এই কেইবছৰমান গুগলত আটাইতকৈ বেছি অনুসন্ধান কৰা শব্দটোৱেই হৈছে ‘বিটকইন’। কিয় ইমান মানুহে ইয়াৰ বিষয়ে জানিব খোজে? প্রকৃততে ‘বিটকইন’ কি? জটিল শব্দ প্রয়োগ নকৰাকৈ আমি যদি সাধাৰণভাৱে বুজিব খোজোঁ, তেনেহ'লে ভাবিব লাগিব যে আমাক কোনোবাই পইচা কিয় দিয়ে? আমি যদি মূল্য থকা বা মূল্য আহৰণ কৰিব পৰা কাম কৰোঁ তেতিয়া আমাক পইচা দিয়ে। আমি দৰমহা কিয় পাওঁ? এজন হাজিৰা কৰা মানুহক কিয় পইচা দিয়া হয়? কাৰণ তেওঁ মূল্য আহৰণ কৰিব পৰা কাম কৰে। এজন দোকানীক তেতিয়াহে পইচা দিয়া হয় যেতিয়া তেওঁ তাৰ বিনিময়ত গ্রাহকক বস্তু দিয়ে। সমগ্র বিশ্বতে কোনো এজন ব্যক্তিয়ে পইচা তেতিয়াহে পায়। যেতিয়া তেওঁ মূল্য যোগ দিয়ে বা মূল্য থকা কাম কৰে। অন্য অৰ্থত পইচা মানে মূল্য বুলিও ক’ব পাৰি। মানৱ ইতিহাসত, সময় সাপেক্ষে পইচাক বেলেগ বেলেগ বস্তুৱে প্রতিনিধিত্ব কৰি আহিছে। যেনে আগতে ধান চাউল বা অন্য শস্যৰ বিনিময়ত কাম কৰি দিছিল। কিন্তু লাহে লাহে বহুত দিনলৈকে বেয়া নোহোৱা বস্তুৰ (যেনে–সোণ) বিনিময়ত কাম কৰা হ'ল। ইয়াৰ পাছত ধাতুৰ মুদ্ৰাৰ প্ৰচলন হ’ল।
টকা-পইচা আৰু সমৃদ্ধিক মা লক্ষ্মীৰ ৰূপ বুলি জনা যায়। লক্ষ্মীৰ অৰ্থাৎ পইচাৰ বহুত ৰূপ দেখা যায়। যেনে— ভাৰতৰ টকা, আমেৰিকাৰ ডলাৰ, ব্ৰিটিছ পাউণ্ড, জাপানী ইয়েন, ইউৰোপৰ ইউৰ' ইত্যাদি। ইয়াৰ ভিতৰত বেছিভাগ মুদ্ৰাই কাগজেৰে প্ৰস্তুত কৰা; সেইবোৰ চুই অনুভৱ কৰিব পাৰি, চাব পাৰি, জেপত থ'ব পাৰি। আমি যি দেশলৈ যাওঁ সেই দেশৰ মুদ্ৰা ব্যৱহাৰ কৰিব লাগে। কিন্তু এনেকুৱা মুদ্ৰাৰ কথা আমি শুনিছোঁনে যিবোৰ নেদেখি বা চুব নোৱাৰি। কিন্তু সেইবোৰ বিশ্বৰ সকলো মুদ্ৰাতকৈ মূল্যৱান আৰু সকলো দেশতে সকলো সময়তে ব্যৱহাৰ কৰিব পাৰি। আমি তেনে এবিধ মুদ্রা ছ 'ক্রিপ্ট'কাৰেন্সি ব (Cryptocurrency) য় বিষয়ে ক’বলৈ লৈছোঁ। ইয়াক ‘বিটকইন' বুলি কোৱা হয়। যদি 'ইণ্টাৰনেট’ এখন দেশ নহ'লহেঁতেন তেন্তে ‘বিটকইন’ সেই দেশৰ ল ৰাষ্ট্ৰীয় মুদ্ৰা হ'লহেঁতেন।
‘ক্রিপ্ট’কাৰেন্সি’ একপ্ৰকাৰ সাংখ্যিক মুদ্রা J (digital currency)। ক্রিপ্ট'ৰ পোনপটীয়া ↑ অর্থ হ'ল—এনেকুৱা মুদ্ৰা বা মুদ্ৰাৰ লগত = জড়িত সকলো লেনদেনৰ বিৱৰণ গোপনীয়। 1 সমগ্র বিশ্বত এনেধৰণৰ 'ক্রিপ্ট’কাৰেন্সি’ ১৫০০ মান আছে। ইয়াৰ ভিতৰত কেইটামান হ'ল– Libra, Bitcoin, Dogecoin, Ethereum XRP, Tether ইত্যাদি। Libra জনপ্রিয় সামাজিক মাধ্যম ফেছবুকে প্রচলন কৰা 'ক্রিপ্ট'কাৰেন্সি'। বৰ্তমান সময়ত সকলো ‘ক্রিপ্ট’কাৰেন্সি’ৰ ভিতৰত ‘বিটকইন’ৰ মূল্য সকলোতকৈ বেছি।
বিটকইন হৈছে ২০০৮ চনত 'সাতোছি নাকামোটো’ নাম ব্যৱহাৰ কৰা এজন অজ্ঞাত ব্যক্তিৰ গোটৰ দ্বাৰা উদ্ভাৱন কৰা এবিধ ক্রিপ্ট’কাৰেন্সি। মুদ্ৰাটোৰ ব্যৱহাৰ ২০০৯ চনত আৰম্ভ হৈছিল। বিটকইন এবিধ • বিকেন্দ্রীকৃত সাংখ্যিক মুদ্রা অর্থাৎ কেন্দ্রীয় বেংক . বা একক প্রশাসক অবিহনে মধ্যস্থতাকাৰীৰ প্রয়োজন নোহোৱাকৈ ‘পিয়েৰ-টু-পিয়েৰ’ (Peer to peer) বিটকইন নেটৱৰ্কত ব্যৱহাৰকাৰীৰ পৰা ব্যৱহাৰকাৰীলৈ প্ৰেৰণ কৰিব পাৰি।
প্রণালীটোত মধ্যস্থতাকাৰী অবিহনে পোনপটীয়াকৈ ব্যৱহাৰকাৰীসকলৰ মাজত লেনদেন হয়। এই লেনদেনবোৰ ‘ব্লকচেইন’ নামৰ খতিয়ান বহীত (Ledger) ৰেকৰ্ড কৰা হয়। প্রণালীটোৱে কেন্দ্ৰীয় ভঁৰাল বা একক প্রশাসক অবিহনে কাম কৰে, বিটকইনক প্রথম বিকেন্দ্রীকৃত ডিজিটেল মুদ্ৰা বুলি কোৱা হয়। যিহেতু ব্যৱসায়ৰ লেনদেনত পৰিশোধ কৰাৰ বহুতো পৰম্পৰাগত উপায় আছে, তেনে অৱস্থাত ‘বিটকইন'ৰ প্ৰয়োজন কিয়? বিটকইনৰ এটা মুখ্য উপাদান হৈছে ইয়াৰ বিকেন্দ্রীকৃত স্থিতি, অর্থাৎ ইয়াক কোনো কেন্দ্ৰীয় কৰ্তৃপক্ষৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা নহয়। এই কথাটোৱে ইয়াক পৰম্পৰাগত মুদ্ৰাৰ পৰা পৃথক কৰে। বিটকইন পৰিশোধৰ কামবোৰ এখন অংশগ্ৰাহী (Sharing) খতিয়ান বহীৰ জৰিয়তে সংযুক্ত কম্পিউটাৰৰ ব্যক্তিগত নেটৱৰ্কৰ দ্বাৰা সম্পন্ন কৰা হয়। প্ৰতিটো লেনদেন একে সময়তে প্ৰতিটো কম্পিউটাৰত ‘ব্লকচেইন’ প্ৰযুক্তিৰ দ্বাৰা ৰেকৰ্ড কৰা হয়, ই সকলো একাউণ্ট আপডেট আৰু অৱগত কৰে। ব্লকচেইনে বিতৰণ কৰা খতিয়ান হিচাপে কাম কৰে আৰু এনে ৰেকৰ্ড সঠিকভাৱে ৰখাৰ বাবে কেন্দ্ৰীয় কৰ্তৃপক্ষৰ প্ৰয়োজন নুই কৰে।
ইতিমধ্যে কোৱা হৈছে বিটকইন সাংখ্যিক মুদ্রা; ইয়াক ইলেক্ট্রনিকভাৱে গঢ়ি তোলা হয়। পৰম্পৰাগত টকা-পইচা বা মুদ্রাসমূহ আমি দেখা পাওঁ, চুই চাব পাৰোঁ। কিন্তু বিটকইন হৈছে এনে এবিধ মুদ্রা, যাক আমি চুব নোৱাৰোঁ, নেদেখোঁ অথচ লেনদেনত ব্যৱহাৰ কৰিব পাৰোঁ। বেনামীভাৱে সামগ্রী ক্রয় কৰিবলৈ বিটকইন ব্যৱহাৰ কৰিব পাৰি। তদুপৰি আন্তর্জাতিক পৰিশোধ সহজ আৰু সস্তা হয়, কিয়নো বিটকইন কোনো দেশৰ বা নিয়মৰ অধীন নহয়। ক্ষুদ্র ব্যৱসায়ীবোৰে বিটকইন লেনদেন ভাল পাব পাৰে, কিয়নো ইয়াৰ বাবে কোনো ক্রেডিট কার্ড মাচুল নালাগে।
‘বিটকইন’ কেনেকৈ সৃষ্টি কৰা হয়?
উচ্চ ক্ষমতাসম্পন্ন কম্পিউটাৰৰ দ্বাৰা সম্পাদন কৰা জটিল’ - গাণিতিক গণনাৰ ওপৰত আধাৰিত ‘মাইনিং' (mining) নামৰ এটা প্ৰক্ৰিয়াৰ দ্বাৰা বিটকইনবোৰ সৃষ্টি কৰা হয়। বিটকইনবোৰ কেন্দ্ৰীয় বেংক বা বিত্তীয় সংস্থাৰ দ্বাৰা প্ৰচলন কৰা পৰম্পৰাগত মুদ্রা নহয়। ইয়াৰ পৰিৱৰ্তে, ব্লকচেইনত যোগ দিবলগীয়া লেনদেন খণ্ডবোৰ সাব্যস্ত কৰাৰ বাবে ক্রমান্বয়ে জটিল গাণিতিক এলগবিদম (Algorithm)
সমাধান প্ৰক্ৰিয়াৰে বিটকইনবোৰ ছফটৱেৰৰ জৰিয়তে কম্পিউটাৰৰ দ্বাৰা প্ৰস্তুত কৰা হয়, বা সেইবোৰ মানক ৰাষ্ট্ৰীয় মুদ্ৰাৰে ক্ৰয় কৰা হয় আৰু স্মার্টফোন বা কম্পিউটাৰৰ জৰিয়তে সর্বাধিক প্ৰৱেশ কৰা 'বিটকইন বালেট'ত ৰখা হয়। গতিকে বিটকইন ‘মাইনিং' হৈছে এটা গণনামূলক সমস্যা সমাধান কৰি নতুন বিটকইন সৃষ্টি কৰাৰ প্ৰক্ৰিয়া। বিটকইন ‘মাইনিং' বিটকইন আধাৰিত লেনদেনৰ খতিয়ান বহীত হিচাপ ৰখাৰ বাবে প্ৰয়োজনীয় আৰু 'মাইনিং' কর্মীসকল 'মাইনিং' কার্যত গতি আনিবলৈ জটিল যন্ত্রপাতি ব্যৱহাৰ কৰি যোৱা কেইবাবছৰ ধৰি অত্যাধুনিক হৈ পৰিছে। গাণিতিক সূত্ৰবোৰ মুক্তভাৱে পোৱা যায়, যাতে সকলোৱে ইয়াক পর্যবেক্ষণ কৰিব পাৰে। সেইবোৰ অন্যান্য মুদ্রা, সামগ্ৰী আৰু সেৱাৰ বাবে বিনিময় কৰিব পাৰি, কিন্তু মুদ্ৰাবোৰৰ বাস্তৱ-বিশ্বৰ মূল্য অত্যন্ত অস্থিৰ। কেমব্রিজ বিশ্ববিদ্যালয়ৰ গৱেষকৰ দল এটাই ধার্য কৰিছিল যে ২০১৭ চনত, ‘ক্রিপ্ট’কাৰেন্সি ৱালেট' (Cryptocurrency Wallet) ব্যৱহাৰ কৰা ২.৯ৰ পৰা ৫.৮ নিযুত পর্যন্ত একক ব্যৱহাৰকাৰী আছিল, তেওঁলোকৰ বেছিভাগেই বিটকইন ব্যৱহাৰ কৰিছিল।
যেতিয়া কোনো স্থানলৈ বিটকইন প্ৰেৰণ কৰা হয়, ইয়াক লেনদেন বুলি কোৱা হয়। ইন-ষ্ট'ৰ বা অনলাইন কৰা লেনদেনবোৰ বেংক, পইণ্ট-অব-ছেল প্রণালী আৰু ভৌতিক ৰছিদৰ দ্বাৰা নথিভুক্ত কৰা হয়। বিটকইন মাইনিং কর্মীসকলে 'ব্লক'ত একেলগে লেনদেনবোৰ একগোট কৰে আৰু সেইবোৰক ব্লকচেইন' নামৰ ৰাজহুৱা ৰেকৰ্ডত যোগ দি একেটা বস্তু পায়। বিটকইন মাইনিং কর্মীসকলে ব্লকচেইনত লেনদেনৰ এটা নতুন খণ্ড যোগ দিয়াৰ পাছত তেওঁলোকৰ কামৰ এটা অংশ হয় সেই লেনদেনবোৰ সঠিক হোৱাটো নিশ্চিত কৰা।
বিটকইনে কেনেদৰে কাম কৰে?
বিটকইন হৈছে এটা সম্পূর্ণ ডিজিটেল পৰিঘটনা।বিটকইন হৈছে এবিধ ডিজিটেল মুদ্রা, এটা বিকেন্দ্রীকৃত প্রণালী, ই ব্লকচেইন নামৰ বিতৰণ কৰা খতিয়ান বহীত লেনদেন নথিভুক্ত কৰে। বিটকইন আন বজাৰৰ অংশগ্রহণকাৰীসকলে ক্রিপ্টোকারেন্সি এক্সচেঞ্জ বা পিয়েৰ-টু-পিয়েৰৰ জৰিয়তে টোকেন ক্রয় বা বিক্ৰী কৰিব পাৰে।
বিটকইন কেনেদৰে ক্ৰয় কৰিব?
বিটকইনত বিনিয়োগ কৰাটো জটিল যেন লাগিব পাৰে, কিন্তু কেইবা খাপত বিভক্ত কৰি আগবাঢ়িলে সমগ্র প্রক্রিয়াটো সহজ হৈ পৰে। বিটকইন ক্ৰয় কৰাটো দিনক দিনে সহজ হৈ আহিছে আৰু এক্সচেঞ্জ আৰু ৱালেটৰ বৈধতাও বাঢ়ি আহিছে। ভাৰতত বর্তমান zebpay আৰু Unocoin দুটা শ্রেষ্ঠ এপ। zebpayৰ মতে, দৈনিক ২৫০০ৰো অধিক লোকে একাউন্ট খুলিছে। ভাৰতীয় বেংক একাউণ্ট এটাৰ পৰা IMPS/NEFT/ RTGSৰ জৰিয়তে বিটকইন ক্রয় কৰিব পাৰি। বিকল্প হিচাপে ক্রেডিট কার্ড/ডেবিট কার্ড/ৱায়াৰ ট্ৰেন্সফাৰ/পেপল/স্ক্রিল ব্যৱহাৰ কৰি CEX.IO, LakeBTC, HitBTCৰ দৰে আন্তর্জাতিক এক্সচেঞ্চৰ পৰা বিটকইন ক্ৰয় কৰিব পাৰি। বিটকইন ক্রয় কৰিবলৈ ডিজিটেল ৱালেট, সুৰক্ষিত ইণ্টাৰনেট সংযোগ, এটা ক্রিপ্ট’কাৰেন্সি এক্সচেঞ্জ একাউণ্টৰ প্ৰয়োজন।
কালৈ বিটকইন প্ৰেৰণ কৰিব পাৰি?
পৃথিৱীৰ যিকোনো ঠাইত বিটকইন ঠিকনা থকা যিকোনো লোকলৈ ডিজিটেলভাৱে বিটকইন প্ৰেৰণ কৰিব পাৰি। এজন ব্যক্তিৰ ব্যক্তিগত বা ব্যৱসায়িক আদি বিভিন্ন উদ্দেশ্যৰ বাবে একাধিক ঠিকনা থাকিব পাৰে—গ্রাহকে মুদ্ৰাবোৰ পোৱাৰ কেইমিনিটমানৰ ভিতৰতে সেইবোৰ ব্যয় কৰিব পাৰে। এবাৰ দিয়াৰ পাছত, সেইবোৰ সহজে ঘুৰাই নাপায়। বিটকইন এটা মুদ্রিত মুদ্ৰা নহয়, কিন্তু প্ৰতিটো বিটকইনৰ লেনদেন নথিভুক্ত হৈ থাকে। এই সকলো ব্লকচেইন নামৰ বিশাল খতিয়ান বহীৰ অংশ।
বৰ্তমান বিটকইন এটাৰ মূল্য কিমান?
বিটকইনৰ মূল্য ক্রেতা আৰু বিক্ৰেতাৰ বজাৰৰ দ্বাৰা, অর্থাৎ কিমান মানুহে কিমান টকাত ক্রয় কৰিব খোজে, বা বিক্ৰী কৰিব খোজে তাৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়।
২০০৯ চনত প্রথম ডিজিটেল মুদ্ৰাটোৰ প্ৰচলন হওঁতে ভাৰতীয় মূল্য আছিল ‘ছটকা। কিন্তু ক্ৰমে ইয়াৰ চাহিদা বাঢ়ি যোৱাৰ লগে লগে মূল্য বৃদ্ধি হ’বলৈ ধৰে। অৱশ্যে ‘বিটকইন’ৰ মূল্য অত্যন্ত অস্থিৰ। চলিত বছৰৰ ২৫ এপ্ৰিলৰ দিনা ইয়াৰ ভাৰতীয় মূল্য আছিল—1 বিটকইন=3,726,848.25 টকা।
পৰিশোধ প্ৰণালীয়ে কেনেদৰে কাম কৰে?
গ্ৰাহকলৈ বিটকইন প্ৰেৰণ কৰাৰ সময়ত লেনদেনখিনি ব্লকচেইনত অন্তৰ্ভুক্ত কৰা হয় আৰু নেটৱৰ্কত সম্প্ৰচাৰ কৰা হয়। একেটা বিটকইন একেজন ব্যৱহাৰকাৰীৰ দ্বাৰা দুবাৰ যাতে ক্ৰয় কৰা নহয় সেইটো ব্লকচেইনে নিশ্চিত কৰে। এটা কম্পিউটাৰ নেটৱৰ্কে এলগৰিদম ব্যৱহাৰ কৰি লেনদেনখিনি বৈদ কৰে। বৈধ হোৱাৰ পাছত, খতিয়ান বহীৰ বাবে ডাটাৰ এটা গোট সৃষ্টি কৰিবলৈ লেনদেনখিনি আৰ্নৰ সৈতে যোগ করা হয়। আমি বিটকইনৰ জৰিয়তে কেনেকৈ
উপার্জন কৰিব পাৰোঁ? এইটো উপাৰ্জনৰ এটা উৎকৃষ্ট উপায়। কিন্তু ভাৰতত মাইনিং স্থাপন কৰাটো সম্ভৱ নহয়। মাইনিঙৰ বাবে বহুতো অতি ব্যয়বহুল হার্ডৱেৰ সঁজুলিৰ প্ৰয়োজন। হার্ডৱেৰৰ লগতে ২৪ ঘণ্টাই অনবৰতে সম্ভীয়া বিদ্যুৎ, উচ্চ গতিৰ ইণ্টাৰনেট আৰু অন্যান্য কাৰকৰ প্রয়োজন, বর্তমান অৱস্থাত সেয়া ভাৰতত সম্ভৱ নহয়।
মাইনিং অবিহনে যদি ১,০০০ ডলার মূল্যত এটা বিটকইন কিনা হয়, তেন্তে বিটকইনৰ মূল্য উঠা-নমা হ'ব আৰু ই ১০,০০০ ডলাবৰ ওপৰলৈও যাব পাৰে। তেতিয়া ৯,০০০ ডলাৰলৈকে লাভ আহৰণ কৰিব পাৰি। প্রায় এবছৰ বা দুবছৰত ৯,০০০ ডলাৰ লাভ কৰাটো এটা ভাল আৰম্ভণি অৱশ্যে বিটকইনৰ দাম কেনেদৰে উঠা-না হয় কেতিয়াও সঠিককৈ ক'ব নোৱাৰি।
বিটকইন লেনদেন কৰাৰ সুবিধাবোৰ কি?
বিটকইনৰ জৰিয়তে লেনদেন কৰাৰ কিছুমান সুবিধা আছে। সেয়া হ'ল—
(১) যদিও বিটকইন মুদ্রা হিচাপে ইমান জনপ্রিয় হোৱা নাই, ই লেনদেন প্রক্রিয়াত ভৱিষ্যতৰ বিপ্লৱৰ ভেটি হ'ব পাৰে; ই দ্রুত, সস্তা আৰু সুৰক্ষিত।
(২), আন্তর্জাতিক লেনদেন কৰাটো সহজ।
(৩) বেপাৰৰ কাৰণে কোনো ধৰণৰ
পৰিচয় পত্ৰৰ প্ৰয়োজন নহয়। (৪) নিজৰ পৰিচয় আৰু অন্য ধৰণৰ বিৱৰণ গোপনীয়।
(৫) অতিৰিক্ত কোনো শুল্ক নিদিয়াকৈ বিশ্বৰ যিকোনো ঠাইতে যিকোনো মুহূর্ততে খুব কম সময়তে লেনদেন কৰিব পাৰি।
(৬) ক্রিপ্ট’কাৰেন্সিৰ এটা কেন্দ্ৰীয় ধাৰণা হৈছে স্ব-নিয়ন্ত্রণ। ব্যৱহাৰকাৰীসকলে বেংক বা চৰকাৰৰ দৰে মধ্যস্থতাকাৰী কর্তৃপক্ষৰ সৈতে লেনদেন নকৰাকৈ নিজৰ ধন ব্যয় বা নিয়ন্ত্রণ কৰিবলৈ সক্ষম হয়।
(৭) এজন ব্যৱহাৰকাৰীয়ে স্বেচ্ছাই তেওঁৰ বিটকইন লেনদেন প্রকাশ নকৰিলে, তেওঁৰ কিনা-বেচাৰ তথ্য কেতিয়াও তেওঁৰ ব্যক্তিগত পৰিচয়ৰ সৈতে সম্পর্কিত নহয়। ■ ব্যৱস্থাটো নগদ ধনেৰে ক্ৰয় কৰাৰ দৰে হয় আৰু ওলাই যোৱা ধন সহজে তেওঁৰ ওচৰলৈ ঘুৰি আহিব নোৱাৰে। বহনকাৰীৰ ক্ৰয়ৰ বাবে সৃষ্টি করা বেনামী বিটকইন ঠিকনা প্ৰতিটো লেনদেনৰ সৈতে সলনি হয়। ইয়াৰ অর্থ এইটো নহয় যে বিটকইন লেনদেনবোৰ সঁচাকৈয়ে বেনামী।
(৮) বিটকইন লেনদেন প্রক্রিয়াটোত সম্পূর্ণরূপে পিয়ের-টু-পিয়েৰ, অর্থাৎ ব্যৱহাৰকাৰীসকলে কোনো বাহ্যিক উৎস বা কৰ্তৃপক্ষৰ অনুমোদনৰ প্ৰয়োজন নোহোৱাকৈ সমগ্ৰ বিশ্বৰ নেটৱৰ্কৰ যিকোনো লোকলৈ বা তাৰ পৰা বিটকইন প্ৰেৰণ আৰু পাবলৈ সক্ষম হয়।
বিটকইন লেনদেনৰ অসুবিধাবোৰ কি?
বিটকইন লেনদেনৰ ক্ষেত্ৰত বহুত সুবিধা যেনেকৈ আছে, তেনেকৈ বহুত অসুবিধাও আছে। সেয়া হ'ল
(১) যিহেতু কোনো দেশ, বা কেন্দ্রীয় বেংকৰ মান্যতা বা বৈধতা নাই, ই অবৈধ ব্যৱসায় আৰু ড্ৰাগছৰ লেনদেনৰ এটা মাধ্যম হৈ পৰিছে।
(২) ইয়াক সহজে ধন ৰপ্তানিত ব্যৱহাৰ কৰিব পাৰি। (৩) বিটকইন সুৰক্ষিতভাৱে সংৰক্ষণ কৰা কঠিন, কিয়নো বালেটটো হেক কৰিব পাৰি।
(৪) ব্লকচেইনত এবাৰ ৰেকৰ্ড কৰাৰ পাছত লেনদেন ঘূৰাই আনিব নোৱাৰি। (৫) যদি আপুনি আপোনাৰ ব্যক্তিগত চাবি হেৰুৱায়, আপুনি সকলো বিটকইন হেৰুৱাব। চাবি আৰু মুদ্ৰাবোৰ ঘুৰাই পোৱাৰ কোনো উপায় নাথাকে।
(৬) বিটকইনৰ মূল্য যথেষ্ট অস্থিৰ। ভাৰত চৰকাৰে ক্ৰিপ্ট’কাৰেন্সি ব্যৱহাৰ কৰাটো সমৰ্থন নকৰে। বিনিয়োগকাৰীৰ সুৰক্ষা আৰু ব্যৱহাৰিক সমাধান বিচাৰিবলৈ বর্তমান তেনেকুৱা কোনো আইন নাই। ২০১৮ চনৰ ৬ এপ্ৰিলত ‘ৰিজাৰ্ভ বেংক তাব ইণ্ডিয়াই এখন জাননী জাৰি কৰি ক্রিপ্ট'কাৰেন্সিৰ ওপৰত প্রতিবন্ধক আৰোপ কৰে। কিন্তু উচ্চতম ন্যায়ালয়ে ইয়াক অবৈধ বুলি ঘোষণা কৰে। কাৰণ এই প্রতিবন্ধকতা, আমাৰ সংবিধানৰ অনুচ্ছেদ ১৯(১)ৰ মতে দেশখনৰ লোকসকলৰ বেপাৰ-বাণিজ্য আৰু জীৱিকাৰ স্বতন্ত্ৰতাৰ উলংঘন। ইয়াৰ পাছত বিত্ত মন্ত্রালয়ে 'ক্রিপ্ট'কাৰেন্সি নিষিদ্ধ আৰু নিয়ামক ডিজিটেল মুদ্রা বিনিময় খচৰা, ২০১৯' (Draft Banning of Cryptocurrency and Regulation of Official Digital Currency Bill, 2019) জাৰি কৰে। এই খচৰা মতে দেশত 'ক্রিপ্ট'কাৰেন্সি'ৰ বেপাৰ কৰিলে দহ বছৰ পর্যন্ত জেল-জৰিমনা/আর্থিক দণ্ড হ'ব পাৰে। বিত্ত মন্ত্র্যালয়ে উচ্চস্তৰীয় আন্তঃমন্ত্ৰালয় কমিটি গঠন গঠন কৰে।
ক্রিপ্ট'কাৰেন্সি আৰু চৰকাৰী ডিজিটেল মুদ্রা নিয়ামক বিধেয়ক, ২০১৯)
(Cryptocurrency and Regulation of Official Digital Currency Bill, 2021 ) প্রণয়ন কৰে। চৰকাৰক ৰাষ্ট্ৰৰ দ্বাৰা প্ৰচলন কৰা কোনো ভার্চুৱেল মুদ্ৰাৰ বাহিৰে দেশত আন ভার্চুৱেল, মুদ্ৰাৰ প্ৰচলনৰ ওপৰত প্রতিবন্ধকতা আৰোপ কৰাৰ পৰামৰ্শ আৰু ছেণ্ট্ৰেল বেংক সমর্থিত ডিজিটেল মুদ্রা প্রচলন কৰাৰ প্ৰস্তাৱ দিয়ে। সমগ্র বিশ্বত ক্রিপ্ট’কাৰেন্সিৰ বৰ্ধিত জনপ্রিয়তা আৰু আমেৰিকা, কানাডা, অষ্ট্রেলিয়া, জাপান, ব্রিটেইন ইত্যাদিৰ দৰে দেশৰ দৃষ্টিভংগীৰ কাৰণে ভাৰতেও ইয়াৰ প্ৰচলনৰ বিষয়ে নতুনকৈ চিন্তা-চৰ্চা কৰিছে।
বিটকইনৰ বহুতো অসুবিধা আছে আৰু সিমান জনপ্রিয় নহ'বও পাৰে। কিন্তু বিটকইনৰ (ব্লকচেইন) আঁৰৰ প্ৰযুক্তিৰ বহুতো ক্ষেত্ৰত প্ৰয়োগ আৰু বাণিজ্যৰ বাবে গভীৰ প্ৰভাৱ থাকিব পাৰে। নাছডেক, বেংক অব আমেৰিকা, জে পি মর্গান, নিউয়র্ক ষ্টক এক্সচেঞ্চৰ দৰে বিত্তীয় সংগঠনবোৰে এই প্রযুক্তি ব্যৱহাৰ কৰাৰ সম্ভাৱনাৰ বিষয়ে পর্যালোচনা কৰি আছে।
ঠিকনা : জামুগুৰিহাট, শোণিতপুৰ-৭৮:৪১৮০, ফোন: ৯৮54412326 . e-mail : rasna.rajkhowa@gmail.com