ছাৰ আইজাক নিউটন জীৱনী। Sir Isaac Newton,
ছাৰ আইজাক নিউটন মানৱ সভ্যতাৰ ইতিহাসৰ অতি প্ৰভাৱশালী ব্যক্তিসকলৰ ভিতৰত অন্যতম। বিজ্ঞানৰ ইতিহাসত আটাইতকৈ প্ৰভাৱী ব্যক্তিগৰাকী আইনষ্টাইন নে নিউটন বুলি ২০০৫ খ্ৰীষ্টাব্দত ব্ৰিটেইনৰ ৰয়েল ছচাইটিয়ে চলোৱা এক সমীক্ষাতো বিজ্ঞানীসকলে আইনষ্টাইনতকৈ নিউটনকে বেছি প্ৰভাৱশালী বুলি গণ্য কৰিছে। নিউটনে ব্যাখ্যা কৰা মহাকর্ষণ (Universal Gravitation) আৰু গতিসূত্র (Law of Motion)-ই যোৱা তিনিটা শতিকাজুৰি ভৌতিক বিশ্ব ব্রহ্মাও (Physical Universe) সম্পৰ্কীয় বৈজ্ঞানিক চিন্তা-চৰ্চাক বিশেষভাৱে প্ৰভাৱিত কৰি ৰাখিছে।
আইজাক নিউটন জন্ম: আইজাক নিউটনৰ জন্ম হৈছিল ১৬৪৩ খ্ৰীষ্টাব্দৰ ৪ জানুৱাৰী তাৰিখে ইংলেণ্ডৰ লিংকনশ্বায়াৰৰ ঊলথ্রপ-বাই-ক’লষ্টেৰৱৰ্থ (Woolsthorpe-by Colsterworth)-ত। সেই সময়ৰ ইংলেণ্ডত গ্ৰেগৰীয় দিনপঞ্জী (Gregorian Calendar) ৰ প্ৰচলন নাছিল বাবে তেওঁৰ জন্মৰ তাৰিখটো ১৬৪২ খ্ৰীষ্টাব্দৰ খ্ৰীষ্টমাছ অৰ্থাৎ ২৫ ডিচেম্বৰ বুলি ধৰা হয়। পিতৃৰ মৃত্যুৰ তিনি মাহৰ পাছত নিউটনৰ জন্ম হৈছিল। নিউটনৰ তিনি বছৰ বয়সত তেওঁৰ মাক হান্না আয়ষ্কাফ (Hannah Ayscough)-এ আন এগৰাকীলৈ বিয়া হৈ গুচি যোৱাত মাকৰ ফালৰ আইতাক মাগেৰি আয়ঙ্কাফে (Margery Ayscough) তেওঁক চোৱাচিতা কৰে।
☞ আৰু অধিক মহৎলোকৰ জীৱনী পঢ়িবলৈ ইয়াত ক্লিক্ কৰক।
নিউটনে বাৰ বছৰ বয়সৰপৰা সোতৰ বছৰ বয়সলৈ গ্রেন্থাম (Grantham) ৰ দ্য কিংছ স্কুল (The Kings School)-ত অধ্যয়ন কৰে। এই স্কুলত তেওঁ উচ্চখাপৰ ছাত্ৰ হিচাপে পৰিগণিত হৈছিল। ১৬৬১ খ্ৰীষ্টাব্দৰ জুন মাহত তেওঁ কেম্ব্রিজৰ ত্ৰিনিটি কলেজত নামভৰ্তি কৰে। ১৬৬৫ খ্রীষ্টাব্দত তেওঁ সৰলীকৃত দ্বিপদ উপপাদ্য (Generalised Sinomial Theoriem)-ৰ উদ্ভাৱন কৰি ইয়াক এটা গাণিতিক সূত্ৰলৈ উন্নীত কৰাত লাগি যায়। এই সূত্রই পাছলৈ হয়গৈ অত্যণু কলন গণিত (Infinitesimal Calculus)। ১৬৬৫ খ্ৰীষ্টাব্দৰ আগষ্ট মাহত নিউটনে ডিগ্রী অর্জন কৰাৰ পাছতেই সেই সময়ত আৰম্ভ হোৱা প্লেগ মহামাৰীৰ পূৰ্ব-সতর্কতা হিচাপে বিশ্ববিদ্যালয় বন্ধ ৰখা হয়। পৰৱৰ্তী দুবছৰ ধৰি তেওঁ ঘৰতে ব্যক্তিগতভাৱে অধ্যয়নত লাগে আৰু কলন গণিত, আলোক বিজ্ঞান আৰু মহাকৰ্ষণৰ সূত্ৰৰ ক্ষেত্ৰত তেওঁৰ সিদ্ধান্তসমূহক উন্নীত কৰি তোলে। ১৬৬৭ খ্ৰীষ্টাব্দত তেওঁ কেম্ব্রিজলৈ ঘূৰি আহি ত্ৰিনিটিৰ ফেল' (Fellow) হিচাপে যোগদান কৰে।
নিউটন আৰু বিজ্ঞান: বেছিভাগ আধুনিক ইতিহাসবিদে বিশ্বাস কৰে যে নিউটন আৰু লেইব্নিজ (Leibniz)-এ নিজাববীয়াকৈ অত্যণু কলন গণিত উদ্ভাৱন কৰিছিল। এই ক্ষেত্ৰত তেওঁলোকে নিজস্ব আৰু একক টীকা ব্যৱহাৰ কৰিছিল। অৱশ্যে এই সন্দৰ্ভত যথেষ্ট মতানৈক্য দেখা যায়। যিকোনো ভাষ্যকাৰৰ ক্ষেত্ৰতে প্রযোজ্য সৰলীকৃত দ্বিপদ উপপাদ্যৰ বাবে নিউটনকে কৃতিত্ব প্ৰদান কৰা হয়। পৰিমিত অৱকলন ফলৰ সূত্র (Theory of finite differences)-ৰ ক্ষেত্ৰত তেওঁৰদ্বাৰা উদ্ভাবিত Newton's identities, Newton's Method আদিয়ে বিশেষ বৰঙনি যোগায়। গণিতৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙনিৰ বাবে ১৬৬৯ খ্ৰীষ্টাব্দত তেওঁক গণিতৰ লুকাচীয় অধ্যাপক (Lucasian Professor) হিচাপে নিৰ্বাচিত কৰা হয়।
☞ আৰু অধিক মহৎলোকৰ জীৱনী পঢ়িবলৈ ইয়াত ক্লিক্ কৰক।
১৬৭০ৰপৰা ১৬৭২ খ্ৰীষ্টাব্দলৈ নিউটনে আলোক বিজ্ঞান (Optics) বিষয় সম্পৰ্কীয় বক্তৃতা প্ৰদান কৰিছিল। এই সময়ছোৱাতে তেওঁ পোহৰৰ প্ৰতিসৰণ বিষয়ত পৰীক্ষা-নিৰীক্ষা চলায়। তেওঁ দেখুৱায় যে এটা প্রিজম (Prism)-এ বগা পোহৰক এটা বৰ্ণালী (Spectrum)-লৈ বিভাজিত কৰিব পাৰে আৰু তেনেদৰে এখন পৰকলা (Lens) আৰু দ্বিতীয়টো প্ৰিজমে বহুবৰ্ণৰ বৰ্ণালীটোক বগা পোহৰলৈ পৰিণত কৰিব পাৰে। তেওঁ দেখুৱাইছিল যে ৰঙীন ৰশ্মি হিচাপে বিভাজিত কৰিলে আৰু বিভিন্ন বস্তুত জকমকাই তুলিলে বহুবর্ণী পোহৰে নিজৰ বৈশিষ্ট্য নেহেৰুৱায়। ই প্রতিফলিত (Reflected) বা বিচ্ছুৰিত (Scattered) বা ভেদ হোৱাটো (Transmitted) এই ক্ষেত্ৰত কোনো কথা নহয়। ইয়াকে কোৱা হয় নিউটনৰ পোহৰৰ সূত্ৰ। তদুপৰি তেওঁ পৰীক্ষালব্ধ শীতলীকৰণৰ সূত্ৰ (Law of Cooling) এটাও উদ্ভাৱন কৰিছিল আৰু শব্দৰ গতি সম্পর্কেও অধ্যয়ন কৰিছিল। নিউটনে প্ৰথমটো ব্যৱহাৰিক প্ৰতিফলনকাৰী দূৰবীণ (Reflecting Telescope) সাজি উলিয়াইছিল৷ আজিকালি ইয়াক নিউটনীয় দূৰবীণ বুলি কোৱা হয়। তদুপৰি তেওঁ এটা গ্লাছ গ্লোব (Glass Globe) ব্যৱহাৰ কৰি আদিম গঢ়ৰ এটা সংঘর্ষজাত (Frictional) Electrostatic Generator সাজি উলিয়ায়।
১৬৭৭ খ্ৰীষ্টাব্দৰপৰা নিউটনে নিজৰ কাম-কাজ বল-বিজ্ঞান (Mechanics) বিষয়ত কেন্দ্ৰীভূত কৰে। বিশেষকৈ গ্ৰহৰ গতি (Planetary Motion)-সম্পৰ্কীয় কেপলাৰৰ সূত্ৰ প্ৰসংগত মহাকৰ্ষণ আৰু গ্ৰহসমূহৰ কক্ষপথত ইয়াৰ প্ৰভাৱ-বিষয়ক চিন্তা-চৰ্চাকে তেওঁ এই ক্ষেত্ৰত সামৰি লৈছিল। তেওঁৰ গ্ৰন্থ De Motu Corporum in Gyrum (1684)-ত তেওঁ নিজৰ সিদ্ধান্তসমূহ প্ৰকাশ কৰিছিল। ১৬৮৭ খ্ৰীষ্টাব্দৰ ৯ জুলাইত প্রকাশিত Philosophiae Naturalis Principia Mathematica (সম্প্রতি Principia নামেৰে জনাজাত) গ্ৰন্থত তেওঁ গতিৰ সৰ্বজনীন নীতি (Universal Law of Motion) তিনিটা ব্যাখ্যা কৰে। তেওঁ লেটিন শব্দ Gravitas (ওজন)ৰপৰা আহৰণ কৰা Gravity শব্দটোৰ জৰিয়তে মহাকৰ্ষণৰ নীতিক (Law of Universal Gravitation) সূত্ৰলৈ ৰূপান্তৰিত কৰিছিল। একে সময়তে তেওঁ বয়লৰ নীতিৰ ভিত্তিত বতাহত শব্দৰ গতি সম্পৰ্কে প্ৰথমবাৰৰ বাবে বিশ্লেষণাত্মক সিদ্ধান্ত দাঙি ধৰিছিল। Principia-ৰ যোগেদি নিউটনে আন্তঃৰাষ্ট্ৰীয় স্তৰত স্বীকৃতি লাভ কৰে।
☞ আৰু অধিক মহৎলোকৰ জীৱনী পঢ়িবলৈ ইয়াত ক্লিক্ কৰক।
নিউটন আৰু মাধ্যাকর্ষণ সূত্র :
নিউটনৰ মাধ্যাকর্ষণ সূত্ৰ আৱিষ্কাৰৰ আঁৰত এক কাহিনী জড়িত হৈ থকা কথাটো প্রায় সর্বজনবিদিত। এদিনাখন তেওঁ কেম্ব্রিজৰ Instituto Balseiro পুথিভঁৰালৰ সন্মুখৰ উদ্ভিদ উদ্যানখনত বহি থাকোঁতে ওচৰৰ আপেল গছ এজোপাৰপৰা আপেল এটা সৰি পৰা দেখিলে। তাকে দেখি তেওঁৰ মনত ভাব হ’ল আপেলটো উলম্বভাৱে মাটিলৈ সৰি নপৰি ওপৰলৈ বা আনুভূমিকভাৱে কাষলৈ আঁতৰি নগ'ল কিয়? একেটা ঘটনা সদায়েই হয়। এই চিন্তাৰে ফচল হিচাপে নিউটনে উদ্ভাৱন কৰিছিল মাধ্যাকর্ষণ সূত্র। নিউটনৰ টোকাবহী (Notebooks)ৰপৰা জনা যায় যে ১৬৬০ৰ দশকৰ শেষভাগত তেওঁ পার্থির মাধ্যাকর্ষণ (Terrestrial Gravity)-এ চন্দ্ৰলৈকে বিয়পি আছে নে নাই সেই সম্পৰ্কীয় এটা ধাৰণা পাগুলি আছিল। মাধ্যাকৰ্ষণৰ অস্তিত্ব আছে নে নাই সেইয়া মূল প্রশ্ন নাছিল, কিন্তু চন্দ্ৰক নিজৰ কক্ষপথত ৰাখিব পৰাকৈ পৃথিৱীৰ সেই শক্তি আছে নে নাই সেইয়াহে আছিল বিচার্য বিষয়। এনে চিন্তা-চৰ্চাৰে এটা পূৰ্ণ সূত্ৰ উদ্ভাৱন কৰিবলৈ নিউটনৰ প্ৰয়োজন হৈছিল সম্পূৰ্ণ দুটা দশকৰ। তেওঁ ধাৰণা কৰিছিল যে সকলো বস্তুকে পৃথিৱীয়ে ইয়াৰ কেন্দ্ৰলৈ আকৰ্ষণ কৰাৰ দৰে কক্ষপথত গ্ৰহৰ গতিৰ ক্ষেত্ৰতো একে ধৰণৰ শক্তিয়েই কাম কৰে আৰু সেইবাবেই তেওঁ ইয়াৰ নামকৰণ কৰিছিল মহাকর্ষণ।
আইজাক নিউটনৰ সন্মান: ১৬৮৯ৰপৰা ১৬৯০ খ্ৰীষ্টাব্দলৈ আৰু ১৭০১ খ্ৰীষ্টাব্দত নিউটন আছিল ইংলেণ্ডৰ সাংসদ। ১৬৯০ৰ দশকত তেওঁ বাইবেলৰ আক্ষৰিক ব্যাখ্যাৰে কিছু সংখ্যক ধর্মীয় পুস্তিকাও লিখিছিল। ১৬৯৬ খ্ৰীষ্টাব্দত নিউটনে ৰয়েল মিণ্ট (Royal Mint) ৰ ৱাৰ্ডেন (Warden) হিচাপে যোগ দিবলৈ লণ্ডনলৈ যায়। ১৬৯৯ খ্রীষ্টাব্দত তেওঁ মাষ্টাৰ অব্ মিণ্ট (Master of Mint) হিচাপে জনাজাত হয়। আমৃত্যু তেওঁ এই স্থানত অধিষ্ঠিত থাকে। ১৭০১ খ্ৰীষ্টাব্দত তেওঁ কেম্ব্রিজৰ দায়িত্বৰপৰা অৱসৰ লৈ এই কামত একাণপটীয়াকৈ লাগে। ১৭০৩ খ্ৰীষ্টাব্দত নিউটন ৰয়েল ছচাইটিৰ সভাপতি হয়। ১৭০৫ খ্ৰীষ্টাব্দৰ এপ্ৰিল মাহত ইংলেণ্ডৰ ৰাণী আন (Queen Anne) -এ তেওঁক নাইট (Knight) উপাধি প্রদান কৰে।
আইজাক নিউটন মৃত্যুঃ ১৭২৭ খ্ৰীষ্টাব্দৰ মাৰ্চ মাহৰ ৩১ তাৰিখে লণ্ডনত নিউটনৰ মৃত্যু হয়। ৱেষ্টমিন্ষ্টাৰ মঠ (Westminster Abbey)-ত তেওঁৰ মৃতদেহ সমাধিস্থ কৰা হৈছিল। নিউটনৰ কৃতিত্বক সুঁৱৰি ইংৰাজ কবি আলেকজেণ্ডাৰ পোপ (Alexander Pope) এ লিখা দুশাৰী কবিতা তেওঁৰ সমাধি ফলক (Epitaph)-ত জিলিকি আছে—
Nature and nature's laws lay hid in night; God said "Let Newton be" and all was light.
নিউটনৰ গতিসূত্র (Newton's laws of Motion) : ছাৰ আইজাক নিউটনে উদ্ভাৱন কৰা পদাৰ্থৰ গতি-সম্পৰ্কীয় বিখ্যাত সূত্ৰ তিনিটা হ'ল—
১) বাহ্যিক বলৰদ্বাৰা অৱস্থাৰ পৰিৱৰ্তন নোহোৱা পর্যন্ত অচল বস্তু অচল অৱস্থাত আৰু সচল বস্তু সুষম গতিৰে ঋজুৰেখ গতিত চলি থাকে।
২) এটা বস্তুৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা বাহ্যিক বলৰ সমানুপাতিক আৰু ই সদায় বলৰ দিশমুখী।
৩) প্ৰতিটো ক্ৰিয়াৰে এক সমান বিপৰীতমুখী প্রতিক্রিয়া আছে।
☞ আৰু অধিক মহৎলোকৰ জীৱনী পঢ়িবলৈ ইয়াত ক্লিক্ কৰক।