কুঁহিলা শিল্প আৰু বৰদোৱা। শংকৰদেৱৰ দিনৰে পৰা বৰদোৱাত প্ৰচলিত এক শিল্প ক'লা।


 - দেৱানন্দ দেৱ গোস্বামী। 

কুঁহিলা শিল্প লোকসংস্কৃতি আৰু লোক কলাৰ এটি প্রাচীন আৰু অবিচ্ছেদ্য। অঙ্গ। উদ্ভিদ বিজ্ঞানত কুহিলাৰ নাম— 'Eschynomeneaspera diffusate'। এই জলজ উদ্ভিদবিধ দ পানী থকা অঞ্চল যেনে— বিল, বাওধান ৰোৱা পথাৰত জন্মে। অসমীয়াত— কুঁহিলা, গোৱালপাৰা আৰু উৰিষ্যাত— শোলা, বিহাৰত— কেৰাল, অন্ধ্ৰপ্ৰ। দেশত— তাল খুকৰী, কৰ্ণাটকত— বেগু, তামিলনাডুত— বেনভম আৰু কামৰূপত— কানকুলল্লা ইত্যাদি নামেৰে জনা যায়।

প্ৰায়ে ধান খেতিৰ মাজত গজা এই উদ্ভিদবিধৰ পাতবোৰ জটিল, সৰু-সৰু, ২-৩ ফুটৰপৰা ৮-১০ ফুট ওখ আৰু দেহটো কোমল সোপোকা। এই অনাদৃত সোপোকা দেহৰ কুঁহিলা গছজোপাই লোক শিল্পত এক গুৰুত্ব স্থান অধিকাৰ কৰিছে আৰু ইয়াৰ ওপৰত নিৰ্ভৰ কৰি শিল্পীসকলে এক মনোৰম লোক শিল্পৰ সৃষ্টি কৰিছে। কুঁহিলাৰ মাধ্যমত সৃষ্টি এই লোকশিল্পই অসমৰ লোকসংস্কৃতিত এক অন্য ৰূপ প্ৰদান কৰিছে। বিশেষকৈ কমতাপুৰী বা গোৱালপৰীয়া হিন্দু সম্প্ৰদায়ৰ বিভিন্ন মাঙ্গলিক অনুষ্ঠান যেনে— বিবাহ, অন্নপ্রাশন, বিভিন্ন পূজা-পার্কা আদিত কুঁহিলা (শোলা) এক অপৰিহাৰ্য অঙ্গ হিচাপে পৰিগণিত আৰু এই শিল্পৰ মাজত গোৱালপৰীয়া লোক সংস্কৃতিৰ উপাদান সংৰক্ষিত হৈ আছে। শিল্পীসকলে তৈয়াৰ কৰা কুঁহিলাৰ সামগ্ৰীসমূহ বিশেষকৈ— মুখা, মূর্তি, জীৱ-জন্তু, বিবাহ কাৰ্যত ব্যৱহৃত সামগ্ৰী নামঘৰৰ সামগ্ৰী ইত্যাদিবোৰ লোক-জীৱনৰ লগত পৰম্পৰাগতভাৱে সংপৃক্ত। বিভিন্ন ধৰণৰ গৃহ সজ্জাৰ সামগ্ৰীসমূহো কাৰিকৰী দক্ষতা অতি নিপুণ আৰু প্ৰশংসনীয়।

কুঁহিলা শিল্পটো কেনেকৈ আৰু কেতিয়াৰপৰা গঢ় লৈ উঠিছে এই সম্পৰ্কত সঠিকভাৱে একো জনা নাযায়। বহু লোকে বৈদিক যুগৰ পৰাই কুঁহিলা কমতাপুৰী বা গোৱালপৰীয়া লোকসংস্কৃতিৰ সৈতে সন্নিহিত হৈ আছে বুলি ক'ব বিচাৰে।

বিশেষকৈ সনাতন ধর্ম মূর্তি পূজাৰ আৰম্ভণিৰ লগে লগে কুঁহিলা শিল্পত পৰিণত লাভ কৰে। হিন্দুসকলৰ বিভিন্ন মাঙ্গলিক অনুষ্ঠানত সেই সময়ত কুঁহিলা এক অপৰিহাৰ্য অঙ্গ হিচাপে পৰিগণিত হৈ সম্প্ৰতি গোৱালপাৰা আৰু বৰদোৱাৰ লোকসংস্কৃতিৰ উপাদান ৰূপে সংৰক্ষিত হৈ আছে।

এই কুঁহিলা উদ্ভিদ দুটা শ্ৰেণীত ভাগ কৰিব পাৰি— ১) খৰি কুঁহিলা, ২) পানী কুঁহিলা। পানী কুঁহিলা কঠুবাও অতিশয় কোমল আৰু বগা। এইবিধ কুঁহিলাৰ ওপৰতে কুঁহিলা শিল্প গঢ় লৈ উঠিছে। এই শিল্পৰ মূল ভেটি দুটা— ক) কাৰু শিল্প আৰু খ) চিত্র শিল্প বা পট চিত্র। চিত্র শিল্পত পৌৰাণিক কাহিনী ভিত্তি কৰি অংকিত কৰা হয়। আদি কালত চিত্র শিল্পত অধিক গুৰুত্ব দিছিল। কিন্তু বর্তমান যুগত কাৰু শিল্পই অধিক প্রাধান্য লাভ কৰিছে।

কুঁহিলাৰ উৎপাদিত সামগ্ৰীসমূহ হৈছে শিল্পীৰ নিপুণ হাতৰ পৰশত প্ৰাণ পাই উঠা দৃষ্টি নন্দন সামগ্ৰী আৰু সেয়েহে এই সামগ্ৰীসমূহ তৈয়াৰ কৰিবলৈ কোনো ধৰণৰ যান্ত্রিক সঁজুলিৰ আৱশ্যক নহয়। 'কাইট’ নামৰ বিশেষ ধৰণৰ কটাৰীৰে চাচি লোৱা কুঁহিলাডাল প্রয়োজনীয় আকাৰত কাটি লোৱা হয়। আজি-কালি কেচি, ব্লেড আদিৰ ব্যৱহাৰো কৰে। বান্ধিবৰ বাবে ৰছী, সূতা, মিহি তাঁৰৰো ব্যৱহাৰ কৰে। আদিকালত কুঁহিলাত ব্যৱহাৰ কৰা ৰংসমূহ বিভিন্ন গছৰ ছাল, গুটি, গুৰি, ফুলৰ পাহি আদিব পৰা ৰস উলিয়াই জুইৰ তাপত জাল দি সেই পানীৰে ৰং কৰা হৈছিল। ইয়াৰ উপৰিও শিলিখা, বেল, হালধী, চূণ আদিৰেও ৰং উপকৰণ হিচাপে ব্যৱহাৰ কৰিছিল আৰু আঠা তৈয়াৰ কৰিছিল তেঁতেলীৰ গুটি গুৰি কৰি জুইৰ তাপত জাল দি বিজল ঘণ্টা আৰু ঢেঁকীয়া শাকৰ কোমল ঠাৰি সিজাই পিহি। আজিকালি সহজে পোৱা কৃত্রিম ৰং, ময়দা বা বালী সিজাই আঠা বা অন্য উন্নত আঠা ব্যৱহাৰ কৰা দেখা যায়।

কুঁহিলাৰ উৎপত্তি সম্পৰ্কত মনসা মঙ্গল বা বিষহৰি কাহিনী অনুসৰি — কুঁহিলা স্বৰ্গত দেৱৰাজ ইন্দ্ৰৰ ৰাজসভাৰ নৰ্তকী আছিল। এদিন নাচি থকা অৱস্থাত বানাসুৰৰ ফালে বাৰে বাৰে কামভাৱেৰে ছোৱাৰ অপৰাধত দেৱৰাজ ইন্দ্ৰই অসন্তুষ্ট হৈ কুঁহিলাক পৃথিৱীত বৃক্ষৰূপে থাকিবলৈ অভিশাপ দিলে। ইন্দ্ৰৰ ভৰিত ধৰি শাপ মোচনৰ বাবে কাকুতি-মিনতি কৰাত ইন্দ্ৰই বৰদান দি ক'লে— মালাকাৰ বা মালী নুবুসেনৰ স্পৰ্শত পৰম পৱিত্ৰ, মানৱ সমাজত অতি প্ৰিয় আৰু পুণ্য হৈ থাকিবা। আনহাতে ব্ৰহ্মাণ্ড পুৰাণত আছে— কুঁহিলা পূর্ব জনমত দেৱকন্যা আছিল। অসুৰসকলে যেতিয়া স্বৰ্গ ৰাজ্য জয় কৰি বহুতো অত্যাচাৰ তথা দেৱ কন্যাক হৰণ কৰি নিছিল তেতিয়া দেৱ কন্যাই নিজৰ সীতত্ব ৰক্ষাৰ বাবে পানীত আত্মগোপন কৰিছিল। কিন্তু তাতো সন্দেহ থকাত দেৱ কন্যাই কুঁহিলা গছ ৰূপ লয়। 

মালাকাৰ নুবুসেন কোন তাৰো এটি সুকীয়া আখ্যান আছে। নুবুসেন। অর্থাৎ টা শাখা বা ৯ জন ভাই-ককাই। বিশ্বকৰ্মাৰ ঔৰসত ঘটাচীৰ গৰ্ভত ৯ জন পুত্ৰৰ জন্ম হয়। শিল্পৰ অধিস্থিত দেৱতা বিশ্বকর্মাই পুত্ৰহঁতক শিক্ষা দিছিল। তেওঁলোকেই বিশ্বব আদি শিল্পী আৰু তেওঁলোকৰ পৰাই নুবুসেন বা শাখা বা শিল্প কৰ্মত ৯ টা জাতিৰ উৎপত্তি হয় আৰু কালক্ৰমত এই ৯ টা জাতিৰ ৯ টা শাখাই ৯ টা সম্প্ৰদায়ত পৰিচিত হয়। এই ৯ টা জাতিৰ ক্ৰম হ'ল— মালাকাৰ বা মালী, কংসকাৰ, তাঁতী, চিত্ৰকাৰ, স্বর্ণকাৰ, কর্মকাৰ, শঙ্খকাৰ, সূত্ৰধৰ আৰু কুম্ভকাৰ।

বৰদোৱাত কুঁহিলাৰ প্ৰয়োগ কেতিয়াৰপৰা হৈছিল ই গৱেষণাৰ বস্তু৷ গুৰুজনাই চিহ্নযাত্ৰাত মুখাৰ ক্ষেত্ৰত কুঁহিলাৰ ব্যৱহাৰ হৈছিল নে নাই। বৰদোৱা থানৰ দুই সত্ৰ শ্ৰীশ্ৰীনৰোৱা সত্ৰ আৰু শ্ৰীশ্ৰীশলগুৰি সত্ৰৰ ‘চাৰি ফালে চাৰি হাটি মহা ভক্ত গণ’ৰ হাটি বহাত নামঘৰত ব্যৱহৃত বহা কঠসমূহ এই কুঁহিলাৰ দ্বাৰা তৈয়াৰ কৰা ব্যৱস্থা বহু পুৰণি। ভকতসকলে নিজাকৈ এই উদ্ভিদ বিধৰ খেতি কৰি তাৰ বাবে তৈয়াৰ কৰি লোৱা তাঁত শালত হৰি গুণ শ্ৰৱণ-কীৰ্তনৰ মাজেদি এই শিল্প জীয়াই ৰাখি আছিল। পৰৱৰ্তীকালত এখনি সমবায় সমতিৰি যোগেদি উন্নত প্রশিক্ষণ লৈ কুঁহিলাৰপৰা বিভিন্ন সামগ্রী উৎপাদন কৰি আছে বহুকেইজন শিল্পীয়ে। শিল্পী শ্ৰীশিশুৰাম নামলগোৱাই এই শিল্পৰ মাধ্যমেদি বৰদোৱাৰ সুনাম ৰক্ষা কৰি আছে। উপযুক্ত পৃষ্ঠপোষকতা আৰু সংৰক্ষণৰ অভাৱত এই শিল্প কলাত্মক ৰূপত দাঙি ধৰাৰ বাবে সচেতন হ'ব লগা হৈছে। কিছুমান সামাজিক আৰু ধৰ্মীয় কামত এই কুঁহিলা শিল্প ব্যৱহাৰ অপৰিহাৰ্য; সেয়ে এই শিল্পক অৱহেলা কৰাতো অনুচিত। সংস্কৃতি এটা জাতিৰ পৰিচয়। সেয়ে এই শিল্পক জীয়াই ৰাখিবলৈ পৃষ্ঠপোষকতাৰ অতীৱ প্ৰয়োজন। এই শিল্পৰ প্ৰতি চৰকাৰ, সংস্কৃতিবোধ ৰাইজৰ সচেতনতা আৱশ্যে কর্তব্য। অনতি পলমে চৰকাৰৰ পৰা বিশেষ পদক্ষেপ লোৱা অতি প্রয়োজন। শিল্পীসকলক আর্থিক সাহায্য প্রদান, ঋণ দান, প্রশিক্ষণ, কাৰিকৰী প্ৰতিযোগিতা, আলোচনাচক্র আদি অনুষ্ঠিত কৰি শিল্পীসকলক উৎসাহ-প্ৰেৰণা যোগাব লাগে। অত্যাধুনিক সা-সঁজুলি যোগান দি কুঁহিলা শিল্পৰ বাবে চৰকাৰে উচ্চ মানৰ সুস্থ-সবল পৰিকল্পনাৰে আঁচনি গ্ৰহণ কৰি সময়োপযোগী নিবা বিনিয়োগ ব্যৱস্থাৰে অধিক আর্থসামাজিক লাভৰ পথ প্রশস্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাটো উচিত।

- সহায়ক নিবন্ধ।

১) শোলাক শিল্প  – বৰুৱা পুনম।

২) ধুবুৰী জিলাৰ লোক সংস্কৃতি কুঁহিলা শিল্প— কাকতি হেমলতা

Previous Post Next Post