চিহ্নযাত্রা, দৌল মন্দিৰ আৰু অসমৰ প্রথম দৌল উৎসৱ

দৌল লৈ যাত্রা।

গুৰুজনাই মহেন্দ্ৰ কন্দলিৰ টোলত বিদ্যা শিক্ষা সামৰি ভূঞা ৰাজ্যৰ প্ৰধান শিৰোমণি ভূঞাৰ বাব গ্রহণ কৰি বৰদোৱাত থকাৰ সময়ত এদিন তেওঁক জয়ন্ত দলৈ, মাধৱ দলৈ, বুঢ়াখাঁ, ৰাম ৰাম, কর্ণপুৰ, চতুর্ভুজ আৰু অন্যান্য ভূঞাসকলে আহি ক'লে।

দৌল ঘৰৰ চাৰিওফালে গোসাঁইক ঘূৰোৱা দৃশ্য। 

“বিদ্যাত পাগত শাস্ত্র আছে য'ত / সমস্তকে আছা পঢ়ি।/সমস্ত লোকৰ হৰিষ বিস্তৰ/বৈকুণ্ঠ দিয়োক গঢ়ি।' এনেদৰে সকলোৱে শংকৰক এই মর্ত্যাতে সবগ ৰচনা কৰি বৈকুণ্ঠ দেখুৱাবলৈ অনুৰোধ জনালে। তেতিয়াগুৰুসৃষ্ট সেই মনোৰম ঐতিহ্যময় পৰম্পৰা অক্ষুণ্ণ ৰাখি প্ৰতি বছৰে বটদ্ৰৱাত আড়ম্বৰপূৰ্ণভাৱে দৌল উৎসৱ আৰু ফাকুৱা উৎসৱ উদ্‌যাপন কৰা হয়। শংকৰে সন্মতি জনাই ক'লে— “তোমাষাৰ বাক্য সত্যে সত্যে/দেখাইবো বৈকুণ্ঠ পুৰ।/চিহ্নযাত্রা নামে কৰিবো বেকত/হৰিষ পাইবা প্ৰচুৰ। (ৰামচৰণ ঠাকুৰ)।



কথামতে কাম গুৰুৱে সাত বৈকুণ্ঠৰ চিত্ৰপট অংকন কৰি ভিন ভিন বাদ্য যেনে— খোল, মৃদং, খুটিতাল, মঞ্জিৰা, তাল, দবা, কাহ, নেগেৰা, দুন্দুভি, ভেৰি, শংখ, শিঙা, কালি যোগাৰ কৰি জন্মস্থান বৰদোৱাৰ কিছু দক্ষিণে তেল, চাকিৰ বস্তি, ভোটা আদি জ্বলাই আলোক সজ্জাৰ পৰিবেশ সৃষ্টি কৰিলে। 


নাটক, শ্লোক, গীত ৰচি ‘চিহ্নযাত্ৰা'ৰ সমস্ত অভিনয়ক সাতভাগ কৰি প্ৰতিভাগৰ বাবে এজন সূত্ৰধাৰ আৰু এজন বিষ্ণু নিয়োগ কৰিলে, শংকৰ আৰু তেওঁৰ সহপাঠী ৰাম ৰাম গুৰুৱে সলনা-সলনি কৰি সাত বৈকুণ্ঠৰ প্ৰতিনিধিত্ব কৰি সাতজন বিষ্ণু আৰু সাতজন সূত্ৰধাৰৰ ৰূপত অৱতীৰ্ণ হৈ “চিহ্নযাত্রা' অভিনয়েৰে দৰ্শকক বাৰুকৈয়ে মুহিলে। মৰতৰ লোকক সৰগৰ বতৰা দিলে, ৰাইজ আনন্দত আপ্লুত হ'ল, ভক্তিত বুৰ গ'ল। 'চিহ্নযাত্রা' অভিনয় প্রায় ১৪৬৮ খ্রীষ্টাব্দত প্ৰদৰ্শন কৰা হৈছিল। উল্লেখনীয় যে ইংৰাজী নাটকৰ পিতৃ পুরুষ উইলিয়াম ছেইক্সপীয়েৰ নাটকৰ (১৫৬৪) প্ৰায় এশ বছৰ আগতেই শংকৰ গুৰুৱে নাটক উদ্ভাৱন কৰাটো সঁচাই আমাৰ বাবে গৌৰৱৰ বিষয়। চিহ্নযাত্ৰাৰ জৰিয়তে বৈকুণ্ঠৰ চিত্ৰপট প্ৰদৰ্শনৰ দ্বাৰাই জন্মভূমি বৰদোৱাক দ্বিতীয় বৈকুণ্ঠৰ ৰূপ দিলে গুৰু শংকৰে। ‘চিহ্নযাত্রা’ থলীতে পঞ্চদশ শতিকাতে সাত থাক কৰি দৌল মন্দিৰ নিৰ্মাণ কৰি পবিত্ৰ একশৰণ নামধৰ্মৰ ভেটি বান্ধিলে, সাহিত্য-সংগীত-নৃত্য-চিহ্ন অভিনয় আৰু নাম-কীৰ্তনেৰে ‘এক দেৱ এক সেৱ, এক বিনে নাই কেৱ’ বুলি কৃষ্ণৰ জয়গান গালে। চৰিত পুথি মতে দৌল নিৰ্মাণত গুৰু শংকৰে প্ৰথমে তামৰ চৰিয়াৰে মাটি আনি হৰিধ্বনি দি ভেটিত দিছিল পিচত ভূঞাসকলৰ সহযোগত গুৰুজনাই বন্ধোৱা দৌল মন্দিৰৰ ওখ ভেটিটোত ভক্ত-বৈষ্ণৱে প্ৰত্যেকে একোচপৰা মাটি দিয়াৰ পৰম্পৰা গঢ় লৈ উঠিছিল। পূৰ্বতে তথা বিগ কিছুবছৰলৈকে তীৰ্থযাত্রী, ভকত-বৈষ্ণরে দৌলত এফালে শৰাই নৈবেদ্য আৰু আনফালে এটা পাচিত মাটি লৈ দৌলৰ ভেটিত দিয়াৰো পৰম্পৰা আছিল। পুৰণি ভকতসকলৰ মতে বৰ্তমান দৌলৰ ভেটিৰ তুলনাত পূৰ্বে বহু ওখ আছিল। ভকতে তলৰ পৰা ওপৰলৈ, ওপৰৰ পৰা তললৈ অহা-যোৱা কৰি ভাগৰি পৰিছিল। কালক্ৰমত ভূমিকম্পকে আদি কৰি বিভিন্ন প্রাকৃতিক দুৰ্যোগৰ ফলত দৌলৰ ভেটি চাপৰ হৈ বৰ্তমানৰ অৱস্থাত বিদ্যমান হৈ আছে।



শলগুৰি সত্রয়ে আয়োজন কৰা গন্ধ ঘৰ দাহ। 

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পোন প্ৰথমবাৰৰ বাবে অসম মুলুকত এই দৌল মন্দিৰতে ফাগুনৰ পূৰ্ণিমাৰ ফাকুৱা পাতি গোবিন্দ গোসাঁইৰ মূৰত ফাকু দিছিল। '‘ফাল্গুনীত গোবিন্দক তুলিয়া দৌলত/ দৌল যাত্ৰা কৰৈ মহোৎসৱ সিবেলাত।'— (কীৰ্তন)। গুৰুসৃষ্ট সেই মনোৰম ঐতিহ্যময় পৰম্পৰা অক্ষুণ্ণ ৰাখি প্ৰতি বছৰে বটদ্ৰৱাত আড়ম্বৰপূৰ্ণভাৱে দৌল উৎসৱ আৰু ফাকুৱা উৎসৱ উদ্‌যাপন কৰা হয়। কালক্ৰমত বটদ্ৰৱাৰ মূল উৎসৱলৈ ৰূপান্তৰ হোৱা এই দৌল উৎসৱৰ প্ৰথম দিনটোক গন্ধোৎসৱ বা বহোৎসৱ বোলা হয়। এই উৎসৱৰ দিনা গোবিন্দ গোসাঁইক সন্ধ্যা গায়ন-বায়ন আৰু ভক্তসৱে গাই বাই থানৰ উত্তৰে থকা আকাশীগংগাৰ তীৰত এটি অস্থায়ী (গন্ধঘৰ) ঘৰলৈ নি বিঘিনিনাশক মন্ত্ৰ উচ্চাৰণ কৰি পিচত গন্ধঘৰটো পুৰি গোসাঁইক তাৰ পৰা লৈ অহা হয়। বৰদোৱাৰ থলুৱা প্ৰাকৃতিক উপাদানেৰে প্ৰস্তুত কৰা এবিধ বিশেষ তেলেৰে নোওৱা হয়। গন্ধ তেল বুলি প্রচলিত এই বিশেষ তেল গান্ধবিৰিঙা, গাঁঠিয়ন, মিথি, পিৰিকা ফুলেৰে প্ৰস্তুত কৰা হয়। পিচত গোসাঁইক নতুন বস্ত্ৰ পিন্ধোৱা হয় আৰু গায়ন-বায়নে 'ৰাম ধেমালি’ পৰিবেশন কৰে। ইয়াৰ পিচদিনা গোসাঁইক নোৱাই-ধুৱাই আসনত বৰুৱাই দোলয়, কৰ্পূৰ, কুমকুম মিহলি সুবাসিত ফাকু দিয়া হয় আৰু গায়ন-বায়নে ‘ন-ধেমালি’ পৰিবেশন কৰে। সেইবাবে এই দিনটোক ‘গোসাঁই মূৰত ফাকু দিয়া উৎসৱ’ বোলা হয়। দৌল উৎসৱৰ তৃতীয় দিনা গোসাঁই ফুৰোৱা উৎসৱ, সেইদিনা গায়ন-বায়ন, ভকত-বৈষ্ণৱ, আই-মাতৃ সকলোৱে গোসাঁইক লৈ দৌললৈ যাত্ৰা কৰে। যাত্ৰা পথত গায়ন-বায়ন, ভকত-বৈষ্ণৱে ৰচক তালৰ— 'বাইৰ হুয়াছে দেখো সই, সুন্দৰ নন্দৰ বালা/হাতে বাংসী মুখে হাসি, গলে কদম্বৰ মালা।।” শীৰ্ষক গীত পৰিবেশন কৰে। দৌল মন্দিৰত গোসাঁইক পূজা-অৰ্চনা দি সাত পাক প্রদক্ষিণ কৰোৱা হয়। পিচত গোসাঁইক বৰদোৱাৰ দুই সত্ৰ ক্ৰমে শ্ৰীশ্ৰী শলগুৰি আৰু শ্ৰীশ্ৰী নৰোৱা সত্ৰত প্ৰদক্ষিণ কৰোৱাই লগতে সত্ৰাধিকাৰ, ডেকা সত্ৰাধিকাৰৰ ঘৰত প্ৰৱেশ কৰোৱাই পূজা-অৰ্চনা দি শেষত দুৱাৰ ধৰা নামৰ এটা বিশেষ অনুষ্ঠানৰ দ্বাৰা কীৰ্তন ঘৰত প্ৰৱেশ কৰোৱা হয়। বটদ্ৰৱা থানত সমগ্ৰ বছৰটোত কেইবাটাও গুৰুত্বপূৰ্ণ উৎসৱ যেনে— দুজনা গুৰুৰ জন্মোৎসৱ, তিৰোভাৱ তিথি, জন্মাষ্টমী, নন্দোৎসৱ, নাম সামৰণি, পাচতি, মাঘী পূর্ণিমা, বৌদ্ধ পূর্ণিমা, ভীম একাদশী, বার্ষিক পালনাম, পুৰুষোত্তম আতা, চতুৰ্ভুজ আতা, অনন্তৰাম আতা, আই কনকলতা, দামোদৰ আতাৰ তিথি আদি উৎসৱ পালন কৰা হয় যদিও দৌল উৎসৱে বটদ্ৰৱা থানত বিশেষ তাৎপর্য বহন কৰে, ই বৰদোৱাৰ মূল উৎসৱ। এই উৎসৱলৈ অসমৰে নহয় ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা অগণন ভক্তৰ আগমন হয়।

Previous Post Next Post