দিপলীনা ডেকাই ধন দি ৰণবীৰ সিঙে পৰা লৈছিল নেকি শুভেচ্ছাবাণী! কিছু দিন পূৰ্বে অসমৰ সামাজিক মাধ্যমত বিশেষ কৈ ফেচবুক বিশেষ ভাবে চৰ্চা লাভ কৰিছিল জনপ্ৰিয় বলিউডৰ অভিনেতা ৰণবীৰ সিঙে ৰ এটা ভিডিও বাৰ্তা। য'ত নেকি দেখিবলৈ পোৱা গৈছিল জনপ্ৰিয় বলিউডৰ অভিনেতা গৰাকীয়ে অসমৰ জনপ্ৰিয় গায়িকা দিপলীনা ডেকাৰ নাম লৈ আগবঢ়োৱা এটা শুভেচ্ছাবাণী। যি নেকি গৌৰৱেৰে সামাজিক মাধ্যমত দিপলীনা ডেকা নামৰ গায়িকা গৰাকীয়ে নিজেই প্ৰচাৰ কৰা পিছত গায়িকা গৰাকীৰ অনুৰাগী সকলৰ মাজত ভিডিও টোৱে বিশেষ চৰ্চা লাভ কৰাৰ পৰিলক্ষিত হৈছিল । কিন্তু দুৰ্ভাগ্যবশত অসমৰ উজনিৰ পৰা নামনিলৈ ভাইৰেল হৈ পৰা দীপলীনা ডেকা লৈ ৰণবীৰ সিঙে য়ে আগবঢ়োৱা ভিডিও বাৰ্তা টোৱে বৰ্তমান সময় অন্য এক বিতৰ্কতৰ সৃষ্টি কৰিছে । উল্লেখযোগ্য যে কিছু দিন পূৰ্বে ভাইৰেল হোৱা এই ভিডিও বাৰ্তাটো কিছু সচেতন লোকে ভাল দৰে মানি লব পৰা নাছিল। কিয়নো ভিডিও বাৰ্তাটোত দিপলীনা ডেকা বুলি উল্লেখ কৰিছিল যদিও কেই ছেকেণ্ড মানৰ ভিডিও বাৰ্তা টোত কোনো ধৰণৰ বিষয় বা উদ্দেশ্যৰ কথা উল্লেখ নাছিল, কিছু সচেতন লোকে এই ঘটনাটো চালি জাৰি চোৱাৰ পিছত দেখা গ'ল যে আচলতে বলিউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙে দিপলীনা ডেকালৈ কোনো ধৰণৰ ভিডিও বাৰ্তা প্ৰেৰণেই কৰা নাছিলে। এই বাৰ্তা টো আছিল এক বিশেষ ছফ্টৱেৰৰ কামাল যাৰ বাবে এই ছফ্টৱেৰ কোম্পানীটোক দিব লগা হয় ধন। এই বিশেষ ছফ্টৱেৰ কোম্পানীটোক আপুনি পইচা দিলেই লাভ কৰিব পাৰিব জনপ্ৰিয় ব্যক্তি সকলৰ পৰা শুভেচ্ছাবাণী। উল্লেখযোগ্য যে দিপলীনা ডেকায়ে সামাজিক মাধ্যমত প্ৰচাৰ কৰা সেই শুভেচ্ছাবাণী টো আছিল এই বিশেষ ছফ্টৱেৰক ধন পৰিশোধ কৰি কৰা শুভেচ্ছাবাণী হে। লক্ষণীয়ভাবে যে প্ৰকৃততে এই ভিডিও টো দিপলীনা ডেকাই নিজেই কৰা আছিল নে নাছিল এই ক্ষেত্ৰত দিপলীনা ডেকাই সামাজিক মাধ্যমত কিছু সময়ৰ আগতে প্ৰকাশ কৰে যে হাইদৰাবাদৰ নিবাসী এজন তেওঁৰ চিনাকি ব্যক্তিয়ে হে ভিডিও টো বনাই তেওঁলৈ শ্বেয়াৰ কৰাত তেওঁ প্ৰথম অৱস্থাত আচৰিত হৈছিল যদিও পিছলৈ তেওঁ এইয়া এক ছফ্টৱেৰ মাধ্যমেৰে কৰা বুলি জানিব পৰিছিল । উল্লেখযোগ্য যে এই ভিডিও টো তেওঁ মিছা বুলি আগতেই জানিছিল কিন্তু তেওঁ অনুৰাগী সকলক আচৰিত বা ভাল পাব বুলি হে সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল । কিন্তু লক্ষণীয় যে প্ৰথম অৱস্থাত দিপলীনা ডেকই প্ৰচাৰ কৰা ভিডিও টোত তেওঁ কোনো ধেমেলীৰ বাবে বা এই ভিডিও টো ভুৱা বুলি লিখিত প্ৰকাশ কৰা নাছিল।
দিপলীনা ডেকাই ধন দি ৰণবীৰ সিঙৰ পৰা লৈছিল শুভেচ্ছাবাণী!
Ankita singh Googly assam