এলবাৰ্ট আইনষ্টাইনৰ জীৱনী। Alberta Einstein Assamese.

এলবাৰ্ট আইনষ্টাইনৰ জীৱনী।  

 


যি মুলা বাঢ়ে তাৰ দুপাততে চিন– এই কথাষাৰ সদায় সত্যনে? বিংশ শতিকাৰ আৰম্ভণিতে চমৎকাৰী আৱিষ্কাৰসমূহৰ জৰিয়তে সমগ্ৰ বিশ্বক চমৎকৃত কৰা সৰ্বকালৰ অন্যতম শ্রেষ্ঠ বিজ্ঞানী এলবাট আইনষ্টাইন আছিল এনে এজন বিৰল ব্যক্তি, যি জীৱনৰ আৰম্ভণি অৱস্থাত ভৱিষ্যতৰ পৃথিৱীত নিজৰ ব্যক্তিগত আৰু সামাজিক উন্নতিলৈ বৰঙনি যোগাব পৰাকৈ কোনো জন্মগত প্ৰতিভাৰ স্বাক্ষৰ বহন কৰা নাছিল। তিনি বছৰ বয়সলৈকে মুখেৰে স্পষ্টকৈ কথা ক'বলৈ অক্ষম, আপোনভোলা আৰু অন্যমনস্ক বুলি নিজৰ শিক্ষাগুৰু আৰু সহপাঠীসকলৰ মাজত পৰিচিত এলবাটে কলেজীয়া জীৱনৰ প্ৰথম প্ৰৱেশিকা পৰীক্ষাতে অনুত্তীৰ্ণ হৈছিল। অথচ এই অল্পমস্তিষ্কৰ ল'ৰাজনেই পৰৱৰ্তীকালত নিজৰ প্ৰচুৰ সাধনাৰ যোগেদি কেইবাটাও বৈজ্ঞানিক তত্ত্ব আৱিষ্কাৰ কৰি মানৱ ইতিহাসত নিজৰ নাম অমৰ কৰিছিল। ন'বেল বঁটাকে মুখ্য কৰি ৰাষ্ট্ৰপতি পদ পর্যন্ত তেওঁক যঁচা হৈছিল।

এলবাট আইনষ্টাইন জন্ম: ১৮৭৯ চনৰ ১৪ মাৰ্চ তাৰিখে জামানীৰ উইটেমবার্গ (Wurttemberg) অঞ্চলৰ উলম (Ulm) চহৰত এক ইহুদী পৰিয়ালত আইনষ্টাইনৰ জন্ম হয়। পিতৃৰ নাম আছিল হাৰমেন আইনষ্টাইন আৰু মাতৃৰ নাম আছিল পাউলিন আইনষ্টাইন। দেউতাক হাৰমানৰ মিউনিখ (Munich) চহৰত এটা ইলেকট্ৰ'নিক সামগ্ৰী নিৰ্মাণ কৰা কাৰখানা আছিল।

এলবাট আইনষ্টাইনৰ শিক্ষাঃ মিউনিখতেই (Munich) এলবার্টে শৈক্ষিক জীৱন আৰম্ভ কৰে। পিতৃৰ ইলেকট্রনিক সামগ্রী নিৰ্মাণ উদ্যোগৰ সংস্পৰ্শত থাকি সৰুৰে পৰা বিজ্ঞান আৰু গণিতৰ সূক্ষ্ম অধ্যয়নৰ সুযোগ লোৱাৰ লগতে বিজ্ঞানৰ তত্ত্বসমূহৰ প্রায়োগিক কৌশলো আয়ত্ত কৰে। অৱশ্যে মিউনিখত দেউতাকৰ ব্যৱসায় প্রতিষ্ঠান বন্ধ হোৱাত জীৱিকাৰ সন্ধানত তেওঁলোকৰ পৰিয়ালটো পৰৱৰ্তী সময়ত ছুইজাৰলেণ্ডৰ জুৰিখ চহৰলৈ প্ৰব্ৰজন কৰে আৰু এলবাৰ্টে নিজৰ হাইস্কুলীয়া শিক্ষা জীৱন জুৰিখতে সমাপ্ত কৰে। ১৮৯৬ চনত এলবার্টে জুৰিখত ছুইছ ফেডাৰেল ইনষ্টিটিউট অফ টেকন'লজি (Swiss Fed eral Institute of Technology) নামৰ এখন পলিটেকনিক মহাবিদ্যালয়ত উচ্চশিক্ষাৰ বাবে নামভৰ্তি কৰে আৰু ১৯০০ চনত স্নাতক ডিগ্রী লাভ কৰি নিজৰ আনুষ্ঠানিক শিক্ষাজীবন সমাপ্ত কৰে।


এলবাট আইনষ্টাইনৰ বিবাহঃ পেটেণ্ট অফিচত কাম কৰি থকাৰ সময়ত ১৯০৩ চনৰ ৬ জানুৱাৰীত তেওঁ কলেজীয়া জীৱনৰ সহপাঠী মিলেজ মাটিছ নামৰ চাৰ্বিয়ান যুৱতী এগৰাকীক বিয়া কৰায়। তেওঁলোকৰ দুজন পুত্ৰ হান্স আৰু এড্‌ৱাৰ্ডৰ জন্মৰ কিছু বছৰৰ পাছতবালিনত থকাৰ সময়ত এলছা আইনষ্টাইন নামৰ অন্য এগৰাকী মহিলাক বিয়া কৰায়।

এলবাট আইনষ্টাইনৰ কর্মজীবনঃ জুৰিখৰ পলিটেক্‌নিক মহাবিদ্যালয়ত ছাত্র হিচাপে আইনষ্টাইনে বিশেষ বিচক্ষণতাৰ প্ৰমাণ দিব পৰা নাছিল। তদুপৰি তেওঁ স্নাতক হিচাপে বিশেষ সুখ্যাতিৰে উত্তীর্ণ হোৱা নাছিল। প্রায় ২ বছৰ নিবনুৱা জীবন অতিবাহিত কৰি ১৯০২ চনত পলিটেক্‌নিক শিক্ষানুষ্ঠানৰ পৰা উত্তীৰ্ণ হোৱাৰ পাছত ছুইজাৰলেণ্ডৰ বাৰ্ন চহৰৰ এটা পেটেণ্ট অফিচত যেনে তেনে সামান্য দৰমহাৰ পঞ্জীয়ক পদৰ এটা চাকৰি যোগাৰ কৰিবলৈ সক্ষম হয়। আজৰি সময়ত গৱেষণামূলক কার্যত নিয়োজিত হৈ ১৯০৫ চনত পোহৰৰ উৎস আৰু পৰিৱৰ্তন সম্পর্কে "A NEW DETERMINATION OF MOLECULAR DIMENSION” শীর্ষক এক প্রবন্ধ প্রকাশ কৰে। সেই সময়ৰ প্ৰতিষ্ঠিত বিজ্ঞানীমহলে এই নতুন তথ্য সম্বলিত প্ৰবন্ধটোক অতি উচ্চমানৰ বুলি স্বীকৃতি দিয়ে, যাৰ বাবে জুৰিখ বিশ্ববিদ্যালয়ে Ph.D. উপাধি প্রদান কৰে। এই সময়ছোৱাত লিখি উলিওৱা কেইখনমান তত্ত্বগধুৰ গৱেষণা-পত্ৰই বিশ্বৰ বিজ্ঞান জগতত আলোড়ন সৃষ্টি কৰি এলবটি আইনষ্টাইনলৈ যথেষ্ট সুখ্যাতি কঢ়িয়াই আনে, যাৰ সুবাদত ছুইজাৰলেণ্ডৰ বাৰ্ন বিশ্ববিদ্যালয়লৈ প্ৰবক্তা হিচাপে আমন্ত্রণ পায়। ১৯১১ চনত প্ৰগ (Prague) চহৰৰ কাৰ্লফার্ডিনাও বিশ্ববিদ্যালয়ত পদার্থ বিজ্ঞানৰ অধ্যাপকৰূপে নিযুক্তি লাভ কৰে। অৱশেষত ১৯১২ চনত এলবাৰ্টক জুৰিখৰ “ছুইছ ফেডাৰেল ইনষ্টিটিউট অৱ টেকন'লজি”ৰ সন্মানীয় অধ্যক্ষ পদৰ বাবে আমন্ত্রণ জনোৱা হয়। ১৯১৩ চনত বার্লিন বিশ্ববিদ্যালয়ৰ “কাইজাৰ উইলহেম ইনষ্টিটিউট ফৰ ফিজিক্স”ত (Kaiser Wilhelm Institute for Physics) ডাইৰেক্টৰ পদৰ বাবে আমন্ত্রণ পায়। তাতে ২০ বছৰ পৰ্যন্ত অর্থাৎ ১৯৩৩ চনলৈ কাৰ্যনিৰ্বাহ কৰি থাকে। ইতিমধ্যে জার্মানীত হিটলাৰৰ নিৰ্দেশত ইহুদী নিধন কাৰ্য আৰম্ভ হোৱাত আইনষ্টাইন আমেৰিকালৈ আহে আৰু নিউ জাৰ্ছি চহৰত আমেৰিকা চৰকাৰে আৰম্ভ কৰা এটা গৱেষণামূলক প্রকল্পত নিযুক্ত হয়। জীৱনৰ শেষ সময় লৈকে আমেৰিকাৰ নাগৰিকৰূপে বিভিন্ন গৱেষণামূলক প্রকল্প নিয়োজিত হৈ এলবার্ট আইনষ্টাইনে বিজ্ঞান জগতলৈ অনেক যুগান্তকাৰী অৱদান আগবঢ়ায়।


এলবাট আইনষ্টাইনৰ বিজ্ঞান জগতলৈ অৱদান: এলবার্ট আইনষ্টাইন কোনো নতুন যন্ত্ৰ-পাতি বা সঁজুলি উদ্ভাৱন কৰা প্ৰযুক্তিবিদ নাছিল। তেওঁ আছিল এজন বিজ্ঞানী, যি কিছুমান নতুন বৈজ্ঞানিক সূত্র বা তথ্য অন্বেষণ কৰি উলিয়াইছিল। বিজ্ঞানীসকলে আৱিষ্কাৰ কৰা গৱেষণামূলক সূত্র বা তথ্যই প্রযুক্তিবিদ সকলৰ বাবে নতুন সামগ্ৰী বা যন্ত্রপাতি উদ্ভাৱন কৰাত পথ প্ৰদৰ্শক ভূমিকা গ্ৰহণ কৰে। আইনষ্টাইনে আৱিষ্কাৰ কৰা ফট ইলেকট্রিক সূত্ৰই পৰৱৰ্তী সময়ত প্রযুক্তিবিদসকলক সৌৰশক্তি সংগ্ৰহকাৰী যন্ত্রপাতি নির্মাণত সহায় কৰে।  এই সূত্রমতে, পোহৰত থকা ফট’ন কণাই যেতিয়া কোনো ধাতৱ পদার্থক আঘাত কৰে, তেতিয়া ফট’ন কণাত থকা শক্তি ধাতৱ পদাৰ্থৰ ইলেকট্র’নে লাভ কৰি গতিশীল অৱস্থাপ্রাপ্ত হৈ নির্গমনমুখী হয়। পোহৰৰ উৎসৰ তীব্রতাৰ ওপৰত নিৰ্ভৰ কৰি এই ইলেকট্ৰ’ন কণাক ধাতুৰ পৰা নিৰ্গমন হোৱাৰ পাছত বিভিন্ন প্রায়োগিক ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি। সেইদৰে সত্যেন্দ্ৰনাথ বসু নামৰ এজন ভাৰতীয় বিজ্ঞানীৰ সৈতে মিলি গোটা, জুলীয়া, গেছীয় আৰু প্লাজমা অৱস্থাৰ পাছত পদাৰ্থৰ পঞ্চম ৰূপটো আৱিষ্কাৰ কৰে। এই আৱিষ্কাৰে পৰৱৰ্তীকালত প্রযুক্তিবিদসকলক লেজাৰ প্ৰযুক্তি আৰু অতিপৰিবাহিতাৰ দৰে অতি আধুনিক প্রযুক্তিসমূহৰ উদ্ভাৱনত সহায় কৰে। কিন্তু এই যোগাত্মক আৱিষ্কাৰসমূহৰ বিপৰীতে আইনষ্টাইনে আৱিষ্কাৰ কৰা E=MC2 সূত্ৰই পৰমাণুবিদসকলক ভয়াৱহ আণৱিক বোমা নির্মাণত সহায় কৰে, যাৰ প্ৰয়োগেৰে আমেৰিকাই জাপানৰ হিৰোচিমা আৰু নাগাচাকি চহৰত ভয়াৱহ ধ্বংসলীলা চলায়। E=MC2 সূত্রমতে অতি সামান্য পৰিমাণৰ পদাৰ্থক বৃহৎ পৰিমাণৰ শক্তিলৈ ৰূপান্তৰিত কৰিব পাৰে। সেইদৰে আইনষ্টাইনে আৱিষ্কাৰ কৰা বিখ্যাত আপেক্ষিকতাবাদ তত্ত্বই ভৱিষ্যতে বিশাল অন্তৰীক্ষত মানৱজাতিৰ চমু জীৱনকালত দীৰ্ঘদূৰত্ব অতিক্রম কৰিব পৰা মহাকাশ যান নিৰ্মাণত সহায়ক হ’ব বুলি আশা কৰা হৈছে।

এলবাট আইনষ্টাইনৰ বঁটা আৰু সন্মান : আইনষ্টাইনৰ আৱিষ্কাৰসমূহৰ অন্যতম ‘ফট ইলেকট্রনিক তত্ত্ব' ৰ বাবে ১৯২১ চনত পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে। ইংলেণ্ডৰ বিখ্যাত ৰয়েল চ'ছাইটিয়ে কোৱান্টাম তত্ত্ব আৰু আপেক্ষিকতাবাদ তত্ত্ব আবিষ্কাৰ কৰা বাবে ১৯২৫ চনত আইনষ্টাইনলৈ সন্মানীয় ক'পলে বঁটা (Copely Medal) প্রদান কৰে। সেইদৰে এই দুই সূত্ৰ উদ্ভাৱন কৰা বাবে ফ্রেংকলিন ইনষ্টিটিউটে ১৯৩৫ চনত ফ্ৰেংকলিন (Franklin Medal) বঁটা প্ৰদান কৰে। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত আইনষ্টাইনলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা একত্ৰিত হোৱা ইহুদী ভগনীয়াসকলৰদ্বাৰা নৱগঠিত ইজৰাইল ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদ যঁচা হয়, যি প্ৰস্তাৱ তেওঁ সন্মান সহকাৰে প্ৰত্যাখ্যান কৰে।

এলবাট আইনষ্টাইনৰ মৃত্যুঃ এলবাৰ্ট জীৱনৰ শেষ বয়সলৈকে গৱেষণাৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ আছিল। ১৯৫৫ চনৰ ১৭ এপ্রিল তাৰিখে ইজৰাইল ৰাষ্ট্ৰৰ সপ্তম প্রতিষ্ঠা দিৱস উপলক্ষে এক বক্তৃতা অনুষ্ঠানত অংশগ্ৰহণ কৰোঁতে হঠাৎ হৃদযন্ত্রণ ৰক্তক্ষৰণ অনুভৱ কৰে। লগে লগে তেওঁক প্রিন্সটন চহৰৰ ইউনিভাৰছিটি মেডিকেল চেণ্টাৰত ভৰ্তি কৰোৱা হয় যদিও অত্যধিক ৰক্তক্ষৰণৰ ফলত অৰ্থাৎ ১৯৫৫ চনৰ ১৮ এপ্ৰিলৰ পুৱা শেষ নিশ্বাস ত্যাগ কৰে। কথিত আছে যে মৃত্যুৰ প্ৰাক মুহূৰ্তত আইনষ্টাইনে জার্মান ভাষাত কোৱা শেষ মূল্যৱান কথাকেইষাৰৰ অৰ্থ বুজাৰ পৰা মানৱ জাতি বঞ্চিত হ'ল। কাৰণ সেই সময়ত তেওঁৰ কাষত থকা আমেৰিকান নাৰ্ছৰ্গৰাকীয়ে জার্মান ভাষা নাজানিছিল। আইনষ্টাইনৰ মগজুটো আছিল বিশ্বৰ বিজ্ঞানী সমাজৰ বাবে কৌতূহলৰ বিষয়। মৃত্যুৰ পাছত আইনষ্টাইনৰ মগজুটো অস্ত্রোপচাৰৰ সহায়ত উলিয়াই স্নায়ুবিজ্ঞানীসকলে বহুদিন গৱেষণা চলাইছিল। আজিও প্রিন্সটন বিশ্ববিদ্যালয়ৰ চিকিৎসা বিভাগত আইনষ্টাইনৰ মগজুটো বিশেষ পদ্ধতিৰে সংৰক্ষণ কৰি থোৱা আছে।

* মানুহ সফল হ'বলৈ চেষ্টা কৰাতকৈ গুণী হ’বলৈ চেষ্টা কৰাটো বেছি ভাল।
܀ মানুহৰ বাবে মানুহতকৈ গুৰুত্বপূৰ্ণ বিষয় আন একোৱেই হ'ব নোৱাৰে। জ্ঞানতকৈ সৃষ্টিধর্মী কল্পনা বেছি প্রয়োজন।
* বলেৰে শান্তি বৰ্তাই ৰাখিব নোৱাৰি। শান্তি আহে বুজাবুজিৰ মাজেৰেহে। এলবার্ট আইনষ্টাইন।



Previous Post Next Post