অম্লান ঐতিহ্য : মিছৰৰ পিৰামিড

পিৰামিড হৈছে প্ৰাচীন মিছৰ (ইজিপ্ট), মধ্য-দক্ষিণ আমেৰিকা, মালদ্বীপপুঞ্জ আদিত বহু হাজাৰ বছৰ পূৰ্বে বর্গাকাৰ ভেটিৰ ওপৰত নির্মিত, ত্রিকোণ চাৰিবেৰযুক্ত (যিবোৰে এটা উচ্চ বিন্দ শিখৰ সৃষ্টি কৰেগৈ) এবিধ ঐতিহাসিক সমাধি স্থাপত্য।

-Photo-

কাইৰোৰ ওচৰৰ গিজাত অৱস্থিত ‘দা গ্রেট পিৰামিড’। ফাৰাও খুফুৰ সমাধিস্থলৰ ওপৰত এই পিৰামিড নিৰ্মাণ কৰা হৈছিল। খুফুৰক চিওপছ নামেৰেও জনা যায়। তেওঁ খ্রিষ্টপূর্ব ২৫৭০ মানত ৰাজত্ব কৰিছিল। ২০ বছৰত নিৰ্মিত এইটো সাজিবলৈ ২৩,০০,০০০ ডোখৰ চূণশিলৰ প্ৰয়োজন হৈছিল। একোডোখৰ শিল ওখই আছিল ২ মিটাৰ আৰু ওজন আছিল প্রায় আঢ়ৈ টন। সেই ওজন কঢ়িওৱা যন্ত্রপাতি, যান-বাহন আদি নথকা বাবে শিলবোৰ বহু মানুহে লগ হৈ কঢ়িয়াই আনিবলগীয়া হৈছিল।  - photo title.

মিছৰৰ উপৰি বিশ্বৰ আন কিছুমান ঠাইত পিৰামিড সজা হ'লেও, প্রাচীন মিছৰতে আটাইতকৈ উল্লেখযোগ্য আৰু বিস্ময়কৰ পিৰামিডবোৰ সজা হৈছিল। সেইবোৰৰ সংখ্যাও আছিল যথেষ্ট। সেইবাবে, সাধাৰণতে পিৰামিড বুলি ক’লে মিছৰৰ পিৰামিডসমূহকেই বুজোৱা হয়। মিছৰৰ পিৰামিডবোৰ দৰাচলতে সমাধিস্থলহে। ৰাজবংশৰ কাৰোবাৰ মৃত্যু হলে তেওঁৰ সমাধিৰ ওপৰত একোটাকৈ পিৰামিড সজা হৈছিল। প্রাচীন মিছৰৰ ৩১টা ৰাজবংশ (খ্রিষ্টপূর্ব ৩১৮৮-ৰ পৰা ৩৩২ পর্যন্ত) নটা পৰ্যায়ত বিভক্ত। দ্বিতীয় পর্যায়টো হ'ল, তৃতীয়ৰ পৰা ষষ্ঠ ৰাজবংশক লৈ গঠিত ‘পুৰণি ৰাজত্ব' (Old King dom, খ্রিষ্টপূর্ব ২৮১৫-ৰ পৰা ২২৯৪)। এই পৰ্যায়টোকেই ‘পিৰামিডৰ যুগ' বুলি কোৱা হয়। প্রাচীন মিছৰবাসীসকলে বিশ্বাস কৰিছিল


যে স্বৰ্গীয় জীৱন লাভৰ বাবে মৃত্যুৰ পাছত বিশৃংখলা আৰু ধ্বংসৰ পৰা মৃতদেহক সুৰক্ষিত কৰি ৰাখিব লাগিব। তদুপৰি মৃত ব্যক্তিক সংগীৰ সুবিধা দিব লাগিব, প্রয়োজনীয় বয়-বস্তু আদিও সমাধি কক্ষত মজুত ৰাখিব লাগিব। মূলতঃ ধ্বংসৰ পৰা ৰক্ষা কৰিবলৈকে সমাধি কক্ষৰ ওপৰত পিৰামিডবোৰ নিৰ্মাণ কৰা হৈছিল। মিছৰৰ উল্লেখযোগ্য পিৰামিডসমূহ উত্তৰ

আবু-ৰোছৰ (Abu Roash) পৰা দক্ষিণৰ মেই ডুম (Meidum) পর্যন্ত বিস্তৃত। আটাইকেইটা নীল নদীৰ পশ্চিম পাৰত। মিছৰীয় গণিতজ্ঞসকল বস্তুৰ ক্ষেত্রফল, আয়তন আদি নিৰ্ণয় কৰাত পাৰদৰ্শী আছিল। তেওঁলোকেই এই পিৰামিডবোৰ ‘ডিজাইন’ কৰি উলিয়াইছিল। আৰু স্থাপত্যবিদসকলে নিজস্ব পদ্ধতিৰে সেইবোৰ নিৰ্মাণ কৰিছিল। প্রথম পৰ্যায়ত ৰ’দত পুৰি টান কৰা ইটাৰ সহায়েৰে সমাধি সৌধ নির্মাণ কৰা হৈছিল। এইবোৰক মাছটাবা (Mastaba) বোলা হয়। প্রথম .পিৰামিড-সদৃশ সমাধি সৌধ সজা হৈছিল খ্রিষ্টপূর্ব প্ৰায় ২৬৮৬-ত ছাক্কাৰাত (Sakkara), তৃতীয় ৰাজবংশৰ ফাৰাও (মিছৰৰ ৰজা) জ’ছাৰৰ (Djoser) সমাধিৰ ওপৰত। কাইৰোৰ পৰা ২৪ কিল'মিটাৰ দক্ষিণে অৱস্থিত এই পিৰামিডটো সাজিছিল ইমহোটেপ (Imhotep, খ্রিষ্টপূর্ব সপ্তবিংশ শতিকা) নামৰ এজন স্থপতিয়ে। ইয়াৰ উচ্চতা ৬০.৯৬ মিটাৰ। এই পিৰামিডটো ‘ষ্টেপ পিৰামিড’ নামেৰে পৰিচিত। অৱশ্যে প্রকৃত পিৰামিড বুলিলে যি বুজায়, তাৰ নিদৰ্শন পোৱা যায় চতুৰ্থ ৰাজবংশৰ ছেনেফাৰৰ সমাধিত। তেওঁৰ উত্তৰ পুৰুষসকলে পৰৱৰ্তী কালত তিনিটা বিখ্যাত পিৰামিড সাজে। তাৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য হ'ল ফু (Khufu) বা চিওপছৰ (Cheops, খ্রিষ্টপূর্ব ষষ্ঠবিংশ শতিকা) পিৰামিড। ইয়াৰ নির্মাণ 'কৌশল বিস্ময়করভাবে নিখুঁত। মূল পিৰামিডৰ দক্ষিণত ৰাণী আৰু পৰিয়ালৰ সদস্যসকলৰ তিনিটা সৰু পিৰামিড আছে। প্রাচীন পিৰামিডবোৰৰ সমাধি কক্ষৰ পথ উত্তৰৰ ফালে গোপন স্থানত আছিল, অৱশ্যে পাছৰ পৰ্যায়ত এই নিয়ম অনুসৰণ কৰা হোৱা নাছিল আৰু যিকোনো ফালে (আনকি কেতিয়াবা পিৰামিডৰ বাহিৰৰ মাটিত লুকোৱা অৱস্থাতো) গুপ্ত দুৱাৰ সজা হৈছিল। প্ৰধানকৈ, চোৰৰ পৰা সমাধি। কক্ষৰ ভিতৰৰ মূল্যবান বস্তুবোৰ ৰক্ষা কৰিবলৈকে এনে কৰা হৈছিল। পিৰামিডবোৰৰ চাৰিওদিশ শিল-চুণশিলৰ বেৰেৰে আবৃত আছিল। পিৰামিড এলেকাৰ ভিতৰত মন্দিৰ আৰু ভঁৰালঘৰো আছিল। মিছৰত প্ৰায় আশীটা পিৰামিডৰ সন্ধান পোৱা গ'লেও অধিকাংশই ধ্বংসস্তূপত পৰিণত হৈছে। খুফু বা চিওপছৰ পিৰামিডটোৰ বাহিৰেও উল্লেখযোগ্য পিৰামিডসমূহ হ'ল : ফাৰাও চেফেৰেন (Chephren), মাইছেৰিনুছ (Myserinus), ছাহুৰা (Sahura), নেফেৰিৰকাৰা (Neferirkara), নিউছেৰা (Niuserra), আবুছিৰ (Abusir), উনাছ (Unas), প্রথম ছেলুছ্ৰ্টে (Senusret-1), তৃতীয় আমেনেম হাট (Amenemhat-III) আদিৰ পিৰামিড। প্ৰত্যেকটো পিৰামিডেই আছিল আনবোৰতকৈ কিছু পৃথক আৰু অনন্য বৈশিষ্ট্যৰ পৰিচায়ক। শ্রমিকৰ বৃহৎ একোটা দলে শিল, ইটা, চূণশিল আদিৰে এইবোৰ সাজিছিল। পিৰামিডৰ ভিতৰৰ সমাধি কক্ষবোৰত আ-অলংকাৰকে ধৰি বহু মূল্যবান সামগ্ৰী ৰখা হৈছিল। মৃত ৰজাৰ সংগী হিচাপে জীৱন্ত ভৃত্যক ৰখাৰ কথাও জনা যায়। পাছৰ সময়ৰ পাঁচটা পিৰামিডৰ প্ৰকোষ্ঠত ধর্মীয় বিধান লিখি থোৱা চিত্রলিপি পোৱা গৈছে। সেইবোৰক এতিয়া ‘পিৰামিড টেক্সট’ বোলা হয়। মিছৰৰ অষ্টাদশ ৰাজবংশৰ আমোলৰ পৰা পিৰামিড নিৰ্মাণৰ প্ৰাচীন প্রথা বন্ধ হৈ যায়। মিছৰৰ পিৰামিডবোৰ আজি পৰ্যটনৰ বাবে অনন্য আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ইয়াৰ আকৰ্ষণতে বছৰি বহু পর্যটক ইজিপ্টলৈ আহে।


মিছৰৰ উপৰি মধ্য-দক্ষিণ আমেৰিকাৰ মেক্সিকো, গুৱাটেমালা আৰু হণ্ডুৰাছত কিছুমান প্রাচীন পিৰামিড পোৱা গৈছে। এইবোৰ দুই আঢ়ৈ হাজাৰ বছৰৰ পুৰণি বুলি ধাৰণা কৰা হৈছে। এইবোৰ আচলতে পিৰামিড আকৃতিৰ একোটা মন্দিৰহে। তদুপৰি ভাৰত মহাসাগৰত অৱস্থিত মালদ্বীপপুঞ্জতো পিৰামিডৰ দৰে স্থাপত্যৰ নিদৰ্শন পোৱা গৈছে। অসমত আহোম ৰাজত্ব কালত নিৰ্মিত মৈদামবোৰকো পিৰামিডৰ লগত তুলনা কৰিব পাৰি। ১৯৭৯ চনত ইউনেস্ক’ৱে পিৰামিডক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা কৰে। একেদৰে কিছুদিনৰ আগলৈকে ‘ই বিশ্বৰ সপ্তাশ্চর্যৰ তালিকাতো স্থান লাভ কৰি আছিল। ২০০৭ চনৰ শেহতীয়া সপ্ত বিস্ময় তালিকাত গিজাৰ গ্রেট পিৰামিডক প্রাচীন যুগৰ ‘অক্ষত আশ্চর্য বুলি উল্লেখ কৰি বিশেষ সন্মানীয় ক্ষেত্ৰৰ মৰ্যাদা দিয়া হৈছে।

Previous Post Next Post