চার্লি চেপলিন Charlie Chaplin Assamese Biography.

             চার্লি চেপলিন  জীৱনী Charlie Chaplin, 


পৃথিৱীৰ সফলতম ব্যক্তিসকলৰ অধিকাংশই জীৱনৰ আদিকালছোৱা যথেষ্ট দুখ-কষ্টৰ মাজেৰে অতিবাহিত কৰাৰ বিৱৰণ পোৱা যায়। দৰিদ্ৰতা, অকৃতকার্যতা আদি প্ৰতিকূল পৰিস্থিতিসমূহৰ বিৰুদ্ধে যুঁজি তেওঁলোক জীৱন যুদ্ধত ইমানেই পৰিপক্ক হৈ উঠে যে পৰৱৰ্তী সময়ত সফলতাই প্ৰতিতো পদখেপতে তেওঁলোকৰ ওচৰত বশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য হয়। বিংশ শতিকাৰ চলচ্চিত্ৰ জগতৰ মহানতম কৌতুক অভিনেতা চার্লি চেপলিন আছিল জীৱন যুদ্ধৰ এনে এজন সফল যুঁজাৰু, যি বিশ্বৰ কোটি কোটি চলচ্চিত্র অনুৰাগীক তেওঁৰ অভিনৱ কৌতুক অভিনয়েৰে হহুঁৱাবলৈ সক্ষম হৈছিল। অৱশ্যে নিজৰ ব্যক্তিগত জীৱনৰ শৈশৱ আৰু কৈশোৰ কালছোৱা চৰম দুখ-কষ্টৰ মাজেৰে অতিবাহিত কৰিব লগা হৈছিল।

☞ আৰু অধিক মহৎলোকৰ জীৱনী  পঢ়িবলৈ  ইয়াত ক্লিক্ কৰক।

 

চার্লি চেপলিনৰ জন্মইংলেণ্ডৰ লণ্ডন চহৰৰ ৱালৱৰ্থ (Walworth, East-lane) অঞ্চলৰ ইষ্টলেনত ১৮৮৯ চনৰ ১৬ এপ্ৰিলত চাৰ্লি চেপলিনৰ জন্ম হয়। তেওঁৰ দেউতাক চাৰ্লছ চেপলিন আৰু মাক হার্ণা হিল' (হানাহ চেপলিন)-এ নগৰে-চহৰে ঘূৰি ৰাস্তাৰ কাষত ৰাইজক মনোৰঞ্জনধৰ্মী কলা-কৌশল প্ৰদৰ্শন কৰি জীৱিকা নিৰ্বাহ কৰিছিল। কিন্তু চাৰ্লিৰ জন্মৰ এবছৰৰ পাছতেই মাক-দেউতাকৰ বিবাহ বিচ্ছেদ ঘটে। ইয়াৰ কিছুদিনৰ পাছতে অত্যধিক মদ্যপান কৰাৰ ফলত দেউতাকৰ মৃত্যু হয়। মাক হানাই কিছুদিনলৈ বিভিন্ন সংগীতানুষ্ঠানত গীত গাই জীৱিকা নিৰ্বাহৰ বাবে সংগ্ৰাম কৰিছিল।

পাছলৈ শাৰীৰিক অসুস্থতাৰ বাবে উপার্জন ক্ষমতা হেৰুৱাই এটা সময়ত উন্মাদপ্রায় অৱস্থা হৈ পৰে আৰু এখন মানসিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এনে অৱস্থাত কণমানি চাৰ্লিয়ে লণ্ডনৰ বাটে-পথে ভিক্ষা খুজি পেট প্ৰৱৰ্তাবলৈ চেষ্টা কৰিছিল। কেতিয়াবা ভিক্ষা নাপাই ভোকাতুৰ অৱস্থাৰে বহু উজাগৰী নিশা পাৰ কৰিছিল। পাছত দৈনন্দিন ভাতমুঠি সহজে যোগাৰ হোৱাৰ আশাৰে ওচৰ-চুবুৰীয়াৰ সহযোগত এখন অনাথ আশ্ৰমত ভর্তি হয় যদিও এই অনাথ আশ্ৰমখনৰ শিশুসকলক প্ৰায়েই অনাহাৰে ৰখাৰ উপৰি তেওঁলোকৰ ওপৰত অকথ্য শাৰীৰিক নির্যাতন চলোৱা হৈছিল। এই অত্যাচাৰ সহিব নোৱাৰি অনাথ আশ্ৰমৰ পৰা ওলাই ১১ বছৰ বয়সলৈকে লণ্ডনৰ বাটে-পথে এটি গৃহহীন, অভিভাৱকহীন, অনাথ শিশুৰূপে জীৱন অতিবাহিত কৰিছিল। এই সময়ছোৱাত তেওঁ কেতিয়াবা মানুহৰ ঘৰত কাম কৰা বনুৱা হিচাপে, কেতিয়াবা ৰাস্তাৰ কাষৰ জাবৰ চাফা কৰা, জোতা পলিচ কৰা আদি বিভিন্ন কাম কৰি পেট প্ৰৱৰ্তাইছিল। ইয়াৰ মাজতেই কেতিয়াবা পথৰ দাঁতিত ৰৈ বিভিন্ন বহুৱালি কৰি পথচাৰীক আমোদ দি দুই–এপইচা অৰ্জন কৰিছিল। এইদৰে বাটে-পথে কৰা তেওঁৰ অভিনয় দেখি এটা সাধাৰণ নাট্যদলে তেওঁলোকৰ সৈতে চাৰ্লিক অন্তৰ্ভুক্ত কৰি লয়। ১২ বছৰ বয়সৰ পৰাই পৰৱৰ্তী কিছু বছৰলৈকে এই নাট্যদলটোৰ সৈতে লণ্ডনৰ বাটে-পথে কৌতুক অভিনেতা হিচাপে অভিনয় কৰি চাৰ্লিয়ে পেট প্ৰৱৰ্তাইছিল।

চাৰ্লিৰ জীৱনৰ গতিপথ সলনি হ'বলৈ ধৰে ১৭ বছৰ বয়সত, যেতিয়া তেওঁ ‘ফ্রেড কার্ণো কোম্পানী' (Fred Karno Company) নামৰ লণ্ডনৰ এটা বিখ্যাত নাট্যদলত জড়িত হৈ অভিনয় কৰাৰ সুযোগ পায়। এই নাট্যদলে ১৯১২ চনত আমেৰিকাত প্ৰদৰ্শন কৰা "A NIGHT IN A LONDON MUSIC HALL" নামৰ নাটকত এজন মদাহীৰ চৰিত্ৰত সুন্দৰ অভিনয় কৰি চাৰ্লিয়ে সেই সময়ৰ আমেৰিকাৰ “কেষ্টন” (Kaystone) নামৰ এটা বিখ্যাত চলচ্চিত্র নির্মাণ কোম্পানীৰ মালিক মেক ছেনেট (Mack Sannette)-ৰ দৃষ্টি আকর্ষণ কৰে। ছেনেটৰ আমন্ত্ৰণক্ৰমে “কেষ্টন” কোম্পানীত যোগদান কৰি চাৰ্লিয়ে চলচ্চিত্ৰ জগতত নিজৰ অভিনয় কলা প্ৰদৰ্শনৰ কাম আৰম্ভ কৰে। Kaystone কোম্পানীত ১৯১৩ চনৰ পৰা ১৯১৫ চনলৈকে মাত্ৰ দুটা বছৰৰ ভিতৰত ৩৫খন চলচ্চিত্ৰত অভিনয় কৰি দৰ্শকক আমোদ দিবলৈ সক্ষম হয়। অভিনয়ৰ লগে লগে ছবিৰ কাহিনী ৰচনা আৰু পৰিচালনাতো অংশ গ্ৰহণ কৰিবলৈ ধৰে। ইতিমধ্যে দর্শকৰ মাজত বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা চাৰ্লিয়ে প্রতি সপ্তাহত ১২৫০ ডলাৰ পাৰিশ্ৰমিক আদায় কৰি বিশ্বৰ এজন শীর্ষস্থানীয় ধনৱান যুৱকলৈ পৰিণত হয়। ১৯১২ চনত “দি টেম্প” (The Temp) নামৰ ছবিখনত দুৰ্দান্ত অভিনয় প্ৰদৰ্শন কৰাৰ পাছত ‘ইছানাগ’ (Essanag) নামৰ আন এটা কোম্পানীয়ে প্রতি সপ্তাহত ৫০০০ ডলাৰ পাৰিশ্ৰমিকেৰে তেওঁলোকৰ সৈতে চুক্তিবদ্ধ কৰোৱায়। ১৯১৬ চনত ‘মিউচুৱেল' নামৰ অন্য এটা কোম্পানীয়ে বছৰি ১২ খন ছবিত অভিনয়ৰ বাবে প্রতি সপ্তাহত ১০,০০০ ডলাৰ পাৰিশ্ৰমিক দিয়াৰ উপৰি ছবি পৰিচালনাৰ বাবে অতিৰিক্ত ১,৫০,০০০ ডলাৰ প্ৰতি বছৰে দিছিল। ১৯১২ চনত First National কোম্পানীয়ে ৮ খন ছবিৰ বাবে এক নিযুত ডলাৰৰ বৃহৎ ধনৰাশি প্ৰদান কৰে। উৎকৃষ্ট অভিনয় আৰু চলচ্চিত্ৰ পৰিচালনাৰে মাত্র ৬ বছৰৰ ভিতৰত বিপুল ধন সম্পত্তি অর্জন কৰিবলৈ সক্ষম হোৱা চাৰ্লি চেপলিনে ১৯১৯ চন তেওঁৰ কেইজনমান সহযোগীৰ সৈতে মিলি United Artist Corporation নামৰ চলচ্চিত্র কোম্পানী এটা প্ৰতিষ্ঠা কৰে।

☞ আৰু অধিক মহৎলোকৰ জীৱনী  পঢ়িবলৈ  ইয়াত ক্লিক্ কৰক।

চার্লি চেপলিনৰ জীৱনৰ কেইখনমান উল্লেখযোগ্য চিনেমা হ’লঃ দি কিড (১৯২১), এৱমেন অৱ পেৰিছ (১৯২৩), দি গল্ড ৰাশ্ব (১৯২৫), দি চাৰকাছ (১৯২৮), চিটি লাইটছ (১৯৩১), মদাণ টাইমছ (১৯৩৬) ইত্যাদি। ১৯৪০ চনত ‘দি গ্রেট ডিক্টেটৰ' ছবিত জার্মান শাসক এডলফ হিটলাৰৰ কৰ্মজীৱন প্ৰদৰ্শন কৰি আমেৰিকাবাসীৰ মাজত জনপ্রিয়তা হেৰুৱাই যদিও পৰৱৰ্তী কালত 'লাইমলাইট’ (১৯৫২), এ কিং ইন নিউয়র্ক (১৯৫৭), এ কাউন্টেছ ফর্ম হংকং (১৯৬৭) আদি ছবি উপহাৰ দি পুনৰ জনপ্ৰিয়তা অৰ্জন কৰে।

চাৰ্লি চেপলিনে জীৱনত চাৰিগৰাকী মহিলাক বিয়া কৰাইছিল। ১৯১৮ চনত মিলডদে হেৰিচক বিয়া কৰায় যদিও তেওঁলোকৰ বিবাহ বিচ্ছেদৰ পাছত ১৯২৪ চনত লীতা গ্রেক বিয়া কৰায়। ১৯৩৩ চনত ১৯ বছৰীয়া পলেট গডার্ড নামৰ আন এগৰাকীক বিয়া কৰায়। প্রথম তিনিওগৰাকী পত্নীৰ সৈতে বিবাহ বিচ্ছেদ ঘটাৰ পাছত ১৯৪৩ চনত ৫৪ বছৰ বয়সত নিজতকৈ ৩৬ বছৰ সৰু ১৮ বছৰীয়া ইউগেন অ’ নীল নামৰ যুৱতীগৰাকীক বিয়া কৰাই মৃত্যুৰ সময়লৈকে তেওঁৰ সৈতে দাম্পত্য জীৱন কটায়।

চার্লি চেপলিনৰ মৃত্যু : ১৯৪০ চনত 'দ্য গ্রেট ডিক্টেক্টৰ' ছবিত হিটলাৰৰ জীৱনী উপস্থাপন কৰি আমেৰিকা চৰকাৰৰ ৰোষত পৰাৰ পাছত চাৰ্লি চেপলিনে আমেৰিকা ত্যাগ কৰি সপৰিয়ালে চুইজাৰলেণ্ডৰ জেনেভাত থাকিবলৈ লয়। জীৱনৰ অন্তিম সময়লৈকে চলচ্চিত্র উদ্যোগৰ বিকাশৰ সৈতে জড়িত থাকি ১৯৭৭ চনৰ ২৫ ডিচেম্বৰত চুইজাৰলেণ্ডৰ জেনেভাস্থিত গৃহত ৮৮ বছৰ বয়সত চাৰ্লি চেপলিনৰ মৃত্যু হয়।

নির্বাক যুগৰ সময়ত কেৱল নিজৰ অভিনয় কৌশলেৰে কোটি কোটি চলচ্চিত্ৰ অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱা বিশ্ব চলচ্চিত্ৰৰ এই মুকুটবিহীন সম্ৰাটজনৰ মৃত্যুত চলচ্চিত্ৰ জগতৰ এক মহান যুগৰ অন্ত পৰে।

☞ আৰু অধিক মহৎলোকৰ জীৱনী  পঢ়িবলৈ  ইয়াত ক্লিক্ কৰক।

Previous Post Next Post