ৰাজনীতি মানে কি ? WHAT IS POLITICS?

■ ৰাজনীতি বিজ্ঞান ( BA প্রথম ষান্মাসিক )


ৰাজনীতি কি ? WHAT IS POLITICS? 

উপস্থাপন (Introduction) : ৰাজনৈতিক তত্ত্বত ৰাজনীতি, ৰাজনৈতিক, ৰাজনীতি বিজ্ঞান শব্দবোৰ প্ৰায়ে সমার্থক ৰূপত ব্যৱহাৰ কৰা হয় যদিও ৰাজনীতি ধাৰণাৰ এক সুকীয়া মাত্রা আছে। ৰবাৰ্ট ডালে তেওঁৰ গ্ৰন্থ "Modem Political Analysis"ত ৰাজনীতিক ৰাজনৈতিক অশান্তিকৰ বাতাৱৰণ বুলি উল্লেখ কৰিছে যাৰ মাধ্যমত সিদ্ধান্ত গ্রহণ প্রক্রিয়া পরিচালিত হয়। ৰাজনীতি সম্পর্কে এটা সর্বসম্মতভাবে গ্রহণযোগ্য সিদ্ধান্ত আগবঢ়োৱা কিছু কঠিন। ৰাজনীতি সমাজ ব্যৱস্থা পৰিচালনাৰ মূল শক্তি। সমাজত বসবাস কৰা বিভিন্ন স্তৰৰ লোকৰ মাজত উদ্ভৱ হোৱা স্বার্থকেন্দ্রিক দ্বন্দ্ব আৰু সংঘাত নিরাময় কৰি সমূহীয়া ঐক্যমতৰ জৰিয়তে সমূহীয়া কল্যাণৰ প্ৰক্ৰিয়াই হৈছে ৰাজনীতি। ৰাজনীতি ৰাষ্ট্ৰৰ ক্ষমতাৰ সৈতে জড়িত। এনে ক্ষমতা আহৰণ, সংৰক্ষণ আৰু প্ৰয়োগকেই ৰাজনীতি বুলি কোৱা হয়।

তথাপিও ৰাজনীতিৰ পবিভাষিক অর্থ সম্পর্কে চিন্তাবিদসকল একমত নহয়। ৰাজনৈতিক নেতা আৰু কৰ্মীসকলৰ মতে ৰাজনীতি হ'ল জনসাধাৰণৰ কল্যাণৰ হকে আগবঢ়োৱা সেৱা আন কিছুমানৰ মতে, ৰাজনীতি হ’ল নিজৰ স্বাৰ্থ আৰু নিজৰ চাহিদাপুৰ্ণৰ বাবে দক্ষতা সহকাৰে কৰা কেতবোৰ কাৰ্য। ৰাজনীতি সর্বব্যাপী, কাৰণ মানুহে ৰাজনৈতিক প্ৰক্ৰিয়াৰ পৰা আঁতৰি থাকিব বিচাৰিলেও বাস্তৱত সেয়া সম্ভৱ নহয়। ৰাজনীতি সমাজ জীৱনৰ এটা অপরিহার্য কার্যকলাপ। সমাজ বা ব্যক্তিক বাদ দি ৰাজনীতি নহয়; কিয়নো এনে সামাজিক সম্পৰ্কৰ ৰাজনৈতিক দিশটোৱে হৈছে ৰাজনীতি। গাঁৱৰ পৰা চহৰলৈ, জাতীয় জীৱনৰ পৰা আন্তর্জাতিক জীৱনলৈ সকলো ক্ষেত্ৰ ৰাজনীতিৰ দ্বাৰা প্রভাবিত। এই ক্ষেত্ৰত ৰাজনীতিয়ে তাত্ত্বিকভাৱে অকল চৰকাৰৰ বিষয়ৰেই আনুষ্ঠানিক আলোচনা কৰিয়েই ক্ষান্ত নাথাকে। চৰকাৰৰ নীতি, সমাজ আৰু কার্যকলাপে জনসাধাৰণৰ ৰাজনৈতিক জীৱনৰ ওপৰত কেনে প্রভাৱ পেলায় সেইটোহে ৰাজনীতিৰ মূল উপকরণ। চৰকাৰে দেশৰ অৰ্থনৈতিক নীতি, বৈদেশিক নীতি, শিক্ষনীতি আদি লোকনীতি আৰু সিদ্ধান্তৰে জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰাত সহায় কৰে। চৰকাৰৰ ভুল নীতিয়ে জনসাধাৰণৰ জীৱন আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে। সৎ ৰাজনীতিক, সং আমোলাতন্ত্ৰৰ দ্বাৰা পৰিচালিত চৰকাৰে জনসাধাৰণৰ সৰ্বাংগীণ কল্যাণৰ দ্বাৰা ৰাজনৈতিক বাতাৱৰণ সলনি কৰে।

ভূমিকা (Role) : সমাজত বিভিন্ন কাৰণত ব্যক্তিৰ মাজত মতভেদৰ সৃষ্টি হয়। নাগবিকে সমাজত কেনেদৰে জীবন-যাপন কৰা উচিত, সমূহীয়া স্বাৰ্থপূৰণৰ ক্ষেত্ৰত সহযোগিতা নে সংঘাতক প্রাধান্য দিয়া উচিত, ক্ষমতা, সম্পদ আদিৰ বণ্টন কি ভিত্তিত হোৱা উচিত ইত্যাদি ইত্যাদি। সামাজিক জীৱন, ৰাজনৈতিক জীৱনত বিভিন্ন মতপার্থক্যই গঢ় লৈ উঠে। এনে সমস্যাবোৰৰ সমাধান কেনেদৰে হোৱা উচিত অথবা সমষ্টিগত সিদ্ধান্ত কেনেধৰণে গৃহীত হোৱা উচিত ইত্যাদি বিভিন্ন বিষয় লৈ জনসাধাৰণৰ মাজত মতভেদৰ সৃষ্টি হয়। এনে কাৰ্যকলাপৰ জৰিয়তে ব্যক্তিয়ে দেশৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি চৰকাৰী সিদ্ধান্ত বা নীতিৰ ওপৰত প্ৰভাৱ বিস্তাৰৰ চেষ্টা কৰে, যাৰ ফলস্বৰূপে ৰাজনৈতিক প্ৰক্ৰিয়া গঢ় লৈ উঠে। এনে মাধ্যমৰ জৰিয়তে এখন সুস্থ, সুন্দৰ সমাজ গঢ় লৈ উঠে। গ্রীক দার্শনিক এবিষ্ট ঢলে সেয়েহে ৰাজনীতিক শ্রেষ্ঠ বিজ্ঞান বুলি কৈছিল। অর্থাৎ ৰাজনীতি হ'ল এক ধৰণৰ সামাজিক প্রক্রিয়া।

সাধাৰণ অৰ্থত ৰাজনীতি (Politics in Common Parlance) ৰাজনৈতিক ক্ষেত্ৰত্রৰ ওপৰিও অন্যান্য ক্ষেত্ৰত ৰাজনীতি শব্দটো ঠেক অৰ্থত ব্যৱহাৰ কৰা দেখা যায়। নির্বাচন, আইনসভা, শাসকগোষ্ঠী, মন্ত্রীসভা ইত্যাদিৰ পৰিপ্ৰেক্ষিতত ৰাজনীতি শব্দ প্ৰায়ে ব্যৱহাৰ কৰা দেখা যায়। বেছিভাগে আকৌ ৰাজনীতি শব্দক তত্ত্বগত দিশৰ পৰা আতৰাই আনি অকল দলীয় ৰাজনীতিৰ প্ৰসংগত ব্যৱহাৰ কৰে। এন জন্মাবামে (N. Joyaram) তেওঁৰ "Introductory Sociology” নামৰ গ্ৰন্থত কৈছে যে সচৰাচৰ মানুহে ৰাজনীতি শব্দৰ জৰিয়তে বিধানমণ্ডল, চৰকাৰ, ৰাজনৈতিক দল, ভোটদান কার্যক বুজাব বিচনাৰ ওপৰিও ৰাজনৈতিক বিতৰ্কক সামৰি লোৱাৰ প্ৰয়াস কৰা দেখা যায়। (In everyday popular usages, politics is seen as being about parliament, the government, the parties, the elections, voting and endless debates and arguments which produce more yawns than excitement.”)। ৰাজনীতিৰ অর্থ সম্পৰ্কীয় এনে ধাৰণা বিভ্রান্তমূলক। ৰাজনীতি এটা প্ৰক্ৰিয়া হিচাপে ইয়াৰ কাম-কাজ অকল ৰাজনীতিবিদৰ মাজতেই সীমাবদ্ধ হ'ব নোৱাৰে।

সমাজতাত্ত্বিক দৃষ্টিভংগীৰে ৰাজনীতি (Politics-Sociological Approach) : সমাজতাত্বিক দৃষ্টিভংগীয়ে বহল অৰ্থত ৰাজনীতিৰ বিচাৰ ব্যাখ্যা আগবঢ়োৱাৰ পোষকতা কৰে। বহল সামাজিক প্রেক্ষাপটত ৰাজনীতি ধাৰণাৰ ব্যাখ্যা কৰা হয়। কাৰণ মানুহৰ ৰাজনৈতিক জীৱনৰ আৰম্ভণি হ'ল সমাজ জীৱন। ৰাজনৈতিক আচৰণ আৰু কার্যকলাপ হ'ল দৰাচলতে সামাজিক আচৰণৰ বহিঃ প্রকাশ। গতিকে ৰাজনৈতিক জীৱন বা ৰাজনীতি বৃহত্তৰ সমাজ জীৱনৰ পৰা মুঠেই বিচ্ছিন্ন হ'ব নোৱাৰে। সামাজিক সমস্যাবোৰ ৰাজনৈতিক সমস্যাৰ মাধমেৰে প্ৰকাশ পায়। গতিকে সামাজিক পৰিস্থিতি, পৰিৱেশ আৰু বাতাৱৰণৰ পটভূমিতেই ব্যক্তিৰ ৰাজনৈতিক জীৱন গঢ় লৈ উঠে। গ্রাহাম ওরালাচ (Graham Wallace), আৰ্থাৰ কেটলী (Arthur Bently), চাৰ্লচ মেৰিয়াম (Charles Merriam) আদি চিন্তাবিদসকলে বৃহত্তৰ সামাজিক পটভূমি আৰু উদ্দেশ্যৰ পৰিপ্ৰেক্ষিতত ৰাজনীতি ধাৰণাক বহুলভাৱে বিচাৰ-বিশ্লেষণৰ পোষকতা কৰে। ৰাজনৈতিক সমাজতাত্ত্বিক দৃষ্টিভংগীয়ে সামাজিক আৰু ৰাজনৈতিক প্ৰক্ৰিয়াৰ আন্তঃসম্বদ্ধত ৰাজনীতিৰ অৰ্থ বুজাৰ চেষ্টা কৰে।

ব্যাপক অৰ্থত ৰাজনীতি (Politics in Broader Sense) ব্যাপক অৰ্থত কবলৈ গ'লে ৰাজনীতিয়ে কেতবোৰ কাৰ্যকলাপক সামৰি লয়। এনে সমস্ত কার্যকলাপৰ মাধ্যমেৰে মানুহে সমাজ আৰু ৰাষ্ট্ৰ পৰিচালনাৰ বাবে কেতবোৰ বিধিবদ্ধ নিয়ম-কানুন তৈয়াৰ কৰে, এইবোৰ সংৰক্ষণ কৰে আৰু সময়ে সাপেক্ষে ইয়াৰ সংশোধন কৰে। এনে সমস্ত নীতি-নিয়মৰ গণ্ডীত মানুহে নাগৰিক সমাজ পাতি বসবাস কৰে। আন্দ্ৰে হেউডৰ (Andrew Heywood) মতেও ৰাজনীতিৰ বহল অর্থইও মোটামুটিভাবে এইখিনি কথাকে সামৰি লয়। তেওঁ “Politics" নামৰ গ্ৰন্থত কৈছে, *Politics, in its broadest sense, is the activity through which people make, preserve and amend the general rules under which they live." I

এই দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে ৰাজনীতিয়ে দ্বন্দ্ব আৰু সহযোগিতাৰ সৈতে সম্পর্কিত। মানুহৰ দৈনন্দিন জীৱনৰ নিয়ন্ত্রণকাৰী সাধাৰণ বিধিৱদ্ধ নীতি-নিয়মবোৰ সম্পর্কিত কার্যকলাপক ৰাজনীতি বুলিব পাৰি যাৰ দুটা দিশ অপৰিহাৰ্য। প্রথমটি হ’ল সংঘাত আৰু দ্বিতীয়টি হ’ল সহযোগিতা। সমাজৰ বিভিন্ন মানুহৰ পৰস্পৰ বিৰোধী স্বাৰ্থ, বিবাদ নিষ্পত্তি কৰাৰ বাবে এনে নীতি-নিয়মবোৰক সঠিকভাৱে কাৰ্যকৰী কৰিবলৈ কৰ্তৃত্ব গঢ় লৈ উঠে। অর্থাৎ অনেক চিন্তাবিদে এনে ৰাজনৈতিক ক্ষমতাকে সু-সংহত কার্যকলাপ হিচাপে প্রতিপন্ন কৰাৰ পক্ষপাতী। সেয়েহে বহুল অৰ্থত বহুতে ৰাজনীতিক সংঘাত বা দন্দ্ব ব্যৱস্থাপনাৰ প্ৰক্ৰিয়া বুলি ক'ব বিচাৰে। (Politics is a process of conflict resolution) এনে প্ৰক্ৰিয়াৰ মাধ্যমেৰে পৰস্পৰ বিৰোধী স্বাৰ্থবোৰ/মতভেদসমূহৰ মাজত ঐক্যমত সাধন হয়। এনে ঐক্যমতেই হৈছে ৰাজনীতি।

ৰাজনীতিৰ সংজ্ঞা (Definition of Politics) :

মাৰ্খাল বাৰমানৰ (Marshall Berman) মতে, তুমি যিয়েই নোহোৱা নাইবা যিয়েই হ'ব নিবিচৰা কিয়, তুমি ৰাজনীতিৰ লগত জড়িত হ'ব নিবিচাৰিলেও, ৰাজনীতি অপৰিহাৰ্য৷ গতিকে ৰাজনীতি ব্যক্তিৰ সমাজ জীৱনত অপৰিহায় ৰাজনৈতিক ক্ষেত্র। জ্যা ব্লনডেলৰ মতে, “ৰাজনীতি এটা সার্বজনীন কার্যকলাপ যিয়ে সকলোকে সামৰি লয়। আমি সৰু বা ডাঙৰ যি ৰাষ্ট্ৰবেই নাগৰিক নহওঁক কিয়, আমাৰ চৰকাৰৰ কাৰ্যকলাপে আৰু বৃহৎ শক্তিৰ চৰকাৰসমূহে আমাৰ ভাগ্য নিয়ন্ত্রণ কৰিব।" (Politics a universal actitities that encompasses all wheather we belong to a small or large country, the actions of the govt. of great powers will shape our destiny.")

জে বিমাজ আৰু এম. বিমাঞ্জৰ মতে ৰাজনীতি হ'ল সংঘাত বা দ্বন্দ্বক নীতিলৈ সলনি কৰা প্ৰক্ৰিয়া। সংঘাতপূর্ণ লক্ষ্য আৰু স্বাৰ্থৰে পৰিপূৰ্ণ সকলো সমাজতেই এনে ৰাজনীতি পৰিলক্ষিত হয়, যেনে— কার্যক্ষেত্র, মহাবিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠান, গীর্জা ইত্যাদি। (Politics is translation of conflicts into decisions. Politics is present in any aggregate of human beings with conflicting goals and interests, in an office, a college department, a church hierarchy etc.)

বিমাঞ্জৰ মতে এনে ৰাজনৈতিক কার্যকলাপ সার্বজনীন ঘটনা। ইয়ে যিদৰে মতপার্থক্যক বুজায়, সেইদৰে এনে মতভেদ আৰু সংঘাতসমূহৰ ব্যৱস্থাপনাকো বুজায় (Political activity is a far more universal phenomenon. It involves disagreement and thus reconciliation of those disagreement and therefore can occur at any level. it ৰাজনীতিৰ ধাৰণাৰ মূল প্রতিপাদ্য বিষয় হ'ল ক্ষমতা। ক্ষমতা প্রয়োগ অবিহনে কেতিয়াও সিদ্ধান্ত বা নীতি কাৰ্যকৰী কৰিব নোৱাৰি। সমাজবিজ্ঞানী বাৰ্ণাড ক্ৰিকৰ মতে, সামাজিক গোষ্ঠী আৰু স্বার্থ সংযুক্ত হলে সংঘাত নিৰাময়ৰ বাবে আপোচ বা ঐক্যমত জৰুৰী। এনে সমস্যাক দমন কৰা অনুচিত। (“Solution to the problem of order which choose conciliation rather than violence and coercion" -Bernard Criek)

অমল কুমাৰ মুখোপাধ্যায়ে কৈছে, পৰম্পৰাবাদীসকলৰ মতে, ৰাজনীতি হ’ল ৰাজনৈতিক ক্ষমতা প্রয়োগকাৰী আৰু ক্ষমতা বিচৰা শ্ৰেণীৰ মাজত গঢ়ি উঠা এক ধৰণৰ কাৰ্যকলাপ (Traditionalists have viewed politics as an activity centring round political power holder and political power seekers)। অৱশ্যে ৰাজনীতি সম্পর্কে এইটো এটা সংকীর্ণ ধাৰণা।

দৰাচলতে কুৰি শতিকাৰ মাজভাগৰ পৰা ৰাজনীতিৰ তত্ত্বগত অর্থই নতুন মাত্রা লাভ কৰে। আচৰণবাদে ৰাজনীতিৰ পৰম্পৰাগত সংজ্ঞাবোৰক নাকচ কৰি ইয়াৰ অভিজ্ঞতাবাদী আৰু বাস্তৱধৰ্মী সংজ্ঞা আগবঢ়াইছিল। ৰাজনীতিয়ে সংঘাত আৰু মতভেদ আঁতৰ কৰা পদ্ধতি হিচাপে মান্যতা লাভ কৰে।

মিলাৰৰ মতে, সংঘাত আৰু বিৰোধিতাই হ'ল ৰাজনীতিৰ মূল উপকৰণ। উমৈহতীয়াভাৱে মত পার্থক্য নথকা সমাজত ইয়াৰ কোনো ঠাই নাই। (Conflict lies at the heart of politics in a world of universal agreement, there would be no room for it")! ব্যৱস্থাত এছই. ফাইনাৰৰ মতে, ৰাজনীতি বুলিলে ৰাজনৈতিক কার্যকলাপক বুজায়। সাম্প্রতিক কালৰ সমাজ ৰাজনীতিৰ এনে সৰ্বব্যাপী প্রকৃতি পৰিলক্ষিত হয়।

এলান বলে (Alan R Ball) তেওঁৰ “Modern Politics and Government” নামৰ গ্ৰন্থত কৈছে, ৰাজনীতি হ'ল কেতবোৰ কাৰ্যকলাপ, ই কোনো নৈতিক নির্দেশাবলী নহয়, ই সার্বজনীন বা উমৈহতীয়া কার্যকলাপ। (Politics is an activity, not a moral prescriptions, it is universal activity)।

হেল্ড লাছবেল (Harold Lasswell)ৰ মতে, ৰাজনীতি হৈছে ক্ষমতা গঢ় লৈ উঠা আৰু ইয়াৰ ভাগ বিতৰণ সম্পর্কীয় অধ্যয়ন। (Politics is the study of shaping and sharing of power) ৰাজনৈতিক প্ৰক্ৰিয়াত চৰকাৰৰ কার্যকলাপে জনসাধাৰণৰ দৈনন্দিন জীৱনৰ ওপৰত গভীৰভাৱে প্ৰভাৱ পেলায়।

জনসাধাৰণে অধিক সতৰ্কতাৰে চৰকাৰৰ কাৰ্যকলাপৰ ওপৰত নজৰ ৰাখে। অংশীদাৰী গণতন্ত্ৰত জনসাধাৰণে নিৰ্বাচিত কৰা চৰকাৰলৈ আপত্তি, অসন্তুষ্টিবোৰ প্ৰভাৱ গোষ্ঠী অথবা স্বার্থন্বেষী গোষ্ঠীৰ জৰিয়তে ন্যায্যভাবে সমাধানৰ বাবে কঢ়িয়াই নিয়ে। চৰকাৰৰ নীতিৰ লগত জনসাধাৰণৰ নীতিৰ অমিল হ'লে জনসাধাৰণে প্রতিবাদ কৰে আৰু তেনে নীতি আৰু সিদ্ধান্তবোৰ সলনি কৰাৰ বাবে চৰকাৰৰ ওপৰত হেঁচা প্রয়োগ করে। গতিকে ৰাজনীতিৰ সিদ্ধান্ত গ্রহণ কর্তৃপক্ষ হিচাপে চৰকাৰ আৰু জনসাধাৰণৰ মাজত সদায় এটা পাৰস্পৰিক আশ্রক্রিয়া চলি থাকে। এনে আন্তঃক্রিয়া, মত, সংঘাত সহযোগিতা আৰু ঐক্যমতক ৰাজনীতি বুলি কোৱা হয়। যিবোৰ দাবী চৰকাৰে সমাধানৰ বাবে গ্ৰহণ নকৰে অথবা অমীমাংসিত হৈ থাকে সেইবোৰ দাবী পুনৰ তথ্য আৰু অভিজ্ঞতা প্ৰেৰক প্ৰক্ৰিয়াৰ জৰিয়তে সিদ্ধান্ত গ্রহণ কঙ্কত প্রবেশ কৰে। এনে ধাৰাবাহিক, অবিচ্ছিন্ন আদ্ৰক্ৰিয়াৰ প্ৰক্ৰিয়াই হ’ল ৰাজনীতি। ৰাজনীতিয়ে ৰাষ্ট্ৰ আৰু চৰকাৰৰ উপৰিও সমাজ, সংস্থা, শ্রমিক সংগঠন, ৰাজনৈতিক দল আৰু স্বাৰ্থদ্বেষী গোটৰ বিষয়েও আলোচনা কৰে। ৰাজনীতিয়ে সমাজ ব্যৱস্থাৰ আইন-শৃংখলা প্রতিষ্ঠা কৰাত, ন্যায় প্রতিষ্ঠা কৰি সমাজৰ স্থিৰতা অনাত সহায় কৰে। হেৰল্ড লাছৱেলৰ গ্ৰন্থ “Politics who gets What, When and How'ত ৰাজনীতিত ক্ষমতা কিদৰে উদ্ভৱ হয় আৰু ইয়াৰ বিতৰণ সম্পর্কে আলোচনা কৰিছে। ডেভিড ইষ্টনে ৰাজনীতিক মূল্যবোধৰ কৰ্তৃত্বপূর্ণ বিতৰণ হিচাপে উল্লেখ কৰিছে। (Authoritative allocation of Values) ৰবাৰ্ট ডালৰ মতে, ৰাজনীতি প্ৰক্ৰিয়াৰ মূল আধাৰ হ’ল সিদ্ধান্ত গ্ৰহণকাৰী কৰ্তৃত্ব আৰু জনগণৰ মাজত আন্তঃক্রিয়া, যি ঐক্যমত আৰু সহযোগিতাৰ ওপৰত প্রতিষ্ঠিত। সকলো সমাজতেই ৰাজনীতিৰ সৃষ্টিৰ বাবে এটা ৰাজনৈতিকভাবে অশাস্তিকৰ বাতাৱৰণ (Predicament) গঢ়ি উঠে। এনে ব্যৱহাৰিক ৰাজনীতিত জনসাধাৰণৰ আশা-আকাঙ্ক্ষা বাস্তবভাবে প্রতিফলিত হোৱা উচিত। শাসক শ্ৰেণী আৰু শাসিতৰ মাজত গঢ়ি উঠা সংঘাত, মতানৈক্য নির্মূল কৰি ঐক্যমত আধাৰত সমাজ পৰিচালনা কৰা হয়। মিলাৰৰ মতেও বিৰোধিতা আৰু সংঘাতেই হৈছে ৰাজনীতিৰ ঘাই বিষয়বস্তু। জনসাধাৰণৰ ব্যক্তিগত জীৱনৰ বাবে তথা সমাজৰ বাবে যিবোৰ সমূহীয়া সিদ্ধান্ত কল্যাণৰ হকে লোৱা হয় তাকেই ৰাজনীতি বুলিব পাৰি। সংঘাত আৰু বিৰোধিতাৰ মাজত গঢ়ি উঠা ঐক্যমতেই হৈছে ৰাজনীতি। এনে সিদ্ধান্ত গ্রহণ প্ৰক্ৰিয়া সম্মতিৰ আধাৰত প্রতিষ্ঠিত যদিও মাজে সময়ে শক্তি প্ৰদৰ্শন কৰাও পৰিলক্ষিত হয়। ৰাষ্ট্ৰ এখনৰ সামগ্রিক বাতাৱৰণে ঘাইকৈ ৰাজনৈতিক সংস্কৃতিয়ে এনে ৰাজনীতিৰ মাত্ৰা আৰু প্ৰকৃতি নিৰ্ণয় কৰে।

প্রতিজন ব্যক্তিয়ে দৈনন্দিন জীৱনত ৰাজনীতিৰ পৰা মুক্ত থাকিব নোৱাৰে। সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰ, যেনে চৰকাৰ, শিক্ষানুষ্ঠান, ধর্মীয় অনুষ্ঠান, ব্যৱসায়িক ফার্ম, বাণিজ্য সংস্থা, ৰাজনৈতিক দল আদিত ৰাজনীতিৰ লগত মুখামুখি হয়। ৰবাৰ্ট ডালৰ মতে, “Politics is unavoidable fact of human existence. Everyone is involved in some fashion at sometime in some kind of political system." ব্যক্তিয়ে ৰাজনীতিৰ পৰা যিদৰে আঁতৰি থাকিব নোৱাৰে, একেদৰেই ৰাজনীতিৰ প্ৰভাৱৰ বা পৰিণামৰ পৰাও মুক্ত হ'ব নোৱাৰে।

ৰাজনীতি অধ্যয়নৰ ক্ষেত্ৰত ক্ষমতাক কোনোপধ্যেই বাদ দিব নোৱাৰি। বহুতো চিন্তাবিদে ক্ষমতা প্রয়োগকেই ৰাজনীতি বুলি গণ্য কৰে। হেৰল্ড লাচৱেল আৰু মৰ্টন কাপলান এই ধাৰণাৰ সমৰ্থক। ৰবাৰ্ট ডালৰ মতেও, সৰল অৰ্থত ৰাজনীতি হ'ল প্ৰভাৱ বিস্তাৰ কৰাৰ কাৰ্য (Politics is simply the exercise of influence)। সমগ্ৰ ৰাজনৈতিক প্ৰক্ৰিয়াটোত বিভিন্ন গোষ্ঠী, দল, সংগঠন আৰু সিদ্ধান্ত গ্রহণকাৰী কৰ্তৃত্বৰ মাজত বিৰোধিতা আৰু সহমতৰ ভিত্তিত গঢ়ি উঠা আন্তঃক্রিয়াই হ'ল ৰাজনীতি। সেই ফালৰ পৰা ৰাজনীতি শাসক আৰু শাসিতৰ মাজত সংঘাত ব্যৱস্থাপনাৰ প্রক্রিয়া।ৰাজনীতিৰ প্ৰকৃতি (The Nature of Politics) ৰাজনীতিক কার্যকলাপ হিচাপে বিবেচনা কৰা হয় যদিও বাস্তৱ ক্ষেত্ৰত এই বিষয়ক লৈ চিন্তাবিদসকলৰ মাজত যথেষ্ট মতানৈক্য পৰিলক্ষিত হয়। প্রাচীন কালত ৰাজনীতি আইন, দৰ্শন আৰু ইতিহাসৰ অংগ হিচাপে অধ্যয়ন কৰা হৈছিল। ইয়াৰ ঘাই উদ্দেশ্য আছিল মানৱ সমাজত প্রতিষ্ঠিত নীতিবোৰৰ বিশ্লেষণ কৰা। কিন্তু ঊনবিংশ শতিকাৰ শেষভাগৰ পৰা ৰাজনীতি সম্পৰ্কে এনে ধাৰণাৰ সলনি হৈছে। ৰাজনৈতিক ধাৰণাৰ আলোচনাত এনে দার্শনিক গুরুত্ব ক্রমশ হ্রাস পাইছে। বৰঞ্চ বিজ্ঞান সম্মত বিষয় হিচাপে ৰাজনীতিৰ চিন্তাচর্চাই অধিক গুৰুত্ব পাইছে কুৰি শতিকাৰ পৰা। কুৰি শতিকাৰ মাজভাগৰ পৰা ৰাজনৈতিক ধ্যান-ধাৰণাৰ পৰিৱৰ্তন হ'ল। আচৰণবাদে এনে অধ্যয়নক এটা নতুন বৈজ্ঞানিক মাত্রা প্রদান কৰিছে। বর্তমানে এনে অধ্যয়নৰ তাত্ত্বিক গভীৰতাও যথেষ্টভাৱে সলনি হৈছে। ১। ৰাজনৈতিক কার্যকলাপ হিচাপে ৰাজনীতি (Politics Political Activities) : সাম্প্রতিক কালৰ সমাজ ব্যৱস্থাত ৰাজনীতিৰ সৰ্বব্যাপী প্রকৃতি পৰিলক্ষিত হয়। এছ.ই ফাইনাৰৰ মতে, আধুনিক সমাজৰ ৰাজনীতি সর্বব্যাপী (In modern society politics is ubiquitous, S.E. Finer)। ৰাজনীতি হ'ল 2 একধৰণৰ আচৰণ বা কার্যকলাপ আৰু আনহাতে ৰাজনীতি বুলিলে কেতবোৰ ৰাজনৈতিক কার্যকলাপকো বুজায়। পৰিয়ালৰ বাহিৰেও বে-চৰকাৰী সংস্থাৰ কাৰ্যকলাপকো এনে ৰাজনীতি পৰিলক্ষিত হয়। ২। সংকীর্ণ ধাৰণা ( Parochial Concept) : সাধাৰণ অৰ্থত ৰাজনীতি বুলি কলে দলীয় ৰাজনীতিৰ সৈতে সম্পর্কিত বাজনৈতিক কার্যকলাপক সামৰি লোৱাৰ প্ৰয়াস কৰা দেখা যায় যদিও, এইটো এটা সংকীর্ণ ধাৰণা। ৰাজনৈতিক কার্যকলাপে বহুমুখী দিশক সামৰি লয়।

৩। মতভেদ বা মতপার্থক্য মীমাংসাৰ উপায় (Method of Conflict Resolution) : ৰাজনীতি বুলিলে সমাজৰ বিভিন্ন শ্রেণীৰ মাজত গঢ়ি উঠা মতভেদ আৰু বিৰোধ মীমাংসাৰ কাৰ্যকলাপক বুজায়। অধ্যাপক এলান বলৰ মতে, ৰাজনৈতিক পৰিস্থিতিৰ মৌলিক উপাদান হ’ল মতভেদ। এনে ৰাজনৈতিক কার্যকলাপৰ ক্ষেত্ৰ অতি বিস্তাৰিত।

৪। বিৰোধৰ পটভূমিত ৰাজনীতিৰ ধাৰণা (Politics Against the Backdrop of Opposition) : অষ্টিন ৰেণীয়েও বিৰোধৰ আধাৰতে ৰাজনীতিৰ ধাৰণাৰ বিচাৰ ব্যাখ্যা আগবঢ়াইছে। সমাজত পৰস্পৰ বিৰোধী স্বাৰ্থ সাধনৰ উদ্দেশ্যে ব্যক্তিৰ মাজত বিৰোধিতা আৰু সংঘাতৰ সৃষ্টি হয়। সকলো সমাজতে এনে বিৰোধ আৰু সংঘর্ষ অবশ্যম্ভাবী আৰু অপৰিহাৰ্য (Political conflict is not an unfortunate temporary aberration from the norm of perfect co-operation and harmony) ৰাজনৈতিক পৰিস্থিতিৰ সৃষ্টিৰ মূল কাৰণ বিৰোধ যদিও ৰাজনীতি নীতি প্রণয়নৰ সৈতে সম্পর্কযুক্ত।

৫। ৰাজনীতি চৰকাৰী কৰ্মচাৰী আৰু বিচাৰপতি (Politics, Govt. Employeesand the Judges) : ইংলেণ্ডৰ চৰকাৰী কৰ্মচাৰী সদায় ৰাজনৈতিকভাৱে নিৰপেক্ষ। সাধাৰণতে চৰকাৰী কৰ্মচাৰীয়ে কোনো নির্দিষ্ট ৰাজনৈতিক দলৰ প্ৰতি প্রকাশ্যে সমৰ্থন আগনবঢ়ায়। কিন্তু ইয়ে এইটো নুবুজায় যে তেওঁলোকে ৰাজনৈতিক সিদ্ধান্ত গ্রহণ বা নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ নকৰে। বিচাৰপতিৰ ক্ষেত্ৰতো সেই অনুৰূপ উদাহৰণকে লব পাৰি। তেওঁলোক ৰাজনৈতিকভাৱে নিৰপেক্ষ যদিও, ৰাজনৈতিক কার্যকলাপৰ লগত সম্পর্কিত। বিচাৰপতিয়ে প্ৰদান কৰা ৰায়ৰ আধাৰত এনে বিৰোধ বা দ্বন্দ্বৰ অৱসান ঘটোৱা হয়।

৬। ৰাজনৈতিক কার্যকলাপ আৰু সৰ্বদলীয় চৰকাৰ (Political Activities and All Party Govt.) ঃ বিশ্বৰ কিছুমান দেশত সর্বদলীয় চৰকাৰ ব্যৱস্থাৰ প্ৰচলন আছে। এনে চৰকাৰত বিৰোধ বা সংঘাতৰ উদ্ভৱ হোৱাৰ কোনো অরকাশ নাথাকে। কিন্তু বাস্তব ক্ষেত্ৰত এইটো এটা বিভ্রান্তমূলক ধাৰণা। বিভিন্ন দলীয় বা উপদলীয় অন্তৱম্বৰ যোগেদি এনে সংঘাতৰ সৃষ্টি হয়। 

৭। একদলীয় শাসন ব্যৱস্থা আৰু মতবিৰোধ (One Party Rule and Disagreement) একদলীয় শাসন ব্যৱস্থাৰ প্ৰচলন থকা দেশতো বিৰোধিতা আৰু সংঘাত অস্বীকাৰ কৰিব নোৱাৰি। একেটা ৰাজনৈতিক দলৰ নেতা আৰু সদস্যৰ মাজত যথেষ্ট মতবিৰোধ পৰিলক্ষিত হয়। এলান বলৰ মতে, “Single Party States donot signify an end in disagreement between political leaders." |

৮। সৰ্বসাধাৰণৰ স্বাৰ্থৰ ধাৰণা ৰাজনৈতিক কার্যকলাপৰ বিৰোধী (Mass Interest as Opposed to Political Activities) : এলান বলৰ মতে, সমাজত সৰ্বসাধাৰণৰ স্বাৰ্থৰ ধাৰণা ৰাজনৈতিক প্ৰক্ৰিয়াৰ পৰিপন্থী। কাৰণ ৰাজনৈতিক কার্যকলাপ হ’ল বিৰোধ আৰু এনে বিৰোধ মতভেদৰ মীমাংসা কৰা ৰাজনীতিৰ উদ্দেশ্য। সার্বজনীন স্বাৰ্থৰ ধাৰণাৰ প্ৰসংগত এনে পদ্ধতিক আওকাণ কৰা হয়। ৰাজনৈতিক প্ৰক্ৰিয়া আৰু কাৰ্যাৱলীৰ পৰিপ্ৰেক্ষিতত সৰ্বসাধাৰণৰ স্বাৰ্থৰ এনে ধাৰণা বিভ্রান্তিমূলক। 

৯। সম্পদৰ অপর্যাপ্ততা আৰু ৰাজনৈতিক কার্যকলাপ (Resource Searcity and Political Activities) ঃ সমাজত অত্যাবশ্যকীয় সম্পদৰ অপর্যাপ্ততা বা নাটনিৰ বাবেও ৰাজনৈতিক কার্যকলাপৰ সৃষ্টি হ'ব পাৰে। এলান বলৰ মতে “Political activity may result from the scarcity of resources"। সৰ্বসাধাৰণৰ সকলো প্ৰকাৰৰ কল্যাণৰ বাবে চৰকাৰে বিভিন্ন নীতি প্রণয়নৰ চিন্তা-চৰ্চা কৰে। যদিও বাস্তব ক্ষেত্ৰত তেনে নীতি কাৰ্যকৰী কৰিবলৈ চৰকাৰ সক্ষম নে অসমর্থ সেইটোহে গুৰুত্বপূৰ্ণ কথা।

 সিদ্ধান্ত (Observations ) :

ওপৰৰ আলোচনাৰ পৰা ৰাজনীতি সম্পৰ্কে নিম্নোক্ত সিদ্ধান্তলৈ আহিব পাৰি। ১। ৰাজনীতি বৃহত্তৰ সামাজিক প্ৰক্ৰিয়াৰ অংশ। সামাজিক আৰু ৰাজনৈতিক বাতাৱৰণত বিভিন্ন গোষ্ঠী, দল, সংগঠনৰ মাজত হোৱা আন্তঃক্ৰিয়াৰ ফল হ’ল ৰাজনীতি।

২। জনসাধাৰণৰ উমৈহতীয়া স্বাৰ্থৰ সুৰক্ষাৰ বাবে লোৱা সিদ্ধান্ত এনে ৰাজনৈতিক প্ৰক্ৰিয়াৰ অন্তৰ্ভুক্ত। ৩। ৰাজনীতিত বিভিন্ন স্বার্থসম্বলিত গোটে ক্রিয়া কৰে। এনে বিৰোধিতা আৰু বিবাদ নিষ্পত্তিৰ বাবে ঐক্যমতলৈ অহাটোৱেই ৰাজনীতি।

৪। ৰাজনীতিক সংঘাত আৰু বিবাদ নিষ্পত্তিৰ আহিলাৰূপে গণ্য কৰিব পাৰি। ৫। ক্ষমতা আহৰণ আৰু সিদ্ধান্ত গ্রহণ বা নীতি নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰাৰ অৰ্থে ব্যক্তি, গোষ্ঠী আৰু সংগঠন জড়িত হোৱাই হৈছে ৰাজনীতি। ৬। নীতি নির্ধাৰণ বা সিদ্ধান্ত গ্ৰহণৰ বাবে ৰাজনৈতিক কৰ্তৃত্বৰ প্ৰয়োজন, যি বৈধতা আৰু সন্মতিৰ ভিত্তিত প্রতিষ্ঠিত।

উপসংহাৰ (Conclusion) :

দৰাচলতে কুৰি শতিকাৰ মাজভাগৰ পৰাই ৰাজনীতি ধাৰণাটোক ৰাষ্ট্ৰৰ গণ্ডীৰ পৰা মুক্ত কৰি বহল সামাজিক প্ৰেক্ষাপটত বিচাৰ-বিশ্লেষণ কৰাৰ প্ৰৱণতা গঢ়ি উঠিছে। এই চিন্তাধাৰাৰ অন্যতম বাটকটীয়া আছিল আৰ্থাৰ বেণ্টলী আৰু গ্রাহাম ওৱালাচ। আৰ্থাৰ বেণ্টলীয়ে ৰাজনীতিৰ ধাৰণাটোক সামাজিক গোষ্ঠীৰ আন্তঃসম্পৰ্কৰ লগত সম্পর্কিত কৰিছিল। আনহাতে গ্রাহাম ওৱালাচে অভিজ্ঞতাবাদী মনোবিজ্ঞানৰ ফালৰ পৰা ৰাজনীতিৰ বিচাৰ-বিশ্লেষণ আগবঢ়াইছিল। চার্লস মেৰিয়ামে ৰাজনৈতিক আচৰণক ৰাজনীতিৰ মূল প্রতিপক্ষ বিষয় বুলি যুক্তি দশহিছিল। দৰাচলতে আচৰণবাদে ৰাজনীতিৰ ধাৰণাক এটা নতুন সংজ্ঞা আৰু মাত্ৰা প্ৰদান কৰিছিল। মানুহৰ আচৰণক ৰাজনীতিৰ এক কার্যকলাপ হিচাপে মানি ল'ব পাৰি যদিও, ৰাজনৈতিক প্রক্রিয়াই বহুতো অন্যান্য উপাদানকো সামৰি লয়। ডেভিড ইষ্টনে ৰাজনীতিৰ ৰাষ্ট্ৰকেন্দ্ৰিক সংজ্ঞাক নাকচ কৰি পোনপটীয়াকৈ ৰাজনীতিক সামাজিক কার্যকলাপ হিচাপে প্রতিষ্ঠিত কৰিছিল। তেওঁলোকে ৰাজনীতিক বিৰোধ আৰু দ্বন্দ্বৰ পটভূমিত গঢ়ি উঠা সামাজিক কার্যকলাপ বুলি অভিহিত কৰিছিল।

দৰাচলতে বিৰোধ আৰু সংঘাত অৱসানৰ বাবে ক্ষমতা প্রয়োগকাৰী শ্ৰেণীয়ে গ্ৰহণ কৰা সিদ্ধান্ত আৰু এনে সিন্ধান্তৰ কাৰ্যকৰীকৰণেই ৰাজনীতি। এনে সংজ্ঞা আৰু অৰ্থ ৰাষ্ট্ৰ আৰু সমাজ উভয়ৰ ক্ষেত্ৰতেই প্রযোজ্য হয়। আনহাতে ৰাজনীতিৰ পৰিয়ালৰ দৰে সামাজিক সংস্থাৰ দ্বাৰা সিদ্ধান্ত গ্রহণ আৰু ইয়াৰ কাৰ্যকৰীকৰণকো ৰাজনীতিত জড়িত হোৱা বুলি ক'ব পাৰি। সমাজত সকলো প্ৰকাৰৰ সিদ্ধান্তৰ জৰিয়তে ৰাজনীতিৰ সৃষ্টি নহয়। যিকোনো সিদ্ধান্তই ৰাজনীতিৰ সৃষ্টি কৰিবলৈ হ'লে কেতবোৰ চৰ্ত বা অৱস্থা পূৰণ কৰাটো জৰুৰী।

(ক) এনে সিদ্ধান্ত যুক্তিযুক্ত পচন্দৰ হ'ব লাগিব।

(খ) এনে যুক্তিযুক্ত পচন্দৰ লগত সঠিক নির্ণয় বা মতামত গুৰুত্বপূর্ণ। 

(গ) এনে সিদ্ধান্তৰ কাৰ্যকৰীকৰণে অনাৱশ্যকভাৱে কাৰো ক্ষতি কৰিব নোৱাৰিব।


Previous Post Next Post