মাইকেল ফেৰাডে কোন আছিল: আর্থিক অনাটন আৰু অন্যান্য দৈনন্দিন সা-সুবিধাৰ অভাৱে একোজন তীক্ষ্ণ মেধাসম্পন্ন শিক্ষার্থীক অধ্যয়নৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰি ব্যক্তিগত জীৱনৰ উন্নতিতো হেঙাৰ জন্মায় বুলি প্ৰায়ে এক অভিযোগ উত্থাপিত হয়। কিন্তু এনে অভাৱ অনাটনৰ মাজতো অধ্যয়নত একাত্মকভাৱে ব্ৰতী হৈ ব্যক্তিগত জীৱনৰ উন্নতি সাধনৰ লগতে মানৱজাতিৰ উন্নতিলৈ বিপুল বৰঙনি আগবঢ়োৱা বিশ্ববৰেণ্য ব্যক্তিৰ অনেক উদাহৰণ দেখা যায়। তেনে এজন স্বনামধন্য ব্যক্তি হৈছে ওঠৰ শতিকাৰ বিখ্যাত ইংৰাজ পদার্থবিদ আৰু ৰসায়নবিজ্ঞানী মাইকেল ফাৰাডে।
মাইকেল ফেৰাডেৰ জন্মঃ ১৭৯১ চনৰ ২২ ছেপ্তেম্বৰত ইংলেণ্ডৰ ৰাজধানী লণ্ডনৰ সমীপবর্তী নিউইংটন বাটত (Newington Butts) জন্মগ্রহণ কৰা মাইকেল ফাৰাডেৰ বাল্যকাল আৰম্ভ হৈছিল বহু অভাব অনাটনৰ মাজেৰে। ফাৰাডেৰ পিতৃৰ নাম আছিল জেমছ ফাৰাডে আৰু মাতৃৰ নাম আছিল মার্গাৰেট ফাৰাডে। মাইকেল ফাৰাডেৰ দেউতাক জেমছ আছিল এখন সৰু কমাশালৰ কৰ্মী আৰু মাক মাৰ্গাৰেটে মানুহৰ ঘৰত পৰিচাৰিকাৰ কাম কৰিছিল। পিতৃ জেমছ ফাৰাডেৰ আয় অতি নিম্নমানৰ হোৱাৰ বাবে মাইকেলৰ পঢ়াশুনাত উন্নত সা সুবিধা আগবঢ়াব পৰা নাছিল। পিতৃ জেমছৰ অকাল মৃত্যুৰ পাছত মাইকেলে পৰিয়ালৰ পোহপালৰ দায়িত্ব ল'বলৈ মাত্র ১৪ বছৰ বয়সত জৰ্জ ৰাইব’ নামৰ এজন স্থানীয় বুক বাইণ্ডাৰ আৰু গ্ৰন্থ বিক্রেতা প্রতিষ্ঠানত সহযোগী ৰূপে কাম কৰিছিল। প্রায় ৭ বছৰ কাল এই প্রতিষ্ঠানটোত কাম কৰি অৰ্থ উপাৰ্জনৰ লগতে দেশ-বিদেশৰ বিদগ্ধ পণ্ডিতসকলৰ লেখনিসমূহ অধ্যয়নত গুৰুত্ব দিছিল। তেওঁক আইজাক ৱাটছৰ দৰ্শন-সম্পৰ্কীয় আৰু জেন মাৰচেটৰ বিজ্ঞান সম্পৰ্কীয় গ্রন্থসমূহে বিশেষভাৱে আকর্ষণ কৰিছিল। বিজ্ঞানৰ সূত্ৰসমূহ অধ্যয়নৰ লগতে প্রায়োগিক কৌশলসমূহ আয়ত্ত কৰিবলৈ তেওঁ বিভিন্ন পদক্ষেপ লৈছিল।
কথিত আছে যে মেচকুৱেৰিয়াৰ নামৰ এজন ফৰাচী শৰণাৰ্থী চিত্রশিল্পীৰ জোতা পলিচ কৰি তেখেতৰ পৰা মাইকেলে চিত্রাংকনৰ শিক্ষা লৈছিল। সেইদৰে স্থানীয় বিজ্ঞান প্রতিষ্ঠান ‘ৰয়েল ইনষ্টিটিউট'ত পৰিচাৰক তথা চাফাই কৰ্মীৰূপে যোগদান কৰি কলেজ প্রেক্ষাগৃহত সেই সময়ৰ বিখ্যাত বিজ্ঞানীসকলে প্ৰদান কৰা বক্তৃতাসমূহত উপস্থিত থকাৰ সুযোগ পায়। এই বক্তৃতাসমূহ মনোযোগেৰে অধ্যয়ন কৰি মাইকেলে প্রায় ৩০০ পৃষ্ঠাৰ টোকাসম্বলিত এটা লেখা প্রস্তুত কৰি হামফ্ৰে ডেডিক প্ৰদান কৰিছিল।
বিজ্ঞানৰ প্ৰতি মাইকেলৰ এই আগ্রহ দেখি ডেডিয়ে ১৮১৩ চনত মাইকেলক ৰয়েল ইনষ্টিটিউটৰ গৱেষণাগাৰত সপ্তাহত ৩০ চিলিং সামান্য বেতনত সহায়কৰূপে নিয়োগ কৰে। ফলত ইমান দিনে পঢ়ি অহা বিজ্ঞানৰ অধ্যয়ন সমূহ ৰয়েল ইনষ্টিটিউটৰ গৱেষণাগাৰত হাতে-কামে পৰীক্ষা কৰি নতুন প্রযুক্তি উদ্ভাৱনৰ প্ৰতি আকর্ষিত হয়। বিদ্যুৎ আৰু চুম্বকত্ব-সম্পৰ্কীয় বিষয়বোৰৰ গৱেষণাৰ প্ৰতি তেওঁ বিশেষভাৱে আকর্ষিত হৈছিল। ১৮২০ চনৰপৰা ১৮৩১ চন পর্যন্ত বিদ্যুৎ আৰু চুম্বকত্ব-সম্পৰ্কীয় উদ্ভাৱনসমূহৰ ওপৰত কেইবাটাও পেটেণ্ট লাভ কৰিছিল আৰু বিভিন্ন উদ্যোগ প্রতিষ্ঠানসমূহক প্রযুক্তি যোগান ধৰি বিপুল পৰিমাণৰ অৰ্থ উপাৰ্জন কৰিছিল। এইদৰে ক্ষুধা আৰু তৃষ্ণার্ত জীৱনৰ আধাভাগ সময় অতিবাহিত কৰা ফাৰাডেই তেওঁ সকলো আৰ্থিক অনাটনৰ পৰা মুক্তি লাভ কৰিবলৈ সক্ষম হৈছিল। লগতে তেওঁৰ বৈজ্ঞানিক আৱিষ্কাৰসমূহে দেশ বিদেশৰপৰা কঢ়িয়াই আনিছিল বিপুল আন্তর্জাতিক খ্যাতি।
মাইকেল ফেৰাডেৰ আৱিষ্কাৰসমূহঃ ফাৰাডেৰ বিদ্যুৎ চুম্বকীয় তত্ত্বসমূহৰ ওপৰত ভিত্তি কৰি ট্রেন্সফৰ্মাৰ, ডাইনামো, ইলেকট্রিক মটৰ আদি উদ্ভাৱন কৰা সম্ভৱ হৈছিল। এই যন্ত্ৰসমূহৰ উদ্ভাৱন আৰু ব্যৱহাৰে বিশ্বত যান্ত্রিক যুগৰ আৰম্ভণিতে মূখ্য ভূমিকা লৈছিল। সেইদৰে ৰসায়ন বিজ্ঞানী হিচাপে বেনজিনৰ আৱিষ্কাৰ, বুনছেন বাৰ্নাৰ নামৰ সঁজুলিৰ উদ্ভাৱন, ষ্টেইলেছ ষ্টিলৰ নিৰ্মাণ কৌশল, ক্লৰিণ প্ৰমুখ্যে কিছুমান ঔদ্যোগিক ক্ষেত্ৰত ব্যবহৃত গেছৰ তৰলীকৰণ কৌশল, তৰল ৰাসায়নিক পদার্থ ব্যবহৃত বেটেৰী আদি উদ্ভাবন কৰিছিল। পৰৱৰ্তী সময়ত ব্ৰিটেইনৰ ৰয়েল ইনষ্টিটিউটৰ মুৰব্বী পদত অধিষ্ঠিত হোৱাৰ লগতে ব্ৰিটিছ ৰাজকীয় সভাৰ মুখ্য বৈজ্ঞানিক উপদেষ্টাৰূপে কাৰ্যনিৰ্বাহ কৰি ব্ৰিটেইনৰ খনি উদ্যোগত সংঘটিত দুর্ঘটনা হ্রাস আৰু ব্ৰিটিছ নৌবাহিনীৰ সুবিধাৰ বাবে কিছুমান বিশেষ প্রযুক্তি উদ্ভাৱন কৰিছিল।
মাইকেল ফেৰাডেৰ ব্যক্তিগত জীৱনঃ এটা দৰিদ্ৰ পৰিয়ালৰ সন্তান হিচাপে জন্ম লৈ অৰ্থ আৰু সন্মানৰ প্ৰাচুৰ্যই স্পৰ্শ কৰাৰ পাছতো ব্যক্তিগত জীৱনত কোনোদিন লোভ আৰু অহংকাৰক প্ৰশ্ৰয় নিদিয়া মাইকেল ফোডেই সমগ্র জীৱন এজন সামান্য ব্যক্তি হিচাপে নিজৰ পৰিচয় দি ভাল পাইছিল। অত্যধিক অর্থপ্রাপ্তিয়ে তেওঁক বৈজ্ঞানিক কৰ্মৰা পৰিচালনাৰ ক্ষেত্ৰত বিৰাগ জন্মাব পাৰে বুলি আশংকা কৰি এটা সময়ত বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানৰ সৈতে সম্পর্ক ত্যাগ কৰে। ফলত তেওঁৰ আৰ্থিক অৱস্থা পুনৰ বেয়াৰ ফালে ঢাল খাইছিল। ইংলেণ্ডৰ ৰজা চতুর্থ উইলিয়ামে প্রদান কৰা নাইট' উপাধি প্রত্যাখ্যান কৰিছিল একমাত্ৰ সাধাৰণ মানুহ হিচাপে তেওঁৰ পৰিচয় অক্ষুণ্ণ ৰাখিবলৈ। সেইদৰে ১৮৪৮ চনত আৰু ১৮৫৮ চনত দুবাৰকৈ ৰয়েল ছ'চাইটিৰ সভাপতি পদৰ প্রস্তাবো প্রত্যাখ্যান কৰে।
ঊনবিংশ শতিকাৰ প্ৰথমাৰ্ধত ইউৰোপত আৰম্ভ হোৱা উদ্যোগীকৰণে সৃষ্টি কৰা পৰিৱেশ প্ৰদূষণে ভৱিষ্যতৰ পৃথিৱীত পেলাব পৰা কু-প্ৰভাৱ সম্পর্কে তেওঁ আগতীয়াকৈ পূর্বানুমান কৰি কিছুমান সতর্কতামূলক ব্যৱস্থা ল’বলৈ আৰু উদ্যোগ প্রতিষ্ঠানসমূহৰ বাবে কিছুমান নীতি-নিয়ম প্রণয়ন কৰিবলৈ ৰাজ কৰ্তৃপক্ষলৈ আহ্বান জনাইছিল। সেইদৰে ক্ৰিমিয়াৰ যুদ্ধত (১৮৫৩-১৮৫৬) ব্যৱহাৰৰ বাবে ৰাসায়নিক অস্ত্ৰ নিৰ্মাণ কৰিবলৈ ব্রিটিছ সাংসদে লোৱা এক প্ৰস্তাৱত তেওঁ সমৰ্থন আৰু সহযোগিতা আগবঢ়াবলৈ অসন্মত হৈছিল।
মাইকেল ফেৰাডেৰ সন্মান: তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। সেইবোৰৰ ভিতৰত ৰয়েল মেডেল, ক'পলে মেডেল, ৰামফ’ৰ্ড মেডেল, এলবার্ট মেডেল আদি উল্লেখযোগ্য।
মাইকেল ফেৰাডেৰ মৃত্যু : ১৮৬৭ চনৰ ২৫ আগষ্টত ৭৫ বছৰ বয়সত লণ্ডনৰ হেম্পটন অঞ্চলত এইজনা মহান বিজ্ঞানীৰ মৃত্যু হৈছিল। ফ্ৰোডেৰ কৰ্মৰাজিয়ে তেওঁৰ পৰৱৰ্তীকালৰ জেমছ মেক্সৱেল, আর্নেষ্ট ৰাডাৰফৰ্ড, এলবাৰ্ট আইনষ্টাইন আদি প্রথিতযথা বিজ্ঞানীসকলৰ কৰ্মৰাজি আগবঢ়াই নিয়াত সহায় কৰিছিল।