শ্রদ্ধাভাজনেষু, তিনি সেৱা গ্ৰহণ কৰিব ৷ পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি এইবাৰো মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা (আলিপুখুৰী) ৰ শ্ৰীশ্ৰীবটদ্ৰৱা থানত শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱভাগ ১৭, ১৮, ১৯, ২০ আৰু ২১ মার্চ, ২০২০ তাৰিখে সিপিঠিত উল্লেখিত ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে পালন কৰিবলৈ মানস কৰা হৈছে ৷ সেয়ে দৌল মহোৎসৱৰ সকলো কাৰ্য্যসূচীতে আপোনাৰ / আপোনাসৱৰ সহায়-সহযোগিতা তথা উপস্থিতি একাগুভাৱে কামনা কৰা হ’ল।
কাৰ্যসূচী সমূহ :
পুৱা ৮-০০ বজাত : আই সকলৰ নাম-প্রসঙ্গ।
পুৱা ১০-৩০ বজাত : খোল-প্রসঙ্গ, ভকতৰ নাম-প্রসঙ্গ।
বিয়লি ৩-০০ বজাত : শূন্য পাঠ আৰু বিয়লি প্রসঙ্গ।
বিয়লি ৪-০০ বজাত : আই সকলৰ নাম-প্রসঙ্গ।
সন্ধ্যা ৫-০০ বজাত: সন্ধ্যা প্রসঙ্গ, তাল কোবোৱা প্রসঙ্গ।
সন্ধ্যা ৬-০০ বজাত : গুণমালা, ভটিমা প্রসঙ্গ। লী
সন্ধ্যা ৬-৩০ বজাত : খোল-প্রসঙ্গ আৰু নাম-প্রসঙ্গ।
সন্ধ্যা ৭-০০ বজাত : গায়ন-বায়নৰ দ্বাৰা ‘গোসাঁই’ (শ্ৰীকৃষ্ণৰ মূৰ্ত্তিৰ্ভাগ) কীৰ্ত্তনঘৰৰ পৰা উলিয়াই আনি স্নান কাৰ্য্য সম্পাদনা কৰি ৰভাতলত স্থাপন। গায়ন-বায়নৰ 'ৰাম-ধেমালি’ পৰিবেশন। গোসাঁইক গন্ধ তেলেৰে নোৱাই গন্ধ কার্য সম্পাদন।
পুৱা ৪-৩০ বজাত: তাল কোবোৱা প্ৰসঙ্গ, মঞ্জিৰা নাম।
পুৱা ৮-০০ বজাত: আই সকলৰ নাম-প্রসঙ্গ।
পুৱা ১০-৩০ বজাত : খোল-প্রসঙ্গ, ভকতৰ নাম-প্রসঙ্গ।
বিয়লি ২-০০ বজাত : কৃষ্ণ গোসাঁইৰ আগত গায়ন-বায়নৰ ন-ধেমালি গীত পৰিবেশন। গোসাঁই সেৱা সম্পন্ন কৰি ছবিৰী গোসাঁই মূৰত ফাকু দিয়া উৎসৱ। যাত্ৰীৰ উক্ত কলাম সেৱা, ফাকু আৰু পদজল গ্রহণ। যাত্ৰীৰ সেৱাৰ সুবিধাৰ বাবে গোটেই নিশা গোসাঁইক ৰভাতলত ৰখা হ'ব।
বিয়লি ৩-৩০ বজাত : শূন্য পাঠ আৰু বিয়লি প্রসঙ্গ।
বিয়লি ৪-০০ বজাত : আই সকলৰ নাম-প্রসঙ্গ।
সন্ধ্যা ৫-০০ বজাত : সন্ধ্যা প্রসঙ্গ, তাল কোবোৱা প্রসঙ্গ।
সন্ধ্যা ৬-০০ বজাত : গুণমালা, ভটিমা প্রসঙ্গ। দুই সত্ৰৰ ভক্ত সকলৰ পদুলিত এগছিকৈ বস্তি প্রজ্বলন।
সন্ধ্যা ৬-৩০ বজাত : খোল-প্ৰসঙ্গ আৰু নাম-প্রসঙ্গ।
সন্ধ্যা ৭-০০ বজাত : সাংস্কৃতিক অনুষ্ঠান।
পুৱা ৪-৩০ বজাত : তাল কোবোৱা প্রসঙ্গ, মঞ্জিৰা নাম।
পুৱা ৮-০০ বজাত : আই সকলৰ নাম-প্রসঙ্গ।
পুৱা ১০-৩০ বজাত: খোল-প্রসঙ্গ, ভকত সকলৰ নাম- |
বিয়লি ২-০০ বজাত : গায়ন-বায়নে গোৱা-বোৱা কৰি সু-সজ্জিত আসনত কৃষ্ণ গোসঁহিক ৰভাতলৰ পৰা উলিয়াই ভকত-বৈষ্ণৱ, আইসকল আৰু থলুৱা ভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক সমাৰ্থৰেৰে দৌল মন্দিবলৈ যাত্রা। দৌল মন্দিৰত গোসাইক লৈ সাতপাক প্রদক্ষিণ, গোসাই সেৱা, ফাকু খেলা, ৰং-ধেমালি কৰাৰ অন্তত গোসাঁইক বটদ্ৰৱা শ্ৰীশ্ৰীনৰোৱা সত্র আৰু শ্ৰীশ্ৰীশ’লগুৰি সত্ৰৰ অন্তৰ্ভুত কেওখন গাঁৱত প্রদক্ষিণ কৰি দুই সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুসকলৰ গৃহত প্ৰৱেশ আৰু পৰম্পৰাগত নিয়ম অনুসৰি সেৱা-সৎকাৰ।
সন্ধ্যা ৫-০০ বজাত : গোসাঁইক লৈ কীৰ্ত্তন ঘৰলৈ প্ৰত্যাৱৰ্তন। কীৰ্ত্তন ঘৰৰ সিংহদ্বাৰেদি প্ৰৱেশ কৰাই গোসাঁই ফুৰোৱা উৎসৱৰ সামৰণি।
সন্ধ্যা ৬-০০ বজাত : দুই সত্ৰৰ ভক্ত সকলৰ পদুলিত এগছিকৈ বস্তি প্রজ্বলন।
সন্ধ্যা ৭-০০ বজাত : সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত লোক কৃষ্টিৰ অনুষ্ঠান। স্থান- আই খেৰসুতি সাংস্কৃতিক মঞ্চ। আকাশী গঙ্গাৰ তীৰ।
দৌল উৎসৱৰ চতুৰ্থ দিনা।
পুৱা ৪-৩০ বজাত : শ্ৰীশ্ৰীবটদ্ৰৱা থানৰ নিত্য-নৈমিত্তিক ১৪ প্রসঙ্গ চলি থাকিব আৰু যাত্ৰীৰ ধান সেৱা অব্যাহত থাকিব।
সন্ধ্যা ৭-০০ বজাত : সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান। স্থান-আই খেস্মৃতি সাংস্কৃতিক মঞ্চ, আকাশী গঙ্গাৰ তীৰ।
দৌল উৎসৱৰ পঞ্চম তথা অন্তিম দিনা ।
ৰঙৰ হাট তথা মেলা বজাৰ লগতে থান যাত্ৰীৰ সেৱা চলি থাকিব।
ধন্যবাদ।
বিশেষ সেৱাৰ বাবে যোগাযোগ কৰক।