিপক্ক হৈ থাকে। - ক্যাম্বেল
■ তুমি যিমানপৰ পৰচৰ্চ্চা কৰিবা সিমানখিনি সময় এজোপা গোলাপ ফুলৰ গছৰ কাষত নোৰোৱা কিয়? -টমসন
■ পবিত্রতা জন্ম লগনৰ পৰা পোৱা কোনো বস্তু নহয় আৰু প্ৰকৃতিৰ দানো নহয়। তাক আৰ্জন কৰিব পাৰি জীৱনৰ সংগ্ৰাম আৰু পৰীক্ষা-নিৰীক্ষাৰ মাজেদিহে। -আলপৰ্তো মোৰাডিয়া
■ সেইসকল ব্যক্তিৰ পৰা সাবধানে থাকা যি সকলে শৃঙ্খলমুক্তিৰ পিছত কান্দে। -হাৰম্যান মেলভিস
■ মানুহক মহান আৰু শক্তিশালী কৰি তোলা। তেতিয়া পৰাধীনতা নিজেই নিজৰ শিকলিৰে বান্ধ খাই পৰিব। - হেন্ৰি ওয়ার্ভ বিশাৰ
■ সজাত বন্দী পক্ষীৰ কণ্ঠত যি সংগীত সেই সংগীতত তাৰ বন্দীত্বৰ সুৰহে ফুটি উঠে। - উইলিয়াম ফ্রেডাৰিক
■ সাধাৰণ সৌন্দর্যবোধৰ পৰাই প্ৰেমৰ সৃষ্টি হয় আৰু পৰিচ্ছন্নতাই তাক ৰক্ষা কৰে। -এডিসন
■ সৎ পৰামৰ্শতকৈ কোনো উপহাৰ অধিক মূল্যবান নহয়। -এমাৰসন
■ পৰামৰ্শই বুদ্ধিক পৰিপক্ক কৰে। -ড্রাইডেন
■ মানুহ মানুহৰ লগত পৰিচিত হয় আৰু সাগৰত ভাঁহি থকা কাঠৰ টুকুৰাৰ দৰে তেওঁলোক অসীম দূৰত্বত বিচ্ছিন্ন হৈ যায়। - ম্যাথিও আর্ণলত্
■ সৌন্দৰ্য আৰু ৰূপ ম্লান বা নষ্ট হৈ যায় কিন্তু ব্যক্তিগত পৰিচ্ছন্নতা প্রকৃতপক্ষে অক্ষ্য কিয়নো যেতিয়া ইয়াৰ বিনাশৰ চিন দেখা পোৱা যায়, তেতিয়া ইয়াক পুনৰ নতুন কৰি ঠিক কৰি লোৱা হয়। -এস গিলকট
■পৰিৱৰ্ত্তনৰ বাহিৰে আৰু একো পৃথিৱীত স্থায়ী নহয়। - হেৰাক্লিটাস্
■ মানুহৰ জীৱনৰ বা প্রয়োজন পূর্ণতাৰ আৰু পূর্ণতাৰ বাবে প্ৰয়োজন চালিকাশক্তিৰ আৰু উৎসাহৰ ইয়াৰ পৰা যি লাভ কৰা হয় তাকে সযতনে ৰক্ষা কৰিব লাগিব। — এৰিথ এইচ এৰিকসন
■ প্রাণীজগতৰ ভিতৰত সকলোতকৈ সন্মানিত হৈছে মৌমাখি, সি পৰিশ্ৰম কৰে অকল এই কাৰণে নহয়, কাৰণ সিহঁতি অন্যৰ বাবেহে পৰিশ্ৰম কৰে সেই কাৰণে। - সেণ্ট ক্রাইসোমটম
■ সকলো ফুলতে মৌ থাকে সন্দেহ নাই, কিন্তু সেই মৌ গোটাই আনিবলৈ মৌমাখিক বিচাৰো। আৰ্থাৰ পিটাৰমান বহুত মানুহ আছে যি পশুৰ দৰে নিৰ্বোধ আৰু পশুৰ দৰে গোঁৱাৰ। - মেৰিডিথ
■ মানুহ তেতিয়াই পশুলৈ পৰিণত হয় যেতিয়া তেওঁৰ লাজ-সংকোচ বোলা একো নাথাকে। - সুইনবার্ণ
■ উৎফুল্লতা আছে মাত্ৰ মূৰ্গীৰ, যিমান সৰু বস্তুৱেই নেদেখক সিহঁতি তাৰ আনন্দ ঘোষণা কৰিব বিচিত্ৰ আৰু সপ্রমাণ দেহভংগিমাৰে। - লিওনার্দো দ্যা ভিঞ্চি
■ আশা আৰু বিশ্বাসত মানুহৰ মাজত বিৰোধ থাকিব পাৰে কিন্তু পৰোপকাৰ বা বদন্যতা সার্বজনীন। - আলেকজাণ্ডাৰ পোপ
■ জীব জন্তু এনে এটা উপযোগী বন্ধু যে সিহঁতি কোনো প্রশ্নও নোসোধে বা কোনো সমালোচনাও নকৰে। -জর্জ ইলিয়েট
■জ্ঞানী লোকৰ পৰিশ্ৰমৰ কথা মনত ৰখা উচিত আৰু তোমালোকেও তেওঁলোকৰ দৰে পৰিশ্ৰম কৰিবাহক। – চার্লস কিংসলে
■ সুন্দৰ পৰিবেশেহে একমাত্র স্বর্গসুখ প্রদান কৰিব পাৰে। — ফিলিপ হেন্ৰি
■পৰিবেশে মানুহক যি শিক্ষা দিয়ে, পাঠ্যপুথিয়ে সেই শিক্ষা দিব নোৱাৰে। - মার্ক টোয়েণ
■পৰিয়াল স্বাধীনতাৰ পৰীক্ষা কেন্দ্ৰ, কাৰণ তাতে এজন মানুহে নিজকে গঢ়ি তোলে, নিজৰ চেষ্টাৰে আৰু নিজৰ বাবে। - চেষ্টাৰৰ্টন
■ গতিময়তা যৌৱনৰ ভ্ৰান্তি আৰু নিৰ্জীৱতা হ’ল বয়সৰ অতি সাবধানতা: 'মাজৰখিনি বয়সেই হ'ল মানুহৰ উৰ্বৰতা আৰু পৰিপক্কতাৰ সময়, যেতিয়া মগজু আৰু হাতে সমানে কর্ম কৰে। - চার্লস কালের কলটন
■ভৱিষ্যতে শত্ৰু হোৱাৰ সম্ভাৱনা থাকিলে বৰ্তমানৰ বন্ধুসকলৰ ওপৰত বিশ্বাস ৰাখিবা। - বালটাসাৰ গ্ৰাফিয়ান
■কৰ্ম যিমানেই সৰু নহওক লাগে, পৰিশ্ৰমী আৰু বুদ্ধিমান ব্যক্তিয়ে তাৰ মাজেৰেই উন্নতি লাভ কৰে। - বুকাৰ ওয়াশিংটন
■ ঈশ্বৰে আমাৰ পাপ ক্ষমা কৰিব পাৰে, কিন্তু আমাৰ অনুভূতি কেতিয়াও ক্ষমা নকৰে। - উইলিয়াম জেমস
■ মানুহৰ মনত দুখ নিদিয়াটোৱেই বৰ পূণ্য। মানুহৰ মনত দুখ দিয়াটোৱেই ডাঙৰ পাপ। তাৰ বাহিৰে পাপ পূণ্য একো নাই। - গুণ্টাৰ গ্ৰাস
■ পাপ স্বীকাৰ অনুশোচনাৰ প্ৰথম স্তৰ। – এল্ডমণ্ড গাইটন
■মানুহে পোহৰতকৈ আন্ধাৰকে বেছি পছন্দ কৰে কাৰণ তেওঁলোকৰ বেছিভাগেই পাপ পঙ্কিলতাত নিমজ্জিত থাকে। - লং ফেলো
■সুস্থ ব্যক্তিৰ পক্ষে দুখীত ব্যক্তিৰ দুখ-বেদনা, দুখ-কষ্ট উপলব্ধি কৰা সম্ভৱ নহয়। - হেৰিতিটি
■ পুৰুষ লোক পৰিবেশৰ দাস নহয়, পৰিবেশহে পুৰুষৰ দাস।- ভিজৰেলি
■এজন পুৰুষ সদায় অর্থ উপার্জনৰ ধান্দাত থাকে, আৰু এগৰাকী নাৰী তেওঁৰ দেহগঠনত ব্যস্ত থাকে। - বাটলাৰ
■ পূর্বচিন্তা আৰু উপস্থিত বুদ্ধি কেবল শান্তিৰ সময়তহে মূৰত খেলায়, সঙ্কটৰ সময়ত যেতিয়া প্রয়োজন তেতিয়া নাথাকে। ফলত ঘটে ধ্বংস। - ফাঙ্কলিন এডগার্টন
■ সোবধানতা অৱলম্বন কৰিয়েই জ্ঞানী ব্যক্তিসলে আত্মৰক্ষা কৰে। - পাবলিয়াস সাইৰাস
সকলো সম্পর্ক গঢ়াৰ আগতে ভাবি চোৱা উচিত কি ঘটিব পাৰে আৰু সেইদৰেই কাম কৰা শ্রেয়। — এপিকটেটাস
■ সম্পর্ক গঢ়া বৰ কঠিন ভঙাটো সিমান কঠিন নহয়, সেইবাবে কোনো সম্পর্ক গঢ়াৰ আগতেই চিন্তা কৰা আৱশ্যক। - ঈশপ্
■ভাল মার্জিত পোচাকৰ ব্যক্তিয়ে স্বভাৱতেই ভাল সমাদৰ পায়। স্যামুৱেল জনসন
■ খোৱাটো মুখৰ ৰুচিৰ বাবে, কিন্তু পোচাক পিন্ধাটো আনৰ তুষ্টিৰ বাবে। - ফ্রোঙ্কলিন
■ প্ৰকৃতিৰ ভালপোৱাই প্রকৃত ভালপোৱা, যি মানবিক আশা-আকাঙ্খাক প্ৰতাৰিত নকৰে। -বালজাক
■ ভালপোৱা তেতিয়াহে কৰুণাৰ পৰ্যায় পায়গৈ যেতিয়া উচ্চ খাপলৈ তুলি নিয়ে। - ৰবাৰ্ট হাওয়ার্ড
■ প্রথমে যদি কাৰোবাক বেয়া লাগে নিৰ্ঘাতে তেওঁক পিছলৈ ভাল লাগিবই। - দস্তয়েভক্সি
■ অলস মানুহৰ ওচৰত প্রেম এটা জৰুৰি কাম, কিন্তু যোদ্ধাৰ জীৱনলৈ প্রেমে আনে ধ্বংশ আৰু ৰাজ্যৰ সাৰ্বভৌমত্বত সৃষ্টি কৰে প্ৰস্তৰবৎ বাধা। - নেপোলিয়ন বোনাপার্ট
■ ভালপোৱাৰ অনুভূতি যিহেতু ঐশ্বৰিক সেইবাবে ভালপোৱাও ঐশ্বৰিক। - ৰবাৰ্ট বয়েঞ্চ
■প্ৰকৃতিয়ে যি দুৱাৰ খুলি থৈছে, তাৰ বাহিৰে জ্ঞানৰাজ্যত সোমাবলৈ আৰু এখন দুৱাৰ নাই, প্ৰকৃতিৰ মাজত যি সত্য বিচাৰি পোৱা হয় তাৰ বাহিৰে আৰু একো সত্যই নাই। – বাস্ক
■পোচাক-পৰিচ্ছদে মানুহক মানবিক নকৰে, কিন্তু যেতিয়া কোনো ব্যক্তি মানবিক হয় তেতিয়া পোচাকে তেওঁৰ মূল্য বঢ়ায়।
■ হেনৰি ওয়ার্ড বিচাৰ ব্যাধিগ্রস্ত ব্যক্তিৰ প্ৰতি সহানুভূতিশীল হোৱা তেওঁৰ দুখ-কষ্ট অন্তৰৰ পৰা অনুভব কৰা, দেখিবা কেনেকুৱা মমতা তোমাৰ প্ৰাণত জাগে সেই পীৰিত ব্যক্তিজনৰ বাবে। - মাইকেল কলিঞ্চ
■যি ভালপোৱা বা প্রেম পোৱা নাই, কাকো কেতিয়াও ভালপোৱা নাই, সংসাৰত তেওঁৰ নিচিনা হতভাগা (দুৰ্ভগীয়া) কোনো নাই। - কীটস
■প্ৰেম আমাৰ উৎস, প্রেমেই আমাৰ লক্ষ্য। পৃথিৱী প্ৰেমৰ বিদ্যাপীঠ, মৃত্যু প্ৰেমৰ পৰীক্ষা। - মিশেল কোৱাস্ত
■ দুটা বস্তুৰ বাহিৰে মানুহে সকলো বস্তু লুকুৱাব পাৰে, সেই দুটা হ'ল- যদি তেওঁ মাতাল হয় নাইবা যদি প্ৰেমত পৰে। - ফ্রেঞ্চ
■ অৰ্থৰ বাবে প্ৰেম কৰা আৰু নিজৰ লগত বিশ্বাসঘাটকতা কৰা একেই কথা। - জন ক্রাউন
■প্রেমে মানুহক শান্তি প্ৰদান কৰে, কিন্তু স্বস্তি নিদিয়ে। — বায়ৰণ
■ভালপোৱাৰ বাবে কৰা স্বার্থ ত্যাগত ন্যায়-অন্যায় বোধ নাথাকে। - টেনিসন
■ যেতিয়া পৃথিৱীলৈ ভালপোৱা আহে, তেতিয়া সমস্ত প্ৰকৃতিয়ে ফুলৰ বিছনা পাৰি তেওঁক সম্বর্ধনা জনায়। - টমাস ক
■ প্রেমে বহুত সময়ত যুক্তিবাদী সকলক যুক্তিহীন কৰে আৰু যুক্তিহীন মানুহক কৰি তোলে যুযুক্তিবাদী- দিদাৰো
■মানুহৰ জীৱনত এটা শাশ্বত আৰু মহান প্রয়োজন হ’ল ‘প্রেম'। — আমাতোল ফ্রাঁস
■ ভালপোৱাৰ ক্ষেত্ৰত সেইজনেই জ্ঞানী যিজনে ভালপোৱা বেছি, কিন্তু প্রকাশ কৰে কম। — জন ডেভিডসন
■যি ঠাইত ফুল বিলুপ্ত হৈ থাকে মানুহ তাত বাস কৰিব নোৱাৰে। - নেপোলিয়ন
■ ফুল হৈছে পৃথিৱীৰ হাঁহি, এই হাঁহিৰ উৎকৰ্ষ বিধানৰ বাবে সকলোৱে চেষ্টা কৰা উচিত। — এমাৰসন
■ ফুল পুনৰজন্মৰ কবিতা, জীৱনৰ পৰম প্ৰাপ্তিৰ উদাহৰণ। — জাঁ গিৰাডভক্স
■জপুৰণা হ'লেও এখন ভাল কিতাপ পঢ়িলে মনটোত এনেকুৱা লাগে যেন যোৱা শতাব্দীৰ মানুহৰ লগতহে কথা পাতিছো। - ভেস্কোর্টেস