বেঞ্জামিন ফ্রেংকলিন কোন আছিল : আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠাপক পিতৃস্বৰূপ বেঞ্জামিন ফ্ৰেংকলিন আছিল একাধাৰে লেখক, প্রকাশক, ৰাজনীতিবিদ, পোষ্টমাষ্টৰ, বিজ্ঞানী, উদ্ভাৱক, ব্যংগলেখক, ৰাজহুৱা কৰ্ম তথা কূটনীতিবিদ। বেঞ্জামিন ফ্রেংকলিনৰ জন্ম হৈছিল ১৭০৬ চনৰ জানুৱাৰী মাহৰ ১৭ তাৰিখে বোষ্টনৰ মিল্ক ষ্ট্ৰীটত। তেওঁৰ পিতৃ যোছিয়া ফ্ৰেংকলিন আছিল জীৱ-জন্তুৰ চৰীৰপৰা মম, চাবোন আদি তৈয়াৰ কৰি বিক্ৰী কৰা লোক। যোছিয়া ফ্ৰেংকলিনৰ দুগৰাকী পত্নী আছিল। বেঞ্চামিন ফ্ৰেংকলিনৰ মাতৃ আবিয়াহ ফল্গাৰ (Abiah Folgar) আছিল যোছিয়া ফ্ৰেংকলিনৰ দ্বিতীয় পত্নী।
বেঞ্জামিন ফ্রেংকলিনৰ বাল্যকাল আৰু শিক্ষা : সৰুকালতে বেঞ্জামিন ফ্ৰেংকলিনৰ দেউতাকে তেওঁক গীৰ্জাৰ পুৰোহিত হোৱাটো বিচাৰিছিল। সেয়ে বেঞ্জামিনক বোষ্টন লেটিন স্কুলত নাম লগাই দিয়ে। কিন্তু আৰ্থিক অসুবিধাৰ বাবে মাত্র দুবছৰ পঢ়িয়েই অৰ্থাৎ দহ বছৰ বয়সতে স্কুলীয়া শিক্ষা সামৰণি মাৰিবলগীয়া হয়। ইয়াৰ পাছত বেঞ্জামিনে দিনটোৰ আগবেলা দেউতাকৰ ব্যৱসায়ত আৰু পাছবেলা ককায়েক জেমছৰ ব্যৱসায়ত সহায় কৰিবলৈ লয়। ককায়েক জেমছে প্ৰিণ্টিঙৰ ব্যৱসায় কৰিছিল আৰু বেঞ্জামিনক প্ৰিণ্টিঙৰ কাম শিকাইছিল। বেঞ্জামিনৰ ১৫ বছৰ বয়সত জেমছে ঔপনিৱেশিক আমেৰিকাৰ প্ৰথমখন স্বতন্ত্র বাতৰিকাকত ‘The New England Current' প্ৰকাশ কৰে। বেঞ্জামিনে এই কাকতখনত লেখা-মেলা কৰিবলৈ বিচাৰিছিল যদিও ককায়েকে তেওঁৰ লেখা প্ৰকাশ কৰা নাছিল। সেয়ে বেঞ্জামিনে মিচেছ ছাইলেন্স ডগউদ (Mrs. Silence Dogood) ছদ্মনামেৰে লেখা পঠাবলৈ ধৰিলে। মিচেছ ছাইলেন্স ডগউদৰ চিঠিসমূহ কাকতখনত প্ৰকাশ পালে আৰু চিঠিসমূহৰ বিষয়বস্তুক লৈ সমগ্ৰ নগৰখনতে ব্যাপক আলোচনা হ’বলৈ ধৰে। বেঞ্জামিনৰ এই কৌশল সম্পর্কে প্রকাশক জেমছ আৰু পাঠক-পাঠিকা কোনো অৱগত নাছিল। কিন্তু যেতিয়া জেমছে গম পালে যে মিচেছ ছাইলেন্স ডগউদৰ নামত ভায়েক বেঞ্জামিনেহে লিখে, তেতিয়া জেমছ বেঞ্জামিনৰ ওপৰত অসন্তুষ্ট হ'ল। সেয়ে ককায়েকৰ অনুমতি অবিহনে বেঞ্জামিনে কাম এৰি বেঞ্জামিন ফ্রেংকলিনে সোতৰ পলায়ন কৰে।
বছৰ বয়সত নতুন জীৱন এটা বিচাৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেনছিলভেনিয়া ৰাজ্যৰ ফিলাডেলফিয়াত উপস্থিত হ'লগৈ। প্ৰথম অৱস্থাত তেওঁ নগৰখনৰ কেইবাখনো ছপাশালত কাম কৰিবলৈ লয় যদিও সেই কামত সুখী হ'ব পৰা নাছিল। সেয়ে তেওঁ ১৭২৮ চনত অশেষ পৰিশ্ৰম কৰি নিজাকৈ এটা ছপাশাল প্রতিষ্ঠা কৰে আৰু এই ছপাশালৰপৰাই 'দ্য পেনছিলভেনিয়া গেজেট' নামৰ বাতৰিকাকতখন প্ৰকাশ কৰে। কাকতখনে অতি কম সময়ৰ ভিতৰতে পেনছিলভেনিয়াৰ মুখ্য আৰু জনপ্রিয় বাতৰিকাকত হিচাপে পৰিগণিত হোৱাৰ লগতে বেঞ্জামিন ফ্রেংকলিনো বিখ্যাত হৈ উঠে। ১৭৩০ চনত বেঞ্জামিন ফ্ৰেংকলিনে Poor Richard's Almana নামৰ আন এখন কাকত উলিয়ায়। সেই সময়ৰ সমাজৰ বেয়া দিশসমূহ ব্যংগাত্মক উপস্থাপনেৰে কাকতখনে জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰিবলৈ সক্ষম হৈছিল। এই দুয়োখন কাকতেই বেঞ্জামিন ফ্রেংকলিনক ব্যংগাত্মক লেখক হিচাপে প্রতিষ্ঠা কৰিছিল।
বেঞ্জামিন ফ্রেংকলিনৰ উদ্ভাৱন আৰু বৈজ্ঞানিক অনুসন্ধান : বেঞ্জামিন ফ্রেংকলিন আছিল এজন অসাধাৰণ উদ্ভাৱক। তেওঁৰ উদ্ভাৱনসমূহৰ ভিতৰত আছে— বজ্ৰ নিৰোধক ধাতু, বাইফ'কেল চছমা, ফ্ৰেংকলিন ইভ আদি। বেঞ্জামিন ফ্রেংকলিনে তেওঁৰ উদ্ভাৱনসমূহূৰ পেটেণ্ট কৰা নাছিল। তেওঁ উদ্ভাৱনসমূহ যাতে সমাজৰ সকলো মানুহে ব্যৱহাৰ কৰিব পাৰে সেইটোকে তেওঁ বিচাৰিছিল।
বেঞ্জামিন ফ্রেংকলিনৰ বৈজ্ঞানিক গৱেষণা: বেঞ্জামিন ফ্ৰেংকলিনৰ বিদ্যুৎ বিজ্ঞান-সম্পৰ্কীয় গৱেষণাৰ কথা বিবেচনা কৰিলেই তেওঁক বিজ্ঞানৰ এজন শ্রেষ্ঠ সাধক আখ্যা দিব পাৰি। আকাশৰ বিজুলীও যে প্রকৃততে বিদ্যুতেই সেই কথা বেঞ্জামিন ফ্রেংকলিনে ১৭৫২ চনত প্ৰমাণ কৰি দেখুৱাইছিল। ইয়াৰ উপৰি ফ্ৰেংকলিনে পৰীক্ষাৰদ্বাৰা সিদ্ধান্তলৈ আহিছিল যে পৃথিৱীৰ সকলো বস্তুতে আনকি প্ৰাণীৰ দেহতো বিদ্যুৎ থাকে। যেতিয়া কোনো বস্তুৰ গাত অধিক পৰিমাণৰ বিদ্যুৎ জমা হৈ থাকে তেতিয়া সি তাৰপৰা ওলাই কম বিদ্যুৎ থকাৰ ফালে যায়। ইয়াকে তেওঁ যোগ আধান বা ধনাত্মক আধান নাম দিয়ে। আনহাতে কোনো বস্তুত স্বাভাৱিক পৰিমাণতকৈ কম বিদ্যুৎ থাকিলে তেনে বস্তুৱে বিদ্যুৎ গ্ৰহণ কৰিব পাৰে বা বিচাৰে। ইয়াক নাম দিলে বিয়োগ আধানযুক্ত বা ঋণাত্মক আধানযুক্ত বস্তু। ইয়াৰ উপৰি SPECIAL ISSUE TIME Advertits of বিদ্যুৎ বিজ্ঞানত ব্যৱহৃত বেটেৰী, কণ্ডাক্টৰ BEN আদি পাৰিভাষিক শব্দসমূহ ব্যৱহাৰ পোনপ্রথম বেঞ্জামিন ফ্ৰেংকলিনেই কৰিছিল। সেইবোৰ আজিও আধুনিক FRANKLIN যুগৰ বিজ্ঞানীসকলে ব্যৱহাৰ কৰে। বিদ্যুৎ বিজ্ঞানৰ প্ৰতি আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে লণ্ডনৰ ৰয়েল ছচাইটিয়ে বেঞ্জামিন ফ্রেংকলিনক ১৭৫৩ চনত Royal Society's Copley Medal আৰু ১৭৫৬ চনত ৰয়েল ছচাইটিৰ সন্মানীয় সদস্যপদ আগবঢ়ায়।
বেঞ্জামিন ফ্ৰেংকলিনৰ বৈজ্ঞানিক গৱেষণা কেৱল বিদ্যুৎ বিজ্ঞানৰ মাজতে সীমাবদ্ধ নাছিল। তাপ বিজ্ঞান, আলোক বিজ্ঞান, শব্দ বিজ্ঞান, চুম্বক বিজ্ঞান, ৰসায়ন বিজ্ঞান, ভূ-তত্ত্ব বিজ্ঞান, সাগৰ বিজ্ঞান আদি বিষয়তো তেওঁ বৈজ্ঞানিক গৱেষণা চলাইছিল। বেঞ্জামিন ফ্ৰেংকলিনে গাল্ফ ষ্টিম বা উপসাগৰীয় সোঁতৰ নক্সা অঁকাৰ লগতে সাগৰীয় ধুমুহা আৰু সাগৰত উঠা জলস্তম্ভৰ ব্যাখ্যা আগবঢ়াইছিল। ৰাসায়নিক সাৰৰ আৱিষ্কাৰকো আছিল বেঞ্জামিন ফ্রেংকলিন। বেঞ্জামিন ফ্ৰেংকলিন এগৰাকী প্রতিভাসম্পন্ন সংগীতজ্ঞও আছিল। তেওঁ খুব ভালদৰে ভায়'লিন, গীটাৰ বজোৱাৰ লগতে সংগীত ৰচনাও কৰিছিল।
বেঞ্জামিন ফ্রেংকলিনৰ ৰাজহুৱা জীৱন : ১৯৩৬ চনত বেঞ্জামিন ফ্ৰেংকলিনে আমেৰিকাৰ প্ৰথমটো অগ্নিনির্বাপক বাহিনী Union Fire Company গঠন কৰে। সেই একে বছৰে তেওঁ নিউ জার্চি (New Jersey) ৰ বাবে নতুন কাগজীনোট মুদ্ৰণ কৰে। ইয়াৰ আগতেই তেওঁ ১৭২৯ চনত কাগজীনোট প্ৰচলনৰ সপক্ষে A Modest Enquiry into the nature and necessity of a paper currency শীর্ষক প্রবন্ধ লিখি প্রকাশ কৰিছিল। এই প্ৰবন্ধটোৱে আমেৰিকাত কাগজীনোট প্ৰচলনৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰাৰ লগতে ফ্রেংকলিনে কাগজীনোট মুদ্ৰণ কৰাৰ দায়িত্ব লাভ কৰে।
১৭৫১ চনত বেঞ্জামিন ফ্রেংকলিনে The Academy and College of Phiadelphia স্থাপন কৰে। ইয়েই পাছলৈ University of Pennsylvania পৰিণত হয়। এই একে বছৰতে তেওঁ আমেৰিকাৰ প্ৰথমখন চিকিৎসালয় Penn sylvania Hospital - ও স্থাপন কৰিছিল। বেঞ্জামিন ফ্ৰেংকলিনে ৰাজনীতিৰ ক্ষেত্ৰখনৰ লগতো জড়িত হৈছিল। ১৭৫১ চনতে তেওঁ Pennsylvania Assembly-লৈ নির্বাচিত হয় আৰু ফিলাডেলফিয়া নগৰৰ বাট-পথৰ উন্নয়ন, পোহৰ ব্যৱস্থা আদি উন্নয়নমূলক কাম-কাজত মনোনিৱেশ কৰিছিল। ১৭৫৩ চনৰপৰা ১৭৭৪ চনলৈকে বেঞ্জামিন ফ্রেংকলিনে উত্তৰ আমেৰিকাৰ পোষ্ট-মাষ্টৰ জেনেৰেল হিচাপে কার্যনির্বাহ কৰিছিল। এই পদত থাকোঁতেই ১৭৬৩ চনত তেওঁ প্ৰায় ১৬০০ মাইল ভ্ৰমণ কৰি উপনিৱেশসমূহৰ ডাকসেৱা ব্যৱস্থা পৰিদৰ্শন কৰি ডাক ব্যৱস্থাৰ সংশোধন কৰিছিল।
বেঞ্জামিন ফ্রেংকলিন আমেৰিকাৰ সংবিধান প্রস্তুতকাৰী সমিতিৰো সদস্য আছিল। বেঞ্জামিন ফ্রেংকলিনৰ জীৱনৰ শেষ কৰ্ম হৈছে দাসত্ববিৰোধী আন্দোলনৰ প্রতি সমর্থন। এইগৰাকী মহান ৰাষ্ট্ৰনায়কৰ ১৭৯০ চনৰ ১৭ এপ্ৰিলত মৃত্যু ঘটে। তেওঁৰ মৃত্যুত আমেৰিকাই এমাহজুৰি শোক পালন কৰিছিল। স্বীকৃতি/সন্মান : আমেৰিকাৰ স্বাধীনতা ঘোষণাপত্ৰ আৰু সংবিধান এই দুয়োটাতে স্বাক্ষৰকাৰী বেঞ্জামিন ফ্ৰেংকলিনক আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠাপক পিতৃ আখ্যা দিয়া হয়। ১৯৭৬ চনত ফিলাডেলফিয়া ফ্রেংকলিন ইনষ্টিটিউটত বেঞ্জামিন ফ্ৰেংকলিনৰ এটা মাৰ্বল মূৰ্তি প্ৰতিষ্ঠা কৰি ইয়াক বেঞ্জামিন ফ্রেংকলিন জাতীয় সংগ্ৰহালয় হিচাপে স্বীকৃতি দিয়া হয়। এই সংগ্ৰহালয়ত ফ্ৰেংকলিনৰ বহুতো ব্যক্তিগত সামগ্ৰী প্ৰদৰ্শন কৰি ৰখা হৈছে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথমগৰাকী পোষ্ট-মাষ্টৰ জেনেৰেল বেঞ্জামিন ফ্ৰেংকলিনৰ ফটো সম্বলিত পোষ্টকার্ড ১৮৪৭ চনত প্ৰকাশ কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডলাৰতো বেঞ্জামিন ফ্ৰেংকলিনৰ ফটো ছপা কৰা হৈছে।