মানুহৰ দৰে কথা কোৱা শালিকা ! কলিকতাত এটা বিশেষ শালিকি চৰাইয়ে সমাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে।

সম্পাদকীয় লেখা: কলিকতা চহৰৰ এটা বিশেষ পোহনীয়া শালিকা চৰায়ে বৰ্তমান সময়ত সামাজিক মাধ্যমৰ লগতে প্ৰকৃতি প্ৰেমি সকলৰ মাজত বিশেষ চৰ্চা লাভ কৰিছে। কিছু দিন পূৰ্বে ফেচবুক লগতে আন আন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা শালিকি চৰাইটোৰ আছে এক বিশেষ গুণ । মিনিটতে সামাজিক মাধ্যমত ভাইৰে হৈ পৰা শালিকি চৰাইটোৰ কলিকতা চহৰৰ মণিষা সেন নামৰ এটা পৰিয়ালে পোহ পাল কৰি আহিছে। উল্লেখযোগ্য যে শালিকি চৰাইটোৱে মানুহৰ দৰেই কব পাৰে কথা। যাৰ বাবে এতিয়া চৰ্চা এই শালিকি চৰাইটো। শালিকি চৰাইটোক যি ধৰণে প্ৰশ্ন কৰা হয় সেইধৰণে এটা শব্দত প্ৰকাশ কৰি উওৰ দিবলৈ চেষ্টা কৰে। সামাজিক মাধ্যমত মানুহৰ দৰে কথা কোৱা শালিকিটো ভাইৰেল হৈ পৰা লগে লগে এতিয়া কলিকতাৰ চহৰত বাস কৰা সেন পৰিয়ালৰ ঘৰত শালিকিটো চোৱাৰ হেঁপাহেৰে অগণন লোকৰ সমাবেশ ঘটিছে।  


বিশেষ শালিকাটোৱে মানুহৰ দৰে কব পাৰে কথা  ! কলিকতা চহৰৰ শালিকি চৰাইয়ে সমাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে। বিশেষ শালিকি চৰাইটোৰ ভিডিও তলত দিয়া হ'ল।


 View this post on Instagram

Previous Post Next Post