'ৰাতি পৰে পৰে ফেঁচাই কুৰুলিয়ায়, আমাৰ বিহু ভাঙোতা নাই। ব্যক্তিবিশেষ কিমান আশাবাদী হ’লে এনেদৰে ক'ব পাৰে বাৰু? ফেঁচাৰ কুৰুলিৰ দৰে ধ্বনি পৰে পৰে বজাৰ পাছতো বিহু ভাগি নাযায় বুলি আশা কৰা এই অখ্যাত বিহুৱাক আজিৰ সমাজ বাস্তৱতাত প্ৰশংসাৰে ওপচাই দিয়াৰ বাহিৰে কিয়েইবা কৰিব পাৰি? অসমৰ সংস্কৃতি—গছত পৰি ফেঁচাই অসংখ্যবাৰ কুৰুলিয়াইছে, তথাপি বিহু ভগা নাই—অর্থাৎ অসমীয়া কৃষ্টি বিলুপ্ত হোৱা নাই। কাৰণ এই কৃষ্টি এই সংস্কৃতি অসমীয়া সমাজ জীৱনৰ স্বাভাৱিক বিৱৰ্তনৰপৰা উদ্ভূত। আৰু এই বাবেই সময়ৰ বুকুত ইয়াৰ পোতন অতি গভীৰ। কিন্তু সময় সম্ভবতঃ একেদৰে প্ৰবাহিত হৈ থকা নাই। বিশেষকৈ বিহুৰ প্ৰসংগত কথাবোৰ যেন নতুনকৈ ভবাৰ প্ৰয়োজন হৈছে।
বিহুত নাই যি অসমত নাই সি!
বিহুত নাই যি অসমত নাই সি। কথাষাৰ কৈছিল হেমাংগ বিশ্বাসে। বিহুৰ বৈজ্ঞানিক বিশ্লেষণৰপৰা তেখেতে এনে মন্তব্য কৰিবলৈ সমল পাইছিল। বিহু অসমীয়া গণজীৱনৰ শাহ – এই কথা তেখেতে মর্মে মর্মে উপলব্ধি কৰিছিল, কাৰণ অসমীয়া গণজীৱনৰ সৈতে, গণসংস্কৃতিৰ সৈতে তেখেত ওতপ্রোতভাৱে জড়িত আছিল। বিহু সম্পৰ্কীয় হেমাংগ বিশ্বাসৰ এই বিশ্লেষণকে আমি পাছত ভূপেন হাজৰিকাৰ কিছুমান গীতত পাওঁ। ইয়াত বিহু শব্দই বিহুনাম-বিছনাচ-বিহুবাদ্যৰ উপৰি বিহু সম্পৰ্কীয় সকলো আচৰণকে সামৰি লয়।
বিহু কৃষিজীৱী অসমীয়াৰ সংস্কৃতি। উনৈছ শতিকাৰ আৰম্ভণিলৈকে কৃষি আছিল অসমীয়াৰ একমাত্র জীবিকা। আনকি সেই সময়ত ৰজা আৰু ৰজাঘৰীয়া ডা-ডাঙৰীয়ায়ো খেতিকে কৰি বা কৰাই খাব লাগিছিল। গতিকে অসমৰ সংস্কৃতিৰ সকলোখিনিয়েই আছিল কৃষিকেন্দ্রিক। ব্যৱসায়-বাণিজ্যক অসমীয়া মানুহে বেছি ভাল চকুৰে নাচাইছিল, ব্যৱসায় কৰাজনক সমাজৰ লেখৰ মানুহ বুলিও নধৰিছিল যদিও মধ্যযুগতে অসমৰ কোনো কোনো ঠাই ব্যৱসায়িক কেন্দ্ৰ হৈ উঠিছিল। ব্যৱসায়ৰ এনে সামাজিক গুৰুত্বহীনতাৰ বাবেই বিহুনামত ব্যৱসায়ৰ উল্লেখ বৰকৈ নাই—জাহাজ-ৰে'ল চলাচল, কোম্পানিৰ চাকৰি অন্তৰ্ভুক্তি বহু পাছৰ ঘটনা। 'মহঙৰ লোণ'ৰ প্ৰতি বিৰাগ ব্যৱসায়ৰ প্ৰতি সামাজিক অনীহাৰে এটা প্রকাশ বুলি ক'ব পাৰি।
অসমীয়া মানুহ কোনো কালেই ধর্মান্ধ নাছিল, তেওঁলোক আছিল একনিষ্ঠভাৱে ধৰ্মীয় ভাবাপন্ন। মহাপুৰুষ শংকৰদেৱৰ সৰ্বাত্মক সাংস্কৃতিক প্ৰভাৱেই ইয়াৰ কাৰণ। অসমত সকলো হিন্দু দেৱ-দেৱীয়েই সমান গুৰুত্বৰে পূজিত হৈছিল; বৌদ্ধধৰ্মৰ প্ৰতিও বিদ্বেষ নাছিল। পাছলৈ অহা মুছলমানৰ আল্লাকো সমদৃষ্টিৰেই চোৱা হৈছিল। নামনি অসমত ‘বিহু’ নাছিল, আছিল ধর্ম-প্রভাবিত ‘দোমাহী'হে—পিছে ইয়াতো ধর্ম প্রথম কথা নাছিল, সামাজিক-সাংস্কৃতিক আচৰণ আছিল প্রথম কথা। উজনিৰ বিহুততো ধর্ম নাছিলেই। অর্থাৎ একেবাৰে চমুকৈ ক'বলৈ হ'লে বিহু আছিল কৃষিজীৱী অসমীয়াৰ সাংস্কৃতিক মনটোৰ প্ৰকাশ, যি সাংস্কৃতিক মনটো আছিল শব্দটোৰ সম্পূর্ণ আধুনিক অর্থতে ধৰ্মনিৰপেক্ষ।
অসমীয়া মানুহ প্ৰকৃতিৰ ‘স্বাভাৱিক সন্তান'। তেওঁলোকে প্ৰকৃতিৰপৰাই জীৱিকাৰ উপকৰণ আহৰণ কৰে। প্ৰকৃতিৰ নৈ-নিজৰাৰ পানী খাই, নৈ বিলত মাছ মাৰি, বিলৰ পাৰত গৰু-ম'হ চৰাই, পথাৰৰ আঁহতৰ তল-নৈৰ পাৰত বিহু গাই দিন কটাইছিল। অসমীয়া মানুহে প্রকৃতিক অকৃত্রিম আন্তৰিকতাৰে ভাল পাইছিল। এই ভাল পোৱাৰে প্ৰকাশ হ’ল বিহুনামত ভৰি থকা প্ৰকৃতিৰ উল্লেখ। ধর্মান্ধ নাছিল বাবেই অসমীয়াই প্রকৃতি বন্দনা নকৰিছিল, প্রকৃতি আছিল তেওঁলোকৰ বন্ধু আৰু ভাতৃ; কেতিয়াবাহে মাতৃ। বিহুনামত সেয়ে প্ৰকৃতিৰ বন্দনা নাই, প্ৰকৃতিৰ বৰ্ণনাহে আছে। অসমীয়া মানুহ শ্ৰম কৰি জীয়াই থাকিছিল। হয়, পেট পূৰাবৰ বাবে প্রয়োজনীয়খিনিতকৈ অধিক উপাৰ্জনৰ, পুঁজি গঠনৰ, সঞ্চয়ৰ কথা অসমীয়া মানুহে চিন্তা নকৰিছিল। তথাপি জীৱিকা অৰ্জনৰ বাবেই কিছু শ্ৰম কৰিব লাগিছিল; ভাদত বোকা-পানী খচকি, ৰ’দ-বৰষুণ মূৰত লৈ কঠীয়া নুরুলে আঘোণত সোণগুটি চপাব নোৱাৰি বুলি অসমীয়া মানুহে জানিছিল বাবেই তেওঁলোকে সেইখিনি শ্ৰম কৰিছিল। বিহুনামত এনে শ্ৰমৰ চানেকি বৈ গৈছে। অর্থাৎ সময়ক বিহুৱে, বিহুনামে ধৰি ৰাখিছে। অসমত থকা সকলোখিনিয়েই বিহুনামত সোমাইছিল।
প্রেক্ষাপট একৈছ শতিকা
অসমীয়া মানুহৰ মূল জীৱিকা এতিয়াও কৃষি, অদূৰ ভৱিষ্যতে ইয়াৰ কিবা পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা নাই। পিছে একে সময়তে ইয়াৰ বিপৰীত সত্য এটাও আছে। সেয়া হ’ল, অসমীয়া সমাজৰ কৃষিভিত্তিটো ভাগি গৈছে। কাৰণ কৃষিভিন্ন আন জীৱিকাও অসমীয়া মানুহৰ হাতলৈ এতিয়া আহিছে, যাৰ ভিতৰত ‘কোম্পানিৰ চাকৰি'ৰ উপৰি ব্যৱসায়ো আছে। এনে পৰিৱেশতে বিহু এতিয়া অনাকৃষি জীৱিকাধাৰী অসমীয়াৰহে উৎসৱ, খেতিয়কৰ নহয়। এই কথাটো ৰঙালী বিহুৰ ক্ষেত্ৰত বিশেষভাৱে লক্ষ্য কৰিব পাৰি যদিও আন দুটা বিহুতো লাহে লাহে এনে প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। তাৎপর্যপূর্ণ কথাটো হ'ল কৃষিভিন্ন জীৱিকা গ্ৰহণ কৰা প্ৰথম চাম অসমীয়াই বিহুক ইতৰৰ সংস্কৃতি বুলি আৰু তেতিয়াৰ ভিক্টোৰিয়ান মূল্যবোধেৰে লালিত হোৱাত এইবোৰক অশ্লীল বুলি আখ্যা দিছিল। কুৰি শতিকাৰ আৰম্ভণিৰপৰা সেই দৃষ্টিভংগীৰ সলনি হ'বলৈ ধৰে আৰু শতিকাটোৰ মাজভাগত ‘জাতীয় উৎসৱ' নামাংকিত হৈ বিশেষকৈ ৰঙালী বিহুটো মধ্যবিত্ত অসমীয়াৰ আলাসৰ লাডুত পৰিণত হয়। এই ঘটনা ঘটাৰ তিনি শতিকাৰো আগেয়েই বিহুৱে ৰংঘৰৰ বাকৰি—দেউতাৰ পদুলি গচকিলেও বিহু হলধৰৰ সংস্কৃতি হৈ আছিল, কাৰণ ‘দেউতা 'সকল হলধৰেই আছিল।
আকৌ উৎসৱ সৃষ্টি কৰাটো, উৎসৱ পতাটো হলধৰৰ সংস্কৃতি। নগৰীয়াই এই দুয়োটা কামেই কৰিব নাজানে, তেওঁলোকে উৎসৱ উপভোগহে কৰে। কুৰি শতিকাৰ পাছৰ অৰ্ধাংশত অসমত নগৰ সভ্যতার দ্রুত বিকাশ হ'ল। নগৰীয়াসকলক উপভোগৰ বাবে উৎসৱ লগা হ'ল। জাতীয়তাবাদী ভূমিকা এটাও থকা বাবে নগৰীয়া অসমীয়া মধ্যবিত্তই বিছকে ‘জাতীয় উৎসব' সাজি নগৰলৈ লৈ আহিল। নগৰলৈ আহি মঞ্চত উঠি বিহুৱে স্বতঃস্ফূর্ততা হেৰুৱাই পেলালে। ইয়ালৈ বহুত আনুষ্ঠানিকতা আহি পৰিল যেতিয়া ই প্রতিযোগিতাৰ বিষয়বস্তু হৈ পৰিল। সংস্কৃতিৰ উপাদানৰ শ্রেষ্ঠত্বৰ প্ৰতিযোগিতা পতাটো হলধৰী সংস্কৃতি নহয়, নগৰীয়া সংস্কৃতিহে। ফলত প্ৰাণৰ আহ্বানত ঢুলীয়াৰ হাতত ঢোলে গৰজিবলৈ এৰিলে, ঢোলৰ মাতত (ছেৱত নহয়ঙ্গ) গচকত যঁতৰ ভাঙিবলৈও এৰিলে নাচনীয়ে। একৈছ শতিকাৰ ঢোলে গৰজে মাননিৰ আহ্বানত; একৈছ শতিকাৰ নাচনীয়ে কঁকাল ভাঙে পুৰস্কাৰৰ আশাত। কেৱল চ'ত-বহাগত নহয়, বছৰটোৰ সকলো সময়তেঙ্গ
জাকজমকতা নগৰ সভ্যতাৰ অলংকাৰ, সৰলতাহে গ্রাম্য সভ্যতাৰ অলংকাৰ। ফুলপানীছিগাত ঢুলীয়াই কঁকালত কাছুটিখন মেৰিয়ায়েই ঢোলত চাপৰ দিছিল; তাকে শুনি গচকত যঁতৰ ভাঙি নাচনীয়ে তাঁতৰ পাট এৰি লৰ ধৰিছিল, সাজিবলৈ কাচিবলৈ নাচনীৰ সময় নাছিল তেতিয়া। সাধাৰণ সাজেৰেই বিহু মাৰিছিল। বিহু তেতিয়া দেখুউৱা ‘বস্তু’ নাছিল, উদযাপনৰহে আছিল। বিহু যিমানেই নগৰীয়া হৈছে সিমানেই ইয়াৰ প্ৰদৰ্শনকামিতা বাঢ়িছে। সেয়ে জাকজমকতা আহিছে। চমু কথাত বিহু পৰিবেশ্য কলা হৈ পৰিছে।
‘জাতীয় উৎসৱ' কাৰ?
জাতিৰ পৰিচয় জাতীয়তাবাদত আৰু জাতীয়তাবাদ প্রকাশ কৰা হয়, কিছুমানৰ প্রতীকেৰে। জাতীয়তাবাদ এটা আধুনিক ৰাজনৈতিক ধাৰণা, যাৰ জন্ম উদ্যোগ বিপ্লৱৰ পাছত। ‘জাতীয় ৰাষ্ট্ৰ’বোৰ এই সময়তে গঠিত হ'বলৈ ধৰে। জাতীয়তাবাদ গঢ় দিবলৈ তাত্ত্বিকসকলে কিছুমান প্ৰতীক সৃষ্টি কৰে। এনে প্ৰতীকবোৰ কোনো ঐতিহাসিক সম্পদ, ঠাই, ব্যক্তি বা উৎসৱ হোৱা দেখা যায়। বিশ্বৰ প্ৰত্যেক ‘জাতীয় ৰাষ্ট্ৰ’ৰে জাতীয়তাবাদ প্ৰকাশ কৰিব পৰা কিছুমান জাতীয় প্রতীক আছে। ধর্মীয় জাতীয়তাবাদৰ ধাৰণাটো তেনেই অচল নহয় যদিও সাধাৰণভাৱে ই এটা ধৰ্মনিৰপেক্ষ ধাৰণা। সেয়ে জাতীয় প্রতীকবোৰ ধৰ্মনিৰপেক্ষ হোৱা দেখা যায়। উনৈছ শতিকাৰ শেষভাগৰপৰা কুৰি শতিকাৰ মাজভাগ পর্যন্ত অসমীয়া জাতীয়তাবাদৰ নিৰ্মাতাসকলে কিছুমান জাতীয় প্রতীক সৃষ্টি কৰিছিল। শংকৰ-আজান, লাচিত আৰু চিলাৰায় ব্যক্তিৰ, ৰংঘৰ-কাৰেংঘৰ-তলাতলঘৰ ঐতিহাসিক স্মাৰকৰ, শৰাইঘাট-লুইত (ব্ৰহ্মপুত্র নহয়ঙ্গ) প্রাকৃতিক অৱস্থানৰ আৰু বিহু উৎসৱৰ জাতীয় প্রতীক। ‘অসমীয়া জাতি’ৰ ভিতৰুৱাকৈ ভালেমান সৰু সৰু জাতি জনজাতি অসমত আছে, তেওঁলোকৰো জাতীয়তাবাদ আছে আৰু সেইবাবেই কিছুমান জাতীয় প্রতীকো আছে। জাতীয়তাবাদক যদি ৰাজনৈতিক আৰু সাংস্কৃতিক বুলি বিভক্ত কৰা যায়, তেতিয়া ক'ব পাৰি যে অসমত ৰাজনৈতিক জাতীয়তাবাদ একক আৰু নিৰংকুশ নহয়, বৰং সংঘাতপূৰ্ণহে। ইয়াৰ সমান্তৰালভাৱে অসমৰ সাংস্কৃতিক জাতীয়তাবাদ কিন্তু সংঘাতবিহীন, নিৰংকুশ আৰু একক। সেইবাবেই জাতীয় প্রতীকক লৈ অসমত সংঘাত নাই; আনকি ক্ষুদ্র জাতীয়তাবাদৰ প্রতীকবোৰকো সমানভাৱে সন্মান প্ৰদান কৰা হয়। বিহু এবিধ এইধৰণৰ জাতীয় প্রতীক। বিহু এটি বসন্ত উৎসৱঙ্গ অসমত থকা প্ৰতিটো সৰু-বৰ জাতি-জনজাতিয়েই বিভিন্ন নামত বসন্ত উৎসব পালন/উদযাপন কৰে। এইবোৰ পালন উদযাপনৰ সময় মাঘ মাহৰপৰা জেঠ মাহ পর্যন্ত। কেৱল অসমতে নহয়, সমগ্র বিশ্বতে বসন্ত উৎসৱ পালন-উদযাপনৰ পৰম্পৰা আছে। এনে পৰিস্থিতিত কেৱল বসন্তকালীন বিহুহে জাতীয় প্রতীক হৈ থকাত সমস্যাও আছে। অসমত বাহ্যিক বা ৰাজনৈতিকভাৱেহে অসমীয়া বহুত, অন্তঃকৰণেৰে অসমীয়া হৈ থকা লোকৰ সংখ্যা কম। এনে অৱস্থাও বিহুৰ জাতীয় উৎসৱৰ মৰ্যাদা বৰ্তি থকাৰ প্ৰত্যাহ্বান।
সাম্প্ৰতিক ধাৰা : ভিচিডি চিনেমাত বিহু
কুৰি শকিতাৰ বিহু আছিল মঞ্চৰ, একৈছ শকিতাৰ বিহু ভিচিডি চিনেমাৰ, বা তাতকৈ শুদ্ধকৈ ক'বলৈ গ'লে মিউজিক ভিডিঅ'ৰ। ভিচিডিৰ বিহুত এটা গল্প থাকে। সেই গল্প আধাৰিত চিত্রনাট্যৰে ভিচিডি নিদিয়াত হৃদয়ত হোৱা খহনীয়াৰ কষ্ট কেনেদৰে অনুভৱ কৰিব আৰু ইয়াক গীতত-সুৰত কেনেকৈ প্ৰকাশ কৰিব? আজিৰ বিহুগীত প্ৰাণৰ, হৃদয়ৰ তাগিদাত বা দাবীত লিখা নহয়, বজাৰৰ তাগিদাতহে লিখা হয়। এনে গীতে কেনেকৈ লোকমানস পৰিস্ফুট কৰিব, লোকজীৱনক কেনেকৈ প্ৰকাশৰ বাট দিব? আজিৰ বিহুগীত সেয়ে কেৱল দৈহিক প্ৰেমৰ গীত, প্ৰেমৰ বিননি গীত, কেৱল মনৰ সংগীৰ সংগসুখ হেৰুৱাই পেলোৱাৰ অনিৰাপত্তাবোধৰ গীত। এইবাবেই বিহুঢোলৰ ছেৱে পৰম্পৰাগত সংগ্রামী ছন্দ আৰু বলিষ্ঠতা হেৰুৱাইছে, ঢোলৰ হাত হৈ পৰিছে সাধাৰণ পাৰ্কাছন বাদ্যৰ বাজনা, যাক বিহুগীতৰ সৈতে সংগত কৰাটো নিচক ৰীতি মাত্র। বিহুৰ ভিছিডি-মিউজিক ভিডিঅ' নিৰ্মাণৰ পুঁজি খেতিয়কৰ হাতত নাথাকে, ভিডিঅ' স্ক্রিনত জিলিকিব পৰা মসৃণ বগা ছাল খেতিয়কৰ পুতেক জীয়েকৰ নাথাকে, নাথাকে ইমান দামী সাজ-পোছাকো। এইবোৰ যাৰ থাকে, বিহু এতিয়া তেওঁলোকৰেই— খেতিয়কৰ নহয়। বিহু যদি ‘জাতীয়’ উৎসৱ, তেন্তে এই ‘জাতি’ৰ পৰিসৰত খেতিয়ক শ্ৰেণীটো নাই।
উপসংহাৰ
কৃষিয়েই ঘাই জীৱিকা হৈ থকাৰ সময়তো অসমীয়া সমাজৰ কৃষিবৃত্তিটো ভাগি যোৱাৰ সত্যটো বিহু গীতিকাৰে এতিয়াও বুজিব পৰা নাই। সেইবাবেই আজিৰ বিহুগীতত এই পৰিৱৰ্তনক ধৰি ৰাখিব পৰা নাই। আজিৰ বিহু সেইবাবে সমাজৰ নহয়, খেতিয়কৰতো নহয়েই। একৈছ শতিকাৰ বিহু কেৱল ব্যৱসায়ীৰ আৰু জীৱিকা সন্ধানী ‘শিল্পী’ৰ।
বিহু এতিয়া ছানি ধৰিছে পণ্য সংস্কৃতিয়ে। সমগ্ৰ বিশ্বতে কৰ্পৰেট হাউছৰ নির্দেশনাত সৃষ্টি হয় সংস্কৃতি, চলচ্চিত্র, নাটক, থিয়েটাৰ, গীত। ভাৰতবৰ্ষও ইয়াৰ ব্যতিক্ৰম নহয়। অসমত এই প্ৰভাৱ এতিয়াও সর্বগ্রাসী হৈ উঠা নাই, কিন্তু প্ৰভাৱ বাঢ়ি আছে আৰু সি আতংকজনকো হৈ পৰিছে। ব্যৱসায়ীৰদ্বাৰা পৰিচালিত অসমৰ বিহুও পণ্য হ’ব, তাত আচৰিত হ'বলগীয়া একো নাই। সাংস্কৃতিক উপাদান পণ্য হৈ পৰাটো ভাল লক্ষণ নহয়, ই সংস্কৃতিৰ মৃত্যু ওচৰ চপাই আনে। প্রশ্নটো হৈছে বিহুক এই ৰূপত গ্ৰহণ কৰা নকৰাৰ। সমাজৰ পৰিৱৰ্তন-বিৱৰ্তনক বাধা দিয়া সম্ভৱ নোহোৱাৰ দৰেই বিহুৰো পৰিৱৰ্তন-বিৱৰ্তনক বাধা দিয়া সম্ভৱ নহয়। বিহুলৈ অহা পৰিৱৰ্তনৰ চকৰিটোও এতিয়া আৰু ওলোটাকৈ ঘূৰাব পৰা নাযাব। এনে পৰিস্থিতিত কৰ্তব্য হ’ল, বিহুৰ বাহ্যিক জাকজমকখিনি গ্ৰহণ কৰিও ইয়াৰ মর্মবস্তু আৰু অন্তঃ অলংকাৰ মূল ৰূপত ৰক্ষা কৰা। এনে কৰোঁতে জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা আৰু হেমাংগ বিশ্বাসৰ বিহু বিশ্লেষণ পাথেয় হ'ব পাৰে। অন্যথা বিহু ভাগি নাযাব বুলি ডাঠি ক’ব পৰা নাযাব।