সাঁচি গছ : অসমৰ ঐতিহ্য আৰু ঐ - অংকুৰণ আৰ্ফ।


চিৰসেউজ অসমৰ বুকুত অলেখ মূল্যৱান গছ-লতিকাই চিৰকাল চিকমিকাই আছে। এনে গছসমূহৰ ভিতৰত অন্যতম এবিধ হ'ল সাঁচি গছ। সাঁচি গছে অসমৰ অৰ্থনীতিত অতি গুৰুত্বপূর্ণ স্থান দখল কৰি আছে। অসমৰ সংস্কৃতিত সাঁচি গছৰ মূল্য অপৰিসীম। গুৰু দুজনাই তেখেতসকলৰ অমূল্য জ্ঞানৰাশি অসমীয়া জাতিক এই পৱিত্র সাঁচিপাততে হেঙুল-হাইতাল বোলাই চিৰদিনৰ বাবে প্ৰদান কৰি থৈ গ'ল। সেয়ে সাঁচি গছ অসমৰ ঐতিহ্য আৰু ঐশ্বর্য, সাঁচি গছৰ বৈজ্ঞানিক নাম Aquillaria agallocha (গোত্র Thymeleacease)। উত্তৰ-পূব ভাৰতৰ অতি গুৰুত্বপূৰ্ণ সুগন্ধি তেলযুক্ত সেউজীয়া উদ্ভিদ, এইবিধ গছ বিশেষকৈ শিৱসাগৰ, যোৰহাট, গোলাঘাট, নগাঁও আদি জিলাকেইখনত, গুৱাহাটীৰ বনাঞ্চল আদিত প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰ বাহিৰেও অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ড, মণিপুৰ, অৰুণাচল প্ৰদেশৰ গভীৰ অৰণ্যৰ মাজত পোৱা যায়। শিৱসাগৰ জিলাৰ চামগুৰি, ম’ৰাবজাৰ, জাপিসজীয়া, লালিমছিগা, জাঁজী, জামগুৰি, নামতি, দিকচু, বেলিমুখীয়া, বৰাহীবাৰী আদি গাঁৱত মাটিৰ গুণাগুণৰ বাবে সাঁচি গছ অত্যধিক পৰিমাণে হোৱা দেখা যায়। এই খেতিৰ বাবে ওখ, পানী নথকা চাপৰিৰ ৰঙামাটি অতি উপযুক্ত।

এসময়ত বাংলাদেশৰ চিলেট জিলাৰ পাথাৰিয়া নামে ঠাইত মনোজ ঘোষ আৰু আমজেদ আলি নামৰ দুজন ব্যৱসায়ীৰ হাতত সাঁচি গছৰ পৰা উলিওৱা অগৰু তেল বা আঁতৰৰ ব্যৱসায়টো আবদ্ধ আছিল। ইয়াৰ পাছত মণিগুল হাজি নামৰ পাঠান ব্যৱসায়ী এজনে চিলেটৰ পৰা শ্রমিক আনি ডিমাপুৰত অগৰু ব্যৱসায়ৰ পাতনি মেলে, নেমিকৰ নামৰ তেওঁৰ এজন শ্রমিকে দেৰগাঁৱৰ নাহৰণিৰ পৰা বিয়া কৰাইছিল। তেওঁৰ পুত্ৰ আবু চৈয়দে মেহতাব হুছেইন নামৰ এজন লোকৰ লগ লাগি প্ৰথমবাৰৰ অসম চৰকাৰৰ পৰা ৩০০ টকাত আগৰ মহল ডাকত লয় আৰু নাহৰণিৰ লোকক ব্যৱসায়ৰ বাবে উদগনি দিয়ে। ১৯৫২ চনৰ পৰা ব্যৱসায়টো জনসাধাৰণৰ মাজত অবাধে চলি থকাৰ পাছত ১৯৭৫ চনত এই ব্যৱসায়ৰ বাবে সমবায় সমিতি (Maharani Co-operative Agar Wood and Attr Society No G-40) প্রতিষ্ঠা কৰা হয়। বিশিষ্ট কথাশিল্পী চৈয়দ আব্দুল মালিক এই সমবায়খনৰ প্ৰথম সভাপতি আছিল। ১৯৭৮ চনত অসম চৰকাৰে বন নিয়ন্ত্রণ আইনৰ অধীনত অসমৰ সকলো সাঁচি মহল বন্ধ কৰি দিয়ে, ফলস্বৰূপে ব্যৱসায়টোত স্থবিৰতা আহি পৰে। পাছত এই ব্যৱসায়ত জড়িত লোকসকলে সাঁচি গছৰ পুলি ৰোৱাত মনোনিৱেশ কৰে আৰু অবৈধভাৱে হ'লেও নিজৰ বাৰীৰ সাঁচি গছ জীৱিকাৰ এটা অন্যতম উপায় হিচাপে চলাই থাকে। বর্তমান আন্তর্জাতিক বজাৰত ইয়াৰ মূল্য বহুত। সাঁচি খেতি কিদৰে কৰা হয় সাধাৰণতে এপ্রিল-মে’

একোজোপা পূর্ণ বয়স্ক (প্রায় ২৫-৩০ বছৰীয়া) গছৰ ফুল ফুলে, জুন-জুলাই মাহত এই গছবোৰৰ গুটি পূৰঠ হৈ ফাটি যায়। একোটা গুটিৰ ভিতৰত দুটাকৈ বীজপত্র থাকে, এই গুটিবোৰ মাটিত সৰি পৰি প্ৰায় দুমাহৰ পাছত পুলি ওলায়। এই পুলিবোৰ ছেপ্টেম্বৰ-অক্টোবৰ মাহত নাৰ্ছাৰিত ৰুবৰ বাবে উপযুক্ত কৰা হয়। নাৰ্ছাৰিত পুলিবোৰ পচাবলৈ ৬ ইঞ্চি × ৩ ইঞ্চি জোখৰ পলিথিনৰ বেগ কিনি আনি প্রায় দুমাহৰ আগতে গুৰি শুকান ৰঙা মাটিৰে পৰিপূৰ্ণ কৰি থ'ব লাগে। ইয়াৰ বাহিৰেও সহজতে পোৱা বিয়া-সকামত ব্যৱহাৰ হোৱা পানী গিলাছবোৰো ব্যৱহাৰ কৰিব পাৰি। এফালে প্ৰদূষণৰ পৰাও মুক্ত হ'ল আৰু আনফালে সহজতে পুলি ৰুবলৈ উপযুক্ত আহিলা পোৱা গ'ল। এতিয়া এই পলিথিন বেগবোৰত গছৰ তলত গজি উঠা ১ বা ২ ইঞ্চি জোখৰ পুলিবোৰ উঘালি আনি এডাল মাৰিৰে বা হাতৰ তৰ্জনী আঙুলিৰে সাঁচ বহুৱাই পুলিবোৰ গুঁজি দিব লাগে। এনেদৰে মুকলি ঠাইত ৰ'দ-বৰষুণৰ পৰা বাচিব পৰাকৈ ব্যৱস্থা কৰি থৈ দিব লাগে। এনেদৰে এটা বছৰৰ পাছত মূল বাৰীত ৪ ফুটৰ ব্যৱধানত ৰুব লাগে। এই গছবিধৰ এটা বৈশিষ্ট্য হ'ল যে ইয়াৰ পাতবোৰ তিতা, সেয়ে গৰু-ছাগলীয়ে খাই অনিষ্ট কৰিব নোৱাৰে। অন্যান্য গছ-গছনিৰ দৰে এই গছবিধ সোনকালে বাঢ়ে, প্রায় ২৫-৩০ বছৰৰ মূৰত একোজোপা গছ পূর্ণবয়স্ক হয়, অর্থাৎ বিক্ৰীৰ উপযুক্ত হয়। মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি আজিকালি প্রায় ৮-১০ বছৰৰ গছো বিক্ৰীৰ উপযুক্ত হৈ পৰে। এতিয়া কথা হ'ল, এই গছবিধ কিয় ইমান মূল্যৱান। সাধাৰণতে দেখা যায় যে বহাগ, জেঠ মাহত অন্যান্য গছ-গছনিৰ কুঁহিপাত ওলোৱাৰ দূৰে এই গছবিধৰো কুঁহিপাত ওলায়। বিশেষ ধৰণৰ এবিধ পখিলাই এই সময়তে এই গছবিধত কণী পাৰে। কিছুদিনৰ পাছত কণী ফুটি পলু ওলায়। এই পলুবোৰে গছৰ কুঁহিপাত খাই শেষ কৰাৰ লগতে পূর্ণাংগ ৰূপ পায়। এই সময়তে চৰাই-চিৰিকটিয়ে এই পলুবোৰ খাই শেষ কৰে। তাৰে কিছু অংশই মাটিত আশ্রয় লয়। এই পলুৱেই গছজোপাৰ গা অংশত সৰু সৰু ছিদ্ৰ কৰি সোমাই যায়। অন্যান্য গছৰ তুলনাত এই গছবিধ যথেষ্ট কোমল আৰু সুস্বাদু। কাজেই এনে কীট-পতংগই গছবিধত আশ্রয় লয় আৰু গছৰ কোমল অংশবোৰ খাবলৈ ধৰে। গছৰ গুৰিত এনে অসংখ্য সৰু সৰু দানা আকৃতিৰ বিষ্ঠাবোৰ গোট খাই পৰি থাকে। কিছুদিনৰ পাছত এই পলুবোৰে খাই যোৱা বিন্ধাবোৰত ক'লা ৰঙৰ এবিধ সাঁচ বহি যায়। এই সাঁচবোৰক’ গছজোপাত ‘মাল’ ধৰা বুলি কোৱা হয়। যিমানেই গছজোপাক পলুৱে খাব সিমানেই গছজোপাৰ মূল্য বাঢ়ি যায়। উল্লেখযোগ্য যে এই সৰু সৰু ছিদ্ৰ বা বিন্ধাবোৰক ফুটি বুলি কোৱা হয়। অৱশ্যেই একপ্ৰকাৰ ভেঁকুৰেও ইয়াত অৰিহণা যোগায়। আজিকালি কিছু লোকে পৈণত গছজোপাত দাৰে ঘাপ দি কিছু বছৰ থৈ দিয়ে। পাছত এনে গছজোপাও মাল ধৰি পৰিপূৰ্ণ হৈ উঠে।

সাঁচি গছৰ মালৰ ব্যৱহাৰ পদ্ধতি


প্রথমে এজন গ্রাহকে বিভিন্ন ক্ষেত্ৰৰ পৰা . পৈণত গছ ক্ৰয় কৰি আনে। এইক্ষেত্ৰত ক্রেতাজন বিভিন্ন অভিজ্ঞতাৰে পুষ্ট হ'ব লাগিব। কিয়নো গছজোপাৰ ভিতৰত কিমান দলৈকে পোকে (পলু) খাইছে, কিমান ফুটি আছে, সেই ফুটিবোৰ (ছিদ্র) বা বিন্ধাবোৰ কিমান বছৰ পুৰণি, গছ থকা ঠাইডোখৰ ৰঈ পৰা নে চেঁচুকীয়া ইত্যাদি গুণাগুণৰ ওপৰত ভিত্তি কৰি ক্রয় কৰে। ধৰি লোৱা হওক, এজোপা গছ প্রায় ৫ হাজাৰ টকাত কিনি আনিলে। বাটতে অন্য ব্যবসায়ীয়ে দৰ দাম কৰি ১০,০০০ টকাত কিনি ল'লে। সেই ব্যবসায়ীজনে ঘৰলৈ লৈ গৈ কিছুমান পৈণত বনুৱাক টুকুৰা-টুকুৰকৈ কাটিবলৈ দিয়ে। এনে কৰিলে ভিতৰত কিমান মাল ওলাব বা মান কেনে হ’ব নির্ণয় কৰি ল'ব পাৰে। এনেকৈ টুকুৰা-টুকুৰকৈ কটা মালবোৰক ভোটা বুলি কোৱা হয়। অন্য বেপাৰীয়ে এই ভোটাবোৰ দৰ-দাম কৰি কিনি লয়। তাৰ পাছত সেই বেপাৰীজনে দিন হাজিৰা ভিত্তিত বা ঠিকাভিত্তিত নিয়োগ কৰা কিছুমান পৈণত যুৱকৰ হতুৱাই বিশেষ ধৰণৰ সৰু সৰু হাত বঁটালিৰে মালবোৰ ৰাখি বাকী থকা কাঠবোৰ আঁতৰাই পেলোৱাৰ ব্যৱস্থা কৰে। ইয়াৰ পাছত তৈয়াৰ হোৱা মালখিনিক বাংডাং বুলি কোৱা হয়। এই বাংতাং নগাঁও জিলাৰ হোজাই অঞ্চলৰ পৰা অহা বহু লোকে ক্র্যা কৰে। তেওঁলোকে পুনৰ অতি ক্ষুদ্র ক্ষুদ্র বটালিৰে অলপো কাঠ নথকাকৈ কেৱল শুদ্ধ মালখিনি উলিয়াই পেলায়। এই মালবিলাকক চাফ মাল বুলি কোৱা হয়। আকৌ এই মালবিধক ক্ৰয় কৰিবলৈ মুম্বাইৰ পৰা হোজাইলৈ অন্য ব্যবসায়ী আছে। তেওঁলোকক সাধাৰণতে শেঠ বুলি কোৱা হয়। তেওঁলোকে এইবোৰ কিনি নি মুম্বাইত থকা তেওঁলোকৰ নিজা নিজা উদ্যোগবোৰত (ডেগ) তেল উলিয়ায়। এই তেল শোধন কৰি আন্তঃৰাষ্ট্ৰীয় বজাৰত বিশেষকৈ ছৌড়ি আরব, কুৱেইট, ডুবাই, চিলেট, ইৰাক, ইৰান, ইণ্ডোনেছিয়া, আমেৰিকা যুক্তৰাজ্য আদি দেশবোৰত বিক্ৰী কৰে। এই অগৰু তেল বা আতৰৰ বিশেষকৈ ইছলাম ধর্মাবলম্বী দেশবোৰত অত্যধিক চাহিদা থকা দেখা যায়। কিয়নো পুৰুষ-মহিলা উভয়েই ইয়াক সুগন্ধি হিচাপে ব্যৱহাৰ কৰাটো ধৰ্মীয় পৰম্পৰা। আনহাতে ঈদ উৎসৱ, বিয়া-বাৰু, মিলাদ মেহফিল আদিত আতৰ ব্যৱহাৰ কৰা হয়। আনফালে মৃতকৰ শৰীৰত সুগন্ধি আতৰ লগোৱাটো নিয়ম। তদুপৰি প্ৰতি বছৰে ইছলাম ধৰ্মৰ ধৰ্মীয় তীর্থস্থান মক্কা-মদিনাত লাখ লাখ মানুহ হজ কৰাৰ উদ্দেশ্যে সমবেত হয়। তেওঁলোকৰ চল্লিছ দিনীয়া এই পবিত্র হজৰ কামত প্ৰত্যেকেই সুগন্ধি আতৰ ব্যৱহাৰ কৰে। ফলস্বৰূপে ইয়াৰ চাহিদা দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে। অন্য এটা দিশৰ পৰা যদি চোৱা যায় তেন্তে দেখা যায় যে বিভিন্ন ঔষধ প্রস্তুত কৰাত ইয়াক ব্যৱহাৰ কৰা হয়।

চৰকাৰ আৰু স্থানীয় ৰাষ্ট্ৰীয়কৃত বেংকবোৰৰ ভূমিকা:

এইক্ষেত্ৰত যুৱকসকলক আর্থিকভাৱে সকাহ দিবলৈ তথা স্ব-নিয়োজনৰ সুবিধা দিবলৈ ক্ষুদ্র উদ্যোগ গঢ়ি তুলিবলৈ বেংক কর্তৃপক্ষই ঋণ দিব পাৰে। তেনে কৰিলে স্থানীয় যুৱকসকল স্বাৱলম্বী হোৱাৰ লগতে নিবনুৱা সমস্যাৰ কিছু পৰিমাণে লাঘৱ হ'ব। সেয়েহে আমি প্রত্যেকে যদি এতিয়াৰ পৰা কমপক্ষেও ৫০০ সাঁচি পুলি ৰোওঁ, তেন্তে অহা ১৫ বছৰৰ পাছত ১৫ৰ পৰা ২০ লাখ পর্যন্ত টকা উপার্জন কৰিব পৰা যাব।

সি যি কি নহওক, এই ব্যৱসায়টোৰ লগত অসমৰ নির্দিষ্ট কেইখনমান জিলাৰ বৃহৎসংখ্যক লোক জড়িত হৈ নিজে স্বাৱলম্বী হোৱাৰ লগতে নিজৰ পৰিয়াল পোহপাল দি আহিছে। যি সময়ত চৰকাৰে এটা চৰকাৰী চাকৰি শিক্ষিত যুৱকসকলক দিব পৰা নাই, তেনে সময়ত হাজাৰ হাজাৰ যুৱক স্ব নিৰ্ভৰশীল হ'ব পৰাটো নিঃসন্দেহে আদৰণীয়। অৱশ্যে এটা কথা ন দি ক'ব পাৰি যে অসমৰ যিমানকেইখন সংৰক্ষিত বনাঞ্চল আছে, সেইবিলাকৰ পৰা কিন্তু কোনো লোকেই এই মূল্যৱান গছ কাটি নানে। বৰং তেওঁলোকৰ নিজা বাৰীত উৎপন্ন হোৱা নতুনকৈ পতা সাঁচিবাৰীবিলাকৰ পৰাহে ক্ৰয় কৰি আনে। এইক্ষেত্ৰত সঘনাই বন বিভাগ আৰু আৰক্ষী বিভাগে হাৰাশাস্তি কৰি অহাৰ অভিযোগ আহিছে। এনে কৰা অনুচিত, কিয়নো এঘৰ দুখীয়া মানুহে বাৰীৰ সাঁচি গছ বিক্ৰী কৰি পৰিয়ালৰ সকাম-নিকাম, বিয়া বাৰু পাতিব পাৰে। যদি এই ব্যৱসায়টো বন্ধ হৈ পৰে তেন্তে বহু পৰিয়ালৰ পানীত হাঁহ নচৰাৰ দৰে বিলাই বিপত্তিৰ সীমা নোহোৱা হৈ পৰিব।

ঠিকনা : বেলিমুখীয়া, নামতি, ডাক : চটাইছিগা ৭৮৫৬৮০, শিৱসাগৰ, ফোন : ৮৬380742৭৮

Previous Post Next Post