কমতেশ্বৰ দুৰ্লভ নাৰায়ণৰ ৰাজত্বকাল ১৩৩০-১৩৫০ খ্রীষ্টাব্দ বুলি বুৰঞ্জীবিদসকলে ঠাৱৰ কৰিছে। বুৰঞ্জীবিদসকলে এইটোও ঠাৱৰ কৰিছে যে দুর্লভ নাৰায়ণ আছিল অসমীয়া ভাষা-সাহিত্যৰ এগৰাকী উৎসাহী পৃষ্ঠপোষক। তেওঁৰ সভাকবি হেম সৰস্বতীয়েই প্ৰথমখন অসমীয়া কাব্যগ্রন্থৰ ৰচয়িতা। হৰিবৰ বিপ্ৰ আৰু ৰাম সৰস্বতী আছিল তেওঁৰ আন দুগৰাকী সভাকবি। এই তিনিগৰাকী কবিৰ কাব্য অধ্যয়ন কৰিলে এনে ধাৰণা নহয় যে এয়া অসমীয়া ভাষাৰ থুনুক-থানাক মাত; বৰং এই বিশ্বাস দৃঢ় হয় যে অসমীয়া ভাষাই তেতিয়াই সুস্থিৰ আৰু পৰিণত ৰূপ পাইছিল। ৰজা এজনে ভাষা এটাৰ পৃষ্ঠপোষকতা তেতিয়াহে কৰিব, যেতিয়া তেওঁৰ ৰাজ্যত সেই ভাষা কোৱা লোক যথেষ্ট থাকিব আৰু ভাষাটোৰ চৰ্চা কৰা বিদ্বান লোকো থাকিব। অসমীয়া ভাষাৰ তিনিগৰাকী কবিয়ে ৰাজসভাত স্থান পাইছিল— ইয়াৰ অৰ্থ, দুর্লভ নাৰায়ণৰ সময়তে কমতা ৰাজ্যত অসমীয়া এটা প্রতিষ্ঠিত ভাষা আছিল, য'ত সাহিত্যচর্চা পূর্ণ পর্যায়তে হৈছিল। দুর্লভ নাৰায়ণৰ ৰাজসভাৰ ত্ৰিমূৰ্তিয়ে কাব্য ৰচিবলৈ লোৱাৰ দুই দশকৰ আগতে খোদিত হৈছিল ‘কানাই বৰশী বোৱা শিলালিপি'। কামৰূপৰ ইতিহাসৰ এটা অতি গুৰুত্বপূৰ্ণ ঘটনাৰ সাক্ষ্য ধৰি ৰখা এই শিলালিপিখনৰ ভাষা সংস্কৃত, কিন্তু আখৰ অসমীয়া। দুর্লভ নাৰায়ণ কমতাৰ সিংহাসনত বহাৰ প্ৰায় এহেজাৰ বছৰৰ আগতে কামৰূপৰ সিংহাসনত বহিছিল পুষ্য বর্মন (৩৫৫-৩৮০ খ্রীষ্টাব্দ)। এই সময়ছোৱাত ‘কামৰূপী লিপি’ত নিশ্চিতভাৱে সাহিত্যৰ চৰ্চা হৈছিল। প্ৰণিধানযোগ্য যে সংস্কৃত গ্রন্থ ললিত বিস্তৰত কামৰূপী লিপিৰ উল্লেখ আছে। তৃতীয় শতাব্দীত ৰচিত গ্ৰন্থখনত সংস্কৃত আৰু এটা 'স্থানীয় ভাষা'ত ৰচিত হৈছিল। এই স্থানীয় ভাষাটো কামৰূপী হ'ব বুলি অনুমান কৰে বহু পণ্ডিতে। ললিত বিস্তৰ গ্ৰন্থত সেই সময়ত ভাৰতৰ প্ৰচলিত ৬৪টা লিপিৰ উল্লেখ আছে। ইয়াৰে এটা কিৰাত লিপি। কামৰূপৰ সৈতে এই লিপিটোৰ সম্পৰ্ক অস্বীকাৰ কৰা নাযায়। এইটো ভাষাত, আৰু বিশেষকৈ লিপিটোত লিখনকার্য ব্যাহত হোৱা যে নাছিল, তাৰ প্ৰমাণ দাঙি ধৰে সুৰেন্দ্ৰ বৰ্মনৰ উমাচল লিপি (পঞ্চম শতিকা), ভূমি বৰ্মনৰ বৰগংগা শিলালিপি (ষষ্ঠ শতিকা), ভাস্কৰ বৰ্মনৰ ডুবি আৰু নিধানপুৰ লিপি (সপ্তম শতিকা), হৰ্জৰ বৰ্মাৰ তেজপুৰ প্ৰস্তৰ লিপি, দেওপানীৰ প্ৰতিমূৰ্তি, বনমাল দেৱৰ তেজপুৰ আৰু পৰ্বতীয়া লিপি (আটাইবোৰ নৱম শতিকা), তৃতীয় বল বৰ্মনৰ হাওৰাঘাট আৰু নগাঁও অনুদান (নৱম-দশম শতিকা), ৰত্নপালৰ বৰগাঁও আৰু শুৱালকুছি অনুদান (একাদশ শতিকা), বৈদ্যদেৱৰ কমৌলী অনুদান (দ্বাদশ শতিকা), বল্লভদেৱৰ লিপি (দ্বাদশ শতিকা), ধৰ্মপালৰ খনাকুছি, শুভংকৰ নাটক, পুষ্পভদ্রা অনুদান (দ্বাদশ শতিকা) ইত্যাদিয়ে।18.2 কামৰূপৰ ৰজাসকলৰ মোহৰবোৰতো লিপি বিকাশৰ ধাৰাবাহিকতা লক্ষ্য কৰা যায়। এনেদৰে তৃতীয় শতিকাৰ পৰাই কামৰূপী লিপিৰ ইতিহাস লিখিব পৰা যায় যদিও এই দিশত বিশেষ কাম নোহোৱা বাবেই অসমীয়া লিখন ইতিহাসৰ প্ৰাচীনত্ব তর্কাতীতভাৱে প্ৰমাণিত হোৱা নাই। আহোম যুগৰ কোনো কোনো তামৰ ফলিত ‘অসমাক্ষৰনে লিখিতম্' বুলি লেখা থকাৰ কথা এটা নিবন্ধত তাহানিতে কৃষ্ণ বৰা নামৰ এগৰাকীয়ে উল্লেখ কৰিছিল। (এইগৰাকী কৃষ্ণ বৰা পৰৱৰ্তী কালৰ শিক্ষাবিদ কৃষ্ণ কুমাৰ বৰা হ'ব পাৰে বুলি আমি অনুমান কৰিছোঁ। অৱশ্যে তেওঁৰ নামত আন কোনো লেখা আমাৰ চকুত পৰা নাই।) এই কামৰূপী লিপি তথা অসমাক্ষৰেই পৰৱৰ্তী কালত গড়গঞা, বামুণীয়া আৰু কাইথেলী লিপিৰ ৰূপ লৈছিল। এই তিনিটা লিপিৰ সংমিশ্ৰণতে অসমীয়া লিপিৰ উদ্ভৱ হৈছিল, যাৰ নিদৰ্শন অষ্টাদশ শতিকাৰ কেতবোৰ গ্ৰন্থ, বিশেষকৈ চৰিত পুথিত পোৱা যায়।
পুষ্য বৰ্মনৰ পৰা দুৰ্লভ নাৰায়ণলৈকে এই এহেজাৰ বছৰত নিশ্চয়েই ‘অসমীয়া ভাষা’ত আৰু ‘কামৰূপী লিপি’ত ভালেমান গ্ৰন্থ ৰচিত হৈছিল। সেইবোৰ সেইকালৰ শৈলমন্দিৰবোৰৰ সংলগ্ন পুথিভঁৰালত সঞ্চিত হৈছিল বুলি অনুমান কৰিব পাৰি। পুৰাতত্ত্ববিদসকলে সন্দেহ কৰে যে ১১৩৮-৪৫ খ্ৰীষ্টাব্দৰ ভিতৰত ‘অসম'ত এটা বিধ্বংসী ভূমিকম্প হৈছিল। এই ভূমিকম্পত তেতিয়াৰ অসমৰ সকলোবোৰ শৈলমন্দিৰ ভাগি-ছিগি গৈছিল। সম্ভবতঃ শিক্ষাগ্রহী আৰু বিদ্যোৎসাহী নাগৰিকে এই গ্ৰন্থবোৰ তেতিয়াৰ বিখ্যাত শিক্ষা প্রতিষ্ঠান নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালত সঞ্চয় কৰাইছিল। বখতিয়াৰ উদ্দিন খিলিজী (খালজী) য়ে নালন্দা বিশ্ববিদ্যালয় ভস্মীভূত নকৰা হ'লে নিশ্চিতভাৱেই এইবোৰ পুথি পোৱা গ'লহেঁতেন, আৰু তেতিয়া 'অসমীয়া ভাষা’ৰ ইতিহাস অন্য ধৰণে লিখিব লাগিলহেঁতেন। দুর্লভ নাৰায়ণ ভূঞা অর্থাৎ কায়স্থ আছিল; কিন্তু তেওঁৰ পুত্ৰ ইন্দ্ৰ নাৰায়ণৰ সমসাময়িক ডবকাৰ ৰজা মহামাণিক্যফা আছিল কছাৰী বংশজ; সম্ভবতঃ ডিমাচা। তেওঁৰ ৰাজত্বকাল ১৩৫০-১৩৬৫ খ্ৰীষ্টাব্দ বুলি অনুমান কৰা হয়। এই মহামাণিক্যফাৰে সভাকবি আছিল মাধৱ কন্দলি, যিয়ে ভাৰতৰ সকলো প্ৰান্তীয় ভাষাৰে সৰ্বপ্ৰথম হৈ অসমীয়ালৈ অনুবাদ কৰিছিল সপ্তকাণ্ড ৰামায়ণ। এইগৰাকীয়েই শংকৰদেৱৰ অপ্ৰমাদী পূর্বকবি। তেওঁক শংকৰদেৱে অপ্ৰমাদী অৰ্থাৎ শ্ৰেষ্ঠ বুলিছে; তাৰমানে সেই সময়ত আন ভালেমান ভাল কবি আছিল। ইয়াৰো অৰ্থ হয় এয়ে যে সেই সময়ত সাহিত্যচৰ্চাৰ বেছ ভাল পৰিৱেশ আছিল। এইগৰাকী মাধৱ কন্দলিৰ ৰামায়ণৰ ভাষায়ো নকয় যে এয়া অসমীয়া ভাষাৰ কিশোৰ কাল; ই যৌৱনপ্রাপ্ত তেতিয়াই হৈছে।
কমতাৰ পৰা ডবকালৈ বহুদূৰ বাট। ৰাজ্য দুখনৰ এখন কায়স্থ স্কুলৰ, আনখন জনজাতীয় লোকৰ হাতত। অথচ দুয়ো ঠাইতে সাহিত্যৰ চৰ্চা হৈছিল একেটা ভাষাতে। এই প্রসংগতে উল্লেখ কৰিবলগীয়া হয় আন দুটা ঐতিহাসিক ঘটনাৰ কথাও। কামৰূপ ৰাজ্যৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ অৰ্থাৎ গুৱাহাটী। অধিক শুদ্ধকৈ ক'বলৈ গ'লে আজিৰ উত্তৰ গুৱাহাটী। কামৰূপাধিপতি পৃথুৱে ১২২৮ খ্ৰীষ্টাব্দত তেওঁৰ ৰাজধানী এই উত্তৰ গুৱাহাটীৰ পৰা কমতালৈ স্থানান্তৰ কৰিছিল। ঘটনাক্রমে সেই বছৰটোতেই উত্তৰ গুৱাহাটীৰ পৰা কমতাৰ প্ৰায় সমান দূৰত্বৰ পূবৰ এটা অঞ্চলত মুংৰি মুংৰামৰ পৰা নতুন ৰাজ্য স্থাপনৰ আকাংক্ষা লৈ ভৰি দিছিল শ্যান ৰাজকোঁৱৰ চুকাফাই। পৃথুৰ আজোনাতি সিংহধ্বজৰ মন্ত্ৰী মাণিকে যেতিয়া নিজে সিংহাসন অধিকাৰ কৰি কমতেশ্বৰ হৈছে, তেতিয়া চুকাফাৰ বংশজ চুখাংফাই কমতা ৰাজ্য আক্ৰমণ কৰিছে। চুকাফাৰ বংশধ্বজসকলে এই মুলুকৰ ভাষা অসমীয়াকে নিজৰ ভাষা বুলি গ্রহণো কৰিছে। চুকাফাৰ বংশজসকলে দীঘলীয়া ৰাজত্ব কৰিছে, সিফালে কমতাত কেইবাবাৰো ৰাজবংশ সলনি হৈছে। এই দুখন ৰাজ্য কেতিয়াবা মিত্ৰ হৈছে যদিও সেয়া সাময়িক আৰু ৰাজনৈতিক কৌশলৰ অংশ মাত্র। দৰাচলতে দুয়ো ৰাজ্য পাঁচ শতিকাজুৰি পৰস্পৰ প্ৰতিদ্বন্দ্বী। অথচ দুয়ো ৰাজ্য একেটা ভাষাৰ সূত্ৰতে বন্দী, সেয়া ‘অসমীয়া ভাষা'। ঐতিহাসিক ঘটনাৱলীৰ কান্ধত ভৰ দি আমি ক'ব খোজোঁ— 'অসমীয়া জাতি'ৰ জন্ম 'অসমীয়া ভাষা'ৰ হাত ধৰি আৰু এই ইতিহাস কমেও দুহাজাৰ বছৰজোৰা। আকৌ ১১৮৯ চনত সোৱণশিৰি নদীৰ উৎপত্তিস্থল সোণাগিৰিত ৰাজধানী পাতি নিজা ৰাজ্য আৰম্ভ কৰা চুতীয়াসকলৰো আদিভাষা যদি অসমীয়া আছিল, তেন্তে ‘অসমীয়া ভাষা’ৰ পৰিসীমা অধিক ব্যাপক হৈ পৰে। ভাষাটোৰ নাম তেতিয়া 'অসমীয়া’ নিশ্চয় নাছিল; দৰাচলতে ভাষা এটাৰ নাম দিবলগীয়া পৰিস্থিতি তেতিয়া নাছিলেই— ভাষাৰ সুকীয়া নাম দিয়াৰ ঐতিহ্যটো পাশ্চাত্যৰ; ই ভাৰতলৈ তথা অসমলৈ আহিছিল ইংৰাজৰ হাত ধৰি। আমাৰ ৰাজ্যখনে অসম আৰু ভাষাটোৱে অসমীয়া নাম পোৱাৰ দুশ বা তিনিশ বছৰমানহে হৈছে।