“জয় গুৰু শঙ্কৰ সৰ্ব্বগুণাকৰ
যাকেৰি নাহিকে উপাম,
তাহেৰি চৰণকু ৰেণু শত কোটি
বাৰেক কৰোঁহো প্ৰণাম।”
ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছে:
“যদা যদাহি ধৰ্ম্মস্য গ্লানির্ভবতি ভাৰত
অভ্যুত্থানমধর্ম্মস্য তদাত্মানাং সৃজাম্যহম্
পৰিত্ৰাণায় সাধুনাম্ বিনাশায়চ দুষ্কৃতান্
ধৰ্ম্ম সংস্থাপনার্থায় সম্ভবামি যুগে যুগে।”
আৰম্ভণি:
– যেতিয়াই ধৰাত ধৰ্মৰ গ্লানি হয়, অধৰ্মৰ প্রাদুর্ভাব বাঢ়ে তেতিয়া সাধুসকলৰ পৰিত্ৰাণ আৰু দুষ্কৃতিকাৰীসকলৰ বিনাশ সাধন কৰি ধৰ্ম সংস্থাপন কৰিবলৈ যুগে যুগে অৱতাৰ ধৰোঁ।— এই বাণী যিদৰে ধৰ্ম-জগতৰ চিৰন্তন সত্য বুলি মানি লোৱা হৈছে, সেইদৰে ই ইতিহাসতো সত্য। ইতিহাসৰো পুনৰাভিনয় হয়। চতুৰ্দৰ্শ আৰু পঞ্চদশ শতাব্দীৰ মাজভাগত অসমত ধৰ্মৰ বিপৰ্যয় ঘটিছিল। অধৰ্মৰ প্রভাৱে মানুহবিলাকক অন্ধ কৰি তুলিছিল। দেৱ-দেৱতাৰ সন্তুষ্টি লাভ কৰি বাঞ্ছিত ফল লাভৰ বাবে জীবলি দিয়াটো নীতিত পৰিণত হৈছিল। মানুহে শরিয়ান কেঁচাইয়াতী আৰু অন্যান্য যান। মতি উদ্দেশ্য সিদ্ধিতৰ বাবে মানুহো বলি দিছিল। আহোমসকলে প্রতি বছৰে একো একোটাকৈ মূহ বলি দিছিল ৰজাঘৰীয়া অপায়-অমংগলৰপৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে। বলিবোৰক “ভোগী", জানা দিয়া হৈছিল। ধৰ্মৰ নামত মানুহৰ ওপৰত নানা অত্যাচার-অনাচাৰ চলিছিল। ইতি এইছোৱা কলংকিত সময়তে পঞ্চদশ শতাব্দীর মাজভাগত শ্রীমন্ত শংকৰদেৱৰ আবির্ভাব হৈছিল। জীবনলৈ ধৰ্ম-চেতনা ফিৰি আহিছিল। তেওঁ ধৰ্ম, শিক্ষা, সাহিত্য, সংস্কৃতিৰ বহুমুখী প্ৰতিভাৰ Bছায়াত অসমীয়া জাতিয়ে ভেদাভেদ পৰিহৰি একতাব ডোলেৰে বান্ধ যাই অসমৰ বুকুত এক মহান সাম্যৰ ৰাজ প্ৰতিষ্ঠা কৰিছিল। ধর্মীয় জীৱন, সামাজিক জীৱন, ভাষা-সাহিত্য-সংস্কৃতি আদি সকলো ক্ষেত্ৰতে নৱোন্মেষৰ সৃষ্টি কৰি অসমত নৱ-জাগৰণৰ সূচনা কৰিছিল। মহাপুৰুষজ্ঞনাৰ জ্ঞান জ্যোতিৰ পৰশে সমগ্ৰ অসম উদ্ভাসিত কৰি তুলিছিল।
১৪৪৯ খৃষ্টাব্দত আহিন মাহৰ শুক্লা দশমী তিথিত বৰদোৱাত এই জনা মহাপুৰুষৰ আবির্ভাব হয়। তেওঁৰ পিতৃ কুসুম্বৰ আৰু মাতৃ মহাপুণ্যবতী সত্যসন্ধ্যা। অসমৰ বিখ্যাত বাৰভূঞাৰ পৰিয়ালত আবিৰ্ভাৱ হৈ শংকৰদেৱে বংশ-গৌৰৱ যাউতিযুগীয়া কৰি থৈ গৈছে। দেৱাদিদেৱৰ জন্ম বংশ পৰিচয় শংকৰৰ বৰত কুসুম্বৰে এই সৰ্ব সুলক্ষণযুক্ত পুত্রটি লাভ কৰিছিল বাবে তেওঁৰ নাম থোৱা হৈছিল শংকৰ। শাৰদীয় চন্দ্ৰমাৰ মধুস্মিত, স্নিগ্ধ জ্যোতিৰ জ্যোতিষ্মান, শুভ লগ্নৰ যিটো মাহেন্দ্ৰক্ষণত তেওঁৰ আবিৰ্ভাৱ হৈছিল, সেই ক্ষণত নানা মংগলসূচক অলৌকিক ঘটনা সংঘটিত হৈছিল। সেয়ে সূচনা কৰিছিল তেওঁ বিষ্ণুৰ অংশ বুলি। শৈশৱতে তেওঁ পিতৃ মাতৃক হেৰুওৱাত বুঢ়ী মাক খেৱসূতী আইৰ আদৰ-যত্নেৰে লালিত-পালিত হৈ ধূলি-ধেমালিৰ আনন্দ-মধুৰ দিনবোৰ লগৰীয়াৰ লগত অতিবাহিত কৰিছিল আনন্দ-বিভোৰ হৈয়ে। অনুপম সৌন্দৰ্যৰ প্ৰতিমূৰ্তি শংকৰ শাৰীৰিক বলতো আছিল অতুলনীয় আৰু সেইবাবে শৌর্যৰ পৰিচয় দি খ্যাতিও অর্জন কৰিছিল শৈশৱতেই। বিদ্যা-শিক্ষার প্রতি প্রতিশয় অমনোযোগী দুর্দান্ত শংকৰক লৈ খেৰসূতী
শৈশৱ:
মহা সংকটত পৰিবলগা হৈছিল। বহুতো বুজনি দিহে তেওঁক মহেন্দ্ৰ কন্দলীৰ বিদ্যালয়ত ভৰ্তি কৰি দিব পাৰিছিল। কিন্তু কেইদিনমান বিদ্যালয়লৈ গৈ ক-ফলাখন শিকিয়ে তেওঁ যি অফুৰন্ত মেধা, প্রজ্ঞা আৰু প্ৰতিভাৰ পৰিচয় দিলে, সিয়েই তেওঁক গুৰৰ অতি প্রিয়ভাজন কৰি তুলিলে আৰু তাৰ ফলতে গুৰুৱে তেওঁক “দেৱ" উপাধিৰে বিভূষিত কৰি ওজা ছাত্র পাতিলে। তেওঁৰ ছাত্ৰ-জীৱনৰ প্ৰতিভাৰ অবিস্মৰণীয় স্বাক্ষর বহন কৰিছে এইফাকি মনোৰম অথচ ভাব-গম্ভীৰ ভাৱস্তোত্রইঃ
শৈশৱত পাণ্ডিত্যৰ পৰিচয়:
কৰতল কমল কমলদল নয়ন।
ভবদৰ দহন গহন বন শয়ন।।
খৰতৰ বৰশত হতদশ বদন।
খগচৰ নগধৰ ফলধৰ শয়ন।।
নপৰ নপৰ পৰ শতৰত গময়।
সভয় মভয় মম হৰশত হয়।।
জগ দঘ মপ হৰ ভৱ ভয় তৰণ।
পৰপদ লয় কৰ কমলজ নয়ন।।
শিশু শংকৰদেৱৰ মনীষাৰ চূড়ান্ত নিদর্শন নিহিত আছে এই স্তোত্ৰটিৰ প্ৰতি শব্দৰ মর্মে মর্মে। অতি কম সময়ৰ ভিতৰতে তেওঁ চাৰিবেদ, চৈধ্য শাস্ত্ৰ, ওঠৰ পুৰাণত ব্যুৎপত্তি লাভ কৰি বিদগ্ধ পাণ্ডিত্যৰ পৰিচয় দিছিল।
সাধন:
শিক্ষা সাং কৰাৰ পাছত – কিছুদিন ভূঞা ৰাজ্যৰ দায়িত্বও বহন কৰিবলগা হৈছিল। কিন্তু ধর্ম সংস্থাপনৰ বাবেই যাৰ অৱতাৰ, তেওঁধ ৰাজকাৰ্য, ভোগ-বিলাসে বন্দী কৰি ৰাখিব নোৱাৰে। সকলো জলাঞ্জলি দি তেওঁ একনিষ্ঠভাৱে শাস্ত্রচর্চা আৰু আধ্যাত্মিক সাধনাত নিমগ্ন হৈ পৰে। সধানাত তেওঁ সিদ্ধি লাভ কৰে। ভগৱন্তৰ মহিমাৰ অনিবাচনীয় জ্যোতিয়ে তেওঁৰ হৃদয় ৰাজ্য উদ্ভাসিত কৰি তোলে। সেই জ্যোতিৰ আলোকত তেওঁ দেখা পায় সর্বব্যাপী, সর্বশক্তিমান, নিৰাকাৰ, অব্যক্ত ঈশ্বৰৰ দীপ্ত মূর্তি। তেওঁ উপলব্ধি কৰে— 'কৃষ্ণস্তু ভগৱান স্বয়ং। তেওঁৰ দৃষ্টিত ধৰা দিয়ে।
মতবাদ আৰু ধৰ্ম্মপ্ৰচাৰ:
“যত জীৱন জঙ্গম কীট পটঙ্গম
অগনগ জগ তেৰি কায়া'— ভগৱানেই সর্বময় কর্তা, "একমেবাদ্বিতীয়ম্।" তেৱেঁই স্রষ্টা, তেৱেঁই দ্রষ্টা, তেৱেঁই ধাতা, তেৱেঁই ত্রাতা আৰু তেৱেঁই সংহাৰোতা। সৃষ্টি, স্থিতি, প্ৰলয়ৰ তেৱেঁই অধিকাৰী। এই মতবাদৰ ভিত্তিতে তেওঁ এক শৰণ ভাগৱতী ধর্ম প্রবর্তন কৰে আৰু সেয়ে পাছত মহাপুৰুষীয়া ধৰ্ম বা বৈষ্ণৱ ধর্ম নামে অভিহিত হয়। একান্ত ভক্তিভাৱে হৰিত শৰণ লৈ তেওঁৰ নাম শ্ৰৱণ, কীৰ্তন কৰি সংসাৰৰ পাপ-তাপ, জৰা-ব্যাধিৰপৰা মুক্ত হৈ পৰমপদ লাভ কৰিব পাৰি। গীতাত ভগৱানে কৈছে : “সৰ্ব্ব ধৰ্ম্মান পৰিত্যজ্য মামেকং শৰণং ব্ৰজ।” বৈষ্ণৱ ধৰ্মৰো এয়ে মতঃ “এক দেৱ, এক সেৱ, একত বিনে নাই কেও।” শ্ৰীমন্ত শংকৰদেৱৰ মতে :
“কুকুৰ, শৃগাল, গৰ্দ্দৰ্ভৰো আত্মাৰাম।
জানিয়া সবাকো পৰি কৰিবা প্ৰণাম।”
— সেয়েহে তেওঁৰ ধৰ্মত অস্পৃশ্যতা, জাতি ভেদ, জীৱ-হিংসার স্থান নাই। তেওঁৰ ধৰ্মত সাম্যৰ আদৰ্শ নিহিত আছে। নগা, মিৰি, খাচী, গাৰো, যৱন— সকলোৱে তেওঁৰ মহান ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। শ্ৰীমন্ত শংকৰে হৰিনাম-অমৃতেৰে অসম ভূমি প্লাৱিত কৰি মানুহৰ অন্তৰে অন্তৰে, হৃদয়ৰ ৰদ্ধে ৰন্ধ্ৰে হৰিনামৰ মহিমাৰ সোঁত বোৱাই দিছিল। মহাপুৰুষজনাৰ পৰম ভক্ত মাধৱদেৱৰ ভাষাত :
“হৰিনাম ৰসে বৈকুণ্ঠ প্রকাশে
প্ৰেম অমৃতৰ নদী।
শ্ৰীমন্ত শঙ্কৰে পাৰ ভাঙি দিলা
বহে ব্ৰহ্মাণ্ডক ভেদি।”
এইজনা মহাপুৰুষ অলৌকিক শক্তিৰে মহিমামণ্ডিত আছিল। চান্দসাই দৰ্জীয়ে স্বচক্ষে তেওঁৰ চতুর্ভুজ ৰূপ দেখি গুৰুজনাৰ চোলা তৈয়াৰ কৰোতে চাৰি হাত লগাই দিছিল। অন্যান্য শিষ্যসকলেও তেওঁৰ অপাৰ মহিমাৰ প্ৰমাণ পাইছিল। সেয়েহে অসমীয়া জাতিৰ বাবেঃ
“শ্ৰীমন্ত শঙ্কৰ হৰি ভকতৰ
জানা যেন কল্পতৰু
তাহান্ত বিনা ই নাহি নাহি আৰ
আমাৰ পৰম গুৰু।”
তেওঁ দুবাৰকৈ তীৰ্থ ভ্ৰমণ কৰি নানা সাধু, সন্ত, মহন্তৰ লগত ধৰ্মালোচনা কৰি তেওঁ প্ৰৱৰ্তিত ধর্মমতৰ শ্ৰেষ্ঠতা প্রতিপন্ন কৰিছিল। তেওঁ গৃহী আছিল। দুবাৰকৈ বিবাহ বন্ধনত আবদ্ধ হৈছিল। কিন্তু তেওঁ অনাসক্ত গৃহী আছিল। তেওঁৰ ধৰ্মত গৃহী আৰু গৃহত্যাগীৰ সমান স্থান। গার্হস্থ্য ধর্ম পালন কবিও মানুহে ভগৱানৰ কৰুণা লাভ কৰিব পাৰে:
“বলি নিগদতি যদুপতি ৰাম ৰাম ৰাম ৰাম ৰাম
কিনো কৃপা মোক কৰিলাহা নাৰায়ণ।
দেৱৰ দুৰ্ল্লভ অতিশয় ৰাম ৰাম ৰাম ৰাম ৰাম
গৃহতে থাকিয়া দেখিলোঁ তযু চৰণ।”
ৰচনা:
শ্ৰীমন্ত শংকৰদেৱে গীত আৰু নাট এই দুটি অতি হৃদয়গ্রাহী আৰু মনোৰঞ্জনৰ আটাইতকৈ শক্তিশালী সমলক ধৰ্ম প্ৰচাৰৰ মাধ্যম হিচাপে বাছি লৈছিল৷ বৰগীত আৰু অংকীয়া নাট গুৰুজনাৰ আপুৰুগীয়া অবদান। তেওঁ ছকুৰি বৰগীত আৰু চিহ্ন-যাত্ৰা, কালীয় দমন, কেলি গোপাল, ৰাম বিজয়, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, পত্নী প্রসাদ আদি নাট ৰচনা কৰি ইয়াৰ প্ৰভাৱেৰে অসমীয়াৰ ধৰ্মীয় জীৱন মহীয়ান কৰি থৈ গৈছে। গীত, নাট পৰিবেশনৰ অংগস্বৰূপে খোল, তাল, ডবা, কাঁহ, শংখ, মৃদংগ আদিৰ সৃষ্টি কৰি সংস্কৃতিৰ ভঁৰালো চহকী কৰি থিছে। ধৰ্ম প্ৰচাৰৰ প্ৰেৰণাতে কীৰ্তন ৰচিত হৈছে। কীৰ্তন অসমীয়া জাতিৰ বেদ। সৃষ্টিতত্ত্ব, ভক্তি তত্ত্ব, মুক্তিৰ বাণী— সামাজিক জীৱনধাৰাৰ মূৰ্তিমান ছবি কীৰ্তনৰ বুকুতে নিহিত আছে।
সাহিত্য আৰু সংস্কৃতিক অৱদান:
ভাগৱতৰ ১ম, ২য়, ৩য় স্কন্ধৰ ৬ষ্ঠ স্কন্ধৰ প্ৰথমছোৱা, ৮মৰ ২ৰপৰা ২৩ অধ্যায়লৈ, দশমৰ আদিছোৱা, ১১শ আৰু দ্বাদশ স্কন্ধ গুৰুজনাই ৰচনা কৰে। তদুপৰি ভাগৱতৰ কাহিনীক লৈ সুকীয়াকৈ হৰিশ্চন্দ্ৰ উপাখ্যান, অজামিল উপাখ্যান, বলিছলন ইত্যাদি আৰু অন্যান্য গ্ৰন্থৰ ভিতৰত ভক্তিপ্রদীপ, অনাদি পাতন, ভক্তি ৰত্নাকৰ, গুণমালা, নিমিনৱসিদ্ধ, ৰামায়ণৰ উত্তৰাকাণ্ড আদি বহুতো গ্রন্থ প্রণয়ন কৰি ধৰ্মৰ জগতখনকে যে বিনন্দীয়া ৰূপেৰে সজাই থৈ গৈছে এনে নহয়, অসমীয়া ভাষা আৰু সাহিত্যকো উভৈদনী সন্তাৰেৰে চহকী কৰি। অসমভূমিত গগজীয়া কৰি থৈ গৈছে। তদুপৰি এই গ্ৰন্থবোৰৰ মাজত অসমীয়া জাতিৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, অসমীয়া সংস্কৃতি, অসমৰ মনোমোহা প্ৰকৃতিৰ মনোৰম বৰ্ণনা আদি সন্নিৱিষ্ট কৰি সমগ্ৰ অসমীয়া জাতিটোকে গ্ৰন্থায়িত কৰি গৈছে। এই ক্ষেত্ৰত কোচৰাজ নৰনাৰায়ণ আৰু চিলাৰায়ে গুৰুজনালৈ আগবঢ়োৱা অসীম সহায়-সহানুভূতিও চিৰস্মৰণীয়।
জনসমাবেশ ঘটাই, সামূহিকভাৱে হৰিনাম কীৰ্তন কৰা, গীত-মাত, ভাওনা আদি পৰিৱেশন কৰা, মিলি-জুলি একতাৰে কাম সম্পাদন কৰা আদিৰ ক্ষেত্ৰত নামঘৰৰ উদ্ভাৱন গুৰুজনাৰ আন এটা বিশিষ্ট অৱদান।
সামৰণি:
মুঠতে গুৰুজনাই ছকুৰি বছৰীয়া মানৱী-লীলাৰ কালছোৱাত অসমীয়া সমাজখন আটক তেওঁ “একমেবাদ্বিতীয়ম্” ৰূপে আবির্ভূত হৈ সেই ৰূপতে পৰম ব্ৰহ্মত লীন হ’ল। ধুনীয়াকৈ সজাই-পৰাই, বৈষ্ণৱ ধৰ্মৰ মহিমাৰে পৱিত্ৰ কৰি, ভাষা-সাহিত্য, সংস্কৃতিৰ বৰঘৰ শুৱনি কৰি, অসমীয়াৰ কণ্ঠত গৌৰৱৰ, গৰিমাৰ, মহিমাৰ জয়মাল্য পিন্ধাই থৈ গ'ল। একেজন পুৰুষেই ধৰ্ম, ভাষা, সাহিত্য-সংস্কৃতি আৰু সমাজবাদ প্রতিষ্ঠাত ইমানবোৰ অৱদান, অৰিহণা দি যাবলৈ সক্ষম হোৱা মহাপুৰুষ ভাৰত কিয়, পৃথিৱীৰ বুৰঞ্জীতে শ্ৰীমন্ত শংকৰদেৱৰ বাদে দ্বিতীয় এজন অৱতাৰ হোৱা নাই। তেওঁ মানৱলীলা সম্বৰণ কৰোতেও এপাহ পদুম ফুলৰ ৰূপতহে অৱশিষ্ট ৰাখি থৈ গৈছিল।
সাদৃশ্য ৰচনা : শ্ৰীমন্ত শংকৰদেৱ আৰু বৈষ্ণৱ ধৰ্ম ২। সমাজ সংগঠক শংকৰদেৱ; ৩। সংস্কৃতি সাধক দে। অসমীয়া সাহিত্যলৈ শ্ৰীমন্ত শংকৰদেৱৰ অৱদান, ৫। বৈষ্ণৱ ধৰ্মত সাম্যবাদ।।