অসম বুৰঞ্জীৰ এৰা-বোটলা । প্রাগৈতিহাসিক অসম

প্রাচীন ভাৰতীয় সাহিত্যত উল্লিখিত তথ্য সমাদৃত প্রাগজ্যোতিষ, কামৰূপ বা বৰ্তমানৰ অসম নামৰ এই ভূখণ্ডত আবিষ্কৃত প্রত্নতাত্ত্বিক সমলসমূহে এই কথা স্পষ্টকৈ প্ৰমাণ কৰিছে যে প্রাচীন অসম নৱপ্ৰস্তৰ যুগৰ জনগোষ্ঠীৰ বাসস্থান আছিল। 

নৱপ্ৰস্তৰ যুগৰ এই সংস্কৃতি কেৱল পার্বত্য অঞ্চলসমূহতে সীমিত হৈ নাথাকি ভৈয়ামলৈও ব্যাপ্ত হৈ পৰিছিল। অৱশ্যে বহু ঐতিহাসিক পণ্ডিতে বিশ্বাস কৰে যে প্ৰকৃততে जुन সংস্কৃতিসম্পন্ন জনগোষ্ঠীৰ দ্বাৰাই লোৱ আৱিষ্কাৰ সম্ভৱ হৈ উঠিছিল। ইতিহাসে ঢুকি পোৱা কালৰ আগৰে পৰা অসমৰ প্ৰাচীন আদিবাসী খাছিয়াসকলে লো তৈয়াৰ কৰাৰ পদ্ধতি জানিছিল বুলি জনা যায়। নৱপ্ৰস্তৰ সংস্কৃতিৰ এক বিশেষ নমুনা নাল লগোৱা জবকা খাছিয়াসকলৰ মাজত এতিয়াও দেখিবলৈ পোৱা যায়। যি কি নহওক, অসমৰ বিভিন্ন অঞ্চল, যেনে: বৰ্তমানৰ বিশ্বনাথ, উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলৰ (ডিমা হাচাও) কানাপাৰা আদি অঞ্চলত আবিষ্কৃত সমল, খাছি জয়ন্তীয়া, নাগালেণ্ড অৰুণাচল আদি পার্বত্য অঞ্চলত বিৰাট বিৰাট শিলৰ ব্যৱহাৰ, নাল লগোৱা অস্ত্রাদি, ওখ ঠাইত ধানখেতি কৰা। ব্যৱস্থা, লোৰ ব্যৱহাৰ, মাতৃপ্রধান সমাজ ব্যবস্থা আদিৰ প্ৰমাণে নৱপ্ৰস্তৰ সংস্কৃতি আৰু পৰৱৰ্তী সময়ত অধিক উন্নত যুগলৈ উত্তৰণ হোৱাৰ সাক্ষ্যকে প্রতীয়মান কৰে। প্রাগৈতিহাসিক কালৰে পৰা অসমলৈ নিগ্রোটো, প্রটোঅষ্ট্ৰেলয়ড, ককেছীয়, মনখেমৰ তথা মংগোলয়ড আদি গোষ্ঠীৰ প্ৰব্ৰজন ঘটিছিল। প্রাগৈতিহাসিক কালৰ পৰা বৰ্তমানৰ সময়লৈকে সমগ্র অঞ্চলটোলৈ হোৱা এই জনপ্রবাহসমূহক পণ্ডিতসকলে এঘাৰটা ভাগত ভাগ কৰিছে। ব্ৰহ্মপুত্ৰ উপত্যকালৈ তাৰে দহটা গোটৰ প্ৰবাহ সোমাই আহিছে। এই দহটা প্রবাহৰ প্ৰথমাৱস্থাৰ জনগোষ্ঠীয় গোটসমূহ হ’ল—অস্ট্রো-এছিয়াটিক বা অষ্ট্ৰোলয়ড গোষ্ঠীৰ প্ৰবাহ, মংগোলয়ড প্রবাহ বা তিব্বতো বৰ্মী আৰু ভাৰতীয় আর্যৰ প্রবাহ।

ব্রহ্মপুত্র উপত্যকালৈ অৱশ্যে কোনটো শাখা ইতিহাসৰ কোন সময়ত আহিছিল, সেই কথা প্রমাণ কৰা টান। প্রাচীন অসমখন ক্ৰিাতসকলৰ (পূব ভাৰতৰ পাৰ্বত্য আৰু অৰণ্য অঞ্চলৰ আধিবাসী অনার্য জাতি) বাসস্থান হিচাপে জনাজাত আছিল। মহাভাৰতত উল্লেখ থকা কিৰাত (শিৱৰ ৰূপান্তৰ) আৰু অৰ্জুনৰ সম্পৰ্কৰ প্ৰসংগ এইক্ষেত্ৰত উল্লেখযোগ্য। দ্বিগবিজয় কৰিবলৈ গৈ দ্বিতীয় পাণ্ডৱ ভীমে বিদেহ ৰাজ্য (বৰ্তমানৰ উত্তৰ বিহাৰ) অতিক্ৰম কৰি কিৰাত ৰাজ্যত প্ৰৱেশ কৰি তাৰ ৰজাসকলক নিপাত কৰাৰ উল্লেখ পোৱা যায়। এনেধৰণৰ উল্লেখে এই কথা স্পষ্ট কৰে যে ব্ৰহ্মপুত্র উপত্যকাত কিবাতসকলৰ বাসস্থান আছিল। খ্রিষ্টপূর্ব কালতেই ব্ৰহ্মপুত্ৰ উপত্যকালৈ সোমাই অহা ককেছীয় আর্যভাষী মানুহ, আর্যভাষা আৰু আৰ্য সংস্কৃতি ইয়াত আহি কিৰাত, মংগোলয়ড আদি আদিম জনগোষ্ঠীসমূহৰ সৈতে সংমিশ্ৰিত হৈ পৰিছিল। প্ৰব্ৰজিত জনগোষ্ঠীসমূহে স্থানীয় নাৰীৰ পাণি গ্ৰহণ কৰাৰ ফলত ৰক্তৰ সংমিশ্রণ তথা সহাৱস্থান সম্ভৱ হৈ উঠে।

অসমত নৱপ্ৰস্তৰ যুগৰ জনগোষ্ঠীবোৰ অর্থনৈতিক কাৰণত বা হিংস্ৰ জীৱ-জন্তু তথা বহিঃশত্ৰুৰ (প্রতিবেশী) ভয়ত সৰু সৰু গোটত শ্রেণীভুক্ত হৈ পৰিছিল যদিও সামাজিক অৱস্থা কেনে পৰ্যায়ৰ আছিল কোৱা টান। কোনো এজন দলপতিৰ নেতৃত্বত জনগোষ্ঠীয় লোক একত্ৰিত হৈ থাকিলেও সেয়া স্থায়ী নাছিল। বাসস্থানৰ ভৌগোলিক অৱস্থান, ৰাজনৈতিক বিচক্ষণতাৰ অভাৱ আদিৰ বাবেই ৰাজতন্ত্ৰৰ সূচনা হোৱাটোও • সম্ভৱপৰ নাছিল। তৰপে তৰপে অহা নতুন সংস্কৃতিৰ জনগোষ্ঠীয় প্রবাহ, স্থানীয় জনগোষ্ঠীৰ লগত ৰক্তৰ মিশ্ৰণ, সহাৱস্থান আৰু শক্তিশালী নেতৃত্বৰ অভ্যুদয়ৰ ফলত ক্ৰমাৎ ৰাজতান্ত্রিক চিন্তাৰ ভেটি নির্মাণ হ’বলৈ আৰম্ভ কৰে। পণ্ডিতসকলে অনুমান কৰিছে যে অসমৰ কিৰাত জনগোষ্ঠীৰ লগত প্রথমে অহা আর্য ফৈদৰ তেজৰ সংমিশ্ৰণত ওপজা জনগোষ্ঠীয়েহে অসমত প্ৰথমে ৰাজ্য স্থাপন কৰিছিল।

অসমত ঠিক তেনে জনগোষ্ঠীয় সংমিশ্ৰণৰ ভেটিতে সৃষ্টি হোৱা, বুৰঞ্জীমূলক অর্ধবুৰঞ্জীমূলক সাহিত্যত উল্লিখিত দানৱ উপাধিধাৰী কিৰাত জনগোষ্ঠীৰ দলপতি মহীৰংগ দানবে গুৱাহাটীৰ বেলতলাৰ ওচৰত মৈৰাংক পৰ্বতৰ কাষত প্ৰথম ৰাজধানী স্থাপন কৰি প্ৰাচীন অসমৰ ৰাজনৈতিক ব্যৱস্থাৰ পাতনি তৰিছিল। তেওঁ প্ৰতিষ্ঠা কৰা বংশটোৱেই দানৰ বংশ।

Previous Post Next Post