ভাৰতবৰ্ষখন অতীজত ব্ৰিটিছৰ শাসনত থাকোতে ভাৰতৰে এচাম দালালে ভাৰতৰ বিভিন্ন জিলাৰ গাঁও অঞ্চলৰ পৰা কামলা (শ্রমিক) সকলক নানান প্রলোভনেৰে অসমলৈ অনাৰ ব্যৱস্থা কৰে। ভাৰতৰ প্ৰব্ৰজিতসকল অসমলৈ আহি অসমৰ হাবি-জংগলেৰে আৱেষ্টিত জংগলসমূহ কাটি মাটি চিকুণাই চাহখেতিৰ কাম কৰাত অভ্যস্ত হৈ পৰে। এইদৰে ভাৰতৰ পৰা বহুসংখ্যক পৰিয়ালৰ সদস্যসকলক আনি ইংৰাজক সঁপে। প্ৰব্ৰজিতসকলেই অসমৰ মাটিত চাহপুলি ৰুই আজীৱন অসমতে থাকি যায়। অৱশ্যে ইয়াৰে কিছুমান লোক চাহপাত ছিঙা আৰু কিছুমানে কলঘৰত চাহপাত তৈয়াৰ কৰাৰ কামত ছমাহ থাকি বাকী ছমাহৰ কালছোৱা নিজ নিজ গাঁও অঞ্চলত থকা আত্মীয়-কুটুমক দেখা কৰিবলৈ ৰাওনা হয় যদিও গ্রীষ্মকাল অহাৰ পূৰ্বে পুনৰ অসমৰ বাগিচাসমূহলৈ ঘূৰি আহে। এইদৰে বছৰি অহা-যোৱা কৰাৰ বাবে যথেষ্ট: টকা পইচা খৰচ কৰিবলগীয়া হয়। সেয়েহে কিছুমান সম্প্ৰদায়ৰ লোক পৰিয়ালবদ্ধ হৈ অসমতে নিগাজিকৈ থাকি লয়। যেনে— উড়িয়া, তেলেঙা, তাছা, ওৰাং, তাঁতী, মুঢ়া, মাঝি (চাওতাল), শ্বোড়ি, কুৰ্মী (মাহত্ব), ৰাজপুত, গোৱালা, কর্মকাৰ, ৰাজোৱাৰ আৰু ঘাটোৱাৰ আদি। এনে সম্প্ৰদায়ৰ লোক পূৰ্বৰ পৰাই অসমত আহি থাকেহি।
চাহখেতিৰ পূৰ্বে অসম প্ৰধানকৈ ধান, মৰাপাট, কুঁহিয়াৰ খেতিৰ বাবে জনাজাত আছিল যদিও চাহখেতি হোৱাৰে পৰা অসমখন আৰু এখোজ আগবাঢ়ি যায়। ইংৰাজসকলে অসমৰ তিনিচুকী জিলাৰ চাহপুলি অন্তর্গত ঠাই এডোখৰত পোনপ্ৰথমে ৰুইছিল বাবে ঠাইডোখৰৰ নাম দিছিল চাহ বোৱা। পাছলৈ কাগজে-কলমে নাম পালে চাবুৱা। ইংৰাজসকলে চাহপাত উৎপাদন কৰি বেপাৰ-বাণিজ্যৰ পৰিসৰ বৃদ্ধি কৰে আৰু তৈয়াৰ কৰা চাহপাত বিশ্বৰ চুকে-কোণে যোগান ধৰে। তেতিয়াৰ দিনত চাহপাতৰ চাহিদাৰ বিষয়ে সঠিকভাৱে জনা নগ'লেও ইয়াৰ চাহিদা নোহোৱাও নাছিল। দিনক দিনে চাহপাতৰ চাহিদা বৃদ্ধি পোৱাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় বজাৰখনত ইয়াৰ যথেষ্ট প্রভাব পৰে। একালত চিংফৌ আৰু ব্রিটিছসকলৰ মাজত চাহগছ বোৱা এড়া মাটিক লৈ অঁৰিয়াঅঁৰি হোৱাত চিংফৌ জনজাতিসকলে উদ্বিগ্ন হৈ মাটিভৰাৰ চাহগদ্ধবিলাক কাটি পেলাইছিল। কিন্তু কাটি পেলোৱা চাহগছবোৰৰ অৱশিষ্ট অংশৰ পৰা নতুনকৈ পোখা মেলাত ব্রিটিছসকলে দেখিে চাহগছবোৰ এনেদৰে কাটিলে গঙ্গোপা আগলৈ বাঢ়ি নাযায় আৰু তাৰ পৰা উৎকৃষ্টমানৰ কেঁচাপাত পোৱা যাব। সেই তেতিয়াৰ পৰা চাহগছ কলম কৰাৰ প্ৰণালীটো আৰম্ভ হয় আৰু শীতকালৰ নৱেম্বৰ আৰু ডিছেম্বৰ মাহত কলমৰ ব্যৱস্থাটো প্রচলন হয়। চাহগছ কলম দিয়াৰ পাছত থাকি যোৱা কৰণীয়খিনি জানুৱাৰি আৰু ফেব্ৰুৱাৰি মাহ দুটাৰ ভিতৰত কৰি অঁটাই মাৰ্চ-এপ্ৰিল মাহৰ পৰা পুনৰ কেঁচাপাত সংগ্ৰহ কৰাৰ প্ৰতি উঠিপৰি লাগে।
১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনা ভাৰতে ইংৰাজৰ পৰা স্বাধীনতা লাভ কৰে। তেতিয়াৰ পৰা অসমৰ বাগিচাসমূহ কালাচাহাবৰ, অধীনলৈ আহে। এওঁলোকৰ কাৰ্যকালত চাহগছ কলম দিয়াৰ বাবে মেচিন ব্যৱহাৰ কৰিবলৈ লোৱা হৈছিল যদিও কার্যকৰী হোৱা দেখা নগ'ল। অৱশেষত কমাৰে তৈয়াৰ কৰা কটাৰীৰে (কলম কটাৰী বা কলমত্রাচ) চাহগছক কলম দিয়া হয়। তদুপৰি শ্রমিক এজনৰ হাতৰ পৰশ নপৰালৈকে এজোপা চাহগছ প্ৰাণ পাই নুঠে, এইটো ধুৰূপ। কালক্ৰমত চহৰ নগৰত চাহ উদ্যোগক লৈ চাহ গবেষণা কেন্দ্র প্রতিষ্ঠিত হয় আৰু চাহ গৱেষণা কেন্দ্র নিয়ম অনুযায়ী সময়সাপেক্ষে কলম দিয়া ব্যৱস্থাটো বছৰৰ শেষত শীতকালত ধার্য কৰা হয় যাতে গা-গছৰ মূল শিপাই গছজোপাক নিয়ন্ত্ৰণত ৰাখিবলৈ প্ৰচুৰ পৰিমাণে পানীৰ যোগান ধৰিব পাৰে। চাহ গৱেষণা কেন্দ্ৰৰ অভিজ্ঞ লোকৰ যোগেদি চাহ বাগিচাখনৰ কর্তৃপক্ষ, কৰ্মচাৰী আৰু উপকৰ্মচাৰীৰ মাজত আলোচনা-বিলোচনাৰ মাধ্যমেদি কলম কটা বা পাত ছিঙাৰ নীতি নিয়মখিনি বিতংভাৱে অৱগত কৰা হয় যাতে কলম কটা বা পাত ছিঙাৰ সময়ত ভুল সিদ্ধান্তৰ বশবর্তী নহয়। মাজৰ কালছোৱাত“চাহপাতৰ চাহিদা ইমানেই বাঢ়িল যে অসমৰ সাতশ পঞ্চাছখন বাগান থকা সত্ত্বেও ক্ষুদ্র চাহখেতিৰ পয়োভৰ দেখা যায়। অসমৰ থলুৱা অসমীয়াসকলে নিজা পৈতৃক সম্পত্তি যেনে–কাঠনি, বাঁহনি, তামোলৰ বাৰী আনকি বামপথাৰৰ মাটিও চাহখেতি কৰাৰ উপযোগী কৰি লয়। নগাপাহাৰৰ নগাসকলেও দেখাক দেখি পাহাৰৰ জংগলসমূহ কাটি ধ্বংস কৰি প্ৰকৃতিৰ প্ৰতি অন্যায়-অত্যাচাৰ কৰা পৰিলক্ষিত হয়।
পুনৰ ঘূৰি আহিলোঁ ব্ৰিটিছসকলৰ কার্যকাললৈ। ব্ৰিটিছৰ কঠোৰ শাসনৰ কালছোৱাত ভাৰতৰ বিভিন্ন ঠাইৰ পৰা প্রব্রজিত এই শ্রমিক মানুহখিনিৰ ল'ৰা ছোৱালীৰ ওপৰত ব্ৰিটিছসকলে তীক্ষ্ণ দৃষ্টি ৰাখিছিল যাতে তেওঁলোকৰ ল'ৰা-ছোৱালীয়ে স্কুলত গৈ শিক্ষা নলয়। তাৰ বাবে তেওঁলোকক আবদ্ধ কৰি ৰখাৰ অচিলাৰে বাগানত কামৰো ব্যৱস্থা কৰি দিছিল যিহেতু টকা-পইচা হাতত চুবলৈ পাই কামৰ প্ৰতি প্রৱণতা বাঢ়ি আহে। ভুলক্রমে যদি কোনোবা বাপেক-মাকে ল'ৰা-ছোৱালীক স্কুললৈ পঠিয়ায় আৰু সেইটো কেনেবাকৈ যদি ব্ৰিটিছৰ দৃষ্টিত পৰে, তেন্তে বাপেক-মাকৰ ওপৰত অমানুষিক অত্যাচাৰ কৰাৰ ব্যৱস্থাও আছিল। শ্ৰমিকসকলৰ বাবে অঞ্চলটোৰ ওচৰে-পাঁজৰে মদৰ মহলো খুলি দিছিল যাতে মদ খাই গাঁঠিৰ টকাখিনি খৰচ হয় আৰু টকাৰ অভাৱ দূৰ কৰিবলৈ পুনৰ কামত নিয়োজিত হয়। জনশ্রুতি মতে শ্রমিকসকলে হেনো ছুটীৰ দিনটোত মদপানী খাই দিন দুপৰতে ঝুমুৰ আখৰা কৰি নাচ-গানেৰে আনন্দ উপভোগ কৰিছিল। অৱশ্যে তেতিয়াৰ দিনত তেওঁলোক নিৰক্ষৰতাৰ দুৱাৰ্ডলিতে আবদ্ধ হৈ আছিল। অসমৰ থলুৱা অসমীয়াসকলক মদ, ভাং আৰু কানি আদি সেৱন কৰাই শাৰীৰিকভাৱে দুৰ্বল আৰু কানীয়া কৰি ৰাখিছিল, যাতে ব্ৰিটিছৰ বিপক্ষে কোনেও আন্দোলনৰ পথ বাছি নলয়।
ঠিকনা : হোলোংগুৰি বাঁহবাৰী গাঁও, ডাক ও খাটিসোণা (নকছাৰি)-৭৮৫৬৩৫, যোৰহাট, ফোনঃ