নেলছন মেণ্ডেলা বিষয়ে Nelson Mendela Assamese,


নেলছন মেণ্ডেলা কোন আছিল:  দক্ষিণ আফ্ৰিকাৰ কিংবদন্তি নায়ক তথা বর্ণবৈষম্যবিৰোধী আন্দোলনৰ হোতা নেলছন মেণ্ডেলা ।

নেলছন মেণ্ডেলাৰ জন্মঃ দক্ষিণ আফ্ৰিকাৰ কিংবদন্তি নায়ক তথা বর্ণবৈষম্যবিৰোধী আন্দোলনৰ হোতা নেলছন মেণ্ডেলাৰ জন্ম ১৯১৮ চনৰ ১৮ জুলাইত দক্ষিণ আফ্ৰিকাৰ কেপ প্ৰদেশৰ ডিউমাটাটু অঞ্চলৰ কুনু নামৰ গাঁওখনত। তেওঁৰ সম্পূর্ণ নাম নেলছন ৰোলিহলাহলা মেণ্ডেলা। তেওঁৰ পিতাকৰ নাম গাডলা হেনৰি। হেনৰি এজন ৰাজনীতিজ্ঞ লোক। তেওঁ ট্রানচকিয়ান ৰাজ্যৰ কাউন্সিলৰ এজন সদস্য আছিল। গাডলাৰ চাৰিগৰাকী পত্নীৰ তৃতীয় গৰাকীৰ সন্তান আছিল মেণ্ডেলা।

নেলছন মেণ্ডেলাৰ শিক্ষা : নেলছন মেণ্ডেলাই সৰুকালৰ শিক্ষা মিছনেৰী স্কুল এখনৰপৰা লাভ কৰিছিল। ১৯৩৭ চনত তেওঁ ফ'ৰ্ট বিউফ'ৰ্টত (Fort Beaufort) থকা মেথ’ডিষ্ট (Methodist) কলেজত নাম লগায়। ১৯৩৯ চনত কলা শাখাৰ স্নাতক ডিগ্রী লয়। ১৯৪১ চনত তেওঁ গোটেই দক্ষিণ আফ্ৰিকা ঘূৰি ঘূৰি ক'লা মানুহৰ দুখ-দুর্দশাবোৰ চাই ফুৰোঁতে ক’লা মানুহৰ বন্ধু আফ্রিকান নেশ্যনেল কংগ্ৰেছ (এ এন চি)-ৰ কৰ্মী ওৱাল্টাৰ চিচুলক লগ পায় আৰু তেওঁৰ লগত আত্মীয়তা গঢ়ে। ১৯৪৩ চনত এ এন চিত যোগ যিয়ে। তেওঁ Witwatersrand বিশ্ববিদ্যালয়ত আইনো অধ্যয়ন কৰিছিল। তেওঁৰ মনত ধাৰণা হয় যে ক'লা মানুহৰ মুক্তিৰ বাবে ৰাজনৈতিক শিক্ষা বা ৰাজনৈতিক বিশ্লেষণৰ প্ৰয়োজন আছে।

নেলছন মেণ্ডেলাৰ বিবাহঃ নেলছন মেণ্ডেলাই তিনিগৰাকী বিয়া কৰাইছিল। তেওঁলোক হ’ল ইভিলিন মেণ্ডেলা, উইনি মেণ্ডেলা, আৰু গ্ৰাচা মেণ্ডেলা। ১৯৪৪ চনত ইভিলিন মেজক বিয়া কৰায় আৰু ১৯৫৮ চনত দুয়োৰে বিবাহ বিচ্ছেদ হয়। ১৯৫৮ চনত পুনৰ উইনি মেডিকিজেলাক বিয়া কৰায়। উইনিয়ে তেওঁৰ সংগ্রামী জীৱনত অনৱদ্য ভূমিকা পালন কৰিছিল। উইনিৰ লগতো পাছলৈ বিচ্ছেদ হয়। আশী বছৰ বয়সত তেওঁ গ্ৰাচা মাচেলক বিয়া কৰায়।

নেলছন মেণ্ডেলাৰ ৰাজনৈতিক জীৱন : ১৯৪৪ চনত আফ্রিকান নেশ্যনেল কংগ্ৰেছৰ(এএনচি) পৰিকল্পনাৰ দায়িত্ব ল'লে নেলছনে। ১৯৪৮ চনত ৰাজনীতিত সক্রিয় অংশগ্ৰহণ কৰে। ১৯৫৬ চনত দেশদ্রোহিতাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। ১৯৬১ চনৰ ২৯ মাৰ্চত ছবছৰীয়া বিচাৰৰ অন্তত মেণ্ডেলাক দোষমুক্ত ঘোষণা কৰা হয়। ১৯৬২ চনত মেণ্ডেলাক পুনৰ গ্ৰেপ্তাৰ কৰা হয়। ১৯৬৪ চনত চৰকাৰী বিৰোধী ৰাজনৈতিক কর্মকাণ্ডত জড়িত থকাৰ অভিযোগ জাপি যাৱজ্জীৱন কাৰাদণ্ডৰ হুকুম দিয়া হয়। ১৯৬২ চনৰপৰা ১৯৮২ চনলৈ তেওঁক দক্ষিণ আফ্ৰিকাৰ ৰোবেন দ্বীপ (Robben Island)-ৰ এটা নির্জন কুঠৰীত আৱদ্ধ কৰি ৰখা হয়। ১৯৮২ চনত Pollsmoor কাৰাগাৰলৈ স্থানান্তৰ কৰা হয়। ১৯৮৮ চনত ভিক্টৰ ভাছষ্টাৰ জে'ললৈ নিয়া হয়। ১৯৯০ চনত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি এফ ডব্লিউ ডি ক্লার্কে এ এনচিৰ ওপৰত থকা নিষেধাজ্ঞা প্রত্যাহাৰ কৰি মেণ্ডেলাক মুক্তি কৰি দিয়া হ'ব বুলি ঘোষণা কৰে।

অৱশেষত ১৯৯০ চনৰ ফ্ৰেব্ৰুৱাৰী মাহত মেণ্ডেলাক ডব্লিউ ডি ক্লার্ক চৰকাৰে মুক্তি দিলে। জে'লৰপৰা মুকলি হৈয়ে তেওঁ কৃষ্ণাংগ অধ্যুষিত অঞ্চলসমূহৰপৰা জৰুৰী অৱস্থা প্রত্যাহাৰ আৰু সকলো ৰাজনৈতিক বন্দীক মুকলি কৰি দি শান্তি শৃংখলা অটুট ৰাখিবলৈ চৰকাৰক দাবী জনায়। ১৯৯১চনত মেণ্ডেলাক নেতা হিচাপে লৈ এ এনচিয়ে প্ৰথমখন ৰাষ্ট্ৰীয় অধিৱেশন অনুষ্ঠিত কৰে। ১৯৯৪ চনত দক্ষিণ আফ্ৰিকাত মুক্তভাৱে সাধাৰণ নির্বাচন অনুষ্ঠিত হয়। মেণ্ডেলাৰ নেতৃত্বত এ এন চিয়ে ৬২ শতাংশ ভোট লাভ কৰে। ১৯৯৪ চনত প্ৰথম কৃষ্ণাংগ ৰাষ্ট্ৰপতি হিচাপে তেওঁ শপত গ্ৰহণ কৰে। ১৯৯৭ চনত তেওঁ এ এনচিৰ সভাপতি পদৰপৰা অব্যাহতি লয়। নেলছন মেণ্ডেলাই দ্বিতীয়বাৰ ৰাষ্ট্ৰপতি পদত প্রতিদ্বন্দ্বিতা কৰিবলৈ অমাস্তি হৈছিল আৰু ১৯৯৯ চনৰপৰা অৱসৰৰ জীৱন যাপন কৰিছিল।

তেওঁ এজন পিতৃৰ দৰে আফ্ৰিকাক বর্ণবৈষম্যৰপৰা মুক্ত কৰিছিল। সেইবাবে তেওঁক সকলোৱে মাতিছিল ‘মাদিবা’বুলি। মাদিবাৰ অৰ্থ হ’ল ‘পিতৃ’। দক্ষিণ আফ্ৰিকাৰ বাবে তেওঁ হৈছে 'The Father of the Nation'। তেওঁ বিশ্বৰ আগত দাঙি ধৰিছিল আফ্ৰিকাৰ বৰ্ণবৈষম্যৰ সঁচা ছবিখন। আদিতে তেওঁ মহাত্মা গান্ধীৰ অহিংস নীতি অনুকৰণ কৰিছিল। কিন্তু পাছত সশস্ত্র সংগ্ৰামত লিপ্ত হয়।

নেলছন মেণ্ডেলাৰ সম্মান: অসংখ্য দেশী-বিদেশী বঁটাৰে সন্মানিত নেলছন মেণ্ডেলা আছিল ‘ভাৰত ৰত্ন’ লাভ কৰা দ্বিতীয়গৰাকী বিদেশী লোক। তেওঁ ভাৰততো বিশ্বৰ সমানেই প্ৰিয়। ৰাষ্ট্ৰপতি হৈয়েই প্রথম বিদেশ যাত্ৰা কৰিছিল ভাৰতলৈ। তেতিয়াই সুধাকণ্ঠ ভূপেন হাজৰিকাই তেওঁক লৈ গাইছিল, ‘জিন্দাবাদ মেণ্ডেলা'। ১৯৯০ চনত দেশৰ সর্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ উপাধিৰে বিভূষিত কৰা হয়। তদুপৰি তেখেতে ভাৰতৰপৰা আন কেইবাটাও বঁটা লাভ কৰিছে। ইয়াৰ ভিতৰত জৱাহৰলাল নেহৰু এৱাৰ্ড ফৰ ইণ্টাৰনেশ্যনেল আণ্ডাৰষ্টেণ্ডিং, ইন্দিৰা গান্ধী এৱাৰ্ড ফৰ ইণ্টাৰনেশ্যনেল জাষ্টিচ এণ্ড হাৰম’'নি, ইণ্টাৰনেশ্যনেল গান্ধী পীচ প্রাইজ আদি উল্লেখযোগ্য। ভাৰতৰ ৰাষ্ট্ৰপতি আৰ ভেংকট ৰমণে মেণ্ডেলাক মানৱীয় মর্যাদাৰ বাবে বিশ্বৰ সংগ্ৰামৰ প্ৰতীক বুলি অভিহিত কৰিছে। ১৯৯৩ চনত মেণ্ডেলা আৰু এফ ডব্লিউ ক্লার্কক যৌথভাৱে শান্তিৰ ন'বেল বঁটা প্ৰদান কৰা হয়। মেণ্ডেলা আছিল ছোভিয়েট য়ুনিয়নৰ ‘Lenin Peace Prize পোৱা শেষৰজন ব্যক্তি। কিন্তু তেওঁ আছিল Al-Gaddafi Interna

tional Prize for Human Rights পোৱা প্ৰথম ব্যক্তি। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ Presidential Medal of Freedom সন্মানেৰে সন্মানিত হৈছিল। ১৯৯২ চনত পাকিস্তানৰ Nishan-e-Pakistan লাভ কৰে। সেই বছৰতে তেওঁ লাভ কৰে The Ataturk Peace Award। জোহান্সবার্গত মেণ্ডেলাৰ নামত দলং নিৰ্মাণ কৰাৰ উপৰি ৯ মিটাৰ ওখ ব্ৰঞ্জৰ মূৰ্তিও শেহতীয়াকৈ উন্মোচন কৰিছে।

১৯৯৪ চনত নেলছন মেণ্ডেলাৰ আত্মজীৱনী Long Walk to Free dom প্রকাশ হয়। এই আত্মজীৱনীখনৰ ওপৰত ভিত্তি কৰিয়েই জাষ্টিন চাডউইকে 'Mandela, Long Walk to Freedom নামৰ চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল।

নেলছন মেণ্ডেলা মৃত্যু : ২০১২ চনত হাঁওফাঁওৰ গুৰুতৰ সংক্ৰমণৰ বাবে চিকিৎসালয়ত ভর্তি কৰোৱা হয়। ২০১৩ চনৰ ৫ ডিচেম্বৰ তাৰিখে জোহান্সবার্গৰ নিজা বাসভৱনত এই গৰাকী কৃষ্ণাংগ মহানায়কৰ মহাপ্রয়াণ ঘটে।

Previous Post Next Post